আজি কোটা, বুণ্ডী, বৰান আৰু ঝলাৱাৰকে প্ৰমুখ্য কৰি সমগ্ৰ হাডোটি অঞ্চলৰ বাবে নতুন আশা আৰু নতুন সাফল্যৰ দিনঃ প্ৰধানমন্ত্ৰী
প্ৰায় ডেৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আধুনিক বিমানবন্দৰে আগন্তুক সময়ত সমগ্ৰ অঞ্চলটোৰ উন্নয়নক নতুন গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
বিমানবন্দৰটো কাৰ্য্যক্ষম হৈ উঠাৰ লগে-লগে কোটাকে প্ৰমুখ্য কৰি সমগ্ৰ অঞ্চলটোত ভ্ৰমণ সুগম হ’ব আৰু বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাবঃ প্ৰধানমন্ত্ৰী
কোটা আজি সংযোগৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কোটাৰ উভয় প্ৰধান ৰেল ষ্টেচনক আধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
কোটা আৰু বুণ্ডীৰ মাজেৰে পাৰ হৈ যোৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’য়ে সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।

ইয়াত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া আজমেৰ ভ্ৰমণৰ কথা উল্লেখ কৰে। উক্ত ভ্ৰমণকালত কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছিল আৰু ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। তেওঁ কয় যে এসপ্তাহৰ ভিতৰতে এনে ধাৰাবাহিক কাৰ্যসূচীসমূহে ৰাজ্যখনৰ উন্নয়নৰ পৰিক্ৰমা সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয়, “এনে পদক্ষেপৰাজিয়ে আমাক আজি ৰাজস্থান কিমান গতিৰে আগবাঢ়িছে, তাৰ ইংগিত প্ৰদান কৰিছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কোটা, বুণ্ডী, বৰান আৰু ঝলাৱাৰৰ বাবে এক নতুন আশাৰ দিন কাৰণ প্ৰায় ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আধুনিক বিমানবন্দৰটোৱে আকৃতি ল’বলৈ আৰম্ভ কৰিছে। অঞ্চলটোৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপনেৰে শ্ৰী মোদীয়ে কয়, "আধুনিক বিমানবন্দৰটোৱে অনাগত সময়ত সমগ্ৰ অঞ্চলটোৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব।"

২০২৩-ৰ নৱেম্বৰত কৰা ভ্ৰমণৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়া বিমানবন্দৰ সন্দৰ্ভত জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি এতিয়া পূৰণ হৈছে। বিমানৰ বাবে জয়পুৰ বা যোধপুৰলৈ যোৱাৰ পূৰ্বৰ অসুবিধা এতিয়া নোহোৱা হ’ব বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "বিমানবন্দৰটো কাৰ্য্যক্ষম হৈ উঠাৰ লগে-লগে কোটাকে প্ৰমুখ্য কৰি সমগ্ৰ অঞ্চলটোত ভ্ৰমণ সহজ হ’ব আৰু বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাব।"

প্ৰধানমন্ত্ৰীয়ে কোটাক শিক্ষা আৰু শক্তি উভয়ৰে এক অনন্য কেন্দ্ৰ বুলি অভিহিত কৰি কয় যে ইয়াত পাৰমাণৱিক, কয়লা, গেছ আৰু জল উৎসৰ পৰা বিদ্যুৎ উৎপাদিত হয়। শ্ৰী মোদীয়ে কোটা ড’ৰিয়া শাৰী, কোটা ষ্ট’ন আৰু বুণ্ডীৰ বাছমতী চাউলৰ দৰে স্থানীয় কৃষিজাত সামগ্ৰীৰ বিশ্বব্যাপী পৰিচয়ক প্ৰশংসা কৰি দৃঢ়তাৰে কয়, “কোটাৰ উক্ত নতুন বিমানবন্দৰে এই সম্ভাৱনাসমূহক বহুগুণে বৃদ্ধি কৰিব।”

অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে মুকুন্দৰা পাহাৰৰ দৰে বন্যপ্ৰাণী কেন্দ্ৰৰ সমান্তৰালকৈ শ্ৰী মথুৰাধীশ জী আৰু গড়দিয়া মহাদেৱৰ আধ্যাত্মিক তাৎপৰ্য্যৰ কথা উল্লেখ কৰে। “বৰ্ধিত বিমান সংযোগে এই অঞ্চললৈ বিশ্ব পৰ্যটকৰ আগমন ঘটাব আৰু ইয়াৰ যুৱক-যুৱতী, ব্যৱসায়ী তথা স্থানীয় অৰ্থনীতিৰ বাবে ইয়াৰ প্ৰত্যক্ষ সুবিধা উপলব্ধ হ’ব”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত আঁচনিৰ অধীনত ৰেল ষ্টেচনসমূহৰ আধুনিকীকৰণ আৰু দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ প্ৰভাৱকে প্ৰমুখ্য কৰি কোটাত সূচনা হোৱা ব্যাপক সংযোগ বিপ্লৱৰ কথা উল্লেখ কৰে। কৃষিভিত্তিক উদ্যোগৰ দিশত সাধন হোৱা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, "ৰেল আৰু পথৰ পিছত বিমান সংযোগৰ এই নতুন অধ্যায়ে কোটাৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব।"

স্থানীয় নেতৃত্বৰ প্ৰচেষ্টাক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কোটাৰ সাংসদ তথা লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অঞ্চলটোৰ প্ৰগতিৰ প্ৰতি থকা নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। সংসদত শ্ৰী বিৰলাৰ ভূমিকা সম্পৰ্কে মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁ হ’ল এগৰাকী শিক্ষক। তেওঁ সমগ্ৰ শ্ৰেণীটো ভালদৰে চম্ভালে, আনকি একাংশ ডাঙৰ পৰিয়ালৰ অবাধ্য ছাত্ৰ-ছাত্ৰীৰ সন্মুখীন হ'লেও তেওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰে।"

ৰাষ্ট্ৰীয় বিমান পৰিবহণ বাতাবৰণত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪-ত বিমানবন্দৰৰ সংখ্যা ৭০-ৰ পৰা আজি ১৬০-ৰো অধিকলৈ বৃদ্ধি পাইছে। বিকেন্দ্ৰীকৃত বিকাশৰ উদাহৰণ হিচাপে দিল্লীৰ ওচৰৰ নতুন টাৰ্মিনেল আৰু বিমানবন্দৰৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয়, "কোটাৰ নতুন বিমানবন্দৰটোৱেও একেদৰেই এই অঞ্চলৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব বুলি মই নিশ্চিত।"

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দ্ৰুত প্ৰগতি সাধনৰ ক্ষেত্ৰত "ডাবল ইঞ্জিন" চৰকাৰৰ গুৰুত্ব আৰু স্পষ্ট উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এখনি সমৃদ্ধিশালী আৰু সবল ৰাজ্যৰ কল্পনা কৰি কয়, "উন্নত ৰাজস্থানৰ এই শক্তিশালী ভেটিয়ে উন্নত ভাৰতৰ সংকল্পক অধিক শক্তি প্ৰদান কৰিছে।"

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership