প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে ৰে’লৱে, প্ৰতিৰক্ষা, অটোমোটিভ, শক্তি, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱাকে ধৰি শ্লোভাকিয়াৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰধান ব্যৱসায়িক আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত ব্যৱসায়-বাণিজ্য সম্পৰ্ক সম্প্ৰসাৰণৰ প্ৰশংসা কৰে। তেওঁ শেহতীয়া বছৰবোৰত ব্যৱসায়িক সূচলতা বৃদ্ধি কৰাৰ লগতে এক স্বচ্ছ, সুস্থিৰ আৰু বিনিয়োগকাৰী-অনুকূল অৰ্থনৈতিক পৰিবেশ গঢ়ি তুলিবলৈ ভাৰতে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সংস্কাৰ আৰু নীতিগত পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ শ্লোভাক কোম্পানীসমূহক ভাৰতত বিশেষকৈ আন্তঃগাঁথনি, প্ৰতিৰক্ষা, নৱীকৰণযোগ্য শক্তি, ডিজিটেল উদ্ভাৱন, ছেমিকণ্ডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৰ্ধিত সুযোগৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনায়।
উদ্যোগ খণ্ডৰ নেতাসকলে বিকশিত ভাৰতৰ দিশত ভাৰতৰ সংস্কাৰক আদৰণি জনোৱাৰ লগতে ভাৰতৰ অৰ্থনৈতিক গতিপথৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁলোকে বৰ্ধিত বিনিয়োগ, প্ৰযুক্তি অংশীদাৰিত্ব আৰু ভাৰতীয় উদ্যোগসমূহৰ সৈতে যুটীয়া পদক্ষেপৰ জৰিয়তে ভাৰতত নিজৰ অৱস্থিতি শক্তিশালী কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক আদৰণি জনাই উল্লেখ কৰে যে ইয়াৰ ৰূপায়ণে তেওঁলোকৰ বাবে নতুন ব্যৱসায়িক সুযোগ মুকলি কৰিব। তলত উল্লেখ কৰা মুখ্য কাৰ্যবাহী বিষয়া/উদ্যোগৰ নেতাসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
- আলেক্সেজ বালজাজেভ, অধ্যক্ষ, টাত্ৰাভাগোংকা
- পিটাৰ মালেক, উপাধ্যক্ষ, টাত্ৰাভাগোংকা
- ৰবাৰ্ট স্পিচাক, অধ্যক্ষ, এ জেড চি গ্ৰুপ
- ৰিচাৰ্ড মাৰ্কো, মুখ্য কাৰ্যবাহী বিষয়া, ইএছইটি
- পৰবিন্দৰ ৱালিয়া, এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অধ্যক্ষ, ইএছইটি
- জাৰোশ্লাভ কুৰাচিনা, মুখ্য কাৰ্যবাহী বিষয়া, গ্ৰেণ্ড পাৱাৰ লিমিটেড
- পিটাৰ লেডনিকি, মুখ্য কাৰ্যবাহী বিষয়া, পেণ্টা আন্তঃৰাষ্ট্ৰীয় চিকিৎসালয়
- ষ্টেফান ৰোছিনা, মুখ্য কাৰ্যবাহী বিষয়া, মাটাড’ৰ
- ৰাজেশ ছাবনে, পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া, মাটাড’ৰ টেকন’লজিছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড
- মাটেজ কোৰেক, সঞ্চালকপ্ৰধান, ভুজে এ এছ
- পিটাৰ ডুচোভিচ, মুখ্য কাৰ্যবাহী বিষয়া, ভিআইপিঅ’
- এণ্ড্ৰেজ বেনচেল, ডিজিটেল কম্পিটেন্সৰ মুৰব্বী, ভিআইপিঅ’
- জোজেফ ওমেলকা, পৰিচালন সঞ্চালক, মাইক্ৰ’ষ্টেপ-এমআইএছ
- ৰিচাৰ্ড ৱাৰ্গা, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, ভি আৰ এম
- এডুৱাৰ্ড ক্ৰিষ্টিয়া, মাৰ্কেটিং মেনেজাৰ, ভি আৰ এম
- মিলোশ্লাভ কুৰিল্লা, সঞ্চালক পৰিষদৰ সদস্য, ইকো ইনভেষ্টমেণ্টছ
- টিবোৰ গ্ৰেগৰ, ক্লাব ৫০০ৰ কাৰ্যবাহী সঞ্চালক
This afternoon in Bratislava, Prime Minister Robert Fico hosted an interaction with prominent Slovak business leaders.
— Narendra Modi (@narendramodi) June 15, 2026
Had insightful discussions on strengthening economic ties, boosting investment flows and expanding collaboration in innovation, technology, manufacturing and… pic.twitter.com/fzKdCdjFI4
Dnes popoludní v Bratislave usporiadal premiér Robert Fico stretnutie s poprednými slovenskými podnikateľskými lídrami.
— Narendra Modi (@narendramodi) June 15, 2026
Viedli sme podnetné rozhovory o posilňovaní hospodárskych vzťahov, zvyšovaní investičných tokov a rozširovaní spolupráce v oblastiach inovácií, technológií,… pic.twitter.com/Ebj036Wcl5


