৪০০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিয়ে ভাৰতৰ সম্ভাৱনীয়তাকে প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
বিগত এবছৰত জিইএম প’ৰ্টেলৰ জৰিয়তে চৰকাৰে ১লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয় কৰিছেঃ প্ৰধানমন্ত্ৰী
১২৬ বছৰীয়া বাবা শিৱানন্দৰ ফিটনেচ আমাৰ সকলোৰে বাবে এক প্ৰেৰণাঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
ভাৰতৰ যোগ আৰু আয়ুৰ্বেদ সমগ্ৰ বিশ্বত চলি আছেঃ প্ৰধানমন্ত্ৰী মোদী
আমি পানী সংৰক্ষণৰ বাবে সকলো প্ৰচেষ্টাই হাতত ল’ব লাগিবঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
শিশুসকলে স্বচ্ছতাক এক আন্দোলন হিচাপে লৈছিল, তেওঁলোকে এগৰাকী ‘ৱাটাৰ ৱাৰিয়ৰ্ছ’ হিচাপে পানী সংৰক্ষণত সহায় কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
মহাত্মা ফুলে, সাবিত্ৰীবাই ফুলে, বাবা চাহেব আম্বেদকাৰৰ পৰা প্ৰেৰণা লৈ মই সকলো পিতৃ-মাতৃ আৰু অভিভাৱকক তেওঁলোকৰ কন্যাসকলক শিক্ষিত কৰি তোলাৰ আহ্বান জনাইছোঃ প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।

বন্ধুসকল, যেতিয়া দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা নতুন সামগ্ৰী বিদেশলৈ গৈ আছে। অসমত হাইলাকান্দিৰ চামৰাৰ সামগ্ৰী হওঁক বা ওচমানাবাদৰ হস্ততাঁত সামগ্ৰীয়েই হওক, বিজাপুৰৰ ফল আৰু পাচলি হওক বা চান্দৌলীৰ ক'লা চাউলেই হওক, সকলোৰে ৰপ্তানি বৃদ্ধি পাইছে। এতিয়া, আপুনি ডুবাই আৰু চৌদি আৰৱত লাডাখৰ বিশ্ববিখ্যাত এপ্ৰিকট, তামিলনাডুৰ পৰা প্ৰেৰণ কৰা কলো লাভ পাব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নতুন নতুন দেশলৈ নতুন নতুন সামগ্ৰী প্ৰেৰণ কৰা হৈছে। উদাহৰণ স্বৰূপে, উত্তৰাখণ্ডৰ হিমাচলত উৎপাদিত গোটা শস্য বাজৰাৰ প্ৰথম সামগ্ৰী ডেনমাৰ্কলৈ ৰপ্তানি কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা আৰু চিত্তুৰ জিলাৰ বংগনাপল্লী আৰু সুবৰ্ণৰেখা আম দক্ষিণ কোৰিয়ালৈ ৰপ্তানি কৰা হৈছিল। ত্ৰিপুৰাৰ পৰা সতেজ কঁঠাল, বিমানেৰে, লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ ৰজা জলকীয়াক লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। একেদৰে, বালিয়া ঘেঁহুৰ প্ৰথম সামগ্ৰী গুজৰাটৰ পৰা কেনিয়া আৰু শ্ৰীলংকালৈ ৰপ্তানি কৰা হৈছিল। অৰ্থাৎ, এতিয়া যেতিয়া আপুনি আন দেশলৈ যাব, তাত ভাৰতত প্ৰস্তুত কৰা সামগ্ৰীবোৰ আগৰ তুলনাত অধিক দেখিব।

বন্ধুসকল, এই তালিকাখন বহু দীঘল আৰু এই তালিকাখন যিমানে দীঘল হয়, মেক ইন ইণ্ডিয়াৰ শক্তিও সিমানে অধিক হয়, ভাৰতৰ শক্তি যিমানেই অধিক হয়, আৰু সেই শক্তিৰ আধাৰ – আমাৰ কৃষক, আমাৰ শিল্পী, আমাৰ শিপিনী, আমাৰ অভিযন্তা, আমাৰ ক্ষুদ্ৰ উদ্যোগী, আমাৰ এমএছএমই খণ্ড, বিভিন্ন বৃত্তিৰ বহুতো লোক, এই সকলোবোৰেই হ’ল ইয়াৰ প্ৰকৃত শক্তি। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ৪০০ বিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্য প্ৰাপ্ত কৰা হৈছে আৰু মই সুখী যে ভাৰতৰ জনসাধাৰণৰ এই শক্তি এতিয়া বিশ্বৰ প্ৰতিটো প্ৰান্তত নতুন বজাৰত উপনীত হৈছে। যেতিয়া প্ৰতিজন ভাৰতীয়ই স্থানীয় সামগ্ৰীসকলৰ বাবে মাত মাতিবলৈ আৰম্ভ কৰে, তেতিয়া স্থানীয় সামগ্ৰীবোৰ বিশ্বব্যাপী হ'বলৈ অধিক সময় নালাগে। আহক স্থানীয় সামগ্ৰীক গোলকীয় কৰি তোলে আৰু আমাৰ সামগ্ৰীৰ সুনাম অধিক বৃদ্ধি কৰোঁ আহক।

বন্ধুসকল, 'মন কী বাত'ৰ শ্ৰোতাসকলে জানি সুখী হ'ব যে ঘৰুৱা পৰ্যায়ত আমাৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ সফলতাই আমাক গৌৰৱেৰে ভৰাই তোলে। আজি, আমাৰ ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী ই-বজাৰৰ (জিইএম) জৰিয়তে চৰকাৰী ক্ৰয়ত এক বৃহৎ ভূমিকা পালন কৰি আছে। প্ৰযুক্তিৰ জৰিয়তে এটা অতি স্বচ্ছ প্ৰণালী বিকশিত কৰা হৈছে। যোৱা এবছৰত, জিইএম পৰ্টেলৰ জৰিয়তে, চৰকাৰে ১ লাখ কোটি টকাৰ অধিক মূল্যৰ সামগ্ৰী ক্ৰয় কৰিছে। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰায় ১.৫ লাখ ক্ষুদ্ৰ উদ্যোগী, ক্ষুদ্ৰ দোকানীয়ে তেওঁলোকৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিছে। এটা সময় আছিল যেতিয়া কেৱল ডাঙৰ কোম্পানীবোৰে চৰকাৰক সামগ্ৰী বিক্ৰী কৰিব পাৰিছিল। কিন্তু এতিয়া দেশ সলনি হৈছে, পুৰণি প্ৰণালীবোৰো সলনি হৈছে। এতিয়া আনকি সৰু দোকানীয়েও তেওঁৰ সামগ্ৰী জিইএম পৰ্টেলত চৰকাৰক বিক্ৰী কৰিব পাৰে – সেয়াই হৈছে নতুন ভাৰত। ই কেৱল বৃহৎ সপোনেই নহয়, লগতে এনে এটা লক্ষ্যত উপনীত হোৱাৰ সাহস প্ৰদৰ্শন কৰে য’ত আগতে কোনেও উপনীত হ’ব পৰা নাছিল। এই সাহসৰ আধাৰত আমি সকলোৱে আত্মনিৰভৰ ভাৰতৰ সপোন পূৰ্ণ কৰিম।

মোৰ মৰমৰ দেশবাসীসকল, আপুনি শেহতীয়া পদ্ম সন্মান অনুষ্ঠানত বাবা শিৱানন্দজীক নিশ্চয় দেখিছে। মোৰ দৰে সকলোৱে নিশ্চয় ১২৬ বছৰীয়া ব্যক্তিজনৰ ক্ষিপ্ৰতা দেখি আচৰিত হৈছিল আৰু মই দেখিছিলো, চকুৰ পলকতে, তেওঁ নন্দী মুদ্ৰাত নমস্কাৰ কৰিবলৈ আৰম্ভ কৰিছিল। মইও বাবা শিৱানন্দজীৰ ওচৰত নমস্কাৰ কৰিছিলো আৰু বাৰে বাৰে নমস্কাৰ কৰিছিলো। ১২৬ বছৰ বয়স আৰু বাবা শিৱানন্দৰ সুস্থতা দুয়োটাই আজি দেশৰ আলোচনাৰ বিষয়। মই সামাজিক মাধ্যমত বহুলোকৰ মন্তব্য দেখিছো যে বাবা শিৱানন্দ তেওঁৰ বয়সৰ চাৰিগুণতকৈ অধিক ফিট। সঁচাকৈয়ে, বাবা শিৱানন্দৰ জীৱনে আমাৰ সকলোকে অনুপ্ৰাণিত কৰিব। মই তেওঁক দীঘলীয়া জীৱনৰ শুভেচ্ছা জনাইছো। তেওঁৰ যোগৰ প্ৰতি আগ্ৰহ আছে আৰু তেওঁ এটা অতি স্বাস্থ্যকৰ জীৱনশৈলী নিৰ্বাহ কৰি আছে।

জীৱেম শাৰদঃ শতম্ ৷

আমাৰ সংস্কৃতিত, সকলোকে শত বছৰৰ স্বাস্থ্যৱান জীৱনৰ বাবে কামনা কৰা হয়। আমি ৭ এপ্ৰিলত 'বিশ্ব স্বাস্থ্য দিৱস' উদযাপন কৰিম। আজি সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ বিষয়ে ভাৰতীয় চিন্তাধাৰা বৃদ্ধি পাইছে, সেয়া যোগেই হওক বা আয়ুৰ্বেদেই হওক। এতিয়াই আপুনি নিশ্চয় দেখিছে যে যোৱা সপ্তাহত কাটাৰত এটা যোগ অনুষ্ঠান অনুষ্ঠিত হৈছিল। ১১৪ খন দেশৰ নাগৰিকে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি হৈছিল। একেদৰে, আয়ুষ উদ্যোগৰ বজাৰো ডাঙৰ হৈ আহিছে। ছয় বছৰ পূৰ্বে, আয়ুৰ্বেদ সম্পৰ্কীয় ঔষধৰ বজাৰ আছিল প্ৰায় ২২ হাজাৰ কোটি টকাৰ। আজি আয়ুষ উৎপাদন উদ্যোগ প্ৰায় এক লাখ চল্লিশ হাজাৰ কোটি টকাত উপনীত হৈছে, অৰ্থাৎ এই খণ্ডত সম্ভাৱনা নিৰন্তৰে বৃদ্ধি হৈ আছে। আনকি ষ্টাৰ্ট-আপৰ পৃথিৱীতো, আয়ুষ আকৰ্ষণৰ বিষয় হৈ পৰিছে।

বন্ধুসকল, মই পূৰ্বে স্বাস্থ্য খণ্ডৰ অন্যান্য ষ্টাৰ্ট-আপবোৰৰ সৈতে কেইবাবাৰো কথা পাতিছো, কিন্তু এইবাৰ মই আপোনালোকৰ সৈতে বিশেষভাৱে আয়ুষ ষ্টাৰ্ট-আপৰ বিষয়ে কথা পাতিম। এটা ষ্টাৰ্ট-আপ আছে- Kapiva! (কাপিৱা)। ইয়াৰ অৰ্থ ইয়াৰ নামতে লুকাই আছে। ইয়াত, Ka মানে - কফ, Pi মানে - পিত্ত আৰু Va মানে - বাত। এই ষ্টাৰ্ট-আপটো আমাৰ পৰম্পৰা অনুসৰি স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ওপৰত আধাৰিত। লগতে আন এটা ষ্টাৰ্ট-আপ আছে, নিৰোগ-ষ্ট্ৰীট যি আয়ুৰ্বেদ স্বাস্থ্যসেৱা পৰিস্থিতিতন্ত্ৰত এক অনন্য ধাৰণা। ইয়াৰ প্ৰযুক্তি-চালিত প্লেটফৰ্মে সমগ্ৰ বিশ্বৰ আয়ুৰ্বেদ চিকিৎসকসকলক পোনপটীয়াকৈ মানুহৰ সৈতে সংযোগ কৰে। ৫০ সহস্ৰাধিকৰো অধিক চিকিৎসক ইয়াৰ সৈতে জড়িত আছে। একেদৰে, আত্ৰেয় উদ্ভাৱন, এক স্বাস্থ্যসেৱা প্ৰযুক্তি ষ্টাৰ্ট-আপ, সামগ্ৰিক সুস্থতাৰ ক্ষেত্ৰত কাম কৰি আছে। ইক্সোৰিয়েলয়ে কেৱল অশ্বগন্ধাৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা বিয়পাই দিয়াই নহয়, লগতে উন্নত-মানদণ্ডৰ উৎপাদন প্ৰক্ৰিয়াত বৃহৎ পৰিমাণৰ বিনিয়োগো কৰিছে। কিউৰৱেদাই আধুনিক গৱেষণা আৰু বনৌষধিৰ পৰম্পৰাগত জ্ঞান একত্ৰিত কৰি সামগ্ৰিক জীৱনৰ বাবে আহাৰ পৰিপূৰকৰ সৃষ্টি কৰিছে।

বন্ধুসকল, মই মাত্ৰ কেইটামান নামৰ বিষয়ে উল্লেখ কৰিছো, এই তালিকাখন বহুত দীঘল। ই ভাৰতৰ যুৱ উদ্যোগীসকলৰ প্ৰতীক আৰু ভাৰতত সৃষ্টি হোৱা নতুন সম্ভাৱনাৰ প্ৰতীক। স্বাস্থ্যখণ্ড আৰু বিশেষকৈ আয়ুষ ষ্টাৰ্ট-আপৰ ওপৰতো মই গুৰুত্ব দিছো। আপুনি অনলাইনত যিকোনো পৰ্টেল সৃষ্টি কৰক, আপুনি যিকোনো সমল সৃষ্টি কৰক, ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত সকলো ভাষাতে ইয়াক সৃষ্টি কৰিবলৈ চেষ্টা কৰক। পৃথিৱীত এনে বহুতো দেশ আছে য'ত ইংৰাজী কোৱা নহয় বা বুজি পোৱা নাযায়। এনে দেশবোৰৰ কথা মনত ৰাখি আপোনাৰ তথ্য প্ৰচাৰ কৰক। মই নিশ্চিত যে উন্নত মানদণ্ডৰ সামগ্ৰীৰ সৈতে ভাৰতৰ আয়ুষ ষ্টাৰ্ট-আপসমূহক অতি শীঘ্ৰেই সমগ্ৰ বিশ্বতে সামৰি লোৱা হ'ব।

বন্ধুসকল, স্বাস্থ্যও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। 'মন কী বাত'ত, আমি সদায় স্বচ্ছতাৰ আগ্ৰহীসকলৰ প্ৰচেষ্টাৰ বিষয়ে কও। তেনে এক স্বচ্ছগ্ৰহী হৈছে চন্দ্ৰকিশোৰ পাটিলজী। তেওঁলোকে মহাৰাষ্ট্ৰৰ নাছিকত বাস কৰে। চন্দ্ৰকিশোৰজীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সংকল্প অতি গভীৰ। তেওঁ গোদাৱৰী নদীৰ ওচৰত থিয় হয় আৰু নিৰন্তৰভাৱে মানুহক নদীত আৱৰ্জনা নিক্ষেপ নকৰিবলৈ অনুপ্ৰেৰিত কৰে। যদি তেওঁ কাৰোবাক এনে কৰা দেখা পায় তেওঁ তুৰন্তে এয়া কৰিবলৈ নিষেধ কৰে ৷ চন্দ্ৰকিশোৰজীয়ে তেওঁৰ অধিকাংশ সময় এই কামত অতিবাহিত কৰে। সন্ধিয়ালৈ তেওঁৰ ওচৰত মানুহে নদীত পেলাই দিবলৈ অনা বস্তুৰ দম গোট খাই পৰে। চন্দ্ৰকিশোৰজীৰ এই প্ৰচেষ্টাই সজাগতা বৃদ্ধি কৰে, আৰু লগতে অনুপ্ৰেৰণাও প্ৰদান কৰে। একেদৰে, উৰিষ্যাত পুৰীৰ আন এজন স্বচ্ছগ্ৰহী আছে। ৰাহুল মহাৰাণাই প্ৰতি দেওবাৰে ৰাতিপুৱা পুৰীৰ তীৰ্থস্থানলৈ যায়, আৰু তাত প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰে। তেওঁ এই পৰ্যন্ত শ শ কিলো প্লাষ্টিকৰ আৱৰ্জনা আৰু লেতেৰা পৰিষ্কাৰ কৰিছে। পুৰীৰ ৰাহুল হওঁক বা নাছিকৰ চন্দ্ৰকিশোৰ হওঁক, তেওঁলোকে আমাৰ সকলোকে বহুত কথা শিকাইছে। আমি নাগৰিক হিচাপে আমাৰ কৰ্তব্য পালন কৰোঁ, সেয়া অনাময়, পুষ্টি বা টীকাকৰণেই হওক, এই সকলো প্ৰচেষ্টাই স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।

মোৰ মৰমৰ দেশবাসীসকল, আমি কেৰালাৰ মুপাট্টম শ্ৰীনাৰায়ণনজীৰ বিষয়ে কথা পাতো আহক। তেওঁ 'পটছ ফৰ ৱাটাৰ অব্ লাইফ' নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে। যেতিয়া আপুনি এই প্ৰকল্পটোৰ বিষয়ে জানিব, আপুনি ভাবিব যে এইটো কি মহান কাম।

বন্ধুসকল, মুপাট্টম, শ্ৰী নাৰায়ণন জীয়ে মাটিৰ পাত্ৰ বিতৰণ কৰাৰ বাবে এটা অভিযান চলাই আছে যাতে গ্ৰীষ্মকালত পশু আৰু চৰাইবোৰৰ খোৱা পানীৰ কোনো সমস্যাৰ সন্মুখীন নহয়। গ্ৰীষ্মকালত, তেওঁ পশু আৰু চৰাইৰ এই সমস্যা দেখি বিচলিত হৈছিল। তেতিয়া তেওঁ ভাবিছিল যে তেওঁনো নিজেই কিয় মাটিৰ পাত্ৰ বিতৰণ কৰাৰ কাম আৰম্ভ নকৰে যাতে আনে কেৱল সেই বাচনবোৰ পানী ভৰ্তি কৰিলেই হ’ল। আপুনি আচৰিত হ'ব যে নাৰায়ণনজীয়ে বিতৰণ কৰা বাচন-বৰ্তনৰ সংখ্যা এক লাখ অতিক্ৰম কৰিবলৈ গৈ আছে। তেওঁ এই অভিযানত গান্ধীজীৰ দ্বাৰা স্থাপিত সবৰমতী আশ্ৰমত এক লাখতম পাত্ৰটো দান কৰিব।এতিয়া যিহেতু গ্ৰীষ্মকাল সমাগত, নাৰায়ণনজীৰ এই কামে নিশ্চিতভাৱে আমাৰ সকলোকে অনুপ্ৰাণিত কৰিব আৰু আমি এই গ্ৰীষ্মকালত আমাৰ পশু আৰু চৰাইৰ বাবে পানীৰ ব্যৱস্থা কৰিব পাৰিম।

বন্ধুসকল, মই 'মন কী বাত'ৰ শ্ৰোতাসকলক আমাৰ সংকল্পসমূহ পুনৰ দোহাৰিবলৈও অনুৰোধ কৰিম। আমি প্ৰতিটোপাল পানী বচাবলৈ যি পাৰো কৰিব লাগিব। ইয়াৰ বাহিৰেও, আমি পানীৰ পুনৰ্ব্যৱহাৰৰ ওপৰত সমানে গুৰুত্ব দিব লাগিব। ঘৰত ব্যৱহৃত পানী বাগিচাত ব্যৱহাৰ কৰিব পাৰি, যাক পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া পুনৰ ব্যৱহাৰ কৰিব লাগিব। অলপ পৰিশ্ৰম কৰি আপুনি আপোনাৰ ঘৰত এনে ব্যৱস্থা কৰি ল’ভ পাৰে। ৰহিমদাসজীয়ে, শতিকা পূৰ্বে, কোনো এক উদ্দেশ্যৰ বাবে কৈ আহিছে যে 'ৰহিমন পানী ৰাখিয়ে, বিন পানী সব সুন'। আৰু পানী সঞ্চয়ৰ এই কামত মই শিশুসকলৰ পৰা যথেষ্ট আশা কৰিছো। যিদৰে আমাৰ ল'ৰা-ছোৱালীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাক এক আন্দোলন গঢ়ি তুলিছিল তেওঁলোকে 'পানী যোদ্ধা' হৈও পানী ৰক্ষা কৰাত সহায় কৰিব পাৰে।

বন্ধুসকল, জল সংৰক্ষণ, আমাৰ দেশত পানীৰ উৎসৰ সুৰক্ষা বহু শতাব্দী ধৰি সমাজৰ প্ৰকৃতিৰ এক অংশ হৈ আহিছে। মই সুখী যে দেশৰ বহুলোকে পানী সংৰক্ষণক জীৱনৰ অভিযান হিচাপে গ্ৰহণ কৰিছে। চেন্নাইৰ এজন সতীৰ্থ হ’ল, অৰুণ কৃষ্ণমূৰ্তিজী! অৰুণজীয়ে তেওঁৰ অঞ্চলৰ পুখুৰী আৰু হ্ৰদ পৰিষ্কাৰ কৰিবলৈ এটা অভিযান চলাই আছে। তেওঁ ১৫০ তকৈও অধিক পুখুৰী আৰু হ্ৰদ পৰিষ্কাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ইয়াক সফলতাৰে সম্পূৰ্ণ কৰিছে। একেদৰে, মহাৰাষ্ট্ৰৰ আন এজন সতীৰ্থ হৈছে ৰোহন কালে। ৰোহন পেছাত এজন এইচআৰ পেছাদাৰী। তেওঁ মহাৰাষ্ট্ৰৰ শ শ চিৰি, অৰ্থাৎ খটখটিৰ সৈতে থকা পুৰণি কুঁৱাৰ সংৰক্ষণৰ বাবে প্ৰচাৰ চলাই আছে। ইয়াৰে বহুতো কুঁৱা শ শ বছৰ পুৰণি, আৰু আমাৰ ঐতিহ্যৰ অংশ। চেকেন্দ্ৰাবাদৰ বংশী লাল-পেট কুঁৱা এনেকুৱাই এটা কুঁৱা। বহু বছৰৰ অৱহেলাৰ বাবে, এই কুঁৱাটো মাটি আৰু আৱৰ্জনাৰে আবৃত হৈ পৰিছিল। কিন্তু এতিয়া তাত এই কুঁৱাটো পুনৰুজ্জীৱিত কৰাৰ অভিযান জনসাধাৰণৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছে।

বন্ধুসকল, মই এনে এখন ৰাজ্যৰ পৰা আহিছোঁ য'ত সদায়েই পানীৰ অভাৱ। গুজৰাটত, এই ষ্টেপৱেলবোৰক ভাভ বুলি কোৱা হয়। গুজৰাটৰ দৰে এখন ৰাজ্যত ভাভে এক বৃহৎ ভূমিকা পালন কৰিছে। জল মন্দিৰ যোজনা'ই এই কুঁৱা বা ভাভৰ সংৰক্ষণৰ বাবে এক বৃহৎ ভূমিকা পালন কৰিছিল। গোটেই গুজৰাটত বহুতো ভাভ পুনৰুজ্জীৱিত কৰা হৈছিল। এই অঞ্চলবোৰত পানীৰ স্তৰ বৃদ্ধি কৰাত ই যথেষ্ট সহায় কৰিছিল। আপুনি স্থানীয় পৰ্যায়তো একে ধৰণৰ অভিযান চলাব পাৰে। চেক বান্ধ তৈয়াৰ কৰা, বৰষুণৰ পানী সংগ্ৰহ কৰা, ইয়াত ব্যক্তিগত প্ৰচেষ্টাও গুৰুত্বপূৰ্ণ আৰু সামূহিক প্ৰচেষ্টাও প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত আমাৰ দেশৰ প্ৰতিখন জিলাত কমেও ৭৫টা অমৃত সৰোবৰ নিৰ্মাণ কৰিব পাৰি। কিছুমান পুৰণি হ্ৰদ উন্নত কৰিব পাৰি, কিছুমান নতুন হ্ৰদ নিৰ্মাণ কৰিব পাৰি। মই নিশ্চিত যে আপোনালোকে এই দিশত কিছু প্ৰয়াস কৰিব। 

মোৰ মৰমৰ দেশবাসীসকল, 'মন কী বাত'ৰ সুন্দৰ কথাটো এয়াই যে মই বহুতো ভাষাত, বহুতো উপভাষাত আপোনালোকৰ বাৰ্তা পাওঁ। বহুলোকে মাইগ’ভত অডিঅ' বাৰ্তাও প্ৰেৰণ কৰে। ভাৰতৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ উপভাষা, আমাৰ জীৱন শৈলী, খাদ্যৰ সম্প্ৰসাৰণ, এই সকলোবোৰ বৈচিত্ৰ্য আমাৰ মহান শক্তি। পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, এই বৈচিত্ৰ্যই ভাৰতক ঐক্যবদ্ধ কৰি ৰাখে, যাৰ ফলত ই এক ভাৰত শ্ৰেষ্ঠ ভাৰত হৈ পৰে। ইয়াতো, আমাৰ ঐতিহাসিক স্থান আৰু পৌৰাণিক কাহিনী দুয়োটাই যথেষ্ট অৰিহণা যোগায়। আপোনালোকে হয়তো ভাবি আছে যে মই এতিয়া আপোনালোকৰ সৈতে কিয় কথা পাতি আছো। ইয়াৰ কাৰণ হৈছে "মাধৱপুৰ মেলা"। মন কী বাতৰ শ্ৰোতাসকলে মাধৱপুৰ মেলা ক'ত অনুষ্ঠিত হয়, কিয় অনুষ্ঠিত হয়, ই ভাৰতৰ বৈচিত্ৰ্যৰ সৈতে কেনেদৰে সম্পৰ্কিত সেয়া জানিবলৈ আকৰ্ষণ অনুভৱ কৰিব।

বন্ধুসকল, গুজৰাটৰ পোৰবন্দৰৰ সাগৰৰ ওচৰৰ মাধৱপুৰ গাঁৱত "মাধৱপুৰ মেলা" অনুষ্ঠিত হয়। কিন্তু ভাৰতৰ পূব প্ৰান্তৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে। আপুনি ভাবিব পাৰে যে এইটো কেনেকৈ সম্ভৱ?   গতিকে ইয়াৰ উত্তৰটো এটা পৌৰাণিক কাহিনীৰ অংশ। কোৱা হয় যে হাজাৰ হাজাৰ বছৰ পূৰ্বে ভগৱান কৃষ্ণই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজকুমাৰী ৰুক্মিণীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহখন পোৰবন্দৰৰ মাধৱপুৰত হৈছিল আৰু এই বিবাহৰ প্ৰতীক হিচাপে, মাধৱপুৰ মেলা এতিয়াও তাত অনুষ্ঠিত হয়। পূব আৰু পশ্চিমৰ মাজৰ এই গভীৰ সম্পৰ্ক আমাৰ ঐতিহ্য। সময়ৰ লগে লগে এতিয়া ৰাইজৰ প্ৰচেষ্টাৰ লগে লগে মাধৱপুৰ মেলাত নতুন বস্তুও যোগ কৰা হৈছে। আমাৰ ইয়াত কন্যা পক্ষক ঘৰাটি বুলি কোৱা হয় আৰু এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ঘৰাটিও এই মেলালৈ আহিবলৈ আৰম্ভ কৰিছে ৷ সপ্তাহজোৰা মাধৱপুৰ মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শিল্পী উপস্থিত হয়, হস্তশিল্পৰ সৈতে জড়িত শিল্পীসকল উপস্থিত হয় আৰু এই মেলাত সোণত সুৱগা চৰায় ৷ সপ্তাহজুৰি, ভাৰতৰ পূব আৰু পশ্চিমৰ সংস্কৃতিৰ এই সংমিশ্ৰণ, এই মাধৱপুৰ মেলা, এক ভাৰত - শ্ৰেষ্ঠ ভাৰতৰ এক সুন্দৰ উদাহৰণ হৈ আহিছে ৷ মই আপোনাক অনুৰোধ জনাইছো, আপুনিও এই মেলাৰ বিষয়ে পঢ়ক আৰু জানক।

মোৰ মৰমৰ দেশবাসীসকল, দেশত স্বাধীনতাৰ অমৃত মহোৎসৱ এতিয়া জনসাধাৰণৰ অংশগ্ৰহণৰ এক নতুন উদাহৰণ হৈ পৰিছে। কিছুদিন পূৰ্বে, ২৩ মাৰ্চত শ্বহীদ দিৱসত দেশৰ বিভিন্ন কোণত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছিল। দেশবাসীয়ে স্বাধীনতাৰ নায়ক আৰু নায়িকাসকলক স্মৰণ কৰিছিল আৰু তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছিল। একেদিনাই, মই কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েলত বিপ্লৱী ইণ্ডিয়া গেলেৰী জনসাধাৰণলৈ উৎসৰ্গা কৰাৰ সুযোগ পাইছিলো। ভাৰতৰ সাহসী বিপ্লৱীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ই স্বয়ং এক অতি অনন্য গেলেৰী। যদি আপুনি সুযোগ পায়, আপুনি নিশ্চিতভাৱে ইয়াক চাবলৈ যাব। বন্ধুসকল, এপ্ৰিল মাহত, আমি দুগৰাকী মহান ব্যক্তিত্বৰ জন্ম বাৰ্ষিকীও উদযাপন কৰিম। তেওঁলোক দুয়োজনে ভাৰতীয় সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। এয়া হৈছে মহান ব্যক্তিত্ব - মহাত্মা ফুলে আৰু বাবাচাহেব আম্বেদকাৰ। মহাত্মা ফুলেৰ জন্ম জয়ন্তী ১১ এপ্ৰিলত আৰু বাবা চাহেবৰ জন্ম জয়ন্তী ১৪ এপ্ৰিলত উদযাপন কৰা হয়। এই দুয়োজন মহাপুৰুষে বৈষম্য আৰু অসমতাৰ বিৰুদ্ধে এক ডাঙৰ যুঁজত অৱতীৰ্ণ হৈছিল। মহাত্মা ফুলেয়ে সেই সময়ছোৱাত কন্যাসকলৰ বাবে বিদ্যালয় খুলিছিল, কন্যা শিশু হত্যাৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁ পানীৰ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ এক বৃহৎ অভিযানো আৰম্ভ কৰিছিল।

বন্ধুসকল, মহাত্মা ফুলেৰ এই আলোচনাত সাবিত্ৰীবাই ফুলেজীৰ কথা উল্লেখ কৰাটোও সমানে গুৰুত্বপূৰ্ণ। সাবিত্ৰীবাই ফুলেজী বহুতো সামাজিক প্ৰতিষ্ঠান সৃষ্টিত এক বৃহৎ ভূমিকা পালন কৰিছিল। এজন শিক্ষক আৰু এজন সমাজ সংস্কাৰক হিচাপে, তেওঁ সমাজক সজাগ কৰিছিল আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিল। দুয়ো একলগে সত্যশোধক সমাজ প্ৰতিষ্ঠা কৰে। জনসাধাৰণৰ সৱলীকৰণৰ বাবে প্ৰয়াস কৰিছিল। আমি বাবাচাহেব আম্বেদকাৰৰ কামত মহাত্মা ফুলেৰ প্ৰভাৱ স্পষ্টভাৱে দেখিবলৈ পাওঁ। তেওঁ এইটোও কৈছিল যে সেই সমাজত মহিলাৰ স্থিতি প্ৰত্যক্ষ কৰি যিকোনো সমাজৰ বিকাশ মূল্যায়ন কৰিব পাৰি। মহাত্মা ফুলে, সাবিত্ৰীবাই ফুলে, বাবাচাহেব আম্বেদকাৰৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লৈ মই সকলো অভিভাৱক আৰু পিতৃ-মাতৃক তেওঁলোকৰ ছোৱালীক পঢ়ুৱাবলৈ অনুৰোধ জনাইছো। বিদ্যালয়ত ছোৱালীৰ নামভৰ্তি বৃদ্ধি কৰাৰ বাবে কেইদিনমান আগতে কন্যা শিক্ষা প্ৰৱেশ উৎসৱো আৰম্ভ কৰা হৈছে, যিসকল ছোৱালীৰ শিক্ষা কোনো কাৰণত নহৈছে তেওঁলোকক বিদ্যালয়লৈ ঘূৰাই অনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

বন্ধুসকল, এইটো আমাৰ সকলোৰে বাবে সৌভাগ্যৰ বিষয় যে আমি বাবাচাহেবৰ সৈতে জড়িত পঞ্চ তীৰ্থৰ বাবে কাম কৰাৰ সুযোগ পাইছো। তেওঁৰ জন্মস্থান হওঁক, মুম্বাইৰ মহু, চৈত্যভূমি, লণ্ডনত তেওঁৰ ঘৰ, নাগপুৰৰ দীক্ষা ভূমি, বা দিল্লীৰ বাবাচাহেবৰ মহা-পৰিনিৰ্বাণ স্থান, মই সকলো ঠাই ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছো, সকলো তীৰ্থভূমিলৈ যোৱাৰ সুবিধা লাভ কৰিছো। মই 'মন কী বাত'ৰ শ্ৰোতাসকলক মহাত্মা ফুলে, সাবিত্ৰীবাই ফুলে আৰু বাবাচাহেব আম্বেদকাৰৰ সৈতে জড়িত ঠাইসমূহ পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছো। আপোনালোকে বহু কথা শিকিব পাৰিব।

মোৰ মৰমৰ দেশবাসীসকল, এইবাৰ 'মন কী বাত'ত আমি বহুতো বিষয়ত কথা পাতিলো। অহা মাহত বহুতো উৎসৱ অনুষ্ঠিত হ’ব। মাত্ৰ কেইদিন মান পিছতে নৱৰাত্ৰি। নৱৰাত্ৰিত, আমি ব্ৰত-উপবাস ৰাখো, শক্তিৰ উপাসনা কৰোঁ, অৰ্থাৎ আমাৰ পৰম্পৰাই আমাক আনন্দ আৰু সংযম শিকায়। সেয়েহে, ধৈৰ্য্য আৰু তপস্যাও আমাৰ বাবে উৎসৱ, সেয়েহে নৱৰাত্ৰি আমাৰ সকলোৰে বাবে সদায়েই বিশেষ হৈ আহিছে। নৱৰাত্ৰিৰ প্ৰথম দিনা, গুড়ি পড়ৱা উৎসৱো অনুষ্ঠিত হয়। এপ্ৰিলত ইষ্টাৰ আৰু ৰমজানৰ পবিত্ৰ দিনো আৰম্ভ হয়। আহক আমি সকলোকে লগত লৈ, ভাৰতৰ বৈচিত্ৰ্যক শক্তিশালী কৰি আমাৰ উৎসৱবোৰ উদযাপন কৰোঁ, এয়াই সকলোৰে ইচ্ছা। এইবাৰৰ 'মন কী বাত'ৰ বিষয়ো এয়াই। অহা মাহত আপোনালোকক নতুন বিষয়ৰ সৈতে পুনৰ লগ পাম। অশেষ ধন্যবাদ!

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh

Media Coverage

Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Lokmata Ahilyabai Holkar on her birth anniversary
May 31, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to Lokmata Ahilyabai Holkar on her birth anniversary.

Shri Modi said that the entire nation remembers Lokmata Ahilyabai Holkar with deep respect and reverence for her wisdom, compassion and unwavering commitment to public welfare.

The Prime Minister noted that her life remains an exemplary model of good governance, patriotism and cultural pride. He said that she always led with courage and a strong sense of duty.

The Prime Minister highlighted her unparalleled contribution to ensuring justice and welfare for all, as well as her efforts towards the reconstruction of sacred temples and pilgrimage sites across the country. He remarked that her work further strengthened India’s cultural consciousness.

The Prime Minister stated that Lokmata Ahilyabai Holkar’s dedication to society, culture and nation-building will continue to inspire every generation of the country.

The Prime Minister wrote on X;

“लोकमाता अहिल्याबाई होल्कर जी को उनकी जयंती पर कोटि-कोटि नमन! बुद्धिमत्ता, करुणा और जनकल्याण के प्रति अटूट निष्ठा को लेकर पूरा देश उन्हें आदर और सम्मान के साथ स्मरण करता है। उनका जीवन सुशासन, राष्ट्रभक्ति और सांस्कृतिक गौरव का एक उत्कृष्ट उदाहरण है। उन्होंने सदैव साहस और कर्तव्यनिष्ठा के साथ नेतृत्व किया। देशभर में पावन मंदिरों और तीर्थस्थलों के पुनर्निर्माण से लेकर सभी के लिए न्याय और कल्याण सुनिश्चित करने में उन्होंने अतुलनीय योगदान दिया। उन्होंने भारत की सांस्कृतिक चेतना को और सशक्त बनाया। समाज, संस्कृति और राष्ट्र निर्माण के प्रति उनका समर्पण भाव देश की हर पीढ़ी को प्रेरित करता रहेगा।”