বহু দেশৰ নেতা, উদ্যোগৰ নেতা, উদ্ভাৱক, আৰু ষ্টাৰ্ট-আপ খণ্ডৰ সৈতে জড়িত লোকসকলে ভাৰত মণ্ডপমত এআই ইমপেক্ট ছামিটৰ বাবে একত্ৰিত হৈছিল: প্ৰধানমন্ত্ৰী মোদী
এআই ইমপেক্ট ছামিটত বিশ্বই এআইৰ ক্ষেত্ৰত ভাৰতৰ আচৰিত সামৰ্থ্য দেখিবলৈ পাইছিল: প্ৰধানমন্ত্ৰী মোদী
ভাৰতীয়সকল য’তেই যাওক, তেওঁলোকৰ মাতৃভূমিৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকে আৰু তেওঁলোকৰ কৰ্মভূমি, তেওঁলোকে বাস কৰা আৰু কাম কৰা দেশখনৰ উন্নয়নত অৰিহণা যোগায়: প্ৰধানমন্ত্ৰী মোদী
অংগদানৰ সন্দৰ্ভত আজিকালি ভাৰতত ক্ৰমাৎ সজাগতা বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা প্ৰয়োজনত থকাসকলক সহায় কৰা হৈছে:
আজি দেশে দাসত্বৰ প্ৰতীক এৰি ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত প্ৰতীকক মূল্য দিবলৈ আৰম্ভ কৰিছে: প্ৰধানমন্ত্ৰী মোদী
'ৰাজাজী উৎসৱ' (২৩ ফেব্ৰুৱাৰী) উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ কেন্দ্ৰীয় চোতালত চি ৰাজগোপালাচাৰী জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব: প্ৰধানমন্ত্ৰী মোদী
আজিকালি পেঞ্চন, ৰাজসাহায্য, বীমা, ইউপিআই, সকলো বেংক একাউণ্টৰ লগত লিংক হৈ আছে: প্ৰধানমন্ত্ৰী মোদী
অ'টিপি, আধাৰ নম্বৰ, বা বেংক একাউণ্টৰ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সময়ে সময়ে আপোনাৰ পাছৱৰ্ড সলনি কৰি থাকিব: প্ৰধানমন্ত্ৰী মোদী
মই এইটো দেখি আনন্দিত হৈছো যে আমাৰ কৃষকসকলে এতিয়া কেৱল উৎপাদনত নহয়, গুণগত মান, মূল্য সংযোজন, আৰু নতুন বজাৰৰ ওপৰতো গুৰুত্ব দিছে: প্ৰধানমন্ত্ৰী মোদী
মহা কুম্ভই হওক বা কেৰেলা কুম্ভ, এইসমূহ কেৱল স্নান কৰাৰ উৎসৱ নহয়। এইসমূহ স্মৃতিৰ জাগৰণ কৰাৰ উৎসৱ: প্ৰধানমন্ত্ৰী মোদী
উত্তৰৰ পৰা দক্ষিণলৈ নদীবোৰ বেলেগ হ’ব পাৰে, পাৰ বেলেগ হ’ব পাৰে, কিন্তু বিশ্বাসৰ ধাৰা একেই-এইয়া ভাৰত: প্ৰধানমন্ত্ৰী মোদী
আম্মা জয়াললিতাৰ উল্লেখে তামিলনাডুবাসীৰ মুখত এক জিলিকনি কঢ়িয়াই আনে। তেওঁৰ সৈতে আমাৰ ‘নাৰী শক্তিৰ’ সম্পৰ্ক আৰু অধিক বিশেষ হৈ পৰিছে: প্ৰধানমন্ত্ৰী মোদী

মোৰ মৰমৰ দেশবাসী, নমস্কাৰ।

"মন কি বাত"লৈ আপোনালোকক স্বাগতম আৰু অভিনন্দন জনাইছোঁ। "মন কি বাত" দেশৰ লগতে নাগৰিকসকলৰ কৃতিত্বক উজ্জ্বল কৰি তোলাৰ এখন শক্তিশালী মঞ্চ। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত গ্ল’বেল এ আই ইমপেক্ট ছামিটৰ সময়ত দেশখনে এনেধৰণৰ কৃতিত্বৰ সাক্ষী হৈ ৰ’ল৷ বহু দেশৰ নেতা, উদ্যোগৰ নেতা, উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ খণ্ডৰ সৈতে জড়িত লোকসকলে ভাৰত মণ্ডপমত এআই ইমপেক্ট ছামিটৰ বাবে সমৱেত হৈছিল। ভৱিষ্যতে বিশ্বই এআইৰ শক্তিক কেনেদৰে ব্যৱহাৰ কৰিব তাৰ বাবে এই শীৰ্ষ সন্মিলনখন এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ল।

বন্ধুসকল,

শীৰ্ষ সন্মিলনত বিশ্বৰ নেতা আৰু প্ৰযুক্তি খণ্ডৰ চিইঅ’সকলকো লগ পোৱাৰ সুযোগ পাইছিলোঁ। এ আই সন্মিলনৰ প্ৰদৰ্শনীত মই বিশ্বৰ নেতাসকলক অসংখ্য বস্তু দেখুৱালোঁ। বিশেষকৈ দুটা কথা উল্লেখ কৰিব বিচাৰিছো। শীৰ্ষ সন্মিলনত এই দুটা সামগ্ৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলক বহুপৰিমাণে আপ্লুত কৰিছিল। প্ৰথমটো আছিল আমূলৰ বুথ। ইয়াত বুজাই দিয়া হৈছিল যে এআইয়ে আমাক জীৱ-জন্তুৰ চিকিৎসাত কেনেদৰে সহায় কৰিছে আৰু ২৪x৭ সময় এআই সুবিধাৰ সহায়ত কৃষকসকলে কেনেকৈ তেওঁলোকৰ দুগ্ধ আৰু জীৱ-জন্তুৰ খবৰ ৰাখিব পাৰে।

বন্ধুসকল,

দ্বিতীয়টো সামগ্ৰী আমাৰ সংস্কৃতিৰ সৈতে জড়িত আছিল। আমি কেনেকৈ এআইৰ সহায়ত আমাৰ প্ৰাচীন গ্ৰন্থ, আমাৰ প্ৰাচীন জ্ঞান, আমাৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ কৰি ৰাখিছো আৰু আজিৰ প্ৰজন্মৰ লগত সেইবোৰক খাপ খুৱাই লৈছো, সেই কথা দেখি বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকল আচৰিত হৈছিল।

বন্ধুসকল,

প্ৰদৰ্শনীৰ সময়ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল সুশ্ৰুত সংহিতা। প্ৰথম পদক্ষেপত দেখুওৱা হৈছিল যে আমি কেনেকৈ প্ৰযুক্তিৰ সহায়ত পাণ্ডুলিপিৰ ছবিৰ মান উন্নত কৰি পঢ়িব পৰা কৰি তুলিছো। দ্বিতীয় পদক্ষেপত এই ছবিখন মেচিনেৰে পঢ়িব পৰা লেখালৈ ৰূপান্তৰ কৰা হৈছিল। পৰৱৰ্তী পদক্ষেপত মেচিনত পঢ়িব পৰা লেখাটো এআই অৱতাৰে পঢ়িছিল। তদুপৰি, পৰৱৰ্তী পদক্ষেপত আমি প্ৰযুক্তিৰ সহায়ত এই অমূল্য ভাৰতীয় জ্ঞানক কেনেকৈ ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰিব পাৰি, সেই কথাও প্ৰদৰ্শন কৰিলোঁ। আধুনিক অৱতাৰৰ জৰিয়তে ভাৰতৰ প্ৰাচীন জ্ঞানৰ বিষয়ে জানিবলৈ বিশ্বৰ নেতাসকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল।

বন্ধুসকল,

এই সন্মিলনত বিশ্বই এআইৰ ক্ষেত্ৰত ভাৰতৰ আচৰিত সামৰ্থ্যৰ সাক্ষী হৈছিল। এই সময়ছোৱাত ভাৰতে তিনিটা মেড ইন ইণ্ডিয়া এ আই আৰ্হিও মুকলি কৰে। এইখন আছিল এতিয়ালৈকে অনুষ্ঠিত আটাইতকৈ ডাঙৰ এ আই শীৰ্ষ সন্মিলন। এই সন্মিলন বাবে যুৱক-যুৱতীসকলৰ উৎসাহ আৰু উত্তেজনা স্পষ্ট হৈ পৰিছিল। এই সন্মিলনৰ সফলতাৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছো।

বন্ধুসকল,

মই প্ৰায়ে কওঁ, ‘যিজনে খেলে, তেওঁ উজলি উঠে’। ক্ৰীড়ায়ো আমাক একত্ৰিত কৰে। আপোনালোকে আজিকালি নিশ্চয় টি-২০ বিশ্বকাপৰ খেলবোৰ চাই আছে। আৰু মই  নিশ্চিত যে মেচখন চাই থাকোঁতে বহুবাৰ আপোনাৰ দৃষ্টি নিশ্চয় কোনো বিশেষ খেলুৱৈৰ ওপৰত নিবদ্ধ হৈ পৰে। জাৰ্চিটো আন কোনোবা দেশৰ, কিন্তু নামটো শুনিলেই অনুভৱ হয় যে খেলুৱৈজন আমাৰ দেশৰ। তাৰ পিছত হৃদয়ৰ কোনোবা এটা কোণত সামান্য হলেও আনন্দৰ সৃষ্টি হয়... যিহেতু সেই খেলুৱৈজন ভাৰতীয় মূলৰ আৰু তেওঁ নিজৰ পৰিয়ালে বসতি স্থাপন কৰা দেশখনৰ হৈ খেলি আছে। তেওঁলোকে নিজ নিজ দেশৰ জাৰ্চি পিন্ধি খেলপথাৰত ভৰি দিয়ে আৰু সেই দেশখনক সম্পূৰ্ণ হৃদয়েৰে প্ৰতিনিধিত্ব কৰে। কানাডাৰ দলটোত ভাৰতীয় মূলৰ খেলুৱৈৰ সংখ্যা সৰ্বাধিক। দলৰ অধিনায়ক দিলপ্ৰীত বাজৱাৰ জন্ম হৈছিল পঞ্জাৱৰ গুৰদাসপুৰত। নৱনীত ধলিৱালৰ ঘৰ চণ্ডীগড়ৰ। এই তালিকাত হৰ্ষ ঠাকাৰ আৰু শ্ৰেয়াছ মোৱাৰ দৰে বহু নাম অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে কেৱল কানাডাৰেই নহয়, ভাৰতৰো গৌৰৱ বৃদ্ধি কৰিছে। আমেৰিকাৰ দলটোত ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ পৰা ওলাই অহা বহু খেলুৱৈ আছে। আমেৰিকাৰ দলৰ অধিনায়ক মনাংক পেটেলে গুজৰাটৰ ১৬ বছৰ অনুৰ্ধ আৰু ১৮ বছৰ অনুৰ্ধ দলৰ হৈও খেলিছে। মুম্বাইৰ সৌৰভ, দিল্লীৰ পৰা হৰমিত সিং আৰু মিলিন্দ কুমাৰ আটাইকেইজনেই আমেৰিকান দলৰ গৌৰৱ। ওমান দলত আজি বহু খেলুৱৈ আছে যিয়ে পূৰ্বে ভাৰতৰ বিভিন্ন ৰাজ্যৰ হৈ খেলিছে। যতীন্দৰ সিং, বিনায়ক শুক্লা, কৰণ, জয় আৰু আশীষৰ দৰে খেলুৱৈ ওমান ক্ৰিকেটক বান্ধি ৰখা শক্তিশালী স্তম্ভ। ভাৰতীয় মূলৰ খেলুৱৈসকলেও নিউজিলেণ্ড, ইউ এ ই আৰু ইটালীৰ দলত নিজৰ স্থান নিশ্চিত কৰিছে। ভাৰতীয় মূলৰ এনে অগণন খেলুৱৈ আছে যিয়ে নিজৰ নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে... তাত থকা যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হৈ পৰিছে। এয়াই ভাৰতীয়ত্বৰ পৰিচয়। ভাৰতীয়সকল য’তেই যায়, মাতৃভূমিৰ শিপাৰ লগত সংযুক্ত হৈ থাকে আৰু তেওঁলোকে বাস কৰা দেশখনৰ, কৰ্মভূমিৰ উন্নয়নত অৰিহণা যোগায়।

মোৰ প্ৰিয় দেশবাসী,

নিজৰ সন্তানক হেৰুৱাতকৈ ডাঙৰ দুখ কোনো পিতৃ-মাতৃৰ বাবে নাই। অতি সৰু ল’ৰা এটাক হেৰুৱাৰ বেদনা আৰু গভীৰ। মাত্ৰ কেইদিনমানৰ আগতে আমি হেৰুৱাইছিলো কেৰালাৰ এগৰাকী সৰু নিৰীহ ছোৱালী- আলিন শ্বেৰিন আব্ৰাহামক। মাত্ৰ ১০ মাহ বয়সতে তেওঁ এই পৃথিৱী এৰি থৈ গৈছিল। কল্পনা কৰক— তেওঁৰ সন্মুখত এটা গোটেই জীৱন আছিল, যিটো হঠাতে শেষ হৈ গ’ল। ইমানবোৰ সপোন আৰু আনন্দ পূৰণ নোহোৱাকৈয়ে থাকি গ’ল। তেওঁৰ মাক-দেউতাকে নিশ্চয় যি যন্ত্ৰণা ভোগ কৰি আছে সেয়া শব্দৰে প্ৰকাশৰ বাহিৰত। কিন্তু এনে গভীৰ যন্ত্ৰণাৰ মাজতো আলিনৰ পিতৃ অৰুণ আব্ৰাহাম আৰু মাতৃ শ্বেৰিনে এনে এটা সিদ্ধান্ত লৈছিল যিয়ে প্ৰতিজন নাগৰিকৰ হৃদয়ক সন্মানেৰে ভৰাই তুলিছে। তেওঁলোকে আলিনৰ অংগ দান কৰাৰ সিদ্ধান্ত লৈছিল। এই একক সিদ্ধান্তই তেওঁলোকৰ চিন্তাৰ বিস্তৃতি আৰু তেওঁলোকৰ ব্যক্তিত্বৰ পৰিসৰ উন্মোচন কৰে। এফালে ছোৱালীজনীক হেৰুৱাই শোক প্ৰকাশ কৰাৰ বিপৰীতে আনফালে আনক সহায় কৰাৰ মনোভাবেও ভৰি পৰিছিল। তেওঁলোকে বিচাৰিছিল যে কোনো পৰিয়ালে যাতে এনে দুৰ্ভাগ্যৰ সন্মুখীন নহয়। আলিন শ্বেৰিন আব্ৰাহাম এতিয়া আমাৰ লগত নাই যদিও তেওঁৰ নাম দেশৰ আটাইতকৈ কম বয়সীয়া অংগদাতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। বন্ধুসকল, ভাৰতত আজিকালি অংগদানৰ বিষয়ে সজাগতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা আৰ্তজনক সহায় কৰা হৈছে। ইয়াৰ উপৰি ই দেশত চিকিৎসা গৱেষণাক শক্তিশালী কৰি তুলিছে। বহু সংগঠন আৰু ব্যক্তিয়ে এই দিশত অসাধাৰণ কাম কৰি আছে।

বন্ধুসকল,

কেৰালাৰ আলিনৰ দৰে অংগদানৰ জৰিয়তে কাৰোবাক দ্বিতীয় জীৱন দিয়া বহু লোক আছে। উদাহৰণস্বৰূপে- দিল্লীৰ লক্ষ্মী দেৱী, যোৱা বছৰ তেওঁ কেদাৰনাথলৈ যাত্ৰা কৰিছিল। তাৰ বাবে তেওঁ ১৪ কিলোমিটাৰ ট্ৰেকিং কৰিবলগীয়া হৈছিল। আপুনি জানি আচৰিত হ’ব যে তেওঁ হাওঁফাওঁ সংৰোপণৰ পিছত এই যাত্ৰা কৰিছিল। তেওঁৰ হৃদযন্ত্ৰই মাত্ৰ ১৫ শতাংশহে কাম কৰি আছিল। তাৰ মাজতে তেওঁ লাভ কৰিলে এজন মৃত দাতাৰ হৃদয়। ইয়াৰ পিছত তাইৰ জীৱনটো সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ল। পশ্চিম বংগৰ গৌৰাং বেনাৰ্জীয়ে দুবাৰকৈ নাথুলালৈ গৈছে। এয়া সমুদ্ৰপৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতাত অৱস্থিত। আৰু বিশেষ দিশটো হ’ল তেওঁ হাওঁফাওঁ সংৰোপণৰ পিছত এই কৃতিত্ব অৰ্জন কৰিছিল। ৰাজস্থানৰ ছিকাৰৰ ৰামদেৱ সিঙৰ বৃক্ক সংৰোপণ কৰিবলগীয়া হৈছিল। আজি তেওঁ ক্ৰীড়াত পাৰদৰ্শিতা দেখুৱাইছে।

বন্ধুসকল,

এনে বহুতো প্ৰেৰণাদায়ক উদাহৰণ আপুনি পাব। ইয়াৰ দ্বাৰা আকৌ এবাৰ প্ৰমাণিত হয় যে এটা উদাৰ পদক্ষেপে অগণন মানুহৰ জীৱন সলনি কৰিব পাৰে। এনে উদাৰ কাম হাতত লোৱা সকলোকে মই আন্তৰিকতাৰে প্ৰশংসা কৰিছো।

মোৰ প্ৰিয় দেশবাসী,

আজাদী কা অমৃত মহোৎসৱৰ সময়ত লালকিল্লাৰ পৰা ‘পঞ্চ-প্ৰাণ’ৰ কথা কৈছিলো। তাৰ ভিতৰত এটা হ’ল দাসত্বৰ মানসিকতাৰ পৰা মুক্তি। আজি দেশে দাসত্বৰ প্ৰতীক এৰি ভাৰতীয় সংস্কৃতিৰ লগত জড়িত প্ৰতীকক মূল্য দিবলৈ আৰম্ভ কৰিছে। আমাৰ ৰাষ্ট্ৰপতি ভৱনেও এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ​​অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ কেন্দ্ৰীয় প্ৰাংগণত চি ৰাজাগোপালাচাৰীজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ জেনেৰেল। ক্ষমতাক পদ হিচাপে নহয় সেৱা হিচাপে চোৱাসকলৰ ভিতৰত তেওঁ আছিল। ৰাজহুৱা জীৱনত তেওঁৰ আচৰণ, আত্মসংযম, স্বাধীন চিন্তাধাৰাই আজিও আমাক অনুপ্ৰাণিত কৰে। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছতো ব্ৰিটিছ প্ৰশাসকৰ প্ৰতিমূৰ্তি ৰাষ্ট্ৰপতি ভৱনত থাকিবলৈ দিয়া হৈছিল যদিও ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ পুত্ৰসকলৰ মূৰ্তিবোৰক স্থান দিয়াৰ পৰা বঞ্চিত কৰা হৈছিল। ব্ৰিটিছ স্থপতিবিদ এডউইন লুটিয়েন্সৰ প্ৰতিমূৰ্তিও ৰাষ্ট্ৰপতি ভৱনত থিয় হৈ আছিল। এতিয়া এই প্ৰতিমূৰ্তিৰ ঠাইত ৰাজাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। ৰাজাজী উৎসৱৰ সময়ত ৰাজাগোপালাচাৰীজীৰ ওপৰত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব। এই প্ৰদৰ্শনী ২৪ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈকে চলিব। সম্ভৱ হ’লে এই প্ৰদৰ্শনী এবাৰ চাবলৈ অনুৰোধ জনালো।

মোৰ প্ৰিয় দেশবাসী,

'মন কি বাত'ত আপোনালোকৰ লগত মই ডিজিটেল এৰেষ্টৰ বিষয়ে দীঘলীয়াকৈ কথা পাতিছিলো। ইয়াৰ পিছত আমাৰ সমাজত ডিজিটেল এৰেষ্ট আৰু ডিজিটেল জালিয়াতিৰ সন্দৰ্ভত বহু সজাগতা সৃষ্টি হ’ল যদিও এতিয়াও আমাৰ আশে-পাশে এনে ঘটনা ঘটি আছে, যিবোৰ ক্ষমা কৰিব নোৱাৰা। ডিজিটেল এৰেষ্ট আৰু বিত্তীয় প্ৰৱঞ্চনাৰ জৰিয়তে নিৰীহ লোকক লক্ষ্য কৰি লোৱা হৈছে। বহু সময়ত আমি গম পাওঁ যে এজন জ্যেষ্ঠ নাগৰিকক নিজৰ আজীৱন উপাৰ্জন প্ৰতাৰণা কৰি লুটি নিয়া হৈছে। কেতিয়াবা কোনোবাই সন্তান্তৰ মাচুল দিবৰ বাবে জমা কৰা ধন প্ৰতাৰণা কৰা হয়। ব্যৱসায়ীসকলৰ লগত প্ৰৱঞ্চনাৰ খবৰৰো আমি সন্মুখীন হওঁ। কোনোবাই ফোন কৰি কয়, "মই এজন ডাঙৰ বিষয়া। আপুনি কিছুমান সবিশেষ শ্বেয়াৰ কৰিব লাগিব।" ইয়াৰ পিছত নিৰীহ মানুহে ঠিক তেনেকুৱাই কৰে। সেয়ে সতৰ্ক আৰু সাৱধান হৈ থকাটো অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আপোনালোক সকলোৱে কে ৱাই চি– Know Your Customer প্ৰক্ৰিয়াৰ সৈতে পৰিচিত হ’ব লাগিব। কেতিয়াবা যেতিয়া আপোনাৰ বেংকৰ পৰা কে ৱাই চি আপডেট বা পুনৰ কে ৱাই চি কৰিবলৈ কোৱা মেছেজ আহে, তেতিয়া আপোনাৰ মনত প্ৰশ্নৰ উদয় হয়– মই ইতিমধ্যে কে ৱাই চি কৰিছো, তেন্তে এইটো কিয় আহিছে?  মই আপোনালোকক আহ্বান জনাইছো যে আপুনি চিন্তা নকৰিব; এইটো কেৱল আপোনাৰ ধনৰ সুৰক্ষাৰ বাবে। আমি সকলোৱে জানো যে আজিকালি পেঞ্চন, ৰাজসাহায্য, বীমা, ইউ পি আই, সকলো বেংক একাউণ্টৰ লগত জড়িত হৈ আছে। এই কাৰণেই বেংকসমূহে সময়ে সময়ে পুনৰ কে ৱাই চি কৰে, যাতে আপোনাৰ বেংক একাউণ্ট সুৰক্ষিত হৈ থাকে। হয়, ইয়াতো এটা কথা মনত ৰাখিব লাগিব যে অপৰাধীয়ে ভুৱা ফোন কৰে, এছএমএছ আৰু লিংক প্ৰেৰণ কৰে। গতিকে আমি সজাগ হৈ থাকিব লাগিব আৰু এনে প্ৰৱঞ্চকৰ বলি হ’ব নালাগিব। কে ৱাই চি বা পুনৰ কে ৱাই চি কেৱল আপোনাৰ বেংক শাখা, অফিচিয়েল এপ আৰু অনুমোদিত মাধ্যমৰ জৰিয়তেহে কৰিব লাগে। অ'টিপি, আধাৰ নম্বৰ, বা বেংক একাউণ্টৰ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল মাজে মাজে আপোনাৰ পাছৱৰ্ড সলনি কৰি থাকিব। যেনেকৈ প্ৰতিটো ঋতুৰ লগে লগে খাদ্য আৰু কাপোৰ সলনি হয়, তেনেকৈয়ে কেইদিনমানৰ মূৰে মূৰে পাছৱৰ্ড সলনি কৰাটো নিয়ম কৰি লওক।

বন্ধুসকল,

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এইবোৰ বিষয়ক লৈ বিত্তীয় সাক্ষৰতা সপ্তাহৰ আয়োজন কৰিছিল। এই বিত্তীয় সাক্ষৰতা অভিযান এতিয়া গোটেই বছৰটো চলি থাকিব। গতিকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বাৰ্তালৈ গুৰুত্ব দিয়ক আৰু আপোনাৰ কে ৱাই চি আপডেট কৰি ৰাখক।

মনত ৰাখিব :

শুদ্ধ কে ৱাই চি, সময়মতে পুনৰ কে ৱাই চি দাখিলে আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখে।

এজন ক্ষমতাশালী নাগৰিক হওক,

কাৰণ ক্ষমতাশালী নাগৰিকেহে সবল আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলে।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ কৃষকসকল কেৱল খাদ্য যোগানকাৰী নহয়, তেওঁলোক পৃথিৱীৰ প্ৰকৃত তত্ত্বাৱধায়ক। মাটিক সোণলৈ পৰিণত কৰাটো কি সেয়া আমাৰ কৃষকৰ পৰা শিকিব লাগে। আৰু আমাৰ কৃষকসকলে আজি পৰম্পৰা আৰু প্ৰযুক্তি দুয়োটাৰে মিশ্ৰণ ঘটাইছে, আৰু মই এইটো দেখি আনন্দিত হৈছো যে আমাৰ কৃষকসকলে এতিয়া কেৱল উৎপাদনতে নহয়, গুণগত মান, মূল্য সংযোজন, আৰু নতুন বজাৰৰ ওপৰতো গুৰুত্ব দিছে। ওড়িশাৰ হিৰোদ পেটেল নামৰ এজন যুৱ কৃষকৰ কাহিনী সঁচাকৈয়ে প্ৰেৰণাদায়ক। প্ৰায় আঠ বছৰ আগলৈকে তেওঁ পিতৃ শিৱশংকৰ পেটেলৰ সৈতে পৰম্পৰাগত পদ্ধতিৰে ধানৰ খেতি কৰিছিল যদিও তাৰ পিছত, তেওঁ খেতিৰ প্ৰতি নতুন দৃষ্টিভংগীৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ ফাৰ্মৰ পুখুৰীটোৰ ওপৰত এটা মজবুত জালৰ বিন্যাস সাজিছিল। তাৰ ওপৰত লতাজাতীয় শাক-পাচলিৰ খেতি কৰিছিল, পুখুৰীৰ আশে-পাশে কল, মধুৰিআম, নাৰিকল ৰোপণ কৰিছিল, লগতে পুখুৰীত মাছপালনো আৰম্ভ কৰিছিল। অৰ্থাৎ পৰম্পৰাগত খেতি, শাক-পাচলি, ফল-মূল, মাছ সকলো একে ঠাইতে উতপাদন কৰা হৈছে। ইয়াৰ ফলত ভূমিৰ ব্যৱহাৰ উন্নত হৈছে, পানীৰ সঞ্চয় হৈছে আৰু অতিৰিক্ত আয় হৈছে। আজি দূৰ-দূৰণিৰ পৰা কৃষকসকলে তেওঁৰ এই আৰ্হি চাবলৈ ওচৰলৈ আহে।

বন্ধুসকল,

কেৰেলাৰ ত্ৰিশূৰ জিলাত এখন গাঁও আছে য’ত একেখন পথাৰতে ৫৭০ জাতৰ ধানৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত স্থানীয় জাত, বনৌষধি জাত, আনকি আন ৰাজ্যৰ পৰা আমদানি কৰা জাতো অন্তৰ্ভুক্ত। এইটো কেৱল খেতি নহয়, বীজৰ ঐতিহ্য সংৰক্ষণৰ এক বৃহৎ অভিযান। আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল পৰিসংখ্যাতো প্ৰতিফলিত হৈছে। আজি ভাৰত বিশ্বৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী দেশত পৰিণত হৈছে। ১৫ কোটি টনতকৈ অধিক চাউল উৎপাদন কৰাটো কোনো সৰু কৃতিত্ব নহয়। আমি নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিছো আৰু গোলকীয় খাদ্য ভাণ্ডাৰলৈ অৰিহণা যোগাইছো। বন্ধুসকল, কৃষিজাত সামগ্ৰী এতিয়া বিমানযোগে বিদেশলৈ অধিক সহজে উপস্থিত হয়। কৰ্ণাটকৰ পৰা নানজাংগুড কল, মহীশূৰৰ পান, ইণ্ডি নেমু মালদ্বীপলৈ ৰপ্তানি কৰা হৈছে। এই সামগ্ৰীসমূহৰ সোৱাদ আৰু গুণগত মানৰ বাবে জনাজাত আৰু আনকি জি আই টেগো লাভ কৰিছে। আজিৰ কৃষকে গুণগত মান বিচাৰে, পৰিমাণো বৃদ্ধি কৰে আৰু নিজৰ নাম উজলাই তুলিছে।

মোৰ প্ৰিয় দেশবাসী,

যোৱা বছৰৰ এই সময়খিনিৰ আশে-পাশে মহাকুম্ভৰ আচৰিত ছবিবোৰ আপোনালোকৰ নিশ্চয় মনত আছে। সংগমৰ পাৰত ঢৌৱাই থকা মানুহৰ সাগৰ, বিশ্বাসৰ অপৰিসীম প্ৰবাহ আৰু সেই পবিত্ৰ স্নানৰ মুহূৰ্তত এনে লাগিছিল যেন ভাৰত নিজৰ ‘সনাতন চেতনা’ৰ সন্মুখীন হৈছে। বন্ধুসকল, মহাকুম্ভৰ একেই ধাৰা, একেই মাঘ মাহ, একেটা ভক্তিকণ্ঠই উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰাৰ লগে লগে ই নতুন পৰিচয় ধাৰণ কৰে।

বন্ধুসকল,

কেৰালাৰ ভূমিত, ভৰতাপপুঝা নদীৰ পাৰৰ তিৰুনাভয়াত শতিকা পুৰণি এক পৰম্পৰা আছে– মামংগম। বহুতে ইয়াক মহা মাঘ উৎসৱ বা কেৰালা কুম্ভ বুলিও কয়। মাঘ মাহত পৱিত্ৰ নদীত স্নান কৰি সেই মুহূৰ্তক জীৱনৰ অমলিন স্মৃতি কৰি তোলাটোৱেই হৈছে ইয়াৰ আত্মা। সময়ৰ লগে লগে এই পৰম্পৰা যেন ম্লান পৰিল। প্ৰায় দুশ পঞ্চাশ বছৰ ধৰি এই অনুষ্ঠানটো আগৰ দৰে উদযাপন কৰা হোৱা নাছিল। কিন্তু আজি নিজৰ ঐতিহ্যক পুনৰ স্বীকৃতি দি থকা আমাৰ দেশখনত ইতিহাসে আন এটা দিশ লৈছে৷ এইবাৰ কোনো ডাঙৰ ঘোষণা নকৰাকৈয়ে কেৰালা কুম্ভ সফলতাৰে অনুষ্ঠিত হ’ল। মানুহে ইজনে সিজনৰ লগত এই বিষয়ে যোগাযোগ কৰিলে, খবৰটো বিয়পি পৰিল, আৰু প্ৰতিদিনে তিৰুণাভয়ালৈ ভক্ত আহিবলৈ ধৰিলে।

বন্ধুসকল,

মহাকুম্ভ হওক বা কেৰালা কুম্ভ, ই কেৱল স্নানৰ উৎসৱ নহয়। ই স্মৃতিৰ এক জাগৰণ। সংস্কৃতিৰ পুনৰুদ্ধাৰ। উত্তৰৰ পৰা দক্ষিণলৈ নদীবোৰ বেলেগ হ’ব পাৰে, পাৰ বেলেগ হ’ব পাৰে, কিন্তু বিশ্বাসৰ ধাৰাটো একেই— এয়াই ভাৰত।

বন্ধুসকল,

আমাৰ দেশত যিসকলে সমাজৰ কল্যাণৰ বাবে কাম কৰিছে, যিসকলে নিজৰ উদাৰ কামত জনসাধাৰণক অগ্ৰাধিকাৰ দিছে, তেওঁলোক সদায় ৰাইজৰ হৃদয়ত থাকে। আম্মা জয়াললিতাজী আছিল তেনে এগৰাকী জনপ্ৰিয় নেত্ৰী। ২৪ ফেব্ৰুৱাৰীত তেওঁৰ জন্মবাৰ্ষিকী উপলক্ষে তামিলনাডুৰ জনসাধাৰণৰ তেওঁৰ প্ৰতি যি গভীৰ মৰম আছিল, সেয়া ৰাজ্যখন ভ্ৰমণৰ সময়ত আজিও মই অনুভৱ কৰোঁ।

আম্মা জয়াললিতাৰ উল্লেখে তামিলনাডুবাসীৰ মুখলৈ এক জিলিকনি কঢ়িয়াই আনে। তেওঁৰ লগত আমাৰ ‘নাৰী শক্তিৰ’ সম্পৰ্ক আৰু বিশেষ হৈ পৰিছে। ইয়াৰ কাৰণো হ’ল, চৰকাৰী অৱস্থাত তেওঁ মাতৃ, ভগ্নী, কন্যাৰ কল্যাণৰ বাবে বহু প্ৰশংসনীয় প্ৰচেষ্টা চলাইছিল। ৰাজ্যত আইন-শৃংখলা বজাই ৰখাৰ বাবেও তেওঁ সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰে। দেশপ্ৰেমৰ মনোভাৱ তাইৰ ভিতৰত গভীৰভাৱে নিহিত হৈ আছিল। ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক লৈও তেওঁ গভীৰ গৌৰৱ অনুভৱ কৰিছিল। আম্মা জয়াললিতাৰ সৈতে প্ৰতিটো সাক্ষাৎ আৰু প্ৰতিটো কথা-বতৰা এতিয়াও মোৰ মনত সতেজ হৈ আছে। গুজৰাটত ২০০২ আৰু ২০১২ চনত মোৰ দুটা শপত গ্ৰহণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। যেতিয়া আমি দুয়ো নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলো, তেতিয়া আমি প্ৰায়ে সুশাসনৰ দৰে বিষয় আলোচনা কৰিছিলো। তাইৰ চিন্তাধাৰা স্ফটিক স্বৰূপ আৰু চিন্তাবোৰ দূৰদৰ্শী আছিল। এইটো তেওঁৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল। বহু বছৰৰ আগতে পংগলৰ শুভাৰম্ভ উপলক্ষে তেওঁ মোক চেন্নাইলৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰিছিল। সেই মৰমৰ আহ্বান মোৰ বাবে অবিস্মৰণীয় হৈ থাকিব। আকৌ এবাৰ তেওঁৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি।

জয়ললিতা অভাৰগলাক্কু,

য়েন নিনাইভাজনলি-গাল,

সমুদযতীর্ক্কু,

আভাৰ আত্ৰিয়া সেৱৈ য়েন্দ্ৰুম নিনাইভিল ইৰুক্কুম |

(অসমীয়া অনুবাদ: জয়ললিতালৈ মোৰ শ্ৰদ্ধাঞ্জলি,

ৰাইজৰ প্ৰতি তেওঁৰ সেৱা সদায় স্মৰণীয় হৈ থাকিব!!!)

মোৰ প্ৰিয় দেশবাসী,

মই এতিয়া আমাৰ মৰমৰ, আশাদীপ্ত শিশু-কিশোৰসকল, যিসকলে বৰ্তমান পৰীক্ষা দি আছে, তেওঁলোকক সম্বোধন কৰিম। আশা কৰো তোমালোকে এই মাহৰ আৰম্ভণিতে "পৰীক্ষা পে চৰ্চা" শুনি চাগে তাৰ পৰা কিবা এটা শিকিছা। অৱশ্যে মই এতিয়াও সুধিব বিচাৰিছোঁ : তোমালোকে পঢ়া-শুনাৰ বাবে বেছি মানসিক চাপ লৈছা নেকি?

মোৰ মৰমৰ শিশুসকল,

তোমালোক পৰীক্ষাৰ যোদ্ধা। তোমালোক সকলোৱে সম্পূৰ্ণ আন্তৰিকতাৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছা। হয়, এনে সময়ত কিছু সন্দেহ হোৱাটো স্বাভাৱিক। কেতিয়াবা সন্দেহ হয় সময়ত সকলো কথা মনত পৰিব নে? কেতিয়াবা ভাবিলে সময় শেষ হৈ যাব নেকি! প্ৰতিটো প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে এই অনুভৱবোৰ অনুভৱ কৰিছে; তুমি অকলশৰীয়া নহয়। মনত ৰাখিবা, তোমাৰ মূল্য তোমাৰ মাৰ্কশ্বীটৰ দ্বাৰা নিৰ্ধাৰিত নহয়। গতিকে, নিজৰ ওপৰত বিশ্বাস কৰা। তুমি যি অধ্যয়ন কৰিছা সেয়াই অন্তৰেৰে লিখা। আৰু বুজি নোপোৱা এটা প্ৰশ্নক তোমাৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিবা। আৰু এটা কথা, মা-দেউতাক আৰু শিক্ষকৰ লগত কথা পাতি থাকিবা। তেওঁলোকে তোমাক তোমাৰ পৰিচয়ৰ দ্বাৰা নহয়, তোমাৰ প্ৰচেষ্টাৰ দ্বাৰা বিচাৰ কৰে; তোমাৰ কঠোৰ পৰিশ্ৰমত তেওঁলোক সুখী। মোৰ বিশ্বাস যে তুমি পৰীক্ষাত সফল হ’বা আৰু জীৱনত সফলতাৰ নতুন উচ্চতা লাভ কৰিবা।

বন্ধুসকল,

বৰ্তমান ৰমজান মাহ চলি আছে। এই পবিত্ৰ মাহটোৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ। কিছুদিনৰ পাছত হোলীও আহি আছে। অৰ্থাৎ ৰং, গুলাল, হাঁহিৰে ভৰা এটা সময়ে দুৱাৰত টোকৰ মাৰিবলৈ ওলাইছে। আপোনালোক সকলোৱে নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে সকলো উৎসৱ আনন্দৰে উদযাপন কৰক। আৰু সদায় কিছুমান মন্ত্ৰ মনত ৰাখিব, যেনে- লোকেল বৰ ভোকেল। আমাৰ হোলী উদযাপনত, বা আন যিকোনো উৎসৱত বহুতো বিদেশী সামগ্ৰী প্ৰৱেশ কৰিছে। সেইবোৰ উৎসৱৰ পৰা, আনকি হোলীৰ পৰাও আঁতৰাই ৰাখক আৰু স্বদেশীক আঁকোৱালি লওক। স্বদেশী সামগ্ৰী ক্ৰয়ে দেশখনক স্বাৱলম্বী কৰি তোলাৰ অভিযানতো অৰিহণা যোগায়।

বন্ধুসকল,

প্ৰতিমাহে আপোনালোকৰ পৰা ‘মন কি বাত’ৰ বাবে অসংখ্য পৰামৰ্শ লাভ কৰো। আপোনালোকৰ বাৰ্তাই আমাক দেশৰ চুক-কোণত লুকাই থকা আচৰিত প্ৰতিভাৰ বিষয়ে জনাত সহায় কৰে। ব্যক্তিগত স্বাৰ্থৰ ওপৰত উঠি সমাজ সেৱা কৰাৰ বহুতো প্ৰেৰণাদায়ক কাহিনী আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশৰ মানুহৰ মাজলৈ গৈছে। আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আপোনালোকৰ বাৰ্তাবোৰলৈ মই আগ্ৰহী। আকৌ এবাৰ আপোনালোকৰ লগতে আপোনাৰ পৰিয়াললৈ আগন্তুক উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাক অশেষ ধন্যবাদ। নমস্কাৰ।

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New Smart Drug RK-251 Developed as Replacement for Chemotherapy

Media Coverage

New Smart Drug RK-251 Developed as Replacement for Chemotherapy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The world is seeing India as a bright spot of growth and hope: PM Modi at Economic Times World Leaders Forum 2026
August 21, 2026
The world sees India as a bright spot for growth and hope: PM
Today, India is implementing next-generation reforms at the policy level and undertaking reforms at governance level: PM
Increasing production was met with punishment earlier but today, our government is providing incentives for boosting production
India has political stability and continuity in its policies: PM
Earlier, the approach of regulations was, 'prohibited unless permitted’; We are changing this approach and taking it towards 'permitted unless prohibited’: PM
The relationship between the government and citizens should be based on trust, not suspicion: PM
Today, we are shaping policies that are pro-people, pro-growth and pro-development: PM

World Leaders Forum का ये प्रतिष्ठित मंच, Business और Industry की दुनिया के सभी जाने माने दिग्गज, पॉलिसी मेकर्स, अन्य महानुभाव, देवियों और सज्जनों।

आप सबके बीच आकर के खुश होना बहुत स्वाभाविक भी है। इस साल समिट का फोकस Shared Future पर है। पिछले कुछ वर्षों में दुनिया ने अनेक उतार-चढ़ाव देखे हैं। और इन अनुभवों ने एक बात बहुत स्पष्ट कर दी है, कोई चाहे या ना चाहे, हर देश का भविष्य, उसका फ्यूचर, एक-दूसरे से जुड़ा हुआ ही है, Isolation में कुछ संभव नहीं है। इसीलिए Shared Futures की ये theme, आज और भी अधिक प्रासंगिक हो गई है। और भारत तो हमेशा से इसी भावना को लेकर चला है। जी-20 की अध्यक्षता में इसलिए ही भारत का मंत्र रहा, One Earth, One Family, One Future. Shared Future की ये भावना और इसके साथ जुड़ा दायित्वबोध, 21वीं सदी के इस विश्व की अनेक समस्याओं का समाधान देता है।

साथियों,

आज दुनिया में growth को लेकर के कई तरह की चिंताएं हैं। दुनिया ने बड़ा भयंकर एक रूप देखा है इन दिनों। Resources का वेपनाइजेशन हो रहा है। अविश्वास का वातावरण विश्व के लिए अनेक नई चुनौतियां लेकर के आ रहा है। लेकिन ऐसे समय में भी, दुनिया भारत को growth और hope के bright spot के रूप में देख रही है। भारत ने पिछले 10-12 साल में अपनी 25 करोड़ आबादी को गरीबी से बाहर निकाला है। इतना ही नहीं, अगर आने वाले दिनों की चर्चा करें, तो IMF का forecast है कि भारत दुनिया की fastest growing major economy बना रहेगा। और भारत निरंतर वो कदम उठा रहा है, जो उसके विकास को गति दे रहे हैं।

Friends,

अभी पिछले हफ्ते ही, 15 अगस्त को मैंने लाल किले से सप्त-धारा की सप्त-शक्तियों की बात की है। मैन्यूफैक्चरिंग, टेक्नोलॉजी और इनोवेशन, फूड प्रोसेसिंग, ग्रीन और ब्लू इकोनॉमी समेत, मैंने ऐसे सात सेक्टर्स की बात की है, जिन पर भारत का आज बहुत ज्यादा फोकस है। और इसलिए भारत आज, Policy level पर, नेक्स्ट जनरेशन reforms कर रहा है, ताकि हमारा future सुरक्षित हो। Governance पर reforms कर रहा है, Ease of Living के लिए reforms कर रहा है। पिछली बार जब मैं इसी मंच के माध्यम से आपसे जुड़ा था, तब भी मैंने कहा था, ये Reforms हमारे लिए Compulsion नहीं है। ये हमारा commitment है, ये हमारा conviction है।

साथियों,

2014 में, जब हमारी सरकार बनी, तो उसके बाद से ही रिफॉर्म्स ने कैसे देश की दिशा और दशा बदली है, मैं इसका एक बहुत दिलचस्प उदाहरण आपको देना चाहता हूं। यहां मौजूद शायद ही किसी को PLP के बारे में पता होगा, कोई है, जिसको PLP के बारे में पता है? अपना हाथ उठाएं। यहां इतने मीडिया के दिग्गज बैठे हैं, PLP आपको पता है? और आप सुनकर के हैरान हो जाएंगे। PLP यानी प्रोडक्शन लिंक्ड पनिशमेंट, इसके बारे में किसी को पता नहीं है। और एक दूसरा टर्म आपने जरूर सुना है PLI, ये ज्यादातर लोगों को पता होगा। PLI- यानी प्रोडक्शन लिंक्ड इंसेंटिव।

साथियों,

ये दोनों टर्म, भारत के दो अलग-अलग Time Period को डिफाइन करते हैं। आजकल Explainer का जमाना है, तो मैं आपको Explain करता हूं।

साथियों,

आज की युवा पीढ़ी को ये सुनकर हैरानी होगी, कि हमारे देश में एक समय ऐसा भी था, कि अगर कोई कंपनी तय लिमिट से ज्यादा प्रॉडक्शन कर दे, तो उसे पनिशमेंट दिया जाता था। ये पहले की लाइसेंस राज वाली सरकारों का, PLP यानी प्रोडक्शन लिंक्ड पनिशमेंट मॉडल था। ऐसे भी उदाहरण रहे हैं कि अगर किसी फैक्ट्री ने ज्यादा डिमांड देखते हुए ज्यादा प्रॉडक्शन कर दिया, तो उसे नोटिस भेज दिया जाता था। मजबूरी में वो कंपनी अपना प्रॉडक्ट मार्केट में बेचने के बजाय, उसे खुद ही नष्ट कर देती थी।

साथियों,

आज जो लोग Make In India और आत्मनिर्भर भारत अभियान का मजाक उड़ाते हैं, उनके पुरखों की सोच यही थी, PLP यानी प्रोडक्शन लिंक्ड पनिशमेंट। ऐसा करने के पीछे एक विशेष तरह की विकृत मानसिकता काम करती थी। ऐसी मानसिकता वाले लोग हमेशा चाहते थे कि जरूरी चीजों की किल्लत बनी रहे। देश के नागरिकों को अभाव में रखना उनकी पॉलिसी थी। वो चाहते थे कि जनता उनके सामने हाथ जोड़े, हाथ फैलाए, आप समझ गए मैं किन लोगों की बात कर रहा हूं। लोगों से हाथ जुड़वाने के बाद उपकार करना, उन सरकारों का तरीका था, इसलिए वो प्रोडक्शन लिंक्ड पनिशमेंट मॉडल पर चलते थे। आप कल्पना कर सकते हैं, ऐसे करके उन लोगों ने Employment Generation के बेसिक principal का गला घोंट दिया था। और हैरानी ये, इन लोगों के दरबारियों ने again I repeat, इन लोगों के दरबारियों ने, कभी इसके खिलाफ कोई आवाज नहीं उठाई।

साथियों,

हर reform की शुरुआत सबसे पहले, आपके सोचने के तरीके, आपके मानसिक, किस रेंज में आप काम कर रहे हैं, इस सोच के reform से ही होती है। जहां पहले production बढ़ाने पर पनिशमेंट मिलता था, वहीं आज हमारी सरकार production बढ़ाने पर incentive दे रही है। और आज PLI स्कीम की सक्सेस दुनिया देख रही है। सिर्फ इस एक योजना की वजह से, मैं सारी योजनाओं की बात नहीं करता हूं, एक की बात करता हूं, करीब ढाई लाख करोड़ रुपए का actual investment हुआ है। 22 लाख करोड़ रुपए से ज्यादा का production और sales हुई है। 15 लाख करोड़ रुपए से ज्यादा का exports हुआ है, और 14 लाख से ज्यादा direct और indirect jobs बनी हैं। और मैं फिर याद दिलाउंगा, ये आंकड़े सिर्फ एक स्कीम के हैं। आप सोचिए, पहले का लाइसेंस राज वाली सरकार का पनिशमेंट मॉडल जहां बेरोजगारी बढ़ाता था, वहीं आज का हमारा incentive मॉडल लाखों नई जॉब्स क्रिएट कर रहा है।

साथियों,

आज भारत में ये तेज विकास, ये तेज रिफॉर्म इसलिए हो रहे हैं, क्योंकि भारत में और जिसका अभी सत्य ने उल्लेख किया, political stability है, हमारी policy में continuity है। पहले देश में रिफॉर्म्स की बात करने वाले घोषणा तो कर देते थे, बाद में भूल जाते थे। लेकिन हमने रिफॉर्म्स को लेकर एक क्लियर रोडमैप बनाया। इस रोडमैप की प्रमुख दिशा रही है- गवर्नेंस लेवेल के रिफॉर्म्स हों! इसके लिए, आज 21वीं सदी के भारत में, हम सिर्फ regulations नहीं बदल रहे हैं, हम regulation की पूरी philosophy बदल रहे हैं। पहले regulations की अप्रोच थी- “Prohibited unless permitted.” यानी जब तक सरकार इजाजत ना दे, तब तक आप वो काम नहीं कर सकते। हम इस approach को बदलकर, “Permitted unless prohibited” की तरफ ले जा रहे हैं। यानी, जो काम कानून ने स्पष्ट रूप से मना नहीं किया है, उसके लिए हर कदम पर permission की कोई जरूरत नहीं होनी चाहिए। और इसके पीछे सोच बहुत सीधी है, सरकार और नागरिक के रिश्ते का आधार, Suspicion नहीं, trust होना चाहिए।

साथियों,

यही सोच आपको Jan Vishwas बिल में भी दिखाई देती है। मैं मानता हूं, हर procedural गलती को criminal offence मान लेना ठीक नहीं है। इसीलिए अनेक offences को decriminalise किया गया है। कई मामलों में जेल की जगह केवल आर्थिक penalty का प्रावधान किया गया है। Government और enterprise के रिश्ते में, हम इसी reform mindset को आगे बढ़ा रहे हैं। बीते वर्षों में 40 हजार से ज्यादा compliances हटाए गए हैं, 40 thousand. डेढ़ हजार से ज्यादा, 15 hundred, डेढ़ हजार से ज्यादा, पुराने और बेकार हो चुके कानून हमने खत्म किए, और जब इन सारे reforms को एक साथ देखते हैं, तो अंदाजा होता है, हमारी industries और businesses के कंधों से कितना बड़ा बोझ कम हुआ है।

साथियों,

गवर्नेंस रिफॉर्म्स की इस प्रक्रिया, उस पर हम निरंतर काम कर रहे है। अभी संसद के मॉनसून सत्र में हमने ‘बैंकर्स बुक एविडेंस बिल’ पारित किया है। और वो भी तब जब विपक्ष ने संसद में लगातार गतिरोध बनाया हुआ था। हमने देश की सेवा करने का काम रूकने नहीं दिया। अब इस कानून ने 19वीं सदी के अंग्रेजी कानून को रिप्लेस किया है। अब बैंकों के डिजिटल रिकॉर्ड्स की स्वीकार्यता को कानूनी मान्यता दी गई है। इससे कानूनी उलझनें कम होंगी, सिस्टम में पारदर्शिता होगी, Ease of Doing Business बढ़ेगा।

साथियों,

गवर्नेंस में रिफॉर्म का एक मतलब ये भी है कि सिस्टम ऐसे बनें, जिसमें एक-एक मानव जीवन और उसके समय के प्रति संवेदनशीलता हो। मैं रेलवे का उदाहरण देता हूं। हमारी रेलवेज में भी इसी अप्रोच के साथ काम हुआ है। आज साढ़े 6 हजार से ज्यादा रेलवे स्टेशनों पर इलेक्ट्रॉनिक इंटरलॉकिंग की व्यवस्था है। 10 हजार से ज्यादा लेवल क्रॉसिंग गेट्स को भी इंटरलॉकिंग से जोड़ा जा चुका है। इससे ह्यूमन एरर से होने वाले हादसों की आशंका बहुत कम हुई है।

साथियों,

जब 2014 में हमारी सरकार आई, तो करीब 9 हजार फाटक ऐसे थे जो Un-Manned थे। इन्हें हटाना कोई रॉकेट साइंस नहीं था। Un-Manned क्रॉसिंग्स की वजह से हजारों लोगों को अपनी जान गंवानी पड़ी, लेकिन पहले की सरकारों को इससे बहुत फर्क नहीं पड़ता था। हमने मिशन मोड में, गत दस वर्ष में, इन Un-Manned क्रॉसिंग्स को समाप्त कर दिया। हमने रोड ओवर ब्रिज और रोड अंडर ब्रिज बनाने की गति भी कई गुना बढ़ा दी। और इसी का नतीजा है कि 2014 के पहले के मुकाबले ट्रेन दुर्घटनाओं की संख्या में Ninety Percent तक की कमी आई है, 90, Ninety Percent. 12 साल पहले जहां एक साल में करीब डेढ़ सौ रेल दुर्घटनाएं होती थीं, वहीं अब इनकी संख्या घटकर 15-20 रह गई है। और हम इसे और कम से कम करने का प्रयास लगातार कर रहे हैं।

साथियों,

Railways में स्वच्छता भी गवर्नेंस रिफॉर्म का एक बड़ा उदाहरण है। एक समय था, जब रेल पटरियों पर गंदगी और human waste एक बड़ी समस्या हुआ करती थी। आज स्थिति पूरी तरह बदल गई है। 2014 से पहले हमारी ट्रेनों में जहां लगभग 12 हजार बायो-टॉयलेट्स लगाए गए थे, वहीं 2014 के बाद ट्रेनों में 3 लाख 60 हजार से ज्यादा बायो-टॉयलेट्स लगाए गए हैं। यानी, 97 प्रतिशत से ज्यादा बायो-टॉयलेट्स पिछले 12 वर्षों में लगे हैं। ये बदलाव सिर्फ सफाई का नहीं, यात्रियों की गरिमा, स्वच्छता और आधुनिक भारत के निर्माण की दिशा में गवर्नेंस का एक नया मॉडल है। ये करोड़ों यात्रियों को बेहतर अनुभव देने का अभियान भी है।

साथियों,

गवर्नेंस की क्वालिटी का एक और पैमाना, और वो पैमाना है - समय। जो प्रोजेक्ट शुरू हो, वो समय पर पूरा हो। और जो सर्विस लोगों को मिले, वो भी समय की कसौटी पर खरी उतरे। दिल्ली-मेरठ नमो भारत रैपिड रेल सिस्टम इसका बहुत अच्छा उदाहरण है। इस कॉरिडोर पर 160 किलोमीटर प्रति घंटे की रफ्तार से ट्रेनें चल रही हैं। ये हमारे देश में पहले कभी सोचा नहीं जा सकता था। अब तक 4 करोड़ से ज्यादा यात्री इसमें ट्रैवल कर चुके हैं। और इसका एक और अहम फैक्टर है, जिसकी चर्चा नहीं होती है। दिल्ली मेरठ नमो भारत रैपिड रेल की पंक्चुअलिटी 99.9 परसेंट है। वरना हम तो हर चीज में कहते हैं, लेट हो तो कहते थे, ये तो इंडियन टाइम है। वक्त बदला है, ये मैं छोटी-छोटी चीजें इसलिए बताता हूं, कि हमें अंदाज आए कि कितने बड़े व्यापक स्तर पर काम हो रहा है। इसी तरह, Delhi Metro की पंक्चुअलिटी। Delhi Metro की पंक्चुअलिटी 99.9 परसेंट है। और ये punctuality, New York, Hong Kong और Paris जैसे शहरों की Metro से करीब-करीब बराबर हो चुकी है। ये सिर्फ समय पर चलती हुई Metro और नमो रेपिड रेल की कहानी नहीं है, ये समय के साथ बदलते हुए भारत की पहचान है। मैं जानता हूं कि अभी भी, और र्मैं कोई इतने से संतोष मानकर बैठने वाला व्यक्ति नहीं हूं, अभी भी इस दिशा में हमें बहुत कुछ करना है, बहुत कुछ बाकी है, लेकिन हम लगातार कर रहे हैं। लेकिन एक शुरूआत तो हुई है और ये शुरुआत सराहनीय है।

साथियों,

हमारे रिफॉर्म्स रोडमैप का एक और बड़ा आयाम है- पॉलिसी लेवल पर होने वाले रिफॉर्म्स! आज हम ऐसी policies बना रहे हैं, जो pro-people हों, Pro-growth हों, pro development हों! पॉलिसीज़ देश और देश के लोगों की जरूरत के हिसाब से होनी चाहिए न कि पॉलिसीज़ बनाकर देश को उनके हिसाब से चलने को मजबूर होना पड़े! मैं आपको एक और Interesting उदाहरण देना चाहता हूं। कुछ साल पहले तक हमारे यहाँ देश का नक्शा बनाना भी गैर-कानूनी था, मैप बनाए तो गैर कानूनी था, आप जेल चले जाएंगे। बिना परमिशन के आप देश में मैपिंग का काम भी नहीं कर सकते थे। आप सोचिए, विदेशी सैटेलाइट टेक्नोलॉजी के जरिए भारत के किसी भी कोने को मैप कर सकती थी, लेकिन भारत में भारतीयों पर भारत का मैप बनाने पर पाबंदी लगी हुई थी।

साथियों,

आज टेक्नोलॉजी के इस दौर में, इस एक पाबंदी से कितने स्टार्टअप्स की हत्या हो सकती थी! कितने ideas implement होने से वंचित रह सकते थे! हमने इस व्यवस्था को भी बदला। हमने Geospatial डेटा का Deregulation किया और आज Geospatial डेटा कितने ही स्टार्टअप्स का आधार बन रहा है।

साथियों,

आज आप लगातार ड्रोन्स की उपयोगिता बढ़ते हुए देख रहे हैं। एग्रीकल्चर में, डिफेंस में, डिलिवरी में, शूटिंग में, कंटेंट क्रिएशन में, ये सब संभव ही नहीं होता, अगर सरकार ने इससे जुड़े नियमों में Reform नहीं किए होते। पहले देश में ड्रोन फ्लाइंग पूरी तरह नियमों में, बंधनों में जकड़ी हुई थी। हमने उसे बंधनों से आजाद किया, और आज भारत की ड्रोन इंडस्ट्री, एक अभूतपूर्व उड़ान के साथ आगे बढ़ रही है।

साथियों,

पहले border areas को लेकर सरकारों की सोच थी कि बॉर्डर पर roads और infrastructure बढ़ेगा, तो उसका फायदा दुश्मन भी उठा सकता है। हमने इस सोच को बदला। हमने कहा, Border infrastructure कमजोरी नहीं, देश की ताकत है। और इसीलिए आज border areas में roads, bridges और tunnels का network तेजी से बढ़ रहा है। सिर्फ 2024 और 2025 में ही, BRO के 250 infrastructure projects देश को समर्पित किए गए हैं। सोच बदली, तो border infrastructure की तस्वीर भी बदल गई।

साथियों,

एक उदाहरण न्यूक्लियर रिफॉर्म्स का भी है। एक ऐसे समय में, जब विकास पूरी तरह से energy dependent है, बंदिशों और प्रतिबंधों के कारण, देश अपने न्यूक्लियर potential का इस्तेमाल नहीं कर पा रहा था। हमने शांति बिल के जरिए इसमें भी बड़ा रिफॉर्म किया है। आज भारत में न्यूक्लियर एनर्जी में प्राइवेट सेक्टर के लिए रास्ता खुल चुका है। इसी तरह, हमने एक बड़ा पॉलिसी रिफॉर्म डिफेंस सेक्टर में भी किया। 200 साल के पहले जो व्यवस्था चली आ रही थी, उसे बदलकर हमने 40 से ज्यादा ordnance फैक्ट्रीज़ को मर्ज करके 7 फैक्ट्रीज़ बना दी। और उसका परिणाम हमें देखने को मिल रहा है। आज भारत अपनी रक्षा जरूरतों के लिए भी आत्मनिर्भर बन रहा है, और 2014 की तुलना में, हमारा डिफेंस एक्सपोर्ट 55 गुना बढ़ा है। और इसलिए, कई बार रिफॉर्म्स हमारे जीवन में इस तरह घुल-मिल जाते हैं कि हमारा उनकी तरफ ध्यान ही नहीं जाता। आप सोचिए, आपका कोई सामान्य दिन आज कैसे बीतता है। आप सुबह उठते हैं, फोन पर घर का सामान ऑर्डर कर देते हैं, और जब तक ऑफिस के लिए रेडी होते हैं, वो सारा सामान आपके घर आकर के पहुंच जाता है। आपकी गली के स्ट्रीट वेंडर से लेकर, आपकी गाड़ी के शो रूम तक, आपकी सारी पेमेंट्स, सिर्फ एक क्यूआर कोड स्कैन करके हो जाती है। अगर आपकी बेटी, किसी दूसरे शहर में पढ़ती है, तो आप फोन से उसे पैसे भेज सकते हैं, और वो पैसा, कुछ सेकंड्स में उसके पास भी पहुंच जाता है। कई बार तो बिटिया क्यूआर ही शेयर कर देती है कि ‘पापा-मां मैंने ये ड्रेस ले ली है, इसकी पेमेंट कर दीजिए, और आप उसकी शॉपिंग अपने घर बैठे-बैठे करवा देते हैं। ये चीजें Remarkable हैं, लेकिन अब ये कोई भारत के लोगों को कम से कम हैरानी नहीं होती, बाहर के लोग आते हैं, उनको आश्चर्य होता है, अच्छा ऐसे होता है। भारत के लोगों का रूटीन हो गया है। ये भारत के सामान्य मानवी के जीवन का हिस्सा बन चुका है। आप सोचिए, 2014 से पहले ऐसी कितनी ही बातें क्या पॉसिबल थीं?

साथियों,

भारत ने बीते 10-12 सालों में Ease of Living से जुड़े जो रिफॉर्म्स किए हैं, उसकी वजह से लोगों का, खासतौर पर हमारे मिडिल क्लास का जो जीवन बदला है, वो दुनिया के कई विकसित देशों में आज भी एक सपना ही है।

साथियों,

आज दुनिया का सबसे सस्ता डेटा भारत में है, हम सस्ते और अच्छे स्मार्टफोन्स बना रहे हैं। अभी सत्या ने उसका वर्णन किया। भारत दुनिया के fastest 5G rollouts करने वाले देशों में से एक है। हमने आधार को बैंकिंग, मोबाइल कनेक्टिविटी और सर्विसेज से जोड़कर, ई-के.वाई.सी और Digital Authentication जैसी सर्विसेज को पॉसिबल किया है। आज आपको अगर बैंक अकाउंट खोलना है, तो उसके लिए बैंक जाने तक की जरूरत नहीं है। सरकार ने बैंक को ही, आपके पास पहुंचा दिया है। आज चाहे कोई बिल जमा करना हो, कोई टिकट करानी हो, किसी सरकारी दफ्तर में जाने की जरूरत नहीं पड़ती, ये सारा काम ऑनलाइन हो जाता है। इनकम टैक्स की फाइलिंग का काम आसान हुआ है। ऐसी व्यवस्था बनी है कि फॉर्म में मैक्सिमम जानकारियां पहले से भरी होती हैं। आप ये इन्फॉर्मेशन वेरिफाई करते हैं, कुछ जोड़ना है तो जोड़ देते हैं, और सबमिट करते हैं, आपका काम पूरा हो जाता है। पहले जो रिफंड आने में महीनों लगते थे, अब वो भी कुछ ही दिनों में आ जाता है।

साथियों,

आज ई-संजीवनी की मदद से, शायद इसकी चर्चा अभी बहुत कम होती है, ई-संजीवनी की मदद से, गांव के दूर दराज के लोग भी, कहीं से भी डॉक्टर्स के साथ सीधी अपनी चर्चा करके अपने उपचार का रास्ता लेते हैं। और इससे जिन लोगों को अस्पताल जाने के लिए कई किलोमीटर का सफर करना पड़ता था, आज डॉक्टर उनके घर पर, उनकी स्क्रीन पर उपलब्ध है। अब तक ये आंकड़ा भी आपको जरूर आश्चर्य करेगा। यानी भारत ने टेक्नोलॉजी को किस प्रकार से अडाप्ट किया है, सामान्य मानवीय के जीवन को कैसे सरल किया है। अब तक ईं-संजीवनी के तहत करीब-करीब 50 करोड़ टेली-कंसल्टेशंस हो चुकी हैं।

साथियों,

आज भारत में Travel Experience बदल रहा है, भारत के नागरिकों की यात्राएं पूरी तरह बदल गई हैं। यहां इस हॉल में ऐसा व्यक्ति खोजना मुश्किल होगा, जिसने एयरपोर्ट पर डिजी यात्रा का इस्तेमाल ना किया हो। ऐसे ही आजकल बहुत सारा काम Seamless तरीके से हो रहा है। हाइवे पर फास्ट टैग चल रहे हैं, ताकि आप बिना रुके टोल देकर आगे बढ़ सकें। Ease of Living का सही अर्थ यही है। समय की बचत हो रही है, जीवन आसान हो रहा है, और करोड़ों लोग अपनी प्रगति पर फोकस कर पा रहे हैं।

साथियों,

Politics में अक्सर वही फैसले headlines बनते हैं, जिनका असर आज दिखाई दे, यानी उसकी उमर 24 घंटे हो। पहले की सरकारों ने इलेक्शन सामने देख कर भी घोषणाएं करने का फॉर्मूला अपनाया। लेकिन ऐसी घोषणाओं से देश नहीं बदला। देश बदलने वाले फैसले वो होते हैं, जिनका प्रभाव जमीन पर दिखे, जो वर्तमान और भविष्य, दोनों को ध्यान में रखकर के लिए गए होने चाहिए।

साथियों,

पीएम कुसुम योजना और पीएम सूर्यघर मुफ्त बिजली योजना इसका बहुत बड़ा यूनीक Example है। कुसुम योजना से किसानों को बिजली की चिंता से मुक्ति मिली है। और सूर्यघर योजना से मिडिल क्लास को बहुत फायदा हुआ है।

साथियों,

मैं ये जानता हूं कि अगर मैंने ये अनाउंस कर दिया होता कि आज से लाखों-लाख परिवारों के लिए बिजली मुफ्त है, तो सारा मीडिया, सारी स्क्रीन्स, सारे न्यूजपेपर्स, बड़ी-बड़ी हेडलाइन बनाकर के खबर दे देते कि मोदी जी ने आज अनाउंस कर दिया है। लेकिन हमने कुछ दूसरे अप्रोच से काम शुरू किया। हमने हर घर की छत पर एक सूरज उगाने की ठान ली, और आज देश के 50 लाख से ज्यादा परिवार, पीएम सूर्यघर मुफ्त बिजली योजना से जुड़े हैं। सरकार ने 22 हजार करोड़ रुपए से ज्यादा इन परिवारों को दिए हैं, ये सोलर सिस्टम लगाने के लिए, ताकि उनकी छत पर सोलर प्लांट लगाकर सोलर पावर पैदा की जा सके। अब ये परिवार, एक्स्ट्रा बिजली को, बिजली ग्रिड में बेचकर, पैसे भी कमा रहे हैं। खुद का बिल तो जीरो हुआ, कमाई भी होने लगी। इस योजना से लोगों के सपनों को भी विस्तार मिल रहा है। बिजली बिल कम हुआ है, तो अब घर में फ्रिज, कूलर, वाशिंग मशीन, टीवी जैसी चीजें लोग खरीदकर रखने लगे हैं। अब ये डर नहीं होता कि बिजली कटौती की वजह से दूध फट जाएगा, अब चिंता नहीं रहती है। अब स्कूल जाने वाले बच्चे रातभर चैन से सो पाते हैं। मैं फिर कहता हूं- इलेक्शन हो या ना हो, लेकिन ये सूर्यघर और उसकी रोशनी बनी रहेगी, इस प्लांट का फायदा, सालों तक देश के परिवारों को होता रहेगा।

साथियों,

आने वाले समय में Ease of Living और Ease of Doing Business का और विस्तार होगा। देश के Youth के लिए, नारीशक्ति के लिए, Farmers के लिए, गरीब और Middle Class के लिए, हमारी सरकार लगातार काम करती रहेगी, हमारी Reform Express और अधिक गति से आगे बढ़ने वाली है। विकसित भारत का लक्ष्य पूरा करने के लिए, हम पूरी प्रतिबद्धता के साथ काम करते रहेंगे। और मैं, मेरे लिए भारत का future अगर सुनिश्चित हो गया ना, तो दुनिया के future में भी स्थिरता लाने का बहुत बड़ा काम इसी धरती से होने वाला है। इस आत्मविश्वास के साथ भारत जितना स्टेबल होगा, भारत का future जितना सुरक्षित होगा, विश्व को सुरक्षत्व का एहसास देने की ताकत यहीं से पैदा होने वाली है। इस सामर्थ्य के साथ, इसी संकल्प के साथ, मैं एक बार फिर, आज के इस कार्यक्रम में मुझे आमंत्रित करने के लिए, Economic Times की पूरी टीम का हृदय से बहुत-बहुत धन्यवाद करता हूं। वन्दे मातरम् !