Women’s role in space science is rising, the sector is a favourite among youth: PM
Spend a day experiencing life as a scientist: PM Modi
India is rapidly making its mark is Artificial Intelligence: PM Modi
This Women’s Day, I am launching a unique initiative dedicated to our Nari Shakti: PM Modi
India is moving rapidly towards becoming a global sporting powerhouse: PM Modi
Cut down oil usage by 10%, this can have a big impact in fight against obesity: PM Modi
Gratitude to our tribal communities, who actively participate in wildlife conservation: PM Modi
Approach your exams with a positive spirit and without any stress: PM to students

মোৰ প্ৰিয় দেশবাসী,

নমস্কাৰ।

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

কেইদিনমান আগলৈকে কোনে ভাবিছিল যে এই ক্ষেত্ৰত ষ্টাৰ্ট-আপ আৰু ব্যক্তিগত মহাকাশ কোম্পানীৰ সংখ্যা এশৰো অধিক হ’ব! জীৱনত কিবা এটা ৰোমাঞ্চকৰ কাম কৰিব বিচৰা আমাৰ যুৱক-যুৱতীসকলৰ বাবে মহাকাশ ক্ষেত্ৰখন এক উৎকৃষ্ট সূযোগত পৰিণত পৰিছে।

বন্ধুসকল,

অহা কেইদিনমানৰ পাছতে আমি 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উদযাপন কৰিম। আমাৰ ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ বিজ্ঞানৰ প্ৰতি থকা আগ্ৰহ আৰু আবেগ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে মোৰ এটা ধাৰণা আছে, যাক আপোনালোকে ‘One Day as a Scientist’ বুলি ক’ব পাৰে। অৰ্থাৎ বিজ্ঞানী হিচাপে এদিন কটাবলৈ চেষ্টা কৰা উচিত। আপোনাৰ সুবিধা আৰু পছন্দ অনুসৰি যিকোনো দিন বাছি ল’ব পাৰে। সেইদিনা আপোনালোক কোনো গৱেষণাগাৰ, তাৰকাগৃহ বা মহাকাশ কেন্দ্ৰলৈ যাব লাগিব। ইয়াৰ ফলত বিজ্ঞানৰ প্ৰতি আপোনাৰ কৌতুহল বৃদ্ধি পাব। মহাকাশ আৰু বিজ্ঞানৰ দৰে আন এটা ক্ষেত্ৰ আছে য’ত ভাৰতে দ্ৰুতগতিত এক শক্তিশালী দাঙি ধৰিবলৈ সক্ষম হৈছে-এই ক্ষেত্ৰখন হৈছে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। শেহতীয়াকৈ মই এখন ডাঙৰ এআই সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে পেৰিছলৈ গৈছিলো। সন্মিলনখনত বিশ্বই এই খণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰিছে। আমাৰ দেশৰ মানুহে আজি কেনেদৰে এআই ব্যৱহাৰ কৰিছে তাৰ উদাহৰণো আমি দেখিবলৈ পাইছো। উদাহৰণস্বৰূপে, তেলেংগানাৰ আদিলাবাদৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক থোদাছাম কৈলাশ জীৰ কথাই ধৰক। ডিজিটেল সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহে আমাৰ বহু জনজাতীয় ভাষা ৰক্ষাৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰি আছে। এআই সঁজুলিৰ সহায়ত কোলামি ভাষাত গীত ৰচনা কৰি তেওঁ আচৰিত কাম কৰিছে। তেওঁ এআই ব্যৱহাৰ কৰি কোলামিৰ বাহিৰেও বহু ভাষাত গীত ৰচনা কৰি আছে। তেওঁৰ ট্ৰেকবোৰ আমাৰ জনজাতীয় ভাই-ভনীসকলে ছ’চিয়েল মিডিয়াত বহুত লাইক কৰিছে। মহাকাশ খণ্ডই হওক বা এআই, আমাৰ যুৱক-যুৱতীসকলৰ নিতৌ বৃদ্ধি পোৱা অংশগ্ৰহণে এক নতুন বিপ্লৱৰ জন্ম দিছে। নতুন প্ৰযুক্তি গ্ৰহণ আৰু চেষ্টা কৰাৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণৰ কোনো তুলনা নাই।

মোৰ প্ৰিয় দেশবাসী,

অহা ৮ মাৰ্চৰ দিনটো ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’। আমাৰ নাৰী শক্তিক প্ৰণাম জনোৱাৰ এক বিশেষ উপলক্ষ। দেৱী মহাত্ম্যই কয় –

विद्या: समस्ता: तव देवि भेदा:

स्त्रीय: समस्ता: सकला जगत्सु।

অৰ্থাৎ সকলো জ্ঞানেই দেৱীৰ বিভিন্ন ৰূপৰ প্ৰকাশ আৰু জগতৰ সকলো নাৰী শক্তিত সেয়া প্ৰতিফলিত হয়। আমাৰ সংস্কৃতিত কন্যাৰ সন্মান সৰ্বোচ্চ। আমাৰ স্বাধীনতা সংগ্ৰাম আৰু সংবিধান নিৰ্মাণত দেশৰ মাতৃশক্তিয়েও ডাঙৰ ভূমিকা পালন কৰিছে। সংবিধান সভাত আমাৰ জাতীয় পতাকা প্ৰদৰ্শন কৰাৰ সময়ত হংস মেহতা জীয়ে কোৱা কথাখিনি মই আপোনালোক সকলোকে তেওঁৰ কণ্ঠত শ্বেয়াৰ কৰিছো।

#Audio

এই ঐতিহাসিক আগষ্ট সদনত উৰা প্ৰথম পতাকাখন ভাৰতৰ মহিলাসকলৰ উপযুক্ত উপহাৰ। আমি এই গেৰুৱা ৰং পৰিধান কৰিছো, আমি যুঁজিছো, যন্ত্ৰণা সহ্য কৰিছো, আমাৰ দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰিছো। আজি আমি আমাৰ লক্ষ্যত উপনীত হ'লোঁ। দেশৰ স্বাধীনতাৰ এই প্ৰতীকটো ওপৰলৈ তুলি লৈ মই পুনৰবাৰ দেশৰ কাম-কাজৰ বাবে নিজকে উৎসৰ্গা কৰিলোঁ। আমি এখন মহান ভাৰত গঢ়াৰ শপত লৈছো। যিখন দেশ সকলো দেশৰ ভিতৰত শ্ৰেষ্ঠ হ’ব। আমি লাভ কৰা স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ বৃহত্তৰ কামৰ বাবে কাম কৰাৰ বাবে নিজকে প্ৰতিশ্ৰুতি দিছো।

বন্ধুসকল,

হংস মেহতা জীয়ে আমাৰ জাতীয় পতাকাখন সৃষ্টিৰ পৰা আৰম্ভ কৰি ইয়াৰ বাবে তেওঁলোকে কৰা ত্যাগলৈকে সমগ্ৰ দেশৰ মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰিছিল। তেওঁৰ মতে এই আৱেগ আমাৰ ত্ৰিৰংগাৰ গেৰুৱা ৰঙতো প্ৰতিফলিত হয়। তেওঁ আস্থা প্ৰকাশ কৰিছিল যে আমাৰ নাৰী শক্তিয়ে ভাৰতক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলাত ইয়াৰ মূল্যৱান অৱদান আগবঢ়াব–আজি তেওঁৰ কথা সত্য বুলি প্ৰমাণিত হৈছে। যিকোনো ক্ষেত্ৰলৈ চালে দেখা যাব যে নাৰীৰ অৱদান কিমান বিস্তৃত।

বন্ধুসকল, এইবাৰ নাৰী দিৱসত মই এটা উদ্যোগ ল'বলৈ ওলাইছো যিটো আমাৰ নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত হ'ব। এই বিশেষ অনুষ্ঠানত মই মোৰ এক্স, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া একাউণ্টসমূহ দেশৰ একাংশ প্ৰেৰণাদায়ক মহিলাৰ হাতত এদিনৰ বাবে গতাই দিম। সেইসকল বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা, নতুনত্বৰ সৃষ্টি কৰা আৰু বিভিন্ন ক্ষেত্ৰত নিজৰ অনন্য পৰিচয় সৃষ্টি কৰা এনে নাৰী। অহা ৮ মাৰ্চত দেশবাসীৰ সৈতে তেওঁলোকে তেওঁলোকৰ কৰ্ম আৰু অভিজ্ঞতা শ্বেয়াৰ কৰিব। মঞ্চখন মোৰ হ’ব পাৰে, কিন্তু অভিজ্ঞতা, প্ৰত্যাহ্বান আৰু কৃতিত্ব ইত্যাদি সকলো তেওঁলোকৰ হ’ব। যদি আপুনি এই সুযোগ পাব বিচাৰে, তেন্তে NamoAppত সৃষ্টি কৰা বিশেষ মঞ্চৰ জৰিয়তে এই পৰীক্ষাৰ অংশ হওক আৰু মোৰ এক্স আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীলৈ আপোনাৰ বাৰ্তা প্ৰেৰণ কৰক। গতিকে, এইবাৰ নাৰী দিৱসত আহক আমি সকলোৱে অদম্য নাৰী শক্তিক উদযাপন, সন্মান আৰু প্ৰণাম জনাওঁ।

মোৰ প্ৰিয় দেশবাসী,

উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ ৰোমাঞ্চ আপোনালোকৰ বহুতেই উপভোগ কৰিলে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১১,০০০ৰো অধিক খেলুৱৈয়ে ইয়াত এক সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে। এই অনুষ্ঠানত দেৱভূমিৰ এক নতুন স্বৰূপ দেখা গ’ল। উত্তৰাখণ্ড এতিয়া দেশৰ এক শক্তিশালী ক্ৰীড়া শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ খেলুৱৈসকলেও ভাল প্ৰদৰ্শন কৰে। এইবাৰ উত্তৰাখণ্ডই পদকৰ তালিকাত সপ্তম স্থান দখল কৰিছে-এয়াই হৈছে ক্ৰীড়াৰ শক্তি, যিয়ে ব্যক্তি আৰু সম্প্ৰদায়ৰ লগতে সমগ্ৰ ৰাজ্যখনকো সজীৱ কৰি তুলিছে। ইয়াৰ দ্বাৰা উঠি অহা প্ৰজন্ম অনুপ্ৰাণিত হোৱাই নহয়, উৎকৃষ্ট প্ৰদৰ্শনৰ সংস্কৃতিও গঢ়ি তুলিছে।

বন্ধুসকল, আজি সমগ্ৰ দেশতে এই খেলসমূহৰ কিছু অবিস্মৰণীয় প্ৰদৰ্শন সম্পৰ্কে আলোচনা চলিছে। আমাৰ বহু খেলুৱৈ খেলো ইণ্ডিয়া অভিযানৰ বাবে অৱদান আগবঢ়াইছে। হিমাচল প্ৰদেশৰ ছাৱান বাৰৱাল, কিৰণ মাত্ৰে, মহাৰাষ্ট্ৰৰ পৰা তেজস শিৰছে বা অন্ধ্ৰপ্ৰদেশৰ জ্যোতি ইয়াৰাজী, প্ৰত্যেকেই দেশক আশাৰ নতুন কিৰণ দেখুৱাইছে। উত্তৰপ্ৰদেশৰ জেভেলিন থ্ৰ’ৱাৰ শচীন যাদৱ, হাৰিয়ানাৰ হাইজাম্পাৰ পূজা আৰু কৰ্ণাটকৰ সাঁতোৰবিদ ধীন্ধী সিন্ধুৱে দেশবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে তিনিটা ৰাজ্যিক অভিলেখ গঢ়ি সকলোকে আচৰিত কৰি তুলিলে। এইবাৰৰ ৰাজ্যিক খেলত কিশোৰ-কিশোৰী চেম্পিয়ন, তেওঁলোকৰ সংখ্যা, এইবোৰ সঁচাকৈয়ে আচৰিত! ১৫ বছৰীয়া শ্বুটাৰ গেবিন এণ্টনি, উত্তৰপ্ৰদেশৰ ১৬ বছৰীয়া হামাৰ থ্ৰ’ৱাৰ অনুষ্কা যাদৱ, মধ্যপ্ৰদেশৰ ১৯ বছৰীয়া প’ল ভল্টৰ দেৱ কুমাৰ মীনাই প্ৰমাণ কৰিছে যে ভাৰতৰ ক্ৰীড়া ভৱিষ্যত এক উচ্চ প্ৰতিভাশালী প্ৰজন্মৰ হাতত। উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াতো দেখা গ’ল যে যিসকলে কেতিয়াও হাৰ নামানে তেওঁলোকে সদায় জয়ী হয় কোনো চেম্পিয়ন সহজে ওলাই নাহে। মই অতিশয় সুখী যে আমাৰ যুৱ খেলুৱৈসকলৰ দৃঢ়তা আৰু অনুশাসনৰ দ্বাৰা ভাৰত আজি বিশ্বব্যাপী ক্ৰীড়া শক্তিৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

মোৰ প্ৰিয় দেশবাসী,

ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া মুকলি কৰাৰ সময়ত মই এটা অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলোঁ, যিয়ে দেশত এটা নতুন বিষয় হিচাপে ধৰা দিছে- অৰ্থাৎ মেদবহুলতা। আমি মেদবহুলতা সমস্যাৰ সৈতে মোকাবিলা কৰিব লাগিব যাতে এখন ফিট আৰু সুস্থ দেশ গঢ়িব পাৰো। এক সমীক্ষা অনুসৰি বৰ্তমান প্ৰতি আঠজনৰ এজন ব্যক্তিয়ে মেদবহুলতাৰ সমস্যাত ভোগিছে। বিগত বছৰবোৰত মেদবহুলতাৰ সমস্যা দুগুণলৈ বৃদ্ধি পাইছে। কিন্তু তাতোকৈও চিন্তনীয় কথাটো হ’ল যে শিশুৰ মাজত মেদবহুলতাৰ সমস্যাটো চাৰিগুণ বৃদ্ধি পাইছে। ২০২২ চনত প্ৰকাশ পোৱা বিশ্ব স্বাস্থ্য সংস্থা (WHO’s) ৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ২৫ত কোটি লোকৰ ওজন প্ৰয়োজনতকৈ অধিক, অৰ্থাৎ মেদবহুলতাত আক্ৰান্ত। এই সংখ্যাটো অত্যন্ত চিন্তাশীল আৰু আমাক সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে এয়া কিয় এনেকুৱা হৈছে?

অতিৰিক্ত ওজন বা মেদবহুলতাই বিভিন্ন ধৰণৰ সমস্যা আৰু ৰোগৰ জন্ম দিয়ে। আমি সকলোৱে এই সমস্যাৰ সৈতে সৰু সৰু প্ৰচেষ্টাৰ জৰিয়তে মোকাবিলা কৰিব পাৰো, যেনেকৈ মই কৈছিলো, "খাদ্যত ব্যৱহৃত ভোজ্য তেলৰ পৰিমাণ দহ শতাংশ হ্ৰাস কৰক"। আপুনি সিদ্ধান্ত লওক যে প্ৰতিমাহে ১০ শতাংশতকৈ কম তেল ব্যৱহাৰ কৰিম। আপুনি সিদ্ধান্ত ল’ব পাৰে যে আপুনি যিমানখিনি তেল কিনিছে, ইয়াৰ দহ শতাংশতকৈও কম কিনিম। মেদবহুলতা হ্ৰাস কৰিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। আজিৰ তাৰিখত এই বিষয়ত আপোনালোকৰ লগত কিছুমান বিশেষ বাৰ্তা শ্বেয়াৰ কৰিব বিচাৰিছো। অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাৰ পৰা আৰম্ভ কৰোঁ আহক। যি নিজেই মেদবহুতাক নিয়ন্ত্ৰণলৈ আনিছে -

অডিঅ'

সকলোকে নমস্কাৰ, মই নীৰজা চোপ্ৰা, মই সকলোকে জনাব বিচাৰিছো যে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে এইবাৰ ‘মন কী বাত’ত মেদবহুতাৰ বিষয়ে আলোচনা কৰিছে, যিটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। কাৰণ যেতিয়া মই খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া সেই সময়তো মোৰ বহুত ওজন আছিল আৰু যেতিয়া মই প্ৰশিক্ষণৰ আৰম্ভণিৰ ভাল খাদ্য আৰম্ভ কৰিছিলো, তেতিয়া মই বহুত স্বাস্থ্যৰ উন্নতি কৰিছিলো আৰু তাৰ পিছত যেতিয়া মই এজন পেছাদাৰী খেলুৱৈ হৈছিলো, এজন পেছাদাৰী খেলুৱৈ মই বহুত সহায় পাইছিলো আৰু মই এইটোও ক’ব বিচাৰিম যে অভিভাৱকসকলে নিজেই এটা বাহিৰৰ খেল খেলে আৰু আপোনাৰ সন্তানক তালৈ লৈ যায় আৰু এটা সুস্থ জীৱনশৈলী গঢ়ি তোলে। এটা ভাল সুস্থ জীৱনশৈলী বনাওক, ভালকৈ খাওক আৰু আপোনাৰ শৰীৰত এঘণ্টা সময় দিয়ক বা দিনটোত ব্যায়ামৰ বাবে যিমান সময় দিব পাৰে সিমান সময় দিয়ক। আৰু মই আৰু এটা কথা যোগ কৰিব বিচাৰিছো, শেহতীয়াকৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে খাদ্যত ব্যৱহাৰ কৰা তেলৰ পৰিমাণ ১০% হ্ৰাস কৰিব লাগে, কাৰণ আমি বহুবাৰ বহুত ভজা বস্তু খাওঁ। আমি এনেকৈ খাওঁ যিবোৰে মেদবহুলতাত যথেষ্ট প্ৰভাৱ পেলায়। গতিকে মই সকলোকে ক’ব বিচাৰো যে এই অভ্যাসটো এৰাই চলি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগে। মই মাত্ৰ আপোনালোকক আহ্বান জনাইছো আৰু আমি সকলোৱে আমাৰ দেশখনক আগুৱাই নিব পাৰিম, ধন্যবাদ।

নীৰজ জী আপোনাক বহুত বহুত ধন্যবাদ।

প্ৰখ্যাত খেলুৱৈ নিখাত জাৰিনেও এই বিষয়ত তেওঁৰ মতামত প্ৰকাশ কৰিছেঃ

#Audio

হাই, মোৰ নাম নিখাত জাৰিন আৰু মই দুবাৰৰ বিশ্ব বক্সিং চেম্পিয়ন। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে তেওঁৰ মন কী বাত কাৰ্যসূচীত মেদবহুলতাৰ কথা উল্লেখ কৰিছে আৰু মই ভাবো যে ই এক ৰাষ্ট্ৰীয় উদ্বেগৰ বিষয়। আমি আমাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন কাৰণ আমাৰ দেশ ভাৰতত মেদবহুলতা অতি দ্ৰুতগতিত বিয়পি পৰিছে আৰু আমি ইয়াক প্ৰতিৰোধ কৰি যিমান পাৰো সুস্থ জীৱনশৈলী মানি চলিবলৈ চেষ্টা কৰা উচিত। নিজে এগৰাকী খেলুৱৈ হিচাপে মই স্বাস্থ্যসন্মত খাদ্য অনুসৰণ কৰিবলৈ চেষ্টা কৰো কাৰণ যদি মই ভুল কৰো আৰু অস্বাস্থ্যকৰ খাদ্য খাওঁ বা তেলীয়া বস্তু খাওঁ তেন্তে ই মোৰ প্ৰদৰ্শনত প্ৰভাৱ পেলায় আৰু ৰিঙত মই সোনকালে ভাগৰি পৰো। গতিকে মই ভোজ্য তেলৰ দৰে বস্তু কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো আৰু তাৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন কৰি দৈনিক শাৰীৰিক অনুশীলন কৰো, যিয়ে মোক সকলো সময়তে ফিট কৰি ৰাখে আৰু মই ভাবো আমাৰ দৰে সাধাৰণ মানুহে, যিসকলে প্ৰতিদিনে কামলৈ যায়, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বসহকাৰে থাকিব লাগে আৰু দৈনিক যিকোনো ধৰণৰ শাৰীৰিক অনুশীলন কৰিব লাগে। যাতে ইয়াৰ জৰিয়তে আমি হাৰ্ট এটেক বা কেন্সাৰৰ দৰে ৰোগৰ পৰা আঁতৰি থাকিব পাৰো আৰু নিজকে ফিট কৰি ৰাখিব পাৰো, কাৰণ "আমি সুস্থ হ'লেহে ভাৰত সুস্থ হৈ থাকিব।"

সঁচাকৈয়ে নিখাত জীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিছে। ড° দেৱী শেট্টীয়ে কি কৈছে এতিয়া শুনো আহক। আপোনালোকে সকলোৱে জানে যে তেওঁ এজন অতি সন্মানীয় চিকিৎসক যিয়ে এই বিষয়ত অহৰহ কাম কৰি আছে।

আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীক, তেওঁৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ত মেদবহুলতাৰ বিষয়ে সজাগতা সৃষ্টি আৰু প্ৰসাৰৰ বাবে ধন্যবাদ জনাইছো। মেদবহুলতা আজিকালি কেৱল সমস্যা নহয়, ই এক অতি গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। ভাৰতৰ যুৱক-যুৱতীসকলৰ এক বৃহৎ অংশই মেদবহুলতাৰ চিকাৰ হৈছে। আজিৰ মেদবহুলতাৰ মূল কাৰণ হৈছে নিম্নমানৰ খাদ্য, বিশেষকৈ অতিৰিক্ত কাৰ্বহাইড্ৰেট, যেনে চাউল, ৰুটি আৰু চেনি আৰু নিশ্চিতভাৱে অতিৰিক্ত তেলৰ ব্যৱহাৰ। মেদবহুলতাৰ ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ, ফেটী লিভাৰ আৰু অন্যান্য বহুতো জটিল সমস্যাৰ সৃষ্টি হয়। গতিকে সকলো যুৱক-যুৱতীলৈ মোৰ পৰামৰ্শ এই যে ব্যায়াম আৰম্ভ কৰক, খাদ্য নিয়ন্ত্ৰণ কৰক আৰু অতি সক্ৰিয় হওক আৰু আপোনাৰ ওজন পৰীক্ষা কৰক। আকৌ এবাৰ আপোনালোকৰ সুস্থ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো। ঈশ্বৰে মংগল কৰক।

বন্ধুসকল,

ভোজ্য তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াটো কেৱল নিজৰ বাবেই নহয়, আমাৰ পৰিয়ালৰ প্ৰতিও আমাৰ দায়িত্ব। খাদ্যত অত্যধিক তেল সেৱন কৰিলে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি বহুতো ৰোগ হ’ব পাৰে। আমাৰ খাদ্যাভ্যাসত সৰু সৰু পৰিৱৰ্তন কৰি আমি আমাৰ ভৱিষ্যতক শক্তিশালী, সুস্থ আৰু ৰোগমুক্ত কৰি তুলিব পাৰো। গতিকে অলপো পলম নকৰাকৈ আমি এই পথত আমাৰ প্ৰচেষ্টা আগুৱাই নি আমাৰ জীৱনত সন্নিৱিষ্ট কৰিব লাগিব। আমি সকলোৱে একেলগে এই প্ৰচেষ্টা ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পাৰো। উদাহৰণস্বৰূপে, মন কী বাটৰ এই খণ্ডটোৰ পিছত ১০জন ব্যক্তিক অনুৰোধ আৰু প্ৰত্যাহ্বান দিও যে তেওঁলোকে দৈনিক খাদ্যত ১০% কম তেল ব্যৱহাৰ কৰিব পাৰে নেকি। মই তেওঁলোককো অনুৰোধ কৰিম যে একেটা প্ৰত্যাহ্বান ১০জন নতুন মানুহক দিয়ক। মোৰ বিশ্বাস এইটোৱে মেদবহুলতাৰ বিৰুদ্ধে যুঁজত বহুখিনি সহায় কৰিব।

বন্ধুসকল,

এছিয়াটিক সিংহ, হাংগুল, পিগমি হগ আৰু সিংহ নেজিয়া বান্দৰ মাজত কি সাদৃশ্য আছে জানেনে? উত্তৰটো হ’ল এই সকলোবোৰ পৃথিৱীৰ আন ক’তো পোৱা নাযায়... কেৱল আমাৰ দেশতহে পোৱা যায়। সঁচাকৈয়ে আমাৰ ওচৰত উদ্ভিদ আৰু প্ৰাণীৰ এক অতি সজীৱ পৰিৱেশ ব্যৱস্থা আছে। আৰু এই বন্যপ্ৰাণীবোৰ আমাৰ ইতিহাস আৰু সংস্কৃতিৰ মাজত গভীৰভাৱে নিহিত হৈ আছে। বহুতো জীৱ-জন্তুক আমাৰ দেৱ-দেৱীৰ বাহন হিচাপেও পৰ্যবেক্ষণ কৰা হয়। মধ্য ভাৰতৰ বহু জনগোষ্ঠীয়ে বাঘেশ্বৰক পূজা কৰে। মহাৰাষ্ট্ৰত ৱাঘোবা পূজাৰ পৰম্পৰা আছে। ভগৱান আয়াপ্পাৰো বাঘৰ লগত অতি গভীৰ সম্পৰ্ক আছে। বনবিবি, যাৰ বাহন বাঘ, সুন্দৰবনত পূজা কৰা হয়। আমাৰ বহুতো সাংস্কৃতিক নৃত্য আছে যেনে কৰ্ণাটকৰ হুলী ভেছা, তামিলনাডুৰ পুলি আৰু কেৰালাৰ পুলিকালি, যিবোৰ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সৈতে জড়িত। মোৰ জনজাতীয় ভাই-ভনীসকলকো ধন্যবাদ জনাইছো, কাৰণ তেওঁলোকে বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কৰ্ণাটকৰ বি আৰ টি বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ বাবে বহু কৃতিত্ব বাঘক পূজা কৰা ছলিগা জনগোষ্ঠীৰ। তেওঁলোকৰ বাবেই এই অঞ্চলত মানুহ-জীৱ-জন্তুৰ সংঘাত প্ৰায় নাইকিয়া হৈছে। গুজৰাটতো গিৰত এছিয়াটিক সিংহৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ যথেষ্ট অৰিহণা আছে। প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ অৰ্থ কি তেওঁলোকে বিশ্ববাসীক দেখুৱাইছে।

বন্ধুসকল, এই প্ৰচেষ্টাসমূহৰ বাবেই যোৱা কেইবছৰমানৰ পৰা বাঘ, নাহৰফুটুকী, এছিয়াটিক সিংহ, গঁড় আৰু দীঘল শিঙীয়া হৰিণৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰু এইটোও মন কৰিবলগীয়া যে ভাৰতৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্য কিমান সুন্দৰ। দেশৰ পশ্চিম অংশত এছিয়াটিক সিংহ পোৱা যায়, আনহাতে পূব, মধ্য আৰু দক্ষিণ ভাৰত বাঘৰ বাসস্থান। উত্তৰ-পূবত গঁড় পোৱা যায়। ভাৰতৰ প্ৰতিটো প্ৰান্ত কেৱল প্ৰকৃতিৰ প্ৰতি সংবেদনশীল নহয়, বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰতো দায়বদ্ধ। অনুৰাধা ৰাও জীৰ বিষয়ে মোক কোৱা হৈছে, যাৰ বহু প্ৰজন্ম আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৈতে জড়িত হৈ আছে। অনুৰাধা জীয়ে সৰুতে পশু কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। তিনি দশক ধৰি তেওঁ হৰিণ আৰু ময়ুৰৰ সুৰক্ষাক নিজৰ মিছন কৰি আহিছে। ইয়াৰ মানুহে তেওঁক ‘হৰিণ মহিলা’ ​​বুলি কয়। আমি অহা মাহৰ আৰম্ভণিতে বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰিম। বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত লোকসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাইছো। এই ক্ষেত্ৰত বহু ষ্টাৰ্ট-আপৰো উত্থান ঘটাটো মোৰ বাবে অতি সন্তুষ্টিৰ বিষয়।

বন্ধুসকল,

বৰ্তমান বৰ্ড পৰীক্ষাৰ সময়। মোৰ কণ কণ বন্ধু অৰ্থাৎ পৰীক্ষা যোদ্ধাসকলক পৰীক্ষাৰ বাবে শুভকামনা জনাইছো। কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ আৰু সম্পূৰ্ণ ইতিবাচক মনোভাৱেৰে আপোনাৰ প্ৰশ্নকাকতৰ উত্তৰ লিখক। প্ৰতি বছৰে ‘পৰীক্ষা পে চৰ্চা’ত পৰীক্ষাৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আমাৰ পৰীক্ষা যোদ্ধাসকলৰ লগত আলোচনা কৰোঁ। মই সুখী যে এই কাৰ্যসূচীয়ে এতিয়া প্ৰতিষ্ঠানিক ৰূপ ধাৰণ কৰিছে... ই প্ৰতিষ্ঠানিক হৈ পৰিছে। বহুতো নতুন বিশেষজ্ঞইও ইয়াত যোগদান কৰিছে। এইবাৰ আমি ‘পৰীক্ষা পে চৰ্চা’ক নতুন ৰূপত পৰিচালিত কৰাৰ চেষ্টা কৰিছিলো। বিশেষজ্ঞসকলৰ লগতে আঠটা ভিন্ন খণ্ডও অন্তৰ্ভুক্ত কৰা হৈছিল। আমি সামগ্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা আৰু মানসিক স্বাস্থ্যৰ লগতে খাদ্য আৰু পুষ্টিৰ বিষয়সমূহ সামৰি লৈছিলো। অতীতৰ শীৰ্ষস্থানপ্ৰাপকসকলেও নিজৰ চিন্তা আৰু অভিজ্ঞতা সকলোৰে সৈতে শ্বেয়াৰ কৰিছিল। বহু যুৱক-যুৱতী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষকে এই বিষয়ে মোলৈ চিঠি লিখিছে। তেওঁলোকে মোক কৈছে যে তেওঁলোকে এই ফৰ্মেটটো বৰ ভাল পাইছে, কাৰণ প্ৰতিটো বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছিল। আমাৰ যুৱ বন্ধুসকলে ইনষ্টাগ্ৰামতো এই খণ্ডবোৰ যথেষ্ট পৰিমাণ চাইছে। দিল্লীৰ সুন্দৰ নাৰ্চাৰীত এই কাৰ্যসূচীৰ আয়োজন হোৱাটোও আপোনালোকৰ বহুতেই ভাল লাগিল। আমাৰ যুৱ বন্ধুসকলে যিসকলে এতিয়ালৈকে 'পৰীক্ষা পে চৰ্চা'ৰ এই খণ্ডবোৰ চাব পৰা নাই, তেওঁলোকে নিশ্চয় চাব। এই সকলোবোৰ খণ্ড NaMoApp ত উপলব্ধ। আকৌ এবাৰ আমাৰ পৰীক্ষাৰ যোদ্ধাসকললৈ মোৰ বাৰ্তা হৈছে "সুখী আৰু মানসিক চাপমুক্ত হওক"।

মোৰ প্ৰিয় বন্ধুসকল,

মন কী বাটৰ এই খণ্ডটো আজিলৈ ইমানেই৷ অহা মাহত আমি পুনৰ নতুন বিষয় লৈ একেলগে ‘মন কী বাত’ পৰিচালনা কৰিম। আপোনালোকৰ চিঠি, আপোনালোকৰ মেছেজবোৰ মোলৈ পঠিয়াই থাকিব। সুস্থ হৈ থাকক, সুখী হৈ থাকক। আপোনালোক সকলোকে অশেষ ধন্যবাদ। নমস্কাৰ।

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister’s State Visit to Uzbekistan
August 30, 2026

MoUs and Agreements

Sl. No.

Title

1.

Cultural Exchange Programme between the Government of the Republic of India and the Government of the Republic of Uzbekistan for the years 2026-30.

2.

Letter of Intent between the Ministry of External Affairs of the Republic of India and the Cultural Heritage Agency of the Republic of Uzbekistan for the conservation and restoration of ancient buddhist sites of Fayaz Tepa and KaraTepa located in Termez, Uzbekistan.

3.

Memorandum of Understanding on Cooperation in the field of archival work between the National Archives under the Ministry of Culture of India and the Agency "Uzarchive" under the Ministry of Justice of the Republic of Uzbekistan.

4.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on cooperation in the field of Ayurveda and other traditional systems of medicine.

5.

Memorandum of Understanding between the Ministry of Mines of the Republic of India and Ministry of Mining Industry and Geology of the Republic of Uzbekistan on Cooperation in the fields of Geology and Mineral Resources.

6.

Partnership Program on cooperation between the Ministry of Tourism of the Republic of India and the Tourism Committee of the Republic of Uzbekistan in the field of tourism for 2026-28.

7.

Memorandum of Understanding between The Sushma Swaraj Institute of Foreign Service, Ministry of External Affairs, Republic of India and the Diplomatic Academy at the University of World Economy and Diplomacy, Ministry of Foreign Affairs of the Republic of Uzbekistan.

8.

Memorandum of Understanding (MoU) between the Ministry of Finance of the Republic of India and the Ministry of Economy and Finance of the Republic of Uzbekistan for an Economic and Financial Dialogue.

9.

Agreement between the Ministry of Environment and Forest and Climate Change of the Republic of India and National Committee on Ecology and Climate Change of the Republic of Uzbekistan on cooperation in the field of environmental protection.

10.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on Cooperation in the Field of Higher Education and Scientific Research.

11.

Cooperation Agreement between the Gujarat state of the Republic of India and the Samarkand region of the Republic of Uzbekistan of establishment of partnership relations.

Announcements

Sl. No.

Title

1.

Elevating the India-Uzbekistan Strategic Partnership to a Comprehensive Strategic Partnership

2.

Grant of USD 1 million for afforestation in the Aral Sea region

3.

 Lal Bahadur Shastri Scholarship for Hindi Language (100 Scholarships)

4.

ICCR Sanskrit Chair at Tashkent State University of Oriental Studies

5.

Commercial Agreement between NPCI International Payments Ltd (NIPL) with National Interbank Processing Centre JSC (NIPC), Uzbekistan to enable UPI Apps of India to scan national QR - UZQR for making merchant payments in Uzbekistan.