চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান প্ৰধানমন্ত্ৰীক
ভাৰতৰ জনসাধাৰণ আৰু ঐতিহ্যলৈ বঁটাটি উৎসৰ্গা
মহাত্মা গান্ধী হৈছে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পৰিবেশ চেম্পিয়নঃ প্ৰধানমন্ত্ৰী
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অতিশয় শক্তিশালী পন্থা হৈছে আচৰণ পৰিৱৰ্তনঃ প্ৰধানমন্ত্ৰী
যুক্তি আৰু পৰিবেশৰ আধাৰত চিন্তা কৰাৰ সময় সমাগত। মুঠৰ ওপৰত এয়া মোৰ বা আপোনাৰ নহয়। এয়া হৈছে আমাৰ গ্ৰহটোৰ ভৱিষ্যতৰ অৰ্থেঃ প্ৰধানমন্ত্ৰী

সুন্দৰ পৰিচয়ৰ বাবে ড০ ডান য়াৰ্গিনক ধন্যবাদ৷ ইয়াত সমবেত হোৱা সকলো বিশিষ্ট ব্যক্তিক ধন্যবাদ জনাইছো৷

নমস্কাৰ!

মই অতি বিনম্ৰতাৰে চেৰাউইক গ্ল’বেল এনাৰ্জী এণ্ড এনভাইৰনমেণ্ট লিডাৰশ্বিপ এৱাৰ্ড গ্ৰহণ কৰিছো৷ মই এই বঁটা আমাৰ ভাৰত ভূমিৰ জনসাধাৰণৰ নামত উচৰ্গা কৰিছো৷ মই এই বঁটা আমাৰ মাতৃভূমিৰ মহান পৰম্পৰাৰ নামত উচৰ্গা কৰিছো, যি ইয়াৰ পৰিৱেশৰ যত্ন লোৱাৰ প্ৰতি পথ দেখুৱাইছে৷

বন্ধুসকল,

 

এই পুৰস্কাৰ পৰিৱেশগত নেতৃত্ব প্রদানৰ ক্ষেত্রৰ স্বীকৃতি দিয়ে৷ নেতৃত্ব সম্পর্কে সাধাৰণতে কোৱা হয় যে কর্মৰ জৰিয়তে পথ দেখুওৱাটো সর্বোত্তম উপায়। কোনো সন্দেহ নাই যে যেতিয়া পৰিৱেশৰ প্রতি যত্ন লোৱাৰ প্রসংগ উত্থাপন হয়, তেতিয়া ভাৰতীয়সকলেই নেতৃত্ব দিয়ে৷ বহু শতিকা ধৰি এয়াই চলি আহিছে। আমাৰ সংস্কৃতি, প্রকৃতি আৰু বৈভৱ এটা আনটোৰ সৈতে সংপৃক্ত৷ আমাৰ দেৱ- দেৱীসকল সৈতে কোনো গছ আৰু প্রাণী জড়িত হৈ আছে। এই গছ আৰু প্রাণীবোৰ পবিত্র। আপুনি যিকোনো দেশৰ পৰা যিকোনো ভাষাৰ সাহিত্য বাছনি কৰিব পাৰে৷ মানুহ আৰু প্রকৃতিৰ ঘনিষ্ঠ সম্পর্কৰ বহু উদাহৰণ পাব৷

বন্ধুসকল,
মহাত্মা গান্ধীৰ ক্ষেত্ৰত পৰিৱেশজনিত দিশৰ পৰা আমাৰ মাজত এই মহান ব্যক্তি আজীৱন স্মৰণীয়া৷ তেওঁ দেখুওৱা মানৱতাৰ পথ যদি আমি অনুসৰণ কৰি তেতিয়াহ’লে আজি আমি যিবোৰ সমস্যাৰ সন্মুখীন হৈছো, সেইবোৰ নহ’লোহেতেন৷ মই আপোনালোক সকলোকে গুজৰাটৰ উপকূলীয় চহৰ পোৰবন্দৰত অৱস্থিত মহাত্মা গান্ধীৰ ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছো৷ তেওঁৰ ঘৰৰ চৌপাশে আপুনি জল সংৰক্ষণ সম্পর্কে যথেষ্ট ভাল হাতে কামে শিক্ষা লাভ কৰিব৷ ইয়াত প্রায় ২০০ বছৰ পূর্বে ভূগর্ভস্থ জলাধাৰ নির্মিত হৈছে। এইবোৰ বৰষুণৰ পানী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছিল।

বন্ধুসকল,
জলবায়ু পৰিৱর্তন আৰু প্রাকৃতিক দুৰ্যোগ আজি ডাঙৰ সমস্যাত পৰিণত হৈছে৷ এই দুটা এটা আনটোৰ সৈতে জড়িত৷ ইয়াৰ বিৰুদ্ধে যুঁজাৰ দুটা উপায় আছে। এইবোৰ হৈছে নীতি, আইন, বিধি আৰু নির্দেশ। এইবোৰ নিজা গুৰুত্ব যে আছে তাত কোনো সন্দেহ নাই। মই আপোনালোকক এটা উদাহৰণ উল্লেখ কৰিব বিচাৰিছো৷ ভাৰতত অজীৱাশ্ম উৎসৰ পৰা বিদ্যুৎ উৎপাদনৰ ক্ষমতা এতিয়া ৩৮শতাংশ বৃদ্ধি পাইছে। আমি ২০২০চনৰ এপ্রিলৰ পৰা ‘ভাৰত-৬’ কার্বন নির্গমন সংক্রান্ত নীতি নিয়ম আৰম্ভ কৰিছো। এই বিধি ইউৰো–৬ ইন্ধন নীতিৰ সমান। ভাৰতে ২০৩০ চনৰ ভিতৰত প্রাকৃতিক গেছ উৎপাদনৰ ক্ষমতা ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰিছে। এলএনজিক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্রত উৎসাহ যোগোৱা হৈছে৷ আমি শেহতীয়াভাৱে এক ৰাষ্ট্ৰীয় হাইড্র’জেন মিচনৰ শুভাৰম্ভ কৰিছো। হাইড্র’জেনক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ বাবে এই মিচন আৰম্ভ কৰা হৈছে। বৰ্তমান ‘পিএম কুসুম’ নামেৰে এখন আঁচনিৰ কথা ঘোষণা কৰা হৈছে। ই সৌৰ শক্তি উৎপাদন খণ্ডত এক ন্যায় সংগত আৰু বিকেন্দ্রীভূত মডেলৰ সম্পৰ্কে প্রচাৰ চলাব৷ সেয়েহে নীতি, আইন, বিধি আৰু নির্দেশৰ বাহিৰেও কেতবোৰ বিষয় আছে। জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত আটাইতকৈ শক্তিশালী উপায় হ’ল আচৰণগত পৰিৱর্তন। আপোনালোকৰ বহুতে এক বিখ্যাত কাহিনীৰ কথা শুনিছে৷ এগৰাকী কণমানি শিশুক সমগ্ৰ বিশ্বৰ মানচিত্র দিয়া হয়। কেতিয়া ইয়াক জোৰা লগাব পৰা নাযাব বুলি ভাবি শিশুটিক জোৰা লগাবলৈ কোৱা হয়। কিন্তু শিশুগৰাকী সফল হয়। শিশুটিয়ে কিদৰে এইটো কৰিলে তাক জানিব সোধোতে উত্তৰত শিশুটিয়ে জনায় সেই বিশ্ব মানচিত্রৰ অন্তৰালত এজন ব্যক্তিৰ ছবি আছিল। তেওঁ সেই লোকজনৰ চিত্র একত্রিত কৰিছে, সেই কাৰণে বিশ্বৰ মানচিত্র একত্রিত হ’ল। এই গল্পৰ পৰা এইটো বার্তাই স্পষ্ট হয়–আহক, আমি নিজক ঠিক কৰো, তেতিয়াহে বিশ্ব আৰু অধিক উন্নতি লাভ কৰিব৷

বন্ধুসকল,
আচৰণ পৰিৱর্তনৰ এই সজাগতাই আমাৰ ঐতিহ্যগত অভ্যাসৰ এটা অংগ। যি আমাৰ সহানুভূতিৰ সৈতে ব্যৱহাৰ বিষয়ত শিক্ষা প্রদান কৰে। নির্বোধৰ সংস্কৃতি আমাৰ নীতিৰ অংশ নহয়। আমাৰ কৃষি-কৰ্মৰ পদ্ধতি বা আমাৰ খাদ্যাভ্যাস লক্ষ্য কৰক৷ আমাৰ গতিশীলতাৰ ধৰণ বা শক্তি প্রয়োগৰ ক্ষেত্রবোৰ চাওক৷ মই আমাৰ কৃষকসকলক লৈ গর্বিত। তেওঁলোকে নিয়মীয়াকৈ জলসিঞ্চনৰ আধুনিক কৌশল ব্যৱহাৰ কৰি আহিছে৷ মাটিৰ স্বাস্থ্যৰ উন্নতি আৰু কীটনাশকৰ ব্যৱহাৰ হ্রাস কৰাৰ বিষয়ত ক্রমান্বয়ে সজাগতাৰ বার্তা বিয়পাই দিছে৷ আজি বিশ্বৰ সুস্থতা আৰু সু-স্বাস্থ্যৰ দিশত মনোনিবেশ কৰিছে। স্বাস্থ্যকৰ আৰু জৈৱিক খাদ্যৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতে মচলা, আয়ুর্বেদ সামগ্ৰী আৰু অন্যান্য মাধ্যমেৰে এই বিশ্বজোৰা পৰিৱর্তনত চালিকা শক্তি হ’ব পাৰে। একেদৰে পৰিৱেশ অনুকূল গতি প্রদান কৰিব পাৰে। আপোনালোকে জানি আনন্দিত হ’ব যে ভাৰতত আমি ২৭খন চহৰত মেট্রো সংযোগ গঢ়ি তোলাৰ ক্ষেত্রত কাম কৰিছো।

বন্ধুসকল,
বৃহত্তৰ পৰিপ্রেক্ষিতত আচৰণ পৰিৱর্তনৰ বাবে আমাৰ এনে সমাধানৰ পথ প্রস্তাৱ কৰিব লাগিব, যি উদ্ভাৱনী, কম ব্যয় সাপেক্ষ আৰু জনসাধাৰণৰ অংশগ্রহণৰ জৰিয়তে পৰিচালিত হয়। মই এটা উদাহৰণ দিছো, ভাৰতীয়সকলে এনে এক মাত্রাত এলইডি বাল্ব জ্বলোৱাৰ সিদ্ধান্ত লৈছে যি পূৰ্বতে কেতিয়াও দেখা পোৱা নাই। ২০২১ চনৰ ১ মার্চলৈকে দেশত ৩৭ মিলিয়ন এলইডি বাল্ব ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰ ফলত ধন আৰু শক্তি দুয়োটাই ৰাহি হৈছে৷ আনকি প্রতি বছৰ ৩৮ মিলিয়ন টনৰো অধিক কার্বনডাই অক্সাইড নিৰ্গমণ হ্ৰাস পাইছে৷ ভাৰতত ‘গিভ ইট আপ মুভমেণ্ট’ৰ আন এক উদাহৰণ আছে। দৰিদ্র লোকসকলৰ সুবিধার্থে সাধাৰণ জনতাই এলপিজি গেছৰ ৰাজসাহাৰ্য ত্যাগ কৰাৰ বাবে এক সাধাৰণ অনুৰোধ আছে। ভাৰতত একাধিক ব্যক্তিয়ে স্ব-ইচ্ছাৰে তেওঁলোকৰ ৰাজসাহাৰ্য ত্যাগ কৰিছে৷ ই লাখ লাখ পৰিয়ালক ধোঁৱা বিহীন ৰন্ধনগৃহ দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ২০১৪ চনত সমগ্ৰ দেশত য’ত ৫০ শতাংশ লোকে এলপিজিৰ অধীনত আছিলেন আজি সেয়া বৃদ্ধি পাই ৯৯.৬শতাংশ হৈছে। ইয়াৰ জৰিয়তে মহিলাসকল আটাইতকৈ বেছি উপকৃত হৈছে৷ আজি কালি আন এক ইতিবাচক পৰিৱর্তন লক্ষ্য কৰিছো৷ সম্পদৰ অপচয় হ’লে ভাৰতত গুঞ্জনৰ সৃষ্টি হয়৷ আমাৰ নাগৰিকসকলে বিভিন্ন ক্ষেত্রত পুনৰ ব্যৱহাৰযোগ্য অনন্য মডেল লৈ আহিছে৷ ই বৃত্তাকাৰ অর্থনীতিত উৎসাহ যোগাব৷ কম ব্যয়সাপেক্ষ পৰিৱহণ উদ্যোগৰ ক্ষেত্রত বহনক্ষম বিকল্পৰ অধীনত আমাৰ দেশত পেলনীয়া সামগ্ৰীক সম্পদত পৰিণত কৰাত উৎসাহ যোগোৱা হৈছে। ২০২৪ চনৰ ভিতৰত ১৫ মিলিয়ন মেট্রিকটন জৈৱ গেছ উৎপাদনৰ লক্ষ্যৰে ৫,০০০টা কম্প্রেছড জৈৱ গেছৰ কেন্দ্র স্থাপন কৰা হ’ব৷ ই পৰিৱেশ আৰু মানুহৰ সবলীকৰণত সহায় কৰিব।

বন্ধুসকল,
ভাৰতত ইথানলৰ গ্রহণযোগ্যতা ক্ৰমে বৃদ্ধি পাইছে। সাধাৰণ জনতাৰ প্রতিক্রিয়াৰ ভিত্তিত আমি সিদ্ধান্ত লৈছো যে ২০২৫চনৰ ভিতৰত পেট্র’লত ২০ শতাংশ ইথানল মিশ্রন কৰা হ’ব৷ পূৰ্বতে এই লক্ষ্য ২০৩০চনলৈকে লোৱা হৈছিল।

বন্ধুসকল,
আপোনালোক সকলোকে জনাবলৈ পাই অনন্দিত হৈছো যে বিগত ৭ বছৰত ভাৰতত বনভূমি অঞ্চল উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। সিংহ, বাঘ, চিটাবাঘ আৰু জলচৰ পক্ষীৰ সংখ্যা বাঢ়িছে। এইবোৰ ইতিবাচক আচৰণগত পৰিৱর্তনৰ গুৰুত্বপূর্ণ সূচক। এই পৰিৱর্তনবোৰে আমাৰ আশ্বস্ত কৰিছে যে ভাৰতে ২০৩০ চনৰ ভিতৰত পেৰিছ চুক্তিৰ লক্ষ্যত নিৰ্ধাৰিত সময়ৰ আগতেই উপনীত হ’ব।

বন্ধুসকল,
পৰিৱেশগত ৰূপান্তৰৰ বাবে সমভাবাপন্ন দেশসমূহৰ সৈতে ভাৰতে একেলগে কাম কৰিব বিচাৰে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্রাথমিক সাফল্যই প্রমাণ কৰিছে যে আৰু উন্নত পৃথিৱী গঢ়ি তোলাৰ বাবে প্রচেষ্টা হাতত লোৱাৰ ক্ষেত্রত ভাৰতৰ গুৰুত্ব কিমান। ভৱিষ্যতে আমি এই ধৰণৰ প্রয়াস অব্যাহত ৰাখিম৷ ই মহাত্মা গান্ধীৰ বিশ্বস্ততা নীতিৰ সৈতে সামঞ্জস্যপূর্ণ। বিশ্বস্ততাৰ মূল বিষয় হ’ল সমষ্টি, দায়িত্ব আৰু সমবেদনা। বিশ্বস্ততাৰ অর্থ হ’ল সম্পদক দায়িত্বসহকাৰে ব্যৱহাৰ কৰা। মহাত্মা গান্ধীয়ে ঠিকেই কৈছিল আৰু মই তেওঁৰে উদ্ধৃতি দি কও, “আমি প্রকৃতিৰ উপহাৰবোৰ আমাৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰো, সেইদৰে প্রকৃতিৰ গ্ৰন্থৰ নাম আৰু একাউণ্টবোৰো সদায় সম্পদৰ দৰে হয়”। প্রকৃতিৰ এটা সাধাৰণ বেলেঞ্চশ্বিট আছে, একাউণ্টত যি পোৱা যায়, সেয়া ব্যৱহাৰ বা খৰচ কৰা যায়। সেয়েহে এইবোৰ উপযুক্ত বিতৰণ কৰা উচিত। কাৰণ যদি আমি অতিৰিক্ত সম্পদ ব্যৱহাৰ কৰো, তেতিয়াহ’লে সেয়া আনৰ পৰা কাঢ়ি অনাৰ দৰে হয়। একেদৰে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত ভাৰতে এই কথাই কৈ আহিছে।

বন্ধুসকল,
এতিয়া পৰিৱেশক লৈ যুক্তিসহকাৰে  চিন্তা কৰাৰ সময় আহিছে। ই আমাৰ বা আপোনাৰ বিষয় নহয়। ই আমাৰ পৃথিৱীৰ ভৱিষ্যতৰ বিষয়। আমি আমাৰ ভৱিষ্যৎ প্রজন্মৰ ওচৰত ঋণী। মই এই পুৰষ্কাৰৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো৷

নমস্কাৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth

Media Coverage

PSBs post record ₹1.98 trillion net profit in FY26 amid robust growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, emphasising on the harmony of strength and capability
May 13, 2026
Prime Minister recalls the 1998 Nuclear tests as a defining moment in our nation’s resolve

The Prime Minister, Shri Narendra Modi today recalled the historic Nuclear tests conducted by India in Pokhran in May 1998, describing them as a defining moment in our nation's resolve. “After the May 11 tests, the entire world brought pressure to bear on India, but we demonstrated that no power can bend India”, Shri Modi remarked.

The Prime Minister shared a Sanskrit verse-

“एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”

The Prime Minister wrote on X;

“1998 में इसी दिन भारत ने जो परमाणु परीक्षण किए थे, उनसे दुनिया को पता चला कि हमारे देश की इच्छाशक्ति कितनी अटल है! 11 मई के टेस्ट के बाद पूरी दुनिया का दबाव भारत पर था, लेकिन हमने दिखाया कि कोई भी ताकत भारत को झुका नहीं सकती।

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”