ক্ৰীড়াবিদ আৰু তেওঁলোকৰ পৰিয়ালৰে অনানুষ্ঠানিক, স্বাভাৱিক অধিবেশন শ্বেয়াৰ
Wishes of 135 crore Indians are the blessings of the country for all of you: PMআপোনালোক সকলোৰে বাবে ১৩৫ কোটি ভাৰতীয়ৰ শুভেচ্ছা হৈছে দেশখনৰ আশীৰ্বাদঃ প্ৰধানমন্ত্ৰী
খেলুৱৈসকললৈ উন্নতৰ প্ৰশিক্ষণ শিবিৰ, সা-সঁজুলি, আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ আগবঢ়োৱা হৈছেঃ প্ৰধানমন্ত্ৰী
এটা নতুন চিন্তা আৰু নতুন পন্থাৰে প্ৰতিজন খেলুৱৈৰ সৈতে আজি কিদৰে দেশখন থিয় হৈছে, সেয়া তেওঁলোকে প্ৰত্যক্ষ কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰথমবাৰৰ বাবে, অলিম্পিক আৰু ইমান বেছি ক্ৰীড়াৰ বাবে গৰিষ্ঠ সংখ্যক খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰথমবাৰৰ বাবে গৰিষ্ঠ সংখ্যক ক্ৰীড়াত ভাৰতে যোগ্যতা অৰ্জন কৰিছেঃ প্ৰধানমন্ত্ৰী
‘Cheer4India’ হৈছে দেশবাসীৰ দায়িত্বঃ প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।

এক অনানুষ্ঠানিক আৰু স্বাভাৱিক মত-বিনিময়ত, প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়াবিদসকলক উৎসাহিত কৰে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক তেওঁলোকে কৰা ত্যাগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দীপিকা কুমাৰী (আৰ্চাৰী) ৰ সৈতে বাৰ্তালাপ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱৰ্ল্ড শ্বেম্পিয়নশ্বীপত সোনৰ পদক অৰ্জনৰ বাবে তেওঁক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আৰ্চাৰীৰে আম পৰাৰ জৰিয়তে তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল আৰু এগৰাকী ক্ৰীড়াবিদ হিচাপে তেওঁৰ যাত্ৰাৰ অন্বেষণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জটিল পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা সত্বেও আৰ্চাৰীৰ পথটিত থকাৰ বাবে প্ৰবীন যাদৱক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি তেওঁৰ পৰিয়ালবৰ্গৰে মত-বিনিময় কৰে আৰু তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে মাৰাঠীতে পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰে।

নীৰজ চোপ্ৰা (জেভলিন থ্ৰ’) ৰ সৈতে মত-বিনিময় কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰে ক্ৰীড়াবিদজনৰ অভিজ্ঞতাৰ অন্বেষণ কৰে আৰু আঘাতৰপৰা তেওঁৰ মুক্তি লাভ সন্দৰ্ভতো আলোচনা কৰে। শ্ৰী মোদীয়ে খেলুৱৈজনক তেওঁৰ প্ৰত্যাশিত ওজন পৰিহাৰ কৰি সমগ্ৰ প্ৰদান কৰিবলৈ কয়। দ্যুতী চান্দ (স্প্ৰিন্ট) ৰ সৈতে, শ্ৰী মোদীয়ে তেওঁৰ নামৰ অৰ্থ যে ‘উজ্জ্বলতা’, তাৰ উল্লেখেৰে মত-বিনিময় আৰম্ভ কৰে আৰু তেওঁৰ ক্ৰীড়া দক্ষতাৰে পোহৰ বিয়পাবলৈ শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক সমগ্ৰ ভাৰতে ক্ৰীড়াবিদসকলক সমৰ্থন জনাই থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্ভয়ে আগবাঢ়ি যাবলৈ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আশিষ কুমাৰ (বক্সিং) ক তেওঁ কিয় বক্সিঙক বাছি ল’লে বুলি সোধে। প্ৰধানমন্ত্ৰীয়ে তেওঁ প্ৰশিক্ষণৰত অৱস্থাত থাকি তথা ক’ভিড-১৯, উভয়ৰে সৈতে কিদৰে যুঁজ দিছিল সেই কথা সোধে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি তেওঁক তেওঁৰ পিতৃৰ বিয়োগ সত্বেও তেওঁৰ লক্ষ্যৰপৰা বিচলিত নোহোৱাকৈ থকাৰ বাবে প্ৰশংসা কৰে। ক্ৰীড়াবিদজনে মুক্তিলাভৰ প্ৰক্ৰিয়াটোত পৰিয়ালবৰ্গ আৰু বন্ধুমহলৰপৰা লাভ কৰা মনোবলৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে এনে এক পৰিস্থিতিতে ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে তেওঁৰ পিতৃক হেৰুৱাবলগীয়া হোৱাৰ কথা স্মৰণ কৰে আৰু তেওঁ কিদৰে খেলৰ জৰিয়তে পিতৃলৈ শ্ৰদ্ধা জনাইছিল সেই কথাও কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু ক্ৰীড়াবিদৰ আদৰ্শ হৈ পৰা মেৰী কম (বক্সিং) ক প্ৰশংসা কৰে। তেখেতে তদুপৰি বিশেষকৈ মহামাৰীটোৰ সময়ছোৱাত তেওঁ কিদৰে তেওঁৰ পৰিয়ালৰ যতন লোৱা আৰু খেল আগবঢ়াই নিবলৈ সক্ষম হয়, তাৰ অন্বেষণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰিয় পান্স আৰু প্ৰিয় খেলুৱৈ কোন সেয়া জানিব খোজে। তেখেতে তেওঁক শুভেচ্ছা জনায়। পিভি সিন্ধু (বেডমিন্টন) ৰ সৈতে বাৰ্তালাপত, প্ৰধানমন্ত্ৰীগৰাকীয়ে হায়দৰাবাদৰ গাছিবোওলিত তেওঁৰ অনুশীলন সম্পৰ্কত বুজ লয়। তেখেতে তদুপৰি তেওঁৰ প্ৰশিক্ষণত খাদ্যাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত সোধে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃক যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক খেলুৱৈ হিচাপে গঢ়ি তুলিব বিচাৰিছে, তেওঁলোকক উদ্দেশ্য কৰি প্ৰদান কৰিব খোজা পৰামৰ্শ আৰু টিপছ আগবঢ়াবলৈ কয়। অলিম্পিকত ক্ৰীড়াবিদগৰাকীৰ সফলতা কামনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যাৱৰ্তনত আদৰণি জনাবলৈ তেখেতেও তেওঁলৈ আইচ ক্ৰীম লৈ থাকিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইলাভেনিল ভালাৰিওৱান (শ্বুটিং) ক তেওঁ কিয় খেলটোৰ প্ৰতি আকৰ্ষিত হৈছিল, সেই কথা সোধে। শ্ৰী মোদীয়ে গুজৰাটৰ আহমেদাবাদত ডাঙৰ-দীঘল হোৱা শ্বুটাৰগৰাকীৰে বাৰ্তালাপ কৰে আৰু তামিলত তেওঁৰ পিতৃ-মাতৃক শুভেচ্ছা জনাই আৰু তেওঁৰ মনি নগৰ অঞ্চলৰপৰা তেওঁ এমএলএ হোৱাৰ আৰম্ভণিৰ সময়ৰ কথা দোহাৰে। তেওঁ কিদৰে অধ্যয়ন আৰু ক্ৰীড়াৰ প্ৰশিক্ষণ, উভয়ৰে সন্তুলন বৰ্তাই ৰাখিছে, সেই কথা জানিব খোজে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সৌৰভ চৌধাৰী (শ্বুটিং) ৰ সৈতে মনোযোগ আৰু মানসিক প্ৰশান্তি বৃদ্ধিত যোগাসনৰ ভূমিকা সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্য্যসূচীত প্ৰবীন ক্ৰীড়াবিদ শাৰথ কামাল (টেবুল টেনিছ) ক পূৰ্বৰ আৰু সাম্প্ৰতিক অলিম্পিকৰ মাজৰ পাৰ্থক্য সন্দৰ্ভত আৰু মহামাৰীৰ প্ৰভাৱ সন্দৰ্ভত সোধে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ প্ৰচুৰ অভিজ্ঞতাই সমগ্ৰ দলটিকে সহায় কৰিব। আন এগৰাকী টেবুল টেনিছৰ বিশাৰদ মণিকা বাট্ৰাৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰিদ্ৰ পৰিয়ালৰ সন্তানক ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে তেওঁক প্ৰশংসাৰে ওপচাই পেলায়। তেখেতে তেওঁ খেলি থকা সময়ত হাতত ত্ৰিৰংগা মেৰিয়াই লোৱাৰ পন্থাৰ কথা উল্লেখ কৰে। তেওঁৰ ক্ৰীড়াত নৃত্যৰ প্ৰতি আসক্তিয়ে চিন্তা নিবাৰণ কৰে নেকি বুলি তেখেতে সোধে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিনেশ ফোগাট (মল্লযুঁজ) ৰ সৈতে মত-বিনিময় কৰি, পৰিয়ালৰ লিগেচীৰ বাবে তেওঁ কিদৰে উচ্চতৰ প্ৰত্যাশাৰে সূত্ৰবদ্ধ হৈছে সেই কথা সোধে। তেওঁৰ প্ৰত্যাহ্বানসমূহৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ এইসমূহৰে কিদৰে মোকাবিলা কৰিছে, সেই কথা সোধে। তেখেতে তদুপৰি তেওঁৰ পিতৃৰ সৈতে বাৰ্তালাপ কৰে আৰু এনে এগৰাকী প্ৰসিদ্ধ জীয়ৰীক কিদৰে সাজু কৰি তুলিছিল সেই সম্পৰ্কত জানিবলৈ বিচাৰে। তেখেতে চাজন প্ৰকাশ (সাঁতোৰ) ৰপৰা তেওঁৰ গুৰুতৰ আঘাত আৰু কিদৰে তেওঁ ইয়াক অতিক্ৰম কৰিলে, সেই কথা সোধে।

মনপ্ৰীত সিং (হকী) ৰে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ সৈতে মত-বিনিময় কৰি মেজৰ ধ্যান চান্দ ইত্যাদিৰ দৰে কিংবদন্তি হকী খেলুৱৈসকলৰ কথা তেখেতৰ মনত পৰি গ’ল আৰু তেওঁৰ দলে এই লিগেচী সজীৱ কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে।

ছানিয়া মিৰ্জা (টেনিছ) ৰ সৈতে মত-বিনিময়ৰ কালত, প্ৰধানমন্ত্ৰীগৰাকীয়ে টেনিছ ক্ৰীড়াৰ বৰ্ধিত জনপ্ৰিয়তা সন্দৰ্ভত উল্লেখ কৰে আৰু জ্যেষ্ঠ ক্ৰীড়াবিদগৰাকীক নতুন প্ৰত্যাশীসকলক পৰামৰ্শ আগবঢ়াবলৈ কয়। তেখেতে তদুপৰি তেওঁক টেনিছত তেওঁৰ সহযোগীৰ সৈতে সমীকৰণ সন্দৰ্ভত জানিব খোজে। তেখেতে তেওঁ যোৱা ৫-৬ বছৰত ক্ৰীড়াত প্ৰত্যক্ষ কৰা পৰিৱৰ্তন সন্দৰ্ভত সোধে। ছানিয়া মিৰ্জাই কয় যে শেহতীয়া বছৰকেইটাত ভাৰতে এটা আত্ম বিশ্বাস প্ৰত্যক্ষ কৰিছে আৰু ফলাফলত ইয়াৰ প্ৰতিফলন ঘটিব।

ভাৰতীয় ক্ৰীড়াবিদসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ বাবে খেলুৱৈসকলক সো-শৰীৰেৰে লগ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে। তেখেতে উল্লেখ কৰে যে মহামাৰীটোৱে তেওঁলোকৰ পন্থা আৰু আনকি অলিম্পিকৰ বছৰটোকো সলনি কৰি পেলাইছে। তেখেতৰ মন কী বাত শীৰ্ষক সম্বোধনত নাগৰিকক অলিম্পিকত তেওঁলোকৰ খেলুৱৈসকলৰ প্ৰতি আনন্দধ্বনি প্ৰকাশ কৰিবলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰে। তেখেতে #Cheer4India ৰ জনপ্ৰিয়তাৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে সমগ্ৰ দেশখনেই তেওঁলোকৰ কাষত আছে আৰু সকলো দেশবাসীৰে আশীৰ্বাদ তেওঁলোকৰ লগত আছে। তেখেতে অৱগত কৰে যে জনসাধাৰণে নমো এপ লগইন কৰিব পাৰে আৰু তেওঁলোকৰ খেলুৱৈসকলৰ প্ৰতি উল্লাস প্ৰদৰ্শন কৰিব পাৰে য’ত ইয়াৰ অৰ্থে বিশেষ ব্যৱস্থা কৰা হৈছে। “ক্ৰীড়াৰ পথাৰত পদাৰ্পণৰ পূৰ্বে আপোনালোক সকলোৰে বাবে ১৩৫ কোটি ভাৰতীয়ৰ এই শুভেচ্ছা হৈছে দেশখনৰ আশীৰ্বাদ,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ সাধাৰণ বৈশিষ্ট্য অৰ্থাৎ সাহসী, আত্মবিশ্বাসী আৰু পজিটিভৰ কথা উল্লেখ কৰে। তেখেতে কয় যে সকলো খেলুৱৈৰ মনত নিয়মানুৱৰ্তিতা (Discipline), সমৰ্পন (Dedication) আৰু সংকল্প (Determination) বিদ্যমান। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়াবিদসকলৰ অংগীকাৰ আৰু প্ৰতিযোগী মনোভাৱ উভয়ৰে কথা দোহাৰে। নব্য ভাৰতত একে গুণ লাভ কৰা যায়। ক্ৰীড়াবিদসকলে নব্য ভাৰতক প্ৰতিফলিত কৰে আৰু ৰাষ্ট্ৰখনৰ ভৱিষ্যতক প্ৰতীকীৰূপত দাঙি ধৰে।

তেখেতে কয়, এটা নতুন চিন্তা আৰু নতুন পন্থাৰে প্ৰতিজন খেলুৱৈৰ সৈতে আজি কিদৰে দেশখন থিয় হৈছে, সেয়া তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আজি আপোনালোকৰ প্ৰেৰণা দেশখনৰ বাবে গুৰুত্বপূৰ্ণ। তেখেতে কয় যে খেলুৱৈসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনীয়তাৰ সৈতে মুক্তভাৱে খেলিবলৈ উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি অহা হৈছে আৰু তেওঁলোকৰ ক্ৰীড়া আৰু কৌশলৰ অগ্ৰগতি সাধনতো সমনোযোগ প্ৰদান কৰা হৈছে। ক্ৰীড়াবিদসকলক সহায়তা আগবঢ়াবলৈ যোৱা বছৰকেইটাত পৰিৱৰ্তন সাধন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলে উন্নতৰ প্ৰশিক্ষণ শিবিৰ আৰু উন্নতৰ সা-সঁজুলি লাভ কৰাটো নিশ্চিত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আজি, খেলুৱৈসকললৈ অধিক আন্তঃৰাষ্ট্ৰীয় এক্সপজাৰ আগবঢ়োৱা হৈছে। তেখেতে কয় যে ক্ৰীড়া সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহে ক্ৰীড়াবিদসকলৰ পৰামৰ্শক অগ্ৰাধিকাৰ প্ৰদান কৰাৰেপৰা চমু সময়ৰ ভিতৰতে ইমান বেছি পৰিৱৰ্তন সাধন হৈছে। তেখেতে তদুপৰি সন্তোষ প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবেঅলিম্পিকৰ বাবে গৰিষ্ঠ সংখ্যক খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। তেখেতে কয় যে ‘ফিট ইণ্ডিয়া’ আৰু ‘খেল’ ইণ্ডিয়া’ ৰ দৰে অভিযানসমূহে ইয়ালৈ বৰঙণি যোগাইছে। তেখেতে কয়, প্ৰথমবাৰৰ বাবে গৰিষ্ঠ সংখ্যক ক্ৰীড়াত ভাৰতৰপৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে গৰিষ্ঠ সংখ্যক ক্ৰীড়াত ভাৰতে যোগ্যতা অৰ্জন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ যুৱ শক্তিৰ বিশ্বাস আৰু শক্তি দেখি, বিজয় কেৱল মাত্ৰ ভাৰতৰ অভ্যাসত পৰিণত হোৱাৰ দিনটোলৈ যে বেছি দূৰ নাই, সেই আশা তেখেতৰ মনত জন্মিছে। তেখেতে খেলুৱৈসকলক তেওঁলোকৰ সমগ্ৰ প্ৰদানৰ পৰামৰ্শ আগবঢ়াই আৰু দেশবাসীক “Cheer4India” ৰ আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 এপ্ৰিল 2026
April 18, 2026

From Tap Water to 40,000 Manuscripts: Modi’s Vision Delivers Jobs, Clean Energy & Civilisational Pride