Ensure full commitment to fight the pandemic, urges PM Modi
Spread messages on keeping villages Corona-free and following COVID-appropriate behaviour, even when cases are declining: PM
Methods and strategies in dealing with the pandemic should be dynamic as the virus is expert in mutation and changing the format: PM

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কথোপকথনৰ সময়ছোৱাত বিভিন্ন স্থানৰ পৰা সংযোজিত হোৱা বিষয়াবৰ্গই ক’ভিড-ৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক সন্মুখৰ পৰা নেতৃত্ব দান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বিষয়াবৰ্গই তেওঁলোকৰ জিলাসমূহত ক’ভিডৰ শেহতীয়া প্ৰকোপ প্ৰশমিত কৰাৰ বাবে গ্ৰহণ কৰা ন ন পদক্ষেপসমূহৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ কথা প্ৰধানমন্ত্ৰীৰ ওচৰত অৱগত কৰে। তেওঁলোকে যথা সময়ত নিৰীক্ষণ তথা সামৰ্থ্য বৰ্দ্ধনৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি লাভ কৰা সাফল্যৰ কথা প্ৰধানমন্ত্ৰীক অৱগত কৰে। উপস্থিত বিষয়া মণ্ডলীয়ে তেওঁলোকৰ জিলাসমূহত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে ব্যাপক সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়েও সবিশেষ তথ্য জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলোকে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ কৰোণা ভইৰাছে কামবোৰ অধিক চাহিদাপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক কৰি তুলিলে বুলি মন্তব্য কৰে। নতুন প্ৰত্যাহ্বাপূৰ্ণ এনে পৰিস্থিতিক চম্ভালিবলৈ নতুন নতুন ৰণ কৌশল আৰু সমাধানসূত্ৰৰ প্ৰয়োজন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। শেহতীয়া দিনদিয়েকত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰিও প্ৰধানমন্ত্ৰীয়ে সামান্য পৰিমাণে হ’লেও ইয়াৰ সংক্ৰমণ অব্যাহত থকালৈকে প্ৰত্যাহ্বান থাকিবই বুলিও সকীয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ স্বাস্থ্য কৰ্মী, আগশাৰীৰ কৰ্মী তথা বিষয়াবৰ্গই প্ৰদৰ্শন কৰা উতসৰ্গিত মনোভাৱ আৰু আন্তৰিকতাপূৰ্ণ দৃঢ়তাৰ ভূয়সী প্ৰশংসা কৰে। সংশ্লিষ্টসকলৰ অভিজ্ঞতা আৰু ক্ষেত্ৰভিত্তিক কৰ্ম অভিজ্ঞতাৰ তথ্যসমূহৰ আধাৰত ব্যৱহাৰিক আৰু প্ৰভাৱশালী নীতি-নিৰ্দেশনা যুগুতোৱাত সহায় হৈছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে।

 

স্থানীয় অভি়্জ্ঞতাৰ সদ্ব্যৱহাৰত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এখন দেশ হিচাপে সকলোৱে সংঘবদ্ধ হৈ কামত নিমগ্ন হোৱাত গুৰুত্ব আৰোপ কৰে। সংক্ৰমণৰ হাৰ কমাৰ পিচতে গাঁওসমূহক সম্পূৰ্ণ ৰূপে কৰোণামুক্ত কৰা আৰু ক’ভিড-বিহিত আচৰণ প্ৰদৰ্শনত কঠোৰতা অৱলম্বনৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁ বিষয়াসকলক গাঁও আৰু চহৰাঞ্চলৰ বাবে উপযোগীকৈ কৰ্ম পৰিকল্পনা যুগুতোৱাত মনোনিৱেশ কৰাত গুৰুত্ব আৰোপ কৰে। 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"