ডিজিটেলী সবল যুৱ সমাজে এই দশকক ‘ভাৰতৰ প্ৰযুক্তি’ ৰ অৰ্থে কৰি তুলিবঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ সাধনীঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে দ্ৰুত লাভ, সম্পূৰ্ণ লাভ, ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে ন্যূনতম চৰকাৰ, সৰ্বাধিক প্ৰশাসনঃ প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ সময়ছোৱাত ভাৰতৰ ডিজিটেল সমাধানসমূহে বৈশ্বিক মনোযোগ আকৰ্ষণ কৰেঃ প্ৰধানমন্ত্ৰী
১০ কোটিৰো অধিক কৃষক পৰিয়ালৰ একাউন্টত ১.৩৫ লাখ কোটি টকা জমা হয়ঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াই ওৱান নেশ্যন-ওৱান এমএছপিৰ উদ্দীপনা বাস্তৱায়িত কৰেঃ প্ৰধানমন্ত্ৰী

আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই উদ্ভাৱনসমূহ ক্ষীপ্ৰতাৰে অভিযোজনাত ভাৰতে উদ্ভাৱন আৰু সামৰ্থ্য উভয়তে ইচ্ছা প্ৰদৰ্শন কৰিছে। ডিজিটেল ইণ্ডিয়া হৈছে ভাৰতৰ সংকল্প। ডিজিটেল ইণ্ডিয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ সাধনী। ডিজিটেল ইণ্ডিয়া হৈছে এজন শক্তিশালী ভাৰতীয়ৰ অভিব্যক্তি যাৰ ২১ শতিকাত বৰ্ধন ঘটিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ন্যূনতম চৰকাৰ- সৰ্বাধিক প্ৰশাসনৰ মন্ত্ৰ দোহাৰে আৰু ডিজিটেল ইণ্ডিয়াই কিদৰে চৰকাৰ আৰু জনসাধাৰণ, ব্যৱস্থা আৰু সুবিধা, সমস্যা আৰু সমাধানৰ মাজৰ ব্যৱধান হ্ৰাস কৰি সাধাৰণ জনতাক সবলীকৰণ কৰিছে তাৰ ব্যাখ্যা আগবঢ়ায়। তেখেতে বিশেষকৈ মহামাৰীটোৰ সময়ছোৱাত ডিজিলকাৰে কিদৰে কেইবা নিযুত লোকক সহায় আগবঢ়াইছে, তাৰ উদাহৰণ দাঙি ধৰে। সমগ্ৰ ৰাষ্ট্ৰখনতে বিদ্যালয়ৰ প্ৰমাণপত্ৰ, চিকিৎসা সম্পৰ্কীয় নথি আৰু আন গুৰুত্বপূৰ্ণ প্ৰমাণপত্ৰসমূহ ডিজিটেলী মজুত কৰা হয়। তেখেতে কয়, ড্ৰাইভিং লাইচেন্স, জন্মৰ প্ৰমাণ পত্ৰ লাভ, বিদ্যুতৰ বিল পৰিশোধ, পানীৰ বিল পৰিশোধ, আয় কৰ ফাইলিং ইত্যাদিৰ দৰে সেৱাসমূহ ক্ষীপ্ৰ আৰু সুবিধাজনক হৈ উঠে আৰু গাঁৱসমূহত ই কমন চাৰ্ভিছ চেন্টাৰ (CSC) সমূহে জনসাধাৰণক সহায় আগবঢ়ায়। ডিজিটেল ইণ্ডিয়াৰ জৰিয়তেই ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ দৰে পদক্ষেপৰাজি বাস্তৱায়িত হৈ উঠে। সৰ্বোচ্চ ন্যায়ালয়ে সকলো ৰাজ্যকে সংশ্লিষ্ট ৰাজ্যত এই পদক্ষেপ ৰূপায়ণৰ অৰ্থে আহ্বান জনোৱা কাৰ্য্যক তেখেতে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিজিটেল ইণ্ডিয়াই হিতাধিকাৰীসকলৰ জীৱন যাত্ৰা সলনি কৰি পেলোৱাক লৈ সন্তোষ ব্যক্ত কৰে। তেখেতে স্বনিধি আঁচনিৰ লাভা-লাভসমূহৰ কথা উল্লেখ কৰে আৰু স্বামিত্ব আঁচনিৰ জৰিয়তে মালিকীস্বত্বৰ সুৰক্ষাহীনতাৰ সমস্যা সমাধানৰ কথা কয়। তেখেতে তদুপৰি প্ৰত্যন্ত মেডিচিন সন্দৰ্ভত ই-সঞ্জীৱনী আঁচনিৰ কথা উল্লেখ কৰে আৰু ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ অধীনত এটি ফলপ্ৰসূ মাধ্যমৰ অৰ্থে অব্যাহত থকা কাৰ্য্যকলাপৰ কথা অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ সময়ছোৱাত ভাৰতে প্ৰস্তুত কৰি উলিওৱা ডিজিটেল সমাধানসমূহ আজি সমগ্ৰ বিশ্বতে আলোচনা আৰু আকৰ্ষণৰ বিষয় হৈ পৰিছে বুলি কয়। বিশ্বখনৰ অন্যতম সৰ্ববৃহৎ কনটেক্ট ট্ৰেচিং এপ আৰোগ্য সেতুৱে ক’ৰোনাৰ সংক্ৰমণ প্ৰতিহতকৰণত বহু পৰিমাণে সহায় আগবঢ়াইছে। তেখেতে লগতে কয় যে বহু ৰাষ্ট্ৰই তদুপৰি টিকাদানৰ অৰ্থে ভাৰতৰ ক’উইন এপৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিছে। টিকাদানৰ প্ৰক্ৰিয়াৰ অৰ্থে এনে এটা নিৰীক্ষণ আহিলা হৈছে আমাৰ কাৰিকৰী কুশলতাৰ প্ৰমাণ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে সকলোৰে বাবে সুযোগ, সকলোৰে বাবে সুবিধা, সকলোৰে অংশগ্ৰহণ। ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে চৰকাৰী ব্যৱস্থাটোত সকলোৰে অংশগ্ৰহণ। ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে এটা স্বচ্ছ, অ-বৈষম্যমূলক ব্যৱস্থা আৰু দুৰ্নীতিৰ ওপৰত এটা আঘাত। ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে সময়, শ্ৰম আৰু ধনৰ ৰাহি। ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে দ্ৰুত লাভসম্পূৰ্ণ লাভ। ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে ন্যূনতম চৰকাৰসৰ্বাধিক প্ৰশাসন।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনাৰ সময়ছোৱাত ডিজিটেল ইণ্ডিয়া অভিযানে দেশখনক সহায় কৰিছে। যি সময়ত উন্নত ৰাষ্ট্ৰসমূহে লকডাউনৰ বাবে তেওঁলোকৰ নাগৰিকলৈ সাহাৰ্য্যৰ ধন প্ৰেৰণ কৰিবলৈ অসমৰ্থ হৈছিল, সেই সময়ত ভাৰতে নাগৰিকৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ হাজাৰ-হাজাৰ কোটি টকা প্ৰেৰণ কৰিছিল। ডিজিটেল লেন-দেনে কৃষকসকলৰ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰে। পিএম কিষাণ সন্মান নিধিৰ অধীনত, ১০ কোটিৰো অধিক কৃষক পৰিয়ালৰ একাউন্টত ১.৩৫ লাখ কোটি টকা পোনপটীয়াভাৱে জমা কৰা হয়। ডিজিটেল ইণ্ডিয়াই তদুপৰি ওৱান নেশ্যন, ওৱান এমএছপিৰ উদ্দীপনা বাস্তৱায়িত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ডিজিটেল ইণ্ডিয়াৰ বাবে মাত্ৰাধিক আৰু ক্ষীপ্ৰতাৰে আন্তঃগাঁথনি নিৰ্মাণত বিশেষ গুৰুত্ব আৰোপ কৰা যায়। তেখেতে লগতে কয় যে ২.৫ লাখ কমন চাৰ্ভিছ চেন্টাৰৰ জৰিয়তে গাঁওসমূহত ইন্টাৰনেট উপলব্ধ হৈ পৰে। ভাৰত নেট আঁচনিৰ অধীনত, গাঁওসমূহত ব্ৰডবেণ্ড ইন্টাৰনেট উপলব্ধ কৰিবলৈ মিছন ম’ডত কাম অব্যাহত ৰখা হৈছে। PM WANI ৰ জৰিয়তে সুগম কেন্দ্ৰ গঢ়ি তোলা হৈছে যাৰ জৰিয়তে গ্ৰামাঞ্চলৰ যুৱ সমাজে উন্নতৰ সেৱা আৰু শিক্ষাৰ অৰ্থে অধিক-গতিৰ ইন্টাৰনেটৰে সংযোজিত হ’ব পাৰিছে। সমগ্ৰ ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীসকললৈ সাশ্ৰয়ী টেবলেট আৰু ডিজিটেল ডিভাইচসমূহ আগবঢ়োৱা হৈছে। এই লক্ষ্য বাস্তৱায়িতকৰণৰ অৰ্থে ইলেকট্ৰনিক কোম্পানীসমূহলৈ প্ৰডাকশ্যন লিংকড চাবচিটি আগবঢ়োৱা হৈছে। ডিজিটেল ইণ্ডিয়াৰ বাবে, যোৱা ৬-৭ বছৰত, ভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ বেংক একাউন্টলৈ প্ৰায় ১৭ লাখ কোটি টকা হস্তান্তৰিত কৰা যায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ডিজিটেল প্ৰযুক্তিত ভাৰতৰ সামৰ্থ্য, বৈশ্বিক ডিজিটেল অৰ্থনীতিত ভাৰতৰ শ্বেয়াৰ বৰ্ধনৰ লক্ষ্যৰে এই দশকটো আগবাঢ়িছে। ৫জি প্ৰযুক্তিয়ে বিশ্বখনত লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিব আৰু ভাৰত ইয়াৰ বাবে সাজু হৈ আছে। তেখেতৰ বিশ্বাস ব্যক্ত কৰি কয় যে ডিজিটেল সবলীকৰণৰ বাবে যুৱ সমাজে ইয়াক নতুন শিখৰত আৰোহণ কৰাব। ই এই দশকটো ‘ভাৰতৰ প্ৰযুক্তি’ ৰ অৰ্থে কৰি তোলাত সহায় আগবঢ়াব।

প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মত-বিনিময়ত, উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ছাত্ৰী শ্ৰীমতী সুহানী চাহুৱে দীক্ষা এপৰে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু লকডাউনৰ সময়ছোৱাত তেওঁৰ শিক্ষাৰ অৰ্থে ই কিদৰে সহায়ক হৈ উঠিছিল, সেই কথা কয়। মহাৰাষ্ট্ৰৰ হিঙ্গোলিৰ শ্ৰী প্ৰহ্লাদ বোৰঘাদে ই-নাম এপৰ জৰিয়তে কিদৰে তেওঁ এটা উচিত মূল্য লাভ আৰু পৰিবহণ ব্যয় ৰাহি কৰিছিল, সেই কথা কয়। বিহাৰৰ পূব চম্পাৰণৰ নেপাল সীমান্তৱৰ্তী এখন গাঁৱৰ বাসিন্দা শ্ৰী শুভম কুমাৰে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁ কিদৰে লক্ষ্ণৌলৈ যোৱাৰ প্ৰয়োজনীয়তা অবিহনেই ই-সঞ্জীৱনী এপৰ জৰিয়তে চিকিৎসকৰপৰা পৰামৰ্শ গ্ৰহণত তেওঁৰ আইতাকক সহায় কৰিবলৈ সক্ষম হৈছে, সেই কথা ব্যক্ত কৰে। ই-সঞ্জীৱনী এপৰ জৰিয়তে পৰিয়াললৈ পৰামৰ্শ আগবঢ়োৱা লক্ষ্ণৌৰ ডাঃ ভূপেন্দৰ সিঙে এই এপটোৰ জৰিয়তে পৰামৰ্শ আগবঢ়োৱাটো যে সুবিধাজনক, সেই অভিজ্ঞতা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি তেওঁক চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু উন্নতৰ সা-সুবিধাৰে ই-সঞ্জীৱনী এপটোৰ অগ্ৰগতি সাধন কৰা হ’ব বুলি তেওঁক আশ্বাস প্ৰদান কৰে।

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ শ্ৰীমতী অনুপমা ডুবেয়ে মহিলা ই-হাটৰ জৰিয়তে পৰম্পৰাগত ছিল্কৰ শাৰী বিক্ৰীৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু কিদৰে নতুন ডিজাইনৰ ছিল্কৰ শাৰী প্ৰস্তুতৰ অৰ্থে ডিজিটেল পেড আৰু ষ্টাইলাছৰ দৰে শেহতীয়া প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিছে, সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ জৰিয়তে সহজেই ৰেচন লাভৰ অভিজ্ঞতা ব্যক্ত কৰি বৰ্তমান উত্তৰাখণ্ডৰ দেৰাদুনৰ বাসিন্দা অভিবাসী শ্ৰী হৰি ৰাম অভিভূত হৈ পৰে। হিমাচল প্ৰদেশৰ ধৰমপুৰৰ বাসিন্দা শ্ৰী মেহাৰ দত্ত শর্মাই কিদৰে সমীপৱৰ্তী চহৰলৈ নোযোৱাকৈয়ে তেওঁৰ প্ৰত্যন্ত গাঁৱৰপৰা দ্ৰব্য ক্ৰয় কৰাত কমন চাৰ্ভিছ চেন্টাৰৰ ই-ষ্ট’ৰে সহায় আগবঢ়াইছিল, সেই অভিজ্ঞতা ব্যক্ত কৰে। মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পদপথৰ ব্যৱসায়ী শ্ৰীমতী নাজমিন শ্বাহে মহামাৰীটোৰ পাছত আৰ্থিকভাৱে পুনৰ স্বচ্ছল হৈ উঠাত পিএম স্বনিধি যোজনাই কিদৰে তেওঁক সহায় কৰিলে, সেই কথা কয়। মেঘালয়ৰ কেপিঅ’ কৰ্মচাৰী শ্ৰীমতী ওয়াণ্ডামাপি চিয়েমিলিহে কয় যে তেওঁ ভাৰত বিপিঅ’ আঁচনিখনৰ বাবে অতিশয় কৃতজ্ঞ কিয়নো ইয়াৰ জৰিয়তেই তেওঁ ক’ভিড-১৯ মহামাৰীটোৰ সময়ছোৱাত এটা অতিশয় সুৰক্ষিত পৰিবেশত কাম কৰিবলৈ সক্ষম হৈছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge

Media Coverage

After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares glimpses from the Padma Awards ceremony
May 25, 2026

Prime Minister Shri Narendra Modi today shared glimpses from the Padma Awards ceremony.

The Prime Minister noted that the ceremony was filled with pride, gratitude, and inspiration as distinguished personalities from diverse fields were honoured for their exceptional contributions to society and the nation.

Shri Modi highlighted that India’s strength lies in such remarkable individuals whose work enriches our collective journey.

The Prime Minister posted on X in a series of tweets:

"Attended the Padma Awards ceremony today. The ceremony was filled with pride, gratitude and inspiration as distinguished personalities from diverse fields were honoured for their exceptional contributions to society and our nation.

@PadmaAwards"

"India’s strength lies in such remarkable individuals whose work enriches our collective journey.

Here are some more glimpses from the Padma ceremony.

@PadmaAwards"

"Every Padma awardee has had an inspiring life journey. The official Padma Awards Instagram page highlights some of their fascinating efforts. Do have a look.

instagram.com/padmaawards/"