প্ৰধানমন্ত্ৰীয়ে মহিলা, যুৱক-যুৱতী আৰু আৰ্থিকভাৱে দুৰ্বল নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সৈতে জড়িত দৰকাৰী ফাইলবোৰত স্বাক্ষৰ কৰে
গুৰুত্বপূৰ্ণ নতুন পদক্ষেপসমূহ : পি এম ৰাহট আঁচনি, লাখপতি দিদিৰ সংখ্যা দুগুণ বৃদ্ধিৰে ৬ কোটিৰ লক্ষ্য নিৰ্ধাৰণ, কৃষি আন্তঃগাঁথনি পুঁজি দুগুণ বৃদ্ধিৰে ২ লাখ কোটি কৰা, ১০,০০০ কোটিৰ মূলধনসহ ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অব্ ফাণ্ডছ ২.০

সেৱা তীৰ্থলৈ স্থানান্তৰিত হোৱাৰ পিছত প্ৰথম সিদ্ধান্তবোৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে সেৱাৰ মনোভাব প্ৰতিফলিত কৰা সিদ্ধান্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে। এই সিদ্ধান্তবোৰে কৃষক, মহিলা, যুৱক-যুৱতী আৰু দুৰ্বল নাগৰিককে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীকে স্পৰ্শ কৰে।

১/ পি এম ৰাহট আঁচনিঃ প্ৰতিজন নাগৰিকৰ বাবে জীৱন ৰক্ষাকাৰী সুৰক্ষা

প্ৰধানমন্ত্ৰীয়ে পি এম ৰাহট আঁচনিৰ শুভাৰম্ভণিত অনুমোদন জনায়।

এই পদক্ষেপৰ অধীনত দুৰ্ঘটনাগ্ৰস্ত লোকসকলে ১.৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব, যাতে তাৎক্ষণিক চিকিৎসাৰ অভাৱত কোনো লোকে প্ৰাণ হেৰুৱাব নালাগে।

২) লাখপতি দিদিৰ সংখ্যা দুগুণ বৃদ্ধিৰে ৬ কোটি কৰাৰ লক্ষ্য

চৰকাৰে ২০২৭ চনৰ মাৰ্চ মাহৰ প্ৰকৃত সময়সীমাতকৈ এবছৰৰো অধিক পূৰ্বে ৩ কোটি লাখপতি দিদিৰ সংখ্যা অতিক্ৰম কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ৬ কোটি লাখপতি দিদিৰ নতুন, অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ফলত ইয়াৰ পৰিসৰ আৰু আকাংক্ষা দুয়োটা দুগুণ হৈছে।

৩/ কৃষকসকলৰ বাবে বৃহৎ সকাহ : কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ লক্ষ্য দুগুণ বৃদ্ধিৰে ২ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে

ভাৰতৰ সমগ্ৰ কৃষি মূল্য শৃংখল শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ লক্ষ্য ১ লাখ কোটিৰ পৰা ২ লাখ কোটি টকালৈ দুগুণ কৰাৰ কথা ঘোষণা কৰিছে।

৪/ ১০,০০০ কোটিৰ মূলধনৰ সৈতে ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অব্ ফাণ্ডছ ২.০ : উদ্ভাৱনৰ পৰৱৰ্তী ঢৌ

ভাৰতৰ উদ্ভাৱন পৰিৱেশতন্ত্ৰক, বিশেষকৈ গভীৰ প্ৰযুক্তি, প্ৰাৰম্ভিক পৰ্যায়ৰ ধাৰণা, উন্নত উৎপাদন আৰু যুগান্তকাৰী প্ৰযুক্তিৰ ক্ষেত্ৰত শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০,০০০ কোটি টকাৰ মূলধনৰ সৈতে ষ্টাৰ্টআপ ইণ্ডিয়া এফঅ’এফ ২.০ত অনুমোদন জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push

Media Coverage

₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.