আজি মই জৰ্ডান, ইথিঅ’পিয়া গণৰাজ্য আৰু ওমান এই তিনিখন দেশ ভ্ৰমণ আৰম্ভ কৰিছো, এই দেশবোৰৰ সৈতে ভাৰতৰ যুগ যুগৰ পুৰণি সভ্যতাৰ সম্পৰ্কৰ লগতে ব্যাপক সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক আছে।

প্ৰথমতে, মই মহামান্য ৰজা দ্বিতীয় আব্দুল্লাহ ইবন আল হুছেইনৰ আমন্ত্ৰণত জৰ্ডান ভ্ৰমণ কৰিম। এই ঐতিহাসিক ভ্ৰমণে আমাৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫বছৰ চিহ্নিত কৰিব। মোৰ ভ্ৰমণকালত মই জৰ্ডানৰ মহামান্য ৰজা দ্বিতীয় আব্দুল্লাহ ইবন আল হুছেইন, প্ৰধানমন্ত্ৰী শ্ৰীযুত জাফৰ হাছানৰ সৈতে বিশদ আলোচনা কৰিম আৰু লগতে ৰাজকুমাৰ আল হুছেইন বিন আব্দুল্লাহ দ্বিতীয়ৰ সৈতে বৈঠকত অংশ ল’ম। আম্মানত মই ভাৰত-জৰ্ডান সম্পৰ্কত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ভাৰতীয় সম্প্ৰদায়কো সাক্ষাৎ কৰিম।

ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ আমন্ত্ৰণত আম্মানৰ পৰা মই প্ৰথমবাৰৰ বাবে ইথিঅ’পিয়া ভ্ৰমণ কৰিম। আদ্দিছ আবাবা আফ্ৰিকান ইউনিয়নৰো মুখ্য কাৰ্যালয়। ২০২৩চনত ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ সময়ত আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে গ্ৰহণ কৰা হৈছিল। আদ্দিছ আবাবাত মই মহামান্য ড০ আবি আহমেদ আলীৰ সৈতে বিশদ আলোচনা কৰিম আৰু তাত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ সুযোগো পাম। মই সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিয়াৰ সৌভাগ্য লাভ কৰিম, য’ত মই "গণতন্ত্ৰৰ মাতৃ" হিচাপে ভাৰতৰ যাত্ৰা আৰু ভাৰত- ইথিঅ’পিয়া অংশীদাৰিত্বই গোলকীয় দক্ষিণলৈ আনিব পৰা মূল্যৰ বিষয়ে মোৰ চিন্তাধাৰা ভাগ বাটোৱাৰা কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো।

 

যাত্ৰাৰ অন্তিম পৰ্যায়ত মই ওমান ভ্ৰমণ কৰিম। মোৰ এই ভ্ৰমণে ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ হোৱাটো চিহ্নিত কৰিব। মাস্কাটত মই ওমানৰ চুলতানৰ সৈতে আৰু আমাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে আমাৰ শক্তিশালী বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত আলোচনাৰ বাবে আগ্ৰহী। মই ওমানত থকা প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশকো সম্বোধন কৰিম, যিয়ে দেশৰ উন্নয়ন আৰু আমাৰ অংশীদাৰিত্ব বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After India AI Impact Summit, firms turn talk into business globally

Media Coverage

After India AI Impact Summit, firms turn talk into business globally
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Madhya Pradesh meets the Prime Minister
March 16, 2026

Chief Minister of Madhya Pradesh, Dr Mohan Yadav met with the Prime Minister Shri Narendra Modi, today, at New Delhi.

The Prime Minister posted on X;

“Chief Minister of Madhya Pradesh, @DrMohanYadav51 met Prime Minister @narendramodi.”

@CMMadhyaPradesh