মোৰ মৰমৰ দেশবাসীসকল, এখন ৰাষ্ট্ৰ হিচাপত, এটা পৰিয়ালৰ হিচাপত, আপোনালোকে, আমি, সমগ্ৰ দেশে একঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷এনেকুৱা এক ব্যৱস্থা, যাৰ বাবে জম্মু–কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভাতৃ–ভগ্নীসকলঅনেক অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকৰ বিকাশৰ বাধাসমূহ এতিয়া দূৰ হ’ল৷ যি সপোন চৰ্দাৰ পেটেলৰআছিল, বাবা চাহেব আম্বেদকাৰৰ আছিল, ডাক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আছিল,  অটলজী আৰু কোটি কোটি দেশভক্তৰ আছিল, সেয়া এতিয়া বাস্তৱায়িত হৈছে৷ জম্মু–কাশ্মীৰ আৰু লাডাখত এক নতুন যুগৰ সূচনা হৈছে৷ এতিয়া দেশৰ সকলো নাগৰিক অধিকাৰো সমান আৰু দায়িত্বও সমান৷ মই জম্মু–কাশ্মীৰৰ জনতাক, লাডাখৰ জনতাক আৰু প্ৰত্যেক দেশবাসীলৈ অলেখ অভিনন্দন জনাইছো৷

 

বন্ধুসকল, সামাজিক জীৱনৰ কিছুমান কথা সময়ৰ সৈতে এইদৰে মিলি যায় যে বহুসময়ত সেই কথাসমূহকে স্থায়ী বুলি বিবেচনা কৰা হয়৷ এনেকুৱা ভাৱ হয় যে কোনো পৰিৱৰ্তন নহ’ব, এনেকৈয়েই চলি থাকিব৷ অনুচ্ছেদ ৩৭০ৰ সৈতেও এনে ভাৱনাৰেই সৃষ্টি হৈছিল৷ তাৰ দ্বাৰা জম্মু–কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভাতৃ–ভগ্নীসকলৰ, আমাৰ শিশুসকলৰ যি হানি হৈছিল সেই বিষয়ে কোনো চৰ্চাই হোৱা নাছিল৷ আচৰিত কথা এয়েই যে আপুনি যাৰ সৈতেই কথা নাপাতক কিয়, কোনেও এই কথা ক’বলৈ সক্ষম নহয় যে অনুচ্ছেদ ৩৭০ৰ দ্বাৰা জম্মু–কাশ্মীৰৰ জনতাৰ জীৱনত কি লাভ হৈছিল৷

 

ভাতৃ আৰু ভগ্নীসকল, অনুচ্ছেদ ৩৭০ আৰু ৩৫–ক ই জম্মু–কাশ্মীৰক বিচ্ছিন্নতাবাদ, সন্ত্ৰাসবাদ, পৰিয়ালতন্ত্ৰ আৰুব্যৱস্থাসমূহত বৃহৎ মাত্ৰাত ভ্ৰষ্টাচাৰৰ পৰিৱৰ্তে একো নিদিলে৷ এই দুয়োটা অনুচ্ছেদক দেশৰ বিৰুদ্ধে, কিছুমান লোকৰ ভাৱনাক আঘাত কৰাৰ বাবে পাকিস্তানৰ দ্বাৰা এক অস্ত্ৰৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল৷ ইয়াৰ ফলত যোৱা তিনিটা দশকত প্ৰায় ৪২ হাজাৰ নিৰ্দোষী লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, জম্মু–কাশ্মীৰ আৰু লাডাখৰ বিকাশ সেই গতিত হোৱা নাছিল যি তেওঁলোকৰ অধিকাৰ আছিল৷ এতিয়া এই ব্যৱস্থাৰ সংশোধন হোৱাৰ ফলত জম্মু–কাশ্মীৰ আৰু লাডাখৰ জনতাৰ বৰ্তমানৰ পৰিস্থিতি ঠিক হোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতো সুৰক্ষিত হ’ব৷

 

বন্ধুসকল, আমাৰ দেশৰ যিকোনো চৰকাৰেই হওক, তেওঁলোকে সংসদত আইন প্ৰণয়ন কৰি দেশৰ ভালৰ বাবে কাম কৰে৷ যি দলৰেই চৰকাৰ নহওক কিয়, যি মিত্ৰজোঁটৰ চৰকাৰেই নহওক কিয়, এই কাৰ্য নিৰন্তৰে পৰিচালিত হয়৷ আইন প্ৰস্তত কৰাৰ সময়ত অনেক বিবাদ হয়, চিন্তন–মন্থন হয়, তাৰ আৱশ্যকতা, তাৰ প্ৰভাৱসমূহ সামৰি গুৰুতৰ সিদ্ধান্ত প্ৰদান কৰা হয়৷ এই প্ৰক্ৰিয়াসমূহ অতিক্ৰমি যি আইন প্ৰস্তুত হয়, সি সমগ্ৰ দেশৰ জনতাৰেই কল্যাণ কৰে৷

কিন্তু কোনেও কল্পনা কৰিব নোৱাৰে যে সংসদে বৃহৎ সংখ্যাত ইমানবোৰ আইন প্ৰস্তুত কৰিলে আৰু সেয়া দেশৰ এটা প্ৰান্তত প্ৰণয়নেই নহয়৷ তাৰোপৰি, পূৰ্বৰ যি চৰকাৰ আছিল, এখন আইন প্ৰস্তুত কৰি ৱাহ–ৱাহ লৈছিল, তেওঁলোকেও এয়া দাবী কৰিব নোৱাৰে যে তেওঁলোকৰ সৃষ্ট আইনে জম্মু–কাশ্মীৰত প্ৰণয়ন হৈছে৷ যি আইন দেশৰ সমগ্ৰ জনতাৰ বাবে প্ৰণয়ন কৰা হৈছিল, তাৰ লাভৰ পৰা জম্মু–কাশ্মীৰৰ ডেৰ কোটিতকৈও অধিক জনতা বঞ্চিত হৈ ৰৈছিল৷ চিন্তা কৰক,দেশৰ অন্য ৰাজ্যত শিশুসকলৰ শিক্ষাৰ অধিকাৰ আছে কিন্তু জম্মু–কাশ্মীৰৰ শিশু ইয়াৰ পৰা বঞ্চিত আছিল৷

দেশৰ অন্য ৰাজ্যৰ কন্যাসকলে যি অধিকাৰ লাভ কৰে, সেই সকলো অধিকাৰ জম্মু–কাশ্মীৰৰ কন্যাসকলে পোৱা নাছিল৷দেশৰ অন্য ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলৰ বাবে চাফাই কৰ্মচাৰী আইন প্ৰযোজ্য কিন্তু জম্মু–কাশ্মীৰৰ চাফাই কৰ্মচাৰী ইয়াৰ পৰা বঞ্চিত আছিল৷ দেশৰ অন্য ৰাজ্যত দলিতসকলৰ ওপৰত অত্যাচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে কিন্তু জম্মু–কাশ্মীৰত এনেকুৱা নাছিল৷ দেশৰ অন্য ৰাজ্যত সংখ্যালঘূসকলৰ কল্যাণৰ সংৰক্ষণৰ বাবে সংখ্যালঘূ আইন প্ৰযোজ্য কিন্তু জম্মু–কাশ্মীৰত এনেকুৱা নাছিল৷ দেশৰ অন্য ৰাজ্যত শ্ৰমিকসকলৰ কল্যাণৰ সুৰক্ষাৰ বাবে ন্যূনতম বেতন আইন প্ৰযোজ্য কিন্তু জম্মু–কাশ্মীৰত কাম কৰা শ্ৰমিকসকলৰ বাবে এয়া কেৱল কাগজতেই সীমাৱদ্ধ হৈ ৰৈছিল৷ দেশৰ অন্য ৰাজ্যত নিৰ্বাচনৰ সময়ত অনুসূচীত জনজাতিৰ ভাতৃ–ভগ্নীসকলে সংৰক্ষণৰ সুবিধা পাইছিল কিন্তু জম্মু–কাশ্মীৰত এনেকুৱা নাছিল৷

 

বন্ধুসকল, এতিয়া অনুচ্ছেদ ৩৭০ আৰু ৩৫–ক ইতিহাস হোৱাৰ পিছত ইয়াৰ ঋণাত্মক প্ৰভাৱৰ পৰা জম্মু–কাশ্মীৰ অতি শীঘ্ৰেই মুক্ত হ’ব, এয়া মোৰ বিশ্বাস৷

 

ভাতৃ আৰু ভগ্নীসকল, নতুন ব্যৱস্থাত কেন্দ্ৰ চৰকাৰৰ এয়াই প্ৰাথমিকতা হ’ব যে ৰাজ্যৰ কৰ্মচাৰীসকল, জম্মু–কাশ্মীৰৰ আৰক্ষীসকলে যাতে আন কেন্দ্ৰ শাসিত প্ৰদেশৰ কৰ্মচাৰীসকল তথা আৰক্ষীসকলৰ দৰে সমান সুবিধা লাভ কৰে৷  এতিয়া কেন্দ্ৰ শাসিত প্ৰদেশসমূহত অনেক এনে বিত্তীয় সুবিধা যেনে এল টি চি, হাউচ ৰেণ্ট এলাউৱেন্স, শিশুৰ শিক্ষাৰ বাবে এডুকেচন এলাউৱেন্স, স্বাস্থ্য আঁচনি আদিৰ দৰে অনেক সুবিধা প্ৰদান কৰা হয়, ইয়াৰে অধিকাংশই জম্মু–কাশ্মীৰৰ কৰ্মচাৰীসকলে লাভ নকৰে৷ এনে সুবিধাসমূহৰ পুনৰীক্ষণ কৰি অতি শীঘ্ৰেই জম্মু–কাশ্মীৰৰ কৰ্মচাৰী আৰু তাৰ আৰক্ষীসকলকো এই সুবিধাসমূহ প্ৰদান কৰা হ’ব৷

 

বন্ধুসকল, অতি শীঘ্ৰেই জম্মু–কাশ্মীৰ আৰু লাডাখত কেন্দ্ৰ আৰু ৰাজ্যৰ ৰিক্ত পদসমূহ পূৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ ইয়াৰ দ্বাৰা স্থানীয় যুৱক–যুৱতীসকলে কৰ্ম সংস্থাপনৰ পৰ্যাপ্ত সুবিধা লাভ কৰিব৷ লগতে কেন্দ্ৰ চৰকাৰৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ বৃহৎ উদ্যোগসমূহকো কৰ্ম সংস্থাপনৰ নতুন অৱকাশ প্ৰদান কৰাৰ বাবে উৎসাহিত কৰা হ’ব৷ইয়াৰোপৰি সেনা আৰু অৰ্ধসৈনিক বাহিনীৰ দ্বাৰা স্থানীয় যুৱসমাজক ভৰ্তিকৰণৰ বাবে ৰেলীৰ আয়োজন কৰোৱা হ’ব৷ চৰকাৰৰ দ্বাৰা প্ৰধানমন্ত্ৰী জলপানি যোজনাৰো প্ৰসাৰ কৰা হ’ব যাতে অধিকাংশ বিদ্যাৰ্থীয়ে ইয়াৰ সুবিধা লাভ কৰিব পাৰে৷ জম্মু–কাশ্মীৰত ৰাজহৰ ঘাটিৰ পৰিমাণো অধিক৷ কেন্দ্ৰ চৰকাৰে এয়া সুনিশ্চিত কৰিব যে ইয়াৰ প্ৰভাৱ যাতে কম হয়৷

 

ভাতৃ আৰু ভগ্নীসকল, কেন্দ্ৰ চৰকাৰে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ লগতে কিছু সময়ৰ বাবে জম্মু–কাশ্মীৰক প্ৰত্যক্ষভাৱে কেন্দ্ৰ চৰকাৰৰ শাসনৰ অধীনত ৰখাৰ সিদ্ধান্ত বহু চিন্তাৰ মূৰত গ্ৰহণ কৰিছে৷ ইয়াৰ অন্তৰালৰ কাৰণ অনুধাৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ৷ যেতিয়াৰে পৰা তাত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তিত হৈছে, জম্মু–কাশ্মীৰৰ প্ৰশাসন কেন্দ্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈছে৷ ইয়াৰ ফলত যোৱা কেইমাহত তাত সু–শাসন আৰু বিকাশৰ ফল প্ৰদৰ্শিত হৈছে৷ যি যোজনা পূৰ্বে কাগজতেই সীমাৱদ্ধ হৈ ৰৈছিল এতিয়া সেয়া বাস্তৱায়িত কৰা হৈছে৷ দশকজুৰি ওলমি থকা প্ৰকল্পসমূহে নতুন গতি লাভ কৰিছে৷ আমি জম্মু–কাশ্মীৰৰ প্ৰশাসনত এক নতুন কাৰ্য সংস্কৃতি প্ৰণয়ন কৰাৰ বাবে, পাৰদৰ্শিতা অনাৰ বাবে প্ৰয়াস কৰিছো৷ ইয়াৰ ফলস্বৰূপে আই আই টি, আই আই এম, এইমছ, অনেক জলসিঞ্চন প্ৰকল্প, শক্তি প্ৰকল্প অথবা দুৰ্নীতি বিৰোধী শাখা, এই সকলোবোৰ কামতে দ্ৰুত গতিশীলতা লাভ হৈছে৷ ইয়াৰোপৰি তাত যোগাযোগৰ সৈতে জযিত প্ৰকল্পই হওক, পথ আৰু নতুন ৰে’ল পথৰ কামেই হওক, বিমানবন্দৰৰ আধুনিকীকৰণেই হওক, সকলোকে দ্ৰুত গতিত আগুৱাই লৈ যোৱা হৈছে৷

 

বন্ধুসকল, আমাৰ দেশৰ গণতন্ত্ৰ ইমান শক্তিশালী৷ কিন্তু, আপোনালোকে জানি আচৰিত হ’ব যে জম্মু–কাশ্মীৰত দশকজুৰি, হাজাৰৰ সংখ্যাত এনেকুৱা ভাই–ভনী আছে যিসকলৰ লোকসভাৰ নিৰ্বাচনত ভোটদান কৰাৰ অধিকাৰ আছিল কিন্তু তেওঁলোকে বিধানসভা আৰু স্থানীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিছিল৷ এওঁলোকে ১৯৪৭ চনৰ বিভাজনৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল৷ এওঁলোকৰ সৈতে অন্যায় এনেদৰেই চলি থাকিলহেঁতেন নে?

 

বন্ধুসকল, জম্মু–কাশ্মীৰৰ আমাৰ ভাতৃ–ভগ্নীসকলক মই এটা গুৰুত্বপূৰ্ণ কথা স্পষ্টকৈ ক’ব বিচাৰো৷ আপোনালোকৰ জন প্ৰতিনিধি আপোনালোকৰ দ্বাৰাই নিৰ্বাচিত হ’ব, আপোনালোকৰ মাজৰ পৰাই আহিব৷ যিদৰে পূৰ্বতে এম এল এ আছিল,ঠিক সেইদৰেই এম এল এ আগলৈও থাকিব৷ যিদৰে পূৰ্বতে মন্ত্ৰী পৰিষদ আছিল, ঠিক সেইদৰেই আগলৈও মন্ত্ৰী পৰিষদ থাকিব৷ যিদৰে পূৰ্বতে আপোনালোকৰ মুখ্যমন্ত্ৰী আছিল, ঠিক সেইদৰে আগলৈও আপোনালোকৰ মুখ্যমন্ত্ৰী থাকিব৷

 

বন্ধুসকল, মোৰ সম্পূৰ্ণ বিশ্বাস যে এই নতুন ব্যৱস্থাৰ অধীনত আমি সকলোৱে একত্ৰিতভাৱে জম্মু–কাশ্মীৰক সন্ত্ৰাসবাদ–বিচ্ছিন্নতাবাদৰ পৰা মুক্ত কৰিব পাৰিম৷ যেতিয়া ধৰিত্ৰীৰ স্বৰ্গ, আমাৰ জম্মু–কাশ্মীৰে পুনৰবাৰ বিকাশৰ নতুন উচ্চতাত অৱৰোহণ কৰি সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰিব, নাগৰিকৰ জীৱনত ইজ অব্ লিভিং বাঢ়িব, নাগৰিকসকলে যি অধিকাৰ লাভ কৰিব লাগে সেয়া পাব, শাসন–প্ৰশাসনৰ সকলো ব্যৱস্থাই জনহিতমূলক কাৰ্যক দ্ৰুত গতিত আগুৱাই লৈ যাব,তেতিয়াহ’লে মই ভাবো যে কেন্দ্ৰ শাসিত প্ৰদেশৰ ব্যৱস্থা জম্মু–কাশ্মীৰৰ ভিতৰত চলাই ৰখাৰ প্ৰয়োজন নাথাকিব৷

 

ভাতৃ আৰু ভগ্নীসকল, আমি সকলোৱে বিচাৰো যে আগন্তুক সময়ত জম্মু–কাশ্মীৰত বিধানসভাৰ নিৰ্বাচন হওক, নতুন চৰকাৰ গঠন হওক, মুখ্যমন্ত্ৰী হওক৷ মই জম্মু–কাশ্মীৰৰ জনতাক বিশ্বাস প্ৰদান কৰিব বিচাৰিছো যে আপোনালোকে সম্পূৰ্ণ ন্যায়সন্মতভাৱে, সম্পূৰ্ণ পাৰদৰ্শী বাতাৱৰণত নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰিব৷ যিদৰে বিগত দিনসমূহত পঞ্চায়তৰ নিৰ্বাচন পাৰদৰ্শিতাৰ সৈতে সম্পন্ন কৰোৱা হৈছিল ঠিক সেইদৰে জম্মু–কাশ্মীৰৰ বিধানসভাৰো নিৰ্বাচন সম্পন্ন হ’ব৷ মই ৰাজ্যৰ ৰাজ্যপালকো আহ্বান জনাম যে ব্লক উন্নয়ন পৰিষদৰ গঠন যি বিগত দুই–তিনি দশকৰ পৰা আধৰুৱা হৈ আছে, সেয়াও সম্পূৰ্ণ কৰাৰ কাম অতি শীঘ্ৰেই কৰা যাওক৷

 

বন্ধুসকল, এয়া মোৰ নিজৰ অনুভৱ যে চাৰি–পাঁচমাহ পূৰ্বে জম্মু–কাশ্মীৰ আৰু লাডাখৰ পঞ্চায়ত নিৰ্বাচনত যিসকল লোক নিৰ্বাচিত হৈ আহিছে তেওঁলোকে সুন্দৰ কাম কৰি আছে৷ কিছুমাহ পূৰ্বে মই যেতিয়া শ্ৰীনগৰলৈ গৈছিলো, তাত মই তেওঁলোকৰ সৈতে দীৰ্ঘসময়জুৰি সাক্ষাৎ কৰিছিলো৷ যেতিয়া তেওঁলোক দিল্লীলৈ আহিছিল তেতিয়া মোৰ ঘৰলৈও আহিছিল, মই বহু দেৰীলৈ তেওঁলোকৰ সৈতে কথা পাতিছিলো৷ পঞ্চায়তৰ এই সতীৰ্থসকলৰ বাবে জম্মু–কাশ্মীৰত বিগত দিনসমূহত গ্ৰামীণ পৰ্যায়ত কামসমূহ দ্ৰুতভাৱে সম্পন্ন হৈছে৷ প্ৰতিখন ঘৰলৈ বিদ্যুৎ যোগান ধৰাৰ কামেই হওক অথবা ৰাজ্যক অ ডি এফলৈ পৰিৱৰ্তিত কৰাই হওক, ইয়াত পঞ্চায়তৰ প্ৰতিনিধিসকলে বৃহৎ ভূমিকা পালন কৰিছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে এতিয়া অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত যেতিয়া এই পঞ্চায়তৰ সদস্যসকলে নতুন ব্যৱস্থাত কাম কৰাৰ সুবিধা লাভ কৰিব তেতিয়া তেওঁলোকে অতুলনীয় ফলাফল প্ৰদৰ্শিত কৰিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে জম্মু–কাশ্মীৰৰ জনতাই বিচ্ছিন্নতাবাদক পৰাস্ত কৰি নতুন আশাৰ সৈতে আগবাঢ়িব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে জম্মু–কাশ্মীৰৰ জনতাই সু–শাসন আৰু পাৰদৰ্শিতাৰ বাতাৱৰণত নতুন উৎসাহৰ সৈতে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব৷

 

বন্ধুসকল, দশকজুৰি চলি অহা পৰিয়ালতন্ত্ৰই জম্মু–কাশ্মীৰৰ মোৰ যুৱসমাজক নেতৃত্বৰ অৱকাশেই প্ৰদান নকৰিলে৷এতিয়া মোৰ যুৱসমাজে জম্মু–কাশ্মীৰৰ বিকাশৰ নেতৃত্ব প্ৰদান কৰিব আৰু ইয়াক নতুন উচ্চতালৈ আগুৱাই লৈ যাব৷ মই জম্মু–কাশ্মীৰ আৰু লাডাখৰ যুৱসমাজক, তাৰে ভগ্নী–কন্যাসকলক বিশেষভাৱে আহ্বান জনাম যে নিজৰ ক্ষেত্ৰৰ বিকাশৰ বাঘজৰী নিজে চম্ভালক৷ 

 

বন্ধুসকল, জম্মু–কাশ্মীৰ আৰু লাডাখৰ বিশ্বৰ সবাতোকৈ বৃহৎ পৰ্যটনস্থলী হোৱাৰ ক্ষমতা আছে৷ ইয়াৰ বাবে যি বাতাৱৰণৰ আৱশ্যক, শাসন–প্ৰশাসনত যি পৰিৱৰ্তনৰ আৱশ্যক সেয়া সম্পন্ন কৰা হৈছে কিন্তু ইয়াত মোৰ প্ৰত্যেকজন দেশবাসীৰেই সহযোগিতাৰ প্ৰয়োজন৷ এটা সময় আছিল যেতিয়া বলিউডৰ চলচ্চিত্ৰসমূহৰ শ্বুটিঙৰ বাবে কাশ্মীৰৰ পছন্দৰ স্থলী আছিল৷ সেই সময়ত এনেকুৱা কোনো চলচ্চিত্ৰ নিৰ্মাণ হোৱা নাছিল য’ত কাশ্মীৰত শ্বুটিং হোৱা নাছিল৷এতিয়া জম্মু–কাশ্মীৰৰ পৰিবেশ স্বাভাৱিক হোৱাৰ পিছত কেৱল দেশৰেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে আহিব৷ প্ৰতিখন চলচ্চিত্ৰই নিজৰ লগতে কাশ্মীৰৰ জনসাধাৰণৰ বাবেও কৰ্ম সংস্থাপনৰ নতুন অৱকাশৰ সৃষ্টি কৰিব৷ মই হিন্দী চলচ্চিত্ৰ উদ্যোগ, তেলেগু আৰু তামিল চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত লোকক আহ্বান জনাইছো যে জম্মু–কাশ্মীৰ আৰু লাডাখত বিনিয়োগৰ বিষয়ে, চলচ্চিত্ৰৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি থিয়েটাৰ আৰু অন্য সংসাধনসমূহৰ স্থাপনৰ বাবে নিশ্চয়কৈ যাতে চিন্তা কৰে৷ প্ৰযুক্তিৰ বিশ্বৰ সৈতে যিসকল লোক জড়িত,লাগিলে প্ৰশাসনৰেই হওক অথবা ব্যক্তিগত খণ্ডৰেই হওক, তেওঁলোককো মই আহ্বান জনাইছো যে নিজৰ নীতিসমূহত,নিজৰ সিদ্ধান্তত এই বিষয়ক যাতে প্ৰাধান্য দিয়ে যে জম্মু–কাশ্মীৰত প্ৰযুক্তিৰ কিদৰে প্ৰসাৰণ কৰা হয়৷ যেতিয়া তাত ডিজিটেল যোগাযোগ প্ৰসাৰিত হ’ব, যেতিয়া তাত বি পি অ’ কেন্দ্ৰ, সাধাৰণ সেৱা কেন্দ্ৰ বৃদ্ধি হ’ব, যিমানেই প্ৰযুক্তিৰ প্ৰসাৰণ হ’ব সিমানেই জম্মু–কাশ্মীৰৰ আমাৰ ভাতৃ–ভগ্নীসকলৰ জীৱন সহজ হ’ব, তেওঁলোকৰ আজীৱিকা নিৰ্বাহৰ অৱকাশ বৃদ্ধি হ’ব৷

 

বন্ধুসকল, চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ জৰিয়তে জম্মু–কাশ্মীৰ আৰু লাডাখৰ সেই যুৱসমাজো উপকৃত হ’ব যিসকলে ক্ৰীড়াৰ বিশ্বত আগবাঢ়িবলৈ বিচাৰে৷ নতুন ক্ৰীড়া একাডেমী, নতুন ক্ৰীড়া ষ্টেডিয়াম, বিজ্ঞানসন্মত পৰিবেশত প্ৰশিক্ষণে তেওঁলোকক বিশ্বত নিজৰ প্ৰতিভা প্ৰদৰ্শনত সহায় কৰিব৷

 

বন্ধুসকল, জম্মু–কাশ্মীৰৰ কেশৰৰ ৰঙেই হওক অথবা কফিৰ সোৱাদেই হওক অথবা আপেলৰ মিঠাই হওক অথবা এপ্ৰিকটৰ সোৱাদেই হওক, কাশ্মীৰৰ শ্বলেই হওক অথবা কলাকৃতি, লাডাখৰ জৈৱিক উৎপাদনেই হওক অথবা ভেষজ ঔষধেই হওক, সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰচাৰ হ’ব লাগে৷ মই আপোনালোকক এটা উদাহৰণ দিছো৷ লাডাখত চোলো নামৰ এবিধ উদ্ভিদ পোৱা যায়৷ বিশেষজ্ঞসকলে এইদৰে কয় যে এইবিধ উদ্ভিদে উচ্চতাত বসবাস কৰা লোকসকলৰ বাবে,বৰফযুক্ত পাহাৰত থকা সুৰক্ষাবাহিনীৰ বাবে সঞ্জীৱনীৰ দৰে কাম কৰে৷ কম অম্লজানযুক্ত স্থানত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰখাত ইয়াৰ বৃহৎ ভূমিকা আছে৷ চিন্তা কৰক, এনে অদ্ভুত বস্তু সমগ্ৰ বিশ্বতে বিক্ৰী হ’ব লাগে নে নালাগে?কোন ভাৰতীয়ই এয়া নিবিচাৰিব৷ আৰু বন্ধুসকল, মই কেৱল এটাৰহে নাম লৈছো৷ এনে অনেক উদ্ভিদ, ভেষজ সামগ্ৰী জম্মু–কাশ্মীৰ আৰু লাডাখত বিয়পি আছে৷ সেইসমূহৰ চিনাক্তকৰণ হ’ব, সেইসমূহৰ বিক্ৰী হ’লে ইয়াৰ বৃহৎ লাভ জনসাধাৰণে পাব, ইয়াৰ কৃষকসকলে পাব৷ সেইবাবে মই দেশৰ উদ্যমীসকলক, ৰপ্তানিৰ সৈতে জড়িত লোকক, খাদ্য সংসাধনৰ সৈতে জড়িত লোকক আহ্বান জনাম যে জম্মু–কাশ্মীৰ আৰু লাডাখৰ স্থানীয় সামগ্ৰীসমূহক বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ বাবে আগবাঢ়ি আহক৷

 

বন্ধুসকল, কেন্দ্ৰ শাসিত অঞ্চল হোৱাৰ পিছত এতিয়া লাডাখৰ জনতাৰ বিকাশ, ভাৰত চৰকাৰৰ স্বাভাৱিক দায়িত্ব হিচাপে বিবেচিত হৈছে৷ স্থানীয় প্ৰতিনিধি, লাডাখ আৰু কাৰ্গিলৰ বিকাশ পৰিষদৰ সহযোগত কেন্দ্ৰ চৰকাৰে বিকাশৰ বিভিন্ন যোজনাৰ লাভ এতিয়া অধিক ক্ষীপ্ৰতাৰে যোগান ধৰিব৷ লাডাখৰ আধ্যাত্মিক পৰ্যটন, অভিযানমূলক পৰ্যটন আৰু ইক’পৰ্যটনৰ সবাতোকৈ বৃহৎ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা ক্ষমতা আছে৷ সৌৰ শক্তিৰ প্ৰস্তুতৰ বাবেও লাডাখ বৃহৎ কেন্দ্ৰ হিচাপে বিবেচিত হ’ব পাৰে৷ এতিয়া তাৰে সামৰ্থৰ উচিত প্ৰয়োগ হ’ব আৰু বিনা ভেদভাৱে বিকাশৰ বাবে নতুন অৱকাশৰো সৃষ্টি হ’ব৷ এতিয়া লাডাখত যুৱসমাজে উদ্ভাৱনমূলক চিন্তাধাৰা কৰিব পাৰিব, তেওঁলোকৰ উন্নত শিক্ষাৰ বাবে উন্নত সংস্থা, তাৰে জনতাৰ বাবে ভাল চিকিৎসালয়, আন্তঃগাঁথনিৰ দ্ৰুত আধুনিকীকৰণ কৰা হ’ব৷

 

বন্ধুসকল, গণতন্ত্ৰত এয়া স্বাভাৱিক যে কিছুমান লোকে এই সিদ্ধান্তৰ পক্ষত আছে আৰু কিছুমানৰ মতভেদ আছে৷ মই তেওঁলোকৰ মতভেদৰো সন্মান কৰিছো আৰু তেওঁলোকৰ আপত্তিসমূহৰো সন্মান কৰিছো৷ ইয়াৰ ওপৰত যি বিবাদ হৈছে তাৰ উত্তৰ কেন্দ্ৰ চৰকাৰে দি আছে৷ সমাধান কৰাৰ প্ৰয়াস কৰা হৈছে আৰু এয়া আমাৰ গণতান্ত্ৰিক দায়িত্বও৷  কিন্তু মই তেওঁলোকক আহ্বান জনাইছো যে তেওঁলোকে দেশহিতক সৰ্বোপৰি ৰাখি জম্মু–কাশ্মীৰ–লাডাখক নতুন দিশত আগুৱাই নিয়াৰ বাবে চৰকাৰক সহায় কৰক৷ দেশৰ সহায় কৰক৷ সদনত কোনে মতদান কৰিলে, কোনে নকৰিলে, কোনে সমৰ্থন প্ৰদান কৰিলে, কোনে নকৰিলে, ইয়াৰ ঊৰ্ধলৈ গৈ আমি এতিয়া জম্মু–কাশ্মীৰ–লাডাখৰ কল্যাণৰ বাবে একত্ৰিত হৈ কাম কৰিব লাগিব৷ মই প্ৰত্যেকজন দেশবাসীকে ক’বলৈ বিচাৰিম যে জম্মু–কাশ্মীৰ আৰু লাডাখৰ জনতাৰ চিন্তা, আমাৰ সকলোৰে চিন্তা, ১৩০ কোটি নাগৰিকৰ চিন্তা৷ তেওঁলোকৰ সুখ–দুখ, তেওঁলোকৰ সমস্যাৰ পৰা আমি পৃথক নহয়৷অনুচ্ছেদ ৩৭০ৰ পৰা মুক্তি এক সত্য ঘটনা, কিন্তু সত্য এয়াও যে এই সময়ত এই ঐতিহাসিক পদক্ষেপ গ্ৰহণৰ পৰা যিবোৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ মোকাবিলাও জনতাই কৰি আছে৷ সামান্য পৰিমাণৰ কিছুমান লোক যি অৱস্থাৰ অৱনতি কৰিবলৈ বিচাৰে, তেওঁলোকক ধৈৰ্য সহকাৰে উত্তৰো তাৰে আমাৰ ভাতৃ–ভগ্নীসকলে প্ৰদান কৰি আছে৷ আমি এয়া পাহৰিব নালাগে যে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ প্ৰসাৰ কৰা পাকিস্তানী ষড়যন্ত্ৰকাৰীসকলৰ বিৰোধিতাৰ বাবে জম্মু–কাশ্মীৰৰ দেশভক্ত লোকসকলে থিয় দিছে৷ ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস ৰখা আমাৰ এই সকলো ভাতৃ–ভগ্নী উন্নত জীৱনৰ অধিকাৰী৷ আমি তেওঁলোকক লৈ গৰ্ব কৰো৷ মই আজি জম্মু–কাশ্মীৰৰ এই সতীৰ্থসকলক বিশ্বাস প্ৰদান কৰিছো যে ধীৰে ধীৰে পৰিস্থিতি স্বাভাৱিক হ’ব আৰু তেওঁলোকৰ সমস্যাও হ্ৰাস হ’ব৷

 

বন্ধুসকল, ঈদৰ পৰ্বও নিচেই ওচৰত৷ ঈদৰ বাবে মোৰ তৰফৰ পৰা সকলোলৈ অশেষ শুভকামনা থাকিল৷ চৰকাৰে এইটো বিষয়ত গুৰুত্ব দিছে যাতে জম্মু–কাশ্মীৰত ঈদ পালন কৰাৰ সময়ত যাতে কোনো সমস্যাৰ সৃষ্টি নহয়৷ আমাৰ যিসকল বন্ধু জম্মু–কাশ্মীৰৰ বাহিৰত থাকে আৰু ঈদৰ সময়ত নিজৰ ঘৰলৈ যাব বিচাৰে তেওঁলোককো চৰকাৰে যথাসম্ভৱ ধৰণে সহায় কৰিছে৷

 

বন্ধুসকল, আজি এই উপলক্ষে মই জম্মু–কাশ্মীৰৰ জনতাৰ সুৰক্ষাত ব্যস্ত আমাৰ সুৰক্ষাবাহিনীকো ধন্যবাদ প্ৰদান কৰিছো৷ প্ৰশাসনৰ সৈতে জড়িত সকলো লোক, ৰাজ্য কৰ্মচাৰী আৰু জম্মু–কাশ্মীৰৰ আৰক্ষীসকলে যি ধৰণে পৰিস্তিতি চম্ভালি আছে সেয়া অতিশয় প্ৰশংসনীয় কাম৷ আপোনালোকৰ এই পৰিশ্ৰমে মোৰ এই বিশ্বাস অধিক সুদৃঢ় কৰি তুলিছে,পৰিৱৰ্তন হ’ব পাৰে৷

 

ভাতৃ আৰু ভগ্নীসকল, জম্মু–কাশ্মীৰ আমাৰ দেশৰ মুকুটস্বৰূপ৷ আমি ইয়াক লৈ গৰ্ব কৰো৷ ইয়াৰ ৰক্ষাৰ বাবে জম্মু–কাশ্মীৰৰ অনেক বীৰ, পুত্ৰ–কন্যাই নিজৰ বলিদান দিছে, নিজৰ জীৱন আহুতি দিছে৷ পুঞ্চ জিলাৰ মৌলৱী গুলাম দীন,তেওঁ ৬৫ৰ যুদ্ধত পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলৰ বিষয়ে ভাৰতীয় সৈন্যক অৱগত কৰিছিল, তেওঁক অশোক চক্ৰৰেসন্মানিত কৰা হৈছিল৷ লাডাখত কৰ্ণেল সোনম বানচুংগে কাৰ্গিলৰ যুদ্ধত শত্ৰুপক্ষক পৰাজিত কৰিছিল, তেওঁক মহাবীৰচক্ৰ প্ৰদান কৰা হৈছে৷ ৰাজৌৰিৰ ৰুসখানা কৌসৰ, তেওঁ এজন ডাঙৰ সন্ত্ৰাসবাদীক নিধন কৰিছিল, তেওঁক কীৰ্তি চক্ৰৰেসন্মানিত কৰা হৈছে৷ পুঞ্চৰ শ্বহীদ ঔৰংজেৱ, তেওঁক যোৱা বৰ্ষত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল আৰু তেওঁৰ দুয়োজন ভাতৃয়েএতিয়া সৈন্যদলত ভৰ্তি হৈ দেশৰ সেৱা কৰি আছে৷ এনেকুৱা বীৰ পুত্ৰ–কন্যাৰ এই তালিকা বহু দীঘল৷ সন্ত্ৰাসবাদীসকলৰ সৈতে যুদ্ধ কৰি জম্মু–কাশ্মীৰৰ আৰক্ষীৰ অনেক জোৱান আৰু বিষয়া শ্বহীদ হৈছে৷

দেশৰ অন্য ভূ–ভাগৰ পৰাও আমি সহস্ৰ লোকক হেৰুৱাইছো৷ এওঁলোক সকলোৰে সপোন হ’ল– এক শান্ত, সুৰক্ষিত,সমৃদ্ধ জম্মু–কাশ্মীৰৰ নিৰ্মাণ৷ তেওঁলোকৰ সপোন আমি সকলোৱে মিলি বাস্তৱায়িত কৰিব লাগিব৷

 

বন্ধুসকল, এই সিদ্ধান্তই জম্মু–কাশ্মীৰ আৰু লাডাখৰ সৈতে সমগ্ৰ ভাৰতৰ আৰ্থিক প্ৰগতিত সহযোগিতা প্ৰদান কৰিব৷যেতিয়া বিশ্বৰ এই গুৰুত্বপূৰ্ণ ভূ–ভাগলৈ শান্তি আৰু সুখ আহিব তেতিয়া স্বাভাৱিকতে বিশ্ব শান্তিৰ প্ৰয়াসো শক্তিশালী হ’ব৷মই জম্মু–কাশ্মীৰৰ আমাৰ ভাতৃ–ভগ্নীসকলক, লাডাখৰ আমাৰ ভাতৃ–ভগ্নীসকলক আহ্বান জনাইছো৷ আহক, আমি সকলোৱে মিলি বিশ্বক দেখুৱাই দিও যে এই স্থানৰ জনতাৰ সামৰ্থ কিমান অধিক, ইয়াৰ জনতাৰ উৎসাহ, তেওঁলোকৰ আত্মবল কিমান অধিক৷  আহক, আমি সকলোৱে একত্ৰিতভাৱে নতুন ভাৰতৰ সৈতে নতুন জম্মু–কাশ্মীৰ আৰু নতুন লাডাখৰ নিৰ্মাণ কৰো৷

 

অশেষ ধন্যবাদ!

 

জয় হিন্দ!!!

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New I-T Act marks new chapter in India's tax administration, step towards Viksit Bharat: CBDT

Media Coverage

New I-T Act marks new chapter in India's tax administration, step towards Viksit Bharat: CBDT
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs CCS Meeting to review measures being taken in the context of ongoing West Asia Conflict
April 01, 2026
Interventions across agriculture, fertilizers, shipping, aviation, logistics and MSMEs to mitigate emerging challenges discussed
Supply diversification for LPG and LNG, fuel duty reduction and power sector measures reviewed to ensure stability of essential supplies
Steps being taken to ensure stable prices of essential commodities and strict action against hoarding and black-marketing
Control Rooms set up for constant monitoring and interaction with States/UTs on prices and enforcement of Essential Commodities Act
Various efforts being taken to ensure fertilizer supply such as maintaining Urea Production and coordination with overseas suppliers for DAP/NPKS supplies
PM assesses availability of critical needs for the common man
PM discusses availability of fertilisers in the country and steps being taken to ensure its availability in the Kharif and Rabi seasons
PM directs that all efforts must be made to safeguard the citizens from the impact of this conflict
PM underlines the need for timely & smooth flow of authentic information to the public to prevent misinformation and rumour mongering
Enough coal stock exists which shall serve power needs adequately in coming months

Prime Minister Shri Narendra Modi chaired a meeting of the Cabinet Committee on Security (CCS) to review measures taken by various Ministries/Departments and also discussed further initiatives to be taken in the context of the ongoing West Asia conflict, at 7 Lok Kalyan Marg today. This was the second special CCS meeting on this issue.

Cabinet Secretary briefed about the action taken to ensure supply of petroleum products, particularly LNG/LPG, and sufficient power availability. Sources are being diversified for procurement of LPG with new inflows from different countries. Similarly, Liquefied Natural Gas (LNG) is being sourced from different countries. He further briefed that LPG prices for domestic consumers have remained the same and Anti-diversion enforcement to curb hoarding and black marketing of LPG is being conducted regularly.

Initiatives have also been taken to expand Piped Natural Gas connections. Measures like exempting the gas-based power plants with a capacity of 7-8 GW from gas pooling mechanism and increasing of rake for positioning more coal at thermal power stations etc. have also been taken to ensure availability of power during the peak summer months.

Further, interventions proposed to be taken for emerging challenges in various other sectors such as agriculture, civil aviation, shipping and logistics were also discussed.

Various efforts like maintaining urea production to meet requirements, coordinating with overseas supplies for DAP/NPKS suppliers are being taken to ensure fertilizer supply. State governments are being requested to curb black marketing, hoarding, and diversion of fertilizers through daily monitoring, raids, and strict action.

The retail prices of food commodities have been stable over the past one month. Control Rooms have been set up for constant monitoring and interaction with States/UTs on prices and enforcement of Essential Commodities Act. The prices of agricultural products , vegetables and fruits are also being monitored.

Efforts to globally diversify our sources for energy, fertilizers and other supply chains, and international initiatives for securing safe passage of vessels through the strait of Hormuz and ongoing diplomatic efforts are being taken.

Enhanced coordination, real-time communication, and proactive measures across central, state, and district levels to drive effective information dissemination and public awareness amid the evolving crisis is being undertaken.

Prime Minister assessed the availability of critical needs for the common man. He discussed availability of fertilisers in the country and steps being taken to ensure its availability in the Kharif and Rabi seasons. He said that all efforts must be made to safeguard the citizens from the impact of this conflict. Prime Minister also emphasised smooth flow of authentic information to the public to prevent misinformation and rumour mongering.

Prime Minister directed all concerned departments to take all possible measures to ameliorate the problems of citizens and sectors affected by the ongoing global situation.