"মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে"
"মেঘালয় প্ৰতিভাশালী শিল্পীৰে পৰিপূৰ্ণ আৰু শ্বিলং চেম্বাৰ কয়ৰে ইয়াক নতুন শিখৰলৈ নিছে"
"মেঘালয়ৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিক লৈ দেশখনৰ যথেষ্ট আশা আছে"
"মেঘালয়ৰ ভগ্নীসকলে বাঁহ বয়ন কলাক পুনৰুজ্জীৱিত আৰু ইয়াৰ কঠোৰ-পৰিশ্ৰমী কৃষকসকলে জৈৱিক ৰাজ্য হিচাপে মেঘালয়ৰ পৰিচয়ক শক্তিশালী কৰিছে"

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ৰাজ্যখনৰ গঠন আৰু উন্নয়নত অৱদান আগবঢ়োৱা আটাইকে শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ অৰ্থে শ্বিলং ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া আছিল ৩-৪ দশকৰ ব্যৱধানৰ পিছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজ্যখন ভ্ৰমণ। তেখেতে ৰাজ্যখনৰ জনসাধাৰণক প্ৰকৃতিৰ ওচৰৰ লোক হিচাপে স্বকীয় পৰিচয় অধিক সুদৃঢ়কৰণৰ বাবে শুভেচ্ছা জনায়। "মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে", শ্ৰী মোদীয়ে কয়।

 

'হুইচলিং ভিলেজ' আৰু প্ৰতিখন গাঁৱতে গায়ক-গায়িকাসকলৰ পৰম্পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কলা আৰু সংগীতৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ অৱদানক অভিবাদন জনায়। তেখেতে কয় যে এই ভূমি প্ৰতিভাশালী শিল্পীৰে পৰিপূৰ্ণ আৰু শ্বিলং চেম্বাৰ কয়ৰে ইয়াক নতুন উচ্চতালৈ নিছে। মেঘালয়ৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিক লৈ দেশখনৰ যথেষ্ট আশা আছে বুলি তেখেতে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে জৈৱিক কৃষিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ বৰ্ধিত খ্যাতিৰ বিষয়েও উল্লেখ কৰে। তেখেতে কয়, "মেঘালয়ৰ ভগ্নীসকলে বাঁহ বয়ন কলাক পুনৰুজ্জীৱিত আৰু ইয়াৰ কঠোৰ-পৰিশ্ৰমী কৃষকসকলে জৈৱিক ৰাজ্য হিচাপে মেঘালয়ৰ পৰিচয়ক শক্তিশালী কৰিছে"।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নত পথ, ৰে'ল আৰু বিমান সংযোগৰ বাবে চৰকাৰখনৰ অংগীকাৰৰ কথা দোহাৰে। তেখেতে কয় যে ৰাজ্যখনৰ জৈৱিক সামগ্ৰীৰাজিৰ বাবে নতুন ঘৰুৱা আৰু বৈশ্বিক বজাৰ নিশ্চিতকৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় আঁচনিসমূহক জনসাধাৰণৰ ওচৰলৈ নিয়াৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আৰু ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ দৰে আঁচনিসমূহে মেঘালয়ক লাভান্বিত কৰিছে। আজি, জল জীৱন অভিযানে ২০১৯ ত মাত্ৰ ১ শতাংশ গৃহস্থীপৰা ৩৩ শতাংশ গৃহস্থীলৈ পাইপেৰে পানী প্ৰশস্ত কৰিছে। প্ৰথমবাৰলৈ ভেকচিন প্ৰদানৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা ৰাজ্যসমূহৰ ভিতৰত মেঘালয় অন্যতম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

পৰিশেষত, প্ৰধানমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ জনসাধাৰণক পৰ্যটন আৰু জৈৱিক সামগ্ৰীৰ উপৰিও নতুন খণ্ডসমূহৰ বিকাশৰ বাবে তেখেতৰ নিৰন্তৰ সমৰ্থন আৰু সংকল্পৰ আশ্বাস প্ৰদান কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi