"আমি আমাৰ স্বাস্থ্যসেৱা প্ৰণালীত এক সামগ্ৰিক দৃষ্টিভংগীৰ অভিযোজনা কৰিছো। আজি আমাৰ মনোযোগ কেৱল স্বাস্থ্যৰ ওপৰতেই নহয়, সুস্থতাৰ ওপৰতো সমানেই আৰোপ কৰিছে"
"১.৫ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। এতিয়ালৈকে ৮৫০০০ ৰোধিক কেন্দ্ৰই নিয়মীয়া চেকআপ, টিকাকৰণ আৰু পৰীক্ষাৰ সুবিধা প্ৰদান কৰি আছে"
"ক’উইনৰ দৰে মঞ্চই ডিজিটেল স্বাস্থ্য সমাধানৰ ক্ষেত্ৰত বিশ্বখনত ভাৰতৰ সুনাম প্ৰতিষ্ঠা কৰিছে"
"আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানে উপভোক্তা আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ মাজত এক সহজ ইন্টাৰফেছ আগবঢ়াইছে। ইয়াৰ জৰিয়তে, দেশখনত চিকিৎসা লাভ কৰা আৰু আগবঢ়োৱা উভয়েই অতি সহজ হৈ পৰিব"
"প্ৰত্যন্ত স্বাস্থ্যসেৱা আৰু টেলিমেডিচিনে নগৰীয়া আৰু গ্ৰাম্য ভাৰতৰ মাজত স্বাস্থ্য প্ৰৱেশাধিকাৰৰ বিভাজন হ্ৰাস কৰিব"
"কেনেকৈ আমাৰ বাবে আৰু বিশ্বখনৰ বাবেও আয়ুষৰ উন্নত সমাধান সূত্ৰ সৃষ্টি কৰিব পাৰি, সেয়া আমাৰ সকলোৰে ওপৰত নিৰ্ভৰ কৰে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বাজেট পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ এয়া পঞ্চম ৱেবিনাৰ। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱা প্ৰফেশ্যনেল আৰু পেৰা-মেডিক, নাৰ্চিং, স্বাস্থ্য ব্যৱস্থাপনা, প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰফেশ্যনেলসকল উপস্থিত থাকে।

আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ দক্ষতা আৰু মিছনমুখী প্ৰকৃতিটো প্ৰতিষ্ঠা কৰা বিশ্বখনৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানটো সফলতাৰে অব্যাহত ৰখাৰ বাবে স্বাস্থ্য খণ্ডটোক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৭ বছৰত হাতত লোৱা স্বাস্থ্যসেৱা খণ্ডটোৰ সংস্কাৰ আৰু পৰিৱৰ্তনৰ প্ৰচেষ্টাৰাজিৰ ওপৰত ভিত্তি কৰি বাজেটখনি যুগুত কৰা হৈছে। "আমি আমাৰ স্বাস্থ্যসেৱা প্ৰণালীত এক সামগ্ৰিক দৃষ্টিভংগী অভিযোজনা কৰিছো। আজি আমাৰ মনোযোগ কেৱল স্বাস্থ্যৰ ওপৰতেই নহয়, সুস্থতাৰ ওপৰতো সমানেই আৰোপ কৰা হৈছে", তেখেতে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডটোক সামগ্ৰিক আৰু অন্তৰ্ভুক্ত (inclusive) কৰাৰ প্ৰচেষ্টাৰাজিক আলোকপাত কৰা তিনিটা কাৰক সন্দৰ্ভত কয়। প্ৰথমতে, আন্তঃগাঁথনি আৰু মানৱ সম্পদৰে সম্পৰ্কীয় আধুনিক চিকিৎসা বিজ্ঞানৰ সম্প্ৰসাৰণ। দ্বিতীয়তে, আয়ুষৰ দৰে পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীৰ গৱেষণাৰ প্ৰোৎসাহন আৰু স্বাস্থ্যসেৱা প্ৰণালীটোত ইয়াৰ সক্ৰিয় ব্যস্ততা। তৃতীয়তে, আধুনিক আৰু ভৱিষ্যতবাদী প্ৰযুক্তিৰ জৰিয়তে দেশখনৰ প্ৰতিজন নাগৰিককে আৰু প্ৰতিটো অঞ্চলক সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা। "আমি গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা সুবিধাৰাজি খণ্ড পৰ্য্যায়ত, জিলা পৰ্য্যায়ত, গাওঁসমূহৰ ওচৰতে উপলব্ধকৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছো। এই আন্তঃগাঁথনি সময়ে-সময়ে ৰক্ষণাবেক্ষণ আৰু উন্নীতকৰণৰ প্ৰয়োজন। ইয়াৰ বাবে ব্যক্তিগত খণ্ডটো আৰু অন্যান্য খণ্ডসমূহেও অধিক শক্তিৰে আগবাঢ়ি আহিব লাগিব", তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে প্ৰাথমিক স্বাস্থ্যসেৱা নেটৱৰ্কটো সুদৃঢ়কৰণৰ অৰ্থে ১.৫ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। এতিয়ালৈকে ৮৫০০০ ৰোধিক কেন্দ্ৰই নিয়মীয়া চেকআপ, টিকাকৰণ আৰু পৰীক্ষাৰ সুবিধা আগবঢ়াই আছে। এই বাজেটত মানসিক স্বাস্থ্যসেৱাৰ সুবিধাও ইয়াৰ সৈতে যোগ কৰা হৈছে, তেখেতে কয়।

চিকিৎসা মানৱ সম্পদৰ বৰ্ধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, আমি সেই অনুসাৰে দক্ষ স্বাস্থ্য প্ৰফেশ্যনেল গঢ়ি তুলিবলৈয়ো চেষ্টা কৰি আছো। সেয়েহে, যোৱা বৰ্ষৰ তুলনাত স্বাস্থ্য সেৱা সম্পৰ্কীয় চিকিৎসা শিক্ষা আৰু মানৱ সম্পদৰ বিকাশৰ বাবে বাজেটখনিত এক গুৰুত্বপূৰ্ণ বৃদ্ধি কৰা হৈছে।" প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যসেৱা সমাজখনক চিকিৎসা শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু ইয়াক অধিক সামগ্ৰিক আৰু সুলভ কৰাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰযুক্তিৰ সহায়ত এই সংস্কাৰৰাজিক আগুৱাই নিয়াৰ কামত এক নিৰ্ধাৰিত সময়সীমাৰে কাম কৰিবলৈ আহ্বান জনায়।

চিকিৎসা ক্ষেত্ৰখনত আধুনিক আৰু ভৱিষ্যতবাদী প্ৰযুক্তিৰ কাৰক সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিজিটেল স্বাস্থ্য সমাধানৰ ক্ষেত্ৰত বিশ্বখনত ভাৰতৰ সুনাম প্ৰতিষ্ঠা কৰা ক’উইনৰ দৰে প্লেটফৰ্মসমূহক প্ৰশংসা কৰে। একেদৰে, তেখেতে কয়, আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানে উপভোক্তা আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ মাজত এক সহজ ইন্টাৰফেছ আগবঢ়াইছে। "ইয়াৰ সৈতে, দেশখনত চিকিৎসা লাভ আৰু প্ৰদান কৰা উভয়েই অতি সহজ হৈ পৰিব। কেৱল এয়াই নহয়, ই ভাৰতৰ মানদণ্ড আৰু সুলভ স্বাস্থ্য সেৱা ব্যৱস্থাৰ বৈশ্বিক প্ৰৱেশাধিকাৰৰ সুবিধাও প্ৰশস্ত কৰিব", আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানৰ লাভা-লাভ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ সময়ছোৱাত প্ৰত্যন্ত স্বাস্থ্যসেৱা আৰু টেলিমেডিচিনৰ ইতিবাচক ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেখেতে নগৰীয়া আৰু গ্ৰাম্য ভাৰতৰ মাজত স্বাস্থ্য প্ৰৱেশাধিকাৰৰ বিভাজন হ্ৰাসৰ ক্ষেত্ৰত এই প্ৰযুক্তিসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিখন গাঁৱৰ বাবে আগন্তুক ৫জি নেটৱৰ্ক আৰু অপ্টিকেল ফাইবাৰ নেটৱৰ্ক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডসমূহক তেওঁলোকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে আগবাঢ়ি আহিবলৈ কয়। তেখেতে চিকিৎসা উদ্দেশ্যৰ বাবে ড্ৰোন প্ৰযুক্তিৰ প্ৰোৎসাহনতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ সময়ছোৱাত প্ৰত্যন্ত স্বাস্থ্যসেৱা আৰু টেলিমেডিচিনৰ ইতিবাচক ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেখেতে নগৰীয়া আৰু গ্ৰাম্য ভাৰতৰ মাজত স্বাস্থ্য প্ৰৱেশাধিকাৰৰ বিভাজন হ্ৰাসৰ ক্ষেত্ৰত এই প্ৰযুক্তিসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিখন গাঁৱৰ বাবে আগন্তুক ৫জি নেটৱৰ্ক আৰু অপ্টিকেল ফাইবাৰ নেটৱৰ্ক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডসমূহক তেওঁলোকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে আগবাঢ়ি আহিবলৈ কয়। তেখেতে চিকিৎসা উদ্দেশ্যৰ বাবে ড্ৰোন প্ৰযুক্তিৰ প্ৰোৎসাহনতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুষৰ বৰ্ধিত বৈশ্বিক গ্ৰহণযোগ্যতাৰ কথা উল্লেখ কৰে আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই ভাৰতত পৰম্পৰাগত ঔষধৰ একমাত্ৰ বৈশ্বিক কেন্দ্ৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে বুলি গৌৰৱৰ ভাৱ প্ৰকাশ কৰে। তেখেতে লগতে কয়, "কেনেকৈ আমাৰ বাবে আৰু বিশ্বখনৰ বাবেও আয়ুষৰ উন্নত সমাধান সূত্ৰ সৃষ্টি কৰিব পাৰি, সেয়া আমাৰ সকলোৰে ওপৰত নিৰ্ভৰ কৰে"।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi