‘শেহতীয়া বছৰবোৰত প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰতাৰ ওপৰত যি গুৰুত্ব প্ৰদান কৰা হৈছে সেয়া বাজেটত স্পষ্টভাৱে দেখা গৈছে’
‘স্বকীয়তা আৰু বিস্ময়কৰ উপাদানবোৰ কেৱল তেতিয়াহে হ’ব পাৰে যেতিয়া যন্ত্ৰ-পাতিবোৰ নিজৰ দেশত বিকশিত কৰা হয়’
‘এই বছৰৰ বাজেটত গৱেষণা, ডিজাইন আৰু উন্নয়নৰ পৰা আৰম্ভ কৰি দেশৰ ভিতৰত উৎপাদন পৰ্যন্ত এক স্পন্দনশীল পৰিৱেশতন্ত্ৰ বিকাশৰ বাবে এক ব্লুপ্ৰিণ্ট আছে’।
‘ঘৰুৱা ক্ৰয়ৰ বাবে ৫৪ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও, ৪.৫ লাখ কোটি টকাৰ অধিক মূল্যৰ যন্ত্ৰ-পাতি ক্ৰয় প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে’
‘এক স্পন্দনশীল প্ৰতিৰক্ষা উদ্যোগৰ বিকাশৰ বাবে পৰীক্ষণ, পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ স্বচ্ছ, সময়-সীমাবদ্ধ, ব্যৱহাৰিক আৰু নিৰপেক্ষ প্ৰণালী অপৰিহাৰ্য’


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেটত কৰা ঘোষণা সন্দৰ্ভত ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰতা-কল টু একচন’ শীৰ্ষক বাজেটৰ পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। এই ৱেবিনাৰখনৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা এয়া হৈছে চতুৰ্থখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰতা-কল টু একচন’ শীৰ্ষক ৱেবিনাৰৰ বিষয়বস্তুয়ে ৰাষ্ট্ৰৰ মনোভাৱ প্ৰতিফলিত কৰে। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰাৰ শেহতীয়া বছৰবোৰৰ প্ৰচেষ্টা এই বছৰৰ বাজেটত স্পষ্টভাৱে দৃশ্যমান হৈছে। দাসত্বৰ সময়ছোৱা আৰু স্বাধীনতাৰ তাৎক্ষণিক পৰৱৰ্তী সময়ছোৱাতো ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন যথেষ্ট শক্তিশালী থকাৰ কথা প্ৰধানমন্ত্ৰীয়ে সোঁৱৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেওঁ আৰু কয়, ‘যদিও পিছৰ বছৰবোৰত আমাৰ এই দক্ষতা হ্ৰাস পাইছিল, তথাপিও ইয়ে দেখুৱায় যে তেতিয়াই হওক বা এতিয়াই হওক সামৰ্থ্যৰ কোনো অভাৱ হোৱা নাই।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা ব্যৱস্থাত স্বকীয়তা আৰু বিস্ময়কৰ উপাদানৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে কিয়নো এইবোৰ হৈছে এনে উপাদান যি দেখি শত্ৰুপক্ষ আচৰিত হৈ পৰে। ‘স্বকীয়তা আৰু বিস্ময়কৰ উপাদানবোৰ কেৱল তেতিয়াহে সম্ভৱ হ’ব পাৰে যেতিয়া সঁজুলিবোৰ নিজৰ দেশত বিকশিত কৰা হয়’, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বছৰৰ বাজেটত গৱেষণা, ডিজাইন আৰু বিকাশৰ পৰা দেশৰ ভিতৰত উৎপাদনলৈকে এক স্পন্দনশীল পৰিৱেশতন্ত্ৰ বিকশিত কৰাৰ এক ব্লুপ্ৰিণ্ট আছে। তেওঁ লগতে কয়, প্ৰতিৰক্ষা বাজেটৰ প্ৰায় ৭০ শতাংশ কেৱল ঘৰুৱা উদ্যোগৰ বাবে ৰখা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়ালৈকে ২০০ৰো অধিক প্ৰতিৰক্ষা মঞ্চ আৰু যন্ত্ৰ-পাতিৰ ইতিবাচক স্বদেশীকৰণ তালিকা প্ৰকাশ কৰিছে। এই ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ঘৰুৱা ক্ৰয়ৰ বাবে ৫৪ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও ৪.৫ লাখ কোটি টকাৰ অধিক মূল্যৰ সঁজুলি ক্ৰয় প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে। তেওঁ কয়, তৃতীয় তালিকাখনো সোনকালেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰীয়ে অস্ত্ৰ সংগ্ৰহৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ বাবে দুখ প্ৰকাশ কৰে যে অস্ত্ৰ-শস্ত্ৰসমূহ ক্ৰয় প্ৰক্ৰিয়া বহু দীঘলীয়া, যাৰ ফলত প্ৰায়ে অস্ত্ৰ-শস্ত্ৰসমূহ চামিল হোৱাৰ সময়ত পুৰণি হৈ পৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয়, ‘ইয়াৰ সমাধান আছে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ত’। প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰশীলতাৰ গুৰুত্বৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱাৰ বাবে সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ ক্ষেত্ৰত জোৱানসকলৰ গৌৰৱ আৰু অনুভূতি বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, এই ক্ষেত্ৰসমূহত আমি আত্মনিৰ্ভৰ হ’লেহে এয়া সম্ভৱ হব।

প্ৰধানমন্ত্ৰীয়ে কয় যে চাইবাৰ নিৰাপত্তা এতিয়া কেৱল ডিজিটেল জগততে সীমাবদ্ধ নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় হৈ পৰিছে। তেওঁ কয়, ‘আমি যিমানে প্ৰতিৰক্ষা খণ্ডত আমাৰ অদম্য তথ্য প্ৰযুক্তি শক্তি প্ৰয়োগ কৰিম সিমানেই আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি আত্মবিশ্বাসী হ’ম’।

চুক্তিৰ বাবে প্ৰতিৰক্ষা নিৰ্মাতাসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত প্ৰায়ে ধনৰ প্ৰতি লালসা আৰু দুৰ্নীতি সংঘটিত হয়। অস্ত্ৰৰ গুণগত মান আৰু আকাংক্ষাৰ সন্দৰ্ভত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।তেওঁ কয়, আত্মনিৰ্ভৰ ভাৰত অভিযানে এই সমস্যাসমূহৰো মোকাবিলা কৰে।

সংকল্পৰ সৈতে প্ৰগতিৰ এক উজ্জ্বল উদাহৰণ হিচাপে অৰ্ডনেন্স কাৰখানাসমূহক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে যে যোৱা বছৰসমূহত অন্তৰ্ভুক্ত কৰা ৭ টা নতুন প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিয়ে দ্ৰুতগতিত তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰি নতুন বজাৰ লাভ কৰিছে।প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘আমি যোৱা ৫-৬ বছৰত ৬বাৰ প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি কৰিছোঁ। আজি আমি ৭৫ খনতকৈও অধিক দেশক ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সঁজুলি আৰু সেৱা প্ৰদান কৰিছোঁ’।

প্ৰধানমন্ত্ৰীয়ে কয় যে মেক ইন ইণ্ডিয়াক চৰকাৰে উৎসাহিত কৰাৰ ফলস্বৰূপে যোৱা ৭ বছৰত প্ৰতিৰক্ষা উৎপাদনৰ বাবে ৩৫০তকৈও অধিক নতুন ঔদ্যোগিক অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছে। আনহাতে ২০০১ চনৰ পৰা ২০১৪ চনলৈ কেৱল ২০০ খন অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছিল।প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ব্যক্তিগত খণ্ডসমূহো ডিআৰডিঅ’ আৰু প্ৰতিৰক্ষা পিএছইউৰ সমতুল্য হ’ব লাগে, তেতিয়াহে উদ্যোগ, ষ্টাৰ্ট-আপ আৰু একাডেমিক ক্ষেত্ৰৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বাজেটৰ ২৫শতাংশ ৰখা হৈছে। বাজেটত স্পেচিয়েল পাৰপোজ ভেইকলৰ আৰ্হিৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয়, ‘ই কেৱল এজন বিক্ৰেতা বা সৰবৰাহকাৰীৰ বাহিৰেও অংশীদাৰ হিচাপে ব্যক্তিগত উদ্যোগৰ ভূমিকা প্ৰতিষ্ঠা কৰিব’।

এক স্পন্দনশীল প্ৰতিৰক্ষা উদ্যোগৰ বিকাশৰ বাবে পৰীক্ষণ, পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ স্বচ্ছ, সময়-সীমাবদ্ধ, ব্যৱহাৰিক আৰু নিৰপেক্ষ প্ৰণালী অপৰিহাৰ্য বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে।তেওঁ কয়, ইয়াৰ বাবে এক স্বতন্ত্ৰ ব্যৱস্থা সমস্যা সমাধানৰ ক্ষেত্ৰত উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে বাজেটৰ ব্যৱস্থাসমূহ সময়মতে ৰূপায়ণৰ বাবে অংশীদাৰসকলক নতুন ধাৰণাৰ সৈতে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ শেহতীয়া বছৰবোৰত বাজেটৰ তাৰিখ এমাহৰ আগুৱাই দিয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ সকলো অংশীদাৰকে আহ্বান জনায় আৰু বাজেট ৰূপায়ণৰ সময়ত কাৰ্যক্ষেত্ৰত নামি পৰিবলৈ আহ্বান জনায়।

 

 

 

 

 

 

 

 

 

ৱা ঙাংখিবগী মপুংফাবা ৱারোল পানবা মসিদা নম্বীয়ু

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”