ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় দেশখনে প্ৰথমটো ঢৌৰ শিখৰ অতিক্ৰম কৰিলে আৰু বৃদ্ধিৰ হাৰ পূৰ্বতকৈ অধিক দ্ৰুতঃ প্ৰধানমন্ত্ৰী
আমাৰ উত্তম অভিজ্ঞতা, সমল আছে আৰু এতিয়া ভেকচিনো আছেঃ প্ৰধানমন্ত্ৰী
আমি ‘টেষ্ট, ট্ৰেক, ট্ৰিট’, ক’ভিডৰ যথোচিত আচৰণ আৰু ক’ভিড ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
‘ক’ভিড অৱসাদ’ ৰ বাবে আমাৰ প্ৰচেষ্টাত কোনোধৰণৰ শিথিলতা থকাটো উচিত নহয়ঃ প্ৰধানমন্ত্ৰী
অধিক গুৰুত্বপূৰ্ণ জিলাসমূহত ৪৫ বছৰ বয়সৰ উৰ্ধ লোকসকলক ১০০ শতাংশ টিকাদানৰ লক্ষ্যত উপনীত হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
জ্যোতিবা ফুলে আৰু বাবা চাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী (১১-১৪ এপ্ৰিল) ৰ মাজত টিকাদান উৎসৱৰ আহ্বান

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক’ভিডৰ বিৰুদ্ধে যুঁজখনত চৰকাৰখনৰদ্বাৰা গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ অৱলোকন কৰে। তেওঁ তদুপৰি দেশখনত টিকাদান কাৰ্যক্ৰমৰ অগ্ৰগতিৰ আভাস দাঙি ধৰে। কেন্দ্ৰীয় গৃহ সচিবে দেশখনৰ ক’ভিড পৰিস্থিতিৰ এটি প্ৰেজেনটেশ্যন দাঙি ধৰি, বৰ্তমান অধিক ঘটনা লাভ কৰা ৰাজ্যসমূহৰ কথা উল্লেখ কৰে আৰু এই ৰাজ্যসমূহত টেষ্টিং বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ তদুপৰি দেশখনত ভেকচিন উৎপাদন আৰু যোগানৰ সবিশেষ শ্বেয়াৰ কৰে।

ভাইৰাছটোৰ বিৰুদ্ধে সমন্বিত যুঁজখনত নেতৃত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীসকলে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে তেওঁলোকৰ ৰাজ্যসমূহৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত মতামত ব্যক্ত কৰে। তেওঁলোকে কয় যে টিকাদান কাৰ্যক্ৰমৰ সময়োচিত আৰম্ভণিৰ ফলশ্ৰুতিত লক্ষ-লক্ষ জীৱন ৰক্ষা পৰিছে। ভেকচিন দ্বিধা আৰু ভেকচিন অপচয়ৰ প্ৰসংগয়ো আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ সন্মুখত কেতবোৰ স্পষ্ট কথাৰ অৱতাৰণা কৰে। প্ৰথমে, দেশখনে প্ৰথমটো ঢৌৰ শিখৰ অতিক্ৰম কৰিলে আৰু বৃদ্ধিৰ হাৰ পূৰ্বতকৈ অধিক দ্ৰুত। দ্বিতীয়তে, মহাৰাষ্ট্ৰ, চত্তীশগড়, পঞ্জাৱ, মধ্য প্ৰদেশ আৰু গুজৰাটকে ধৰি বহু ৰাজ্যই প্ৰথম ঢৌৰ শিখৰ অতিক্ৰম কৰিছে। আন বহু ৰাজ্যই এই দিশত অগ্ৰসৰ হৈছে। এইটো এটা গুৰুত্বৰ কথা, তেখেতে কয়। তৃতীয়তে, এই বাৰ জনসাধাৰণ অধিক আকস্মিকতাৰ সন্মুখীন হৈছে, কিছুমান ৰাজ্যৰ আনকি প্ৰশাসনৰ বাবেও আকস্মিক হৈ পৰিছে। এনে পৰিস্থিতিত, ঘটনাসমূহৰ দ্ৰুত বৃদ্ধিয়ে জটিলতাৰ সৃষ্টি কৰিছে।

তথাপি, প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে কয় যে এই প্ৰত্যাহ্বানসমূহৰ সত্বেও, আমাৰ উত্তম অভিজ্ঞতা, সমল আৰু তদুপৰি ভেকচিনো আছে। কঠোৰ পৰিশ্ৰমী চিকিৎসক আৰু হেল্থ কেয়াৰ ষ্টাফৰ সৈতে জনতাৰ অংশগ্ৰহণে পৰিস্থিতি পৰিচালনাত প্ৰভূত বৰঙণি যোগাইছে আৰু তেওঁলোকে এতিয়াও এনে কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় “আমি ‘টেষ্ট, ট্ৰেক, ট্ৰিট’, ক’ভিডৰ যথোচিত আচৰণ আৰু ক’ভিড ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰিব লাগে।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাইৰাছটোক প্ৰতিহত কৰিবলৈ আমি হিউমেন হ’ষ্টক প্ৰতিৰোধ কৰিব লাগে আৰু এই ক্ষেত্ৰত টেষ্টিং আৰু ট্ৰেকিঙে এটা অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাখ্যা আগবঢ়াই কয় যে সামাজিক সংক্ৰমণৰ প্ৰসাৰতা নিৰ্ণয় কৰিবলৈ টেষ্টিং হৈছে গুৰুত্বপূৰ্ণ আৰু সংক্ৰমণ বিয়পাব পৰা লোকক চিনাক্ত কৰিবলৈয়ো ইয়াৰ ভূমিকা অতীবঃ পজিটিভিটি ৫% বা তাৰো কম কৰাৰ লক্ষ্যৰে দৈনিক ভিত্তিত সম্পন্ন কৰা টেষ্টৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি কৰাটো আৱশ্যকীয়, ইয়াত কন্টেইনমেন্ট জ’ন আৰু ঘটনাসমূহ লাভ কৰা অঞ্চলত মনোযোগী আৰু লক্ষ্য নিৰ্ধাৰিত টেষ্টিঙক অন্তৰ্ভুক্ত কৰা হৈছে। আৰটি-পিচিআৰ টেষ্টিং আন্তঃগাঁথনি বৃদ্ধিৰদ্বাৰা মুঠ টেষ্টৰ অতিকমেও ৭০% লৈ আৰটি-পিচিআৰ টেষ্টৰ শ্বেয়াৰ বৃদ্ধি সন্দৰ্ভতো আলোচনা কৰা হয়।

ইয়াত অৱতাৰণা কৰা যায় যে যথোচিত প্ৰতিৰোধমূলক ব্যৱস্থা, কনটেক্ট ট্ৰেচিং আৰু ফ’ল’-আপ অবিহনে প্ৰতিটো একক পজিটিভ ঘটনাই আনলৈ ভাইৰাছটো সংক্ৰমিত কৰাৰ সম্ভাৱনা আছে। কিয়নো এই তিনিটা ব্যৱস্থা হৈছে সামাজিক সংক্ৰমণ বিয়পা কাৰ্য প্ৰতিৰোধৰ গুৰুত্বপূৰ্ণ উপায়। ইয়াত এই সম্পৰ্কে আলোচনা কৰা যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পজিটিভ ঘটনাৰ অতি কমেও ৩০ কনটেক্টক প্ৰথম ৭২ ঘন্টাৰ ভিতৰত অৱশ্যেই ট্ৰেচ, টেষ্ট আৰু কোৱাৰেন্টাইন কৰিব লাগে। সমান্তৰালভাৱে, কন্টেইনমেন্ট জ’নসমূহৰ সীমা স্পষ্ট কৰিব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘ক’ভিড অৱসাদ’ ৰ বাবে আমাৰ প্ৰচেষ্টাত কোনোধৰণৰ শিথিলতা থকাটো উচিত নহয়। তেখেতে তদুপৰি কন্টেইনমেন্ট জ’নসমূহক লৈ স্বাস্থ্য মন্ত্ৰালয়ৰ এছঅ’পি মানি চলিবলৈ আহ্বান জনায়। তেখেতে তদুপৰি বিস্তৃত বিশ্লেষণসহ মৃত্যুৰ ঘটনাসমূহৰ সবিশেষ তথ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে ৰাজ্যসমূহক এইমছ, দিল্লীয়ে প্ৰতি মঙল আৰু শুকুৰবাৰে অনুষ্ঠিত কৰা ৱেবিনাৰসমূহত যোগদান কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক অধিক গুৰুত্বপূৰ্ণ জিলাসমূহত ৪৫ বছৰ বয়সৰ উৰ্ধ লোকসকলক ১০০ শতাংশ টিকাদানৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১১ এপ্ৰিল অৰ্থাৎ জ্যোতিবা ফুলেৰ জয়ন্তী আৰু ১৪ এপ্ৰিল অৰ্থাৎ বাবা চাহেব আম্বেদকাৰৰ জয়ন্তীৰ মাজত ‘টিকা-উৎসৱ’ (Vaccination Festival) ৰ আহ্বান জনায়। এই টিকাদান উৎসৱৰ সময়ছোৱাত সৰ্বাধিক সংখ্য়ক লোকক টিকাদানৰ প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। তেখেতে তদুপৰি ৪৫ বছৰ বয়সৰ উৰ্ধ প্ৰতিজনেই টিকা লাভত সহায় কৰিবলৈ যুৱ সমাজক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অসাৱনতাক লৈ সতৰ্ক কৰি দিয়ে। তেখেতে কয় যে টিকা গ্ৰহণ সত্বেও আমি মনত ৰাখিব লাগে যে সাৱধানতা শিথিল কৰাটো উচিত নহয় আৰু সেয়ে যথোচিত সতৰ্কতা অব্যাহত ৰাখিব লাগে। তেখেতৰ ‘ঔষধো-কঠোৰতাও’ মন্ত্ৰফাঁকি দোহাৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে।

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Japan Defence Ties Enter New Phase With Maritime Security Pact And Shipbuilding Push

Media Coverage

India-Japan Defence Ties Enter New Phase With Maritime Security Pact And Shipbuilding Push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the spirit of selfless service and dedication
August 21, 2026

The Prime Minister, Shri Narendra Modi has said that the continuous flow of rivers teaches us how we can utilise our capabilities for the welfare of humanity. He noted that the spirit of selfless service, dedication and benevolence gives a new direction to the nation.

The Prime Minister shared a Sanskrit Subhashitam-

“जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”

The Subhashitam conveys that human beings, dedicate your lives to the service and welfare of others. Just as rivers flow ceaselessly and selflessly, sustaining countless lives with their waters before ultimately merging into the ocean, so should we devote our time, abilities and resources to the well-being of others. The true purpose and fulfilment of human life lie in selfless service, compassion and the welfare of all.

The Prime Minister wrote on X;

“नदियों का अविरल प्रवाह सिखाता है कि हम किस प्रकार अपने सामर्थ्य का उपयोग मानवता की भलाई के लिए कर सकते हैं। निःस्वार्थ सेवा, समर्पण और परोपकार की यही भावना राष्ट्र को नई दिशा देती है।

जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”