১১টা খণ্ডৰ প্ৰথম শৃংখল উন্মোচন কৰে
“পণ্ডিত মদন মোহন মালৱীয়ৰ সম্পূৰ্ণ গ্ৰন্থ উন্মোচন অতিশয় গুৰুত্বপূৰ্ণ”
“মহামান্য আছিল এগৰাকী আধুনিক চিন্তা আৰু সনাতনী সংস্কৃতিত বিশ্বাসী লোক”
“মালৱীয় জীৰ চিন্তাৰাজি আমাৰ চৰকাৰৰ কৰ্মত প্ৰতিফলিত হৈছে”
“মহামান্যক ভাৰতৰত্ন প্ৰদান কাৰ্য্য আমাৰ চৰকাৰৰ সৌভাগ্যৰ কথা”
“মালৱীয় জীৰ দৃষ্টিৰাজি দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো প্ৰতিফলিত হৈছে”
“সুশাসন মানে ক্ষমতাকেন্দ্ৰিকতাৰ বিপৰীতে সেৱাকেন্দ্ৰিকহে”
“ভাৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু প্ৰতিষ্ঠান গঢ়োতা হৈ উঠিছে”

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক অনুষ্ঠানত ‘পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা’ৰ ১১ খণ্ডৰ প্ৰথম শৃংখল উন্মোচন কৰে। শ্ৰী মোদীয়ে পণ্ডিত মদন মোহন মালৱীয়লৈ পুষ্পাঞ্জলিও অৰ্পণ কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক পণ্ডিত মদন মোহন মালৱীয়ই আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ মাজত আগশাৰীৰ স্থান দখল কৰিছে। জনতাৰ মাজত ৰাষ্ট্ৰীয় চেতনা বৃদ্ধিৰ বাবে অসীম কাম কৰা এগৰাকী অসাধাৰণ পণ্ডিত আৰু স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁক স্মৰণ কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জনাই সম্বোধনৰ আৰম্ভণি কৰে। আজি অটল জয়ন্তী আৰু মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ জয়ন্তী উপলক্ষে আজিৰ এই অনুষ্ঠান ভাৰত আৰু ভাৰতীয়ত্বত বিশ্বাসী লোকসকলৰ বাবে প্ৰেৰণাৰ উৎসৱ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে মহামান্য পণ্ডিত মদন মোহন মালৱীয় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপায়ীক প্ৰণাম কৰে। লগতে তেখেতে অটল জয়ন্তী উপলক্ষে সুশাসন দিৱস উদযাপনৰ কথা উল্লেখেৰে ভাৰতৰ প্ৰতিজন নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনাৰাজি নৱপ্ৰজন্ম আৰু গৱেষক পণ্ডিতসকলৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি কয়। তেখেতে কয় যে এই সংগৃহীত ৰচনাসমূহে বিএইচইউ-সম্পৰ্কীয় বিষয়সমূহ, কংগ্ৰেছ নেতৃত্বৰ সৈতে মহামান্যৰ আলোচনা আৰু ব্ৰিটিছ নেতৃত্বৰ প্ৰতি তেওঁৰ মনোভাৱক আলোকপাত কৰিব। মহামান্যৰ ডায়েৰী সম্পৰ্কীয় খণ্ডটোৱে দেশৰ জনসাধাৰণক সমাজ, ৰাষ্ট্ৰ আৰু আধ্যাত্মিকতাৰ দিশত পথ-প্ৰদৰ্শন কৰিব পাৰে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কৰ্মৰ আঁৰৰ টীমটোৰ কঠোৰ পৰিশ্ৰমক স্বীকাৰেৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, মহামান্য মালৱীয় মিছন আৰু শ্ৰী ৰাম বাহাদুৰ ৰায়ক অভিনন্দন জ্ঞাপন কৰে।

“মহামান্যৰ দৰে ব্যক্তিৰ শতিকাত এবাৰ জন্ম হয় আৰু ইয়াৰ প্ৰভাৱ পৰৱৰ্তী কেইবাটাও প্ৰজন্মৰ ওপৰত প্ৰত্যক্ষ কৰিব পাৰি”, জ্ঞান আৰু সামৰ্থ্যৰ ক্ষেত্ৰত তেওঁ সেই সময়ৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ সমতুল্য বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। “মহামান্য আছিল এগৰাকী আধুনিক চিন্তা আৰু সনাতনী সংস্কৃতিত বিশ্বাসী লোক”, তেখেতে লগতে কয়। ৰাষ্ট্ৰৰ আধ্যাত্মিক আত্মাক পুনৰুজ্জীৱিতকৰণৰ লগতে স্বাধীনতা সংগ্ৰামত সমানে অৱদান আগবঢ়োৱাৰ কথা আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ এক দৃষ্টি আছিল বৰ্তমানৰ প্ৰত্যাহ্বানৰাজিৰ ওপৰত আৰু দ্বিতীয়টো ভৱিষ্যতৰ উন্নয়নৰ ওপৰত তথা তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহামান্যই সৰ্বাধিক শক্তিৰে দেশৰ বাবে যুঁজিছিল আৰু অতি জটিল পৰিবেশতো সম্ভাৱনাৰ নতুন বীজ সিঁচিছিল। আজি উন্মোচন কৰা সম্পূৰ্ণ গ্ৰন্থখনৰ ১১টা খণ্ডৰ জৰিয়তে এতিয়া মহামান্যৰ এনে বহু অৱদান প্ৰামাণিকভাৱে প্ৰকাশ পাব বুলি তেখেতে কয়। “মহামান্যক ভাৰতৰত্ন প্ৰদান কৰাটো আমাৰ চৰকাৰৰ সৌভাগ্যৰ কথা।“ শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে তেখেতে মহামান্যৰ দৰে কাশীৰ জনসাধাৰণক সেৱা কৰাৰ সুযোগ লাভ কৰিছে। তেখেতে স্মৰণ কৰি কয় যে কাশীৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অহাৰ সময়ত মালৱীয় জীৰ পৰিয়ালৰ লোকে তেখেতৰ নাম প্ৰস্তাৱ জনাইছিল। তেখেতে কয় যে মহামান্যৰ কাশীৰ প্ৰতি অপৰিসীম বিশ্বাস আছিল আৰু চহৰখনে উন্নয়নৰ নতুন শিখৰ স্পৰ্শেৰে আজি নিজৰ ঐতিহ্যৰ গৌৰৱ ঘূৰাই আনিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত ভাৰতে দাসত্বৰ মানসিকতা ত্যাগ কৰিছে। শ্ৰী মোদীয়ে কয়, “আপোনাসৱে মালৱীয় জীৰ চিন্তাৰ সুগন্ধি আমাৰ চৰকাৰৰ কামতো অনুভৱ কৰিব। মালৱীয় জীয়ে আমাক এনে এখনি ৰাষ্ট্ৰৰ দৃষ্টিভংগী প্ৰদান কৰিছে, য’ত ইয়াৰ প্ৰাচীন আত্মা নিজৰ আধুনিক গঠনতো সুৰক্ষিত হৈ থাকে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে মালৱীয় জীয়ে ভাৰতীয় প্ৰমূল্যবোধেৰে সংমিশ্ৰিত শিক্ষাৰ পোষকতা আৰু ভাৰতীয় ভাষাৰ পোষকতা কৰা বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰে। “তেওঁৰ এই প্ৰচেষ্টাৰ বাবে নাগৰী লিপিৰ ব্যৱহাৰ হ’ল আৰু ভাৰতীয় ভাষাই সন্মান লাভ কৰিলে। আজি মালৱীয় জীৰ এই প্ৰচেষ্টা দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো প্ৰতিফলিত হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এখনি ৰাষ্ট্ৰক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিষ্ঠানসমূহৰো সমানেই গুৰুত্ব আছে। মালৱীয় জীয়ে তেওঁৰ জীৱনত এনে বহু অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল য’ত ৰাষ্ট্ৰীয় ব্যক্তিত্বৰ জন্ম হৈছিল।” প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, বিএইচইউৰ উপৰিও হৰিদ্বাৰৰ ঋষিকুল ব্ৰহ্মশৰম, ভাৰতী ভৱন পুস্তকালয়, প্ৰয়াগৰাজ, সনাতন ধৰ্ম মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান চৰকাৰৰ অধীনত সমবায় মন্ত্ৰালয়, আয়ুস মন্ত্ৰালয়, ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন, ইনষ্টিটিউট অৱ মিলেট ৰিচাৰ্চ, গ্ল’বেল বাঅ’ফুৱেল এলায়েন্স, ইন্টাৰনেচনেল ছ’লাৰ এলায়েন্স, ক’লিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আদি এলানি প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰে। “ভাৰত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু প্ৰতিষ্ঠানৰ গঢ়োতা হৈ পৰিছে। এই প্ৰতিষ্ঠানসমূহে কেৱল একবিংশ শতিকাৰ ভাৰতকে নহয়, একবিংশ শতিকাৰ বিশ্বকো এক নতুন দিশ প্ৰদান কৰিব”

 

মহামান্য আৰু অটলজী উভয়কে প্ৰভাৱিত কৰা মতাদৰ্শত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে চৰকাৰে সুশাসনত গুৰুত্ব প্ৰদানেৰে মালৱীয় জী, অটল জী আৰু প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ সপোন আৰু আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে চেষ্টা চলাইছে। “সুশাসন মানে ক্ষমতাকেন্দ্ৰিকতাৰ বিপৰীতে সেৱাকেন্দ্ৰিকহে”, শ্ৰী মোদীয়ে আৰু কয়, “সুশাসন মানে স্পষ্ট উদ্দেশ্য আৰু সংবেদনশীলতাৰে নীতি নিৰ্ধাৰণ আৰু প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ নিজৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰা।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুশাসনৰ নীতি আজি বৰ্তমানৰ চৰকাৰখনৰ পৰিচয় হৈ পৰিছে য’ত ইয়াৰ নাগৰিকসকলে মৌলিক সা-সুবিধা লাভ কৰিছে। আজি হিতাধিকাৰীসকলৰ দুৱাৰদলিত থিয় হৈ সেৱা প্ৰদানৰ বাবে চৰকাৰখন অংগীকাৰবদ্ধ। শ্ৰী মোদীয়ে অব্যাহত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কথা অৱগত কৰে।

সুশাসনত সততা আৰু স্বচ্ছতাৰ ভূমিকাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেলেংকাৰিমুক্ত শাসনৰ বিষয়ে বিশদভাৱে কয়। দৰিদ্ৰ লোকলৈ বিনামূলীয়া ৰেচনৰ বাবে ৪ লাখ কোটি, দৰিদ্ৰৰ বাবে পকী ঘৰত ৪ লাখ কোটি টকা আৰু প্ৰতিটো ঘৰতে পাইপেৰে পানী যোগানৰ বাবে ৩ লাখ কোটিৰো অধিক টকা ব্যয়ৰ কথা উল্লেখ কৰে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামান্য আৰু অটল জীৰ চিন্তা-চৰ্চাৰে আজাদী কা অমৃত কালত এখনি উন্নত ভাৰতৰ সপোন বাস্তৱায়িতকৰণত গুৰুত্ব আৰোপ কৰে। তেখেতে আস্থা প্ৰকাশেৰে কয় যে দেশৰ প্ৰতিজন নাগৰিকে দৃঢ়তাৰে সফলতাৰ পথত অৰিহণা যোগাব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত কালৰ এই সময়ছোৱাত ৰাষ্ট্ৰ সেৱাত অপৰিসীম অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামীসকলক যথাৰ্থ স্বীকৃতি জনোৱাৰ দৃষ্টি গ্ৰহণ কৰিছে। 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা' এই ক্ষেত্ৰতে এটি প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।

 

প্ৰায় ৪,০০০ পৃষ্ঠাত বিস্তৃত ১১টা খণ্ডৰ দ্বিভাষিক (ইংৰাজী আৰু হিন্দী) এই ৰচনাত দেশৰ প্ৰতিটো প্ৰান্তৰপৰা সংগৃহীত পণ্ডিত মদন মোহন মালৱীয়ৰ লেখা আৰু ভাষণসমূহ সংকলন কৰা হৈছে। এই খণ্ডসমূহত তেওঁৰ অপ্ৰকাশিত চিঠি, প্ৰবন্ধ আৰু ভাষণসমূহ, স্মাৰকপত্ৰ; ১৯০৭ত তেওঁ আৰম্ভ কৰা হিন্দী সাপ্তাহিক ‘অভ্যুদয়’ৰ সম্পাদকীয়; তেওঁ মাজে-সময়ে লিখা প্ৰবন্ধ, পাম্পলেট আৰু পুস্তিকা (booklet); ১৯০৩-১৯১০ত আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ বিধান পৰিষদত প্ৰদান কৰা সকলো ভাষণ; ৰয়েল কমিছনক প্ৰদান কৰা বক্তব্য; ১৯১০-১৯২০ত ইম্পেৰিয়েল বিধান পৰিষদত বিধেয়ক দাখিলৰ সময়ত প্ৰদান কৰা ভাষণ; বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে আৰু পিছত লিখা চিঠি, প্ৰবন্ধ আৰু ভাষণ আৰু ১৯২৩-১৯২৫ত তেওঁ লিখা ডায়েৰী সন্নিৱিষ্ট কৰা হৈছে।

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ আদৰ্শ আৰু প্ৰমূল্যৰাজি প্ৰচাৰৰ বাবে সমৰ্পিত প্ৰতিষ্ঠান মহামান্য মালৱীয় মিছনে পণ্ডিত মদন মোহন মালৱীয়ই লিখা আৰু কোৱা নথিসমূহৰ গৱেষণা আৰু সংকলনৰ কাম হাতত লৈছিল। বিশিষ্ট সাংবাদিক শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ নেতৃত্বত মিছনৰ এক নিষ্ঠাবান টীমে পণ্ডিত মদন মোহন মালৱীয়ৰ মৌলিক সাহিত্যৰ ভাষা আৰু পাঠ্যৰ পৰিৱৰ্তন নকৰাকৈ কাম কৰিছে। এই গ্ৰন্থৰাজিৰ প্ৰকাশৰ কাম তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰকাশন বিভাগে সম্পাদন কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises efforts by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts
March 31, 2026

Prime Minister Shri Narendra Modi, appreciated the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. “I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history”, Shri Modi remarked.

The Prime Minister posted on X;

“Saw a glimpse of the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history.”