প্ৰধানমন্ত্ৰীয়ে “২+২” ফৰ্মেটক বিস্তৃত গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ সক্ষমকাৰী হিচাপে আদৰণি জনায়
তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ আৰু জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ ভাৰত ভ্ৰমণৰ অনুসৰণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে
তেওঁলোকে পশ্চিম এছিয়াকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ৰ ওপৰত আলোচনা কৰে
ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে অবিৰত আদান-প্ৰদানৰ বাবে আগ্ৰহী প্ৰধানমন্ত্ৰী

আমেৰিকাৰ বিদেশ সচিব মহামহিম এণ্টনি ব্লিংকেন, আৰু প্ৰতিৰক্ষা সচিব, মহামহিম লয়ড অষ্টিনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

সচিব দুগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে “২+২” ফৰ্মেটত হোৱা আলোচনাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

২০২৩ চনৰ জুন মাহত পিএমৰ আমেৰিকালৈ ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ অনুসৰণত প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী, উদীয়মান প্ৰযুক্তি, মহাকাশ, স্বাস্থ্যকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে গভীৰভাৱে সহযোগিতা লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি উল্লেখ কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত বিস্তৃত বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্ব গণতন্ত্ৰ, বহুত্ববাদ, আৰু আইনৰ শাসনৰ প্ৰতি সন্মানৰ ওপৰত প্ৰতিষ্ঠিত।

তেওঁলোকে লগতে পশ্চিম এছিয়াত চলি থকা উন্নয়নকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত মত বিনিময় কৰে। এই বিষয়সমূহৰ ওপৰত ভাৰত আৰু আমেৰিকাৰ মাজত ঘনিষ্ঠ সমন্বয় অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

ৰাষ্ট্ৰপতি বাইডেনক উষ্ম শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সৈতে আদান-প্ৰদান অব্যাহত ৰাখিবলৈ তেওঁ আগ্ৰহী। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s first women-led FTA is a win for exports, shield for farmers

Media Coverage

India’s first women-led FTA is a win for exports, shield for farmers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prof. Gobardhan Das Ji meets the Prime Minister
April 27, 2026

Prof. Gobardhan Das Ji met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that Prof. Gobardhan Das Ji's personal life journey is very inspiring. Every struggle he faced strengthened his commitment to serve society which is reflected in his contribution to public health and immunology.

The Prime Minister posted on X:

"Met Prof. Gobardhan Das Ji this morning. His personal life journey is very inspiring. Every struggle he faced only strengthened his commitment to serve society and make it free from suffering. This has been reflected in his contribution to public health and immunology. His rich work and scholarship will enrich our policy-making architecture."

@dasgobardhan

"আজ সকালে প্রফেসর গোবর্ধন দাস জির সঙ্গে সাক্ষাৎ করলাম। তাঁর ব্যক্তি জীবনের গল্প অত্যন্ত অনুপ্রেরণাদায়ক। তাঁর প্রতিটি সংগ্রাম, সমাজকে সেবা এবং সমস্যামুক্ত করার প্রতি তাঁর অঙ্গীকারকে দৃঢ়তর করেছে। জনস্বাস্থ্য এবং ইমিউনোলজির ক্ষেত্রে তাঁর অবদানেও এর প্রতিফলন দেখা যায়। তাঁর সমৃদ্ধ কর্মকান্ড এবং পাণ্ডিত্য আমাদের নীতি-নির্ধারণী কাঠামোর ক্ষেত্রে গুরুত্বপূর্ণ অবদান রাখবে।"

@dasgobardhan