প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মিৎছ’টাকিছৰ
দুয়োগৰাকী নেতাই ভাৰত-গ্ৰীচ কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণ আৰু আঞ্চলিক শান্তি তথা সমৃদ্ধিৰ বাবে অংগীকাৰৰ কথা দোহাৰে
প্ৰধানমন্ত্ৰী মিৎছ’টাকিছে ভাৰত-ইইউ এফটিএ-ৰ অগ্ৰিম পৰিসমাপ্তিৰ বাবে সমৰ্থন জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেলেনিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকোছ মিৎছ’টাকিছৰ পৰা এটি টেলিফোন কল লাভ কৰে।

প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মিৎছ’টাকিছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই সৌহার্দ্যৰ বাবে আন্তৰিক শলাগ লয়।

দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, জাহাজ, প্ৰতিৰক্ষা, নিৰাপত্তা, যোগাযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি কাৰ্য্যক আদৰণি জনায় আৰু ভাৰত-গ্ৰীচ কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰী মিৎছ’টাকিছে পাৰস্পৰিকভাৱে উপযোগী ভাৰত-ইইউ মুক্ত বাণিজ্য চুক্তিৰ অগ্ৰিম পৰিসমাপ্তি আৰু ২০২৬-ত ভাৰতে আয়োজন কৰিবলগীয়া এআই ইম্পেক্ট ছামিটৰ সফলতাৰ বাবে গ্ৰীচৰ সমৰ্থন আগবঢ়ায়।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহতো মত-বিনিময় কৰে।

নেতাদ্বয়ে এইদৰে যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India