নেতাদ্বয়ে ইউক্ৰেইন আৰু পশ্চিম এছিয়া অঞ্চলৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰচেষ্টা সন্দৰ্ভত মত-বিনিময় কৰে
প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি আৰু সুস্থিৰতাৰ ক্ষীপ্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা দোহাৰে
নেতা দুজনে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ পৰা এটা ফোন কল লাভ কৰে।

নেতাদ্বয়ে ইউক্ৰেইন আৰু পশ্চিম এছিয়া অঞ্চলৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ অৰ্থে অব্যাহত প্ৰচেষ্টা সন্দৰ্ভত মত-বিনিময় কৰে।

ৰাষ্ট্ৰপতি মেক্ৰনে শেহতীয়াকৈ ইউৰোপ, যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইনৰ নেতাসকলৰ মাজত ৱাশ্বিংটনত অনুষ্ঠিত বৈঠক সন্দৰ্ভত ব্যক্ত কৰে। তেওঁ লগতে গাজাৰ পৰিস্থিতি সন্দৰ্ভত স্বকীয় দৃষ্টিভংগী সম্পৰ্কে ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু শান্তি তথা সুস্থিৰতাৰ ক্ষীপ্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা দোহাৰে।

নেতা দুজনে বাণিজ্য, প্ৰতিৰক্ষা, চিভিল পাৰমাণৱিক সহযোগিতা, প্ৰযুক্তি আৰু শক্তিকে প্ৰমুখ্য কৰি দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্য্যসূচীৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা কৰে। তেওঁলোকে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বক সুদৃঢ়কৰণৰ লগতে ২০২৬-ক যথাযথভাৱে ‘উদ্ভাৱনৰ বৰ্ষ’ হিচাপে পালনৰ যৌথ অংগীকাৰৰ কথা দোহাৰে।

ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ (EU) মাজৰ মুক্ত বাণিজ্য চুক্তিৰ অগ্ৰিম পৰিসমাপ্তিৰ বাবেও সমৰ্থন আগবঢ়ায়।

নেতাদ্বয়ে সকলো বিষয়তে যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 আগষ্ট 2026
August 25, 2026

Nari Shakti to Capital Markets: PM Modi’s Reforms Are Rewiring India’s Growth Story