প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, যুৱক-যুৱতীসকললৈকে প্ৰসাৰ বৃদ্ধি কৰা, নগৰীয়া আৰু পৰ্যটক পুলিচিঙক শক্তিশালী কৰা আৰু নতুন অপৰাধমূলক আইনসমূহৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু নেটগ্ৰিড সংহতিৰ সম্প্ৰসাৰিত ব্যৱহাৰৰ আহ্বান জনায়; দ্বীপৰ নিৰাপত্তা, উপকূলীয় পুলিচিং আৰু ফৰেনছিক ভিত্তিক তদন্তৰ ক্ষেত্ৰত উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
সন্মিলনত উপস্থিত থকাসকলে ভিজন ২০৪৭ পুলিচিঙৰ ৰোডমেপ, সন্ত্ৰাসবাদ বিৰোধী ধাৰা, মহিলাৰ সুৰক্ষা, পলাতকৰ সন্ধান কৰা আৰু ফৰেনছিক বিষয়ৰ সংস্কাৰকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অগ্ৰাধিকাৰৰ বিষয়ত বিশদভাৱে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে অধিক শক্তিশালী প্ৰস্তুতি আৰু সমন্বিত সঁহাৰিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে; ঘূৰ্ণীবতাহ, বানপানী আৰু প্ৰাকৃতিক জৰুৰীকালীন অৱস্থা পৰিচালনাৰ বাবে চৰকাৰৰ সামগ্ৰীক প্ৰচেষ্টাৰ আহ্বান জনায়
প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পুলিচিং প্ৰথাৰ আধুনিকীকৰণ আৰু পুনৰ সংহতি স্থাপন কৰিবলৈ আৰক্ষী নেতৃত্বক আহ্বান জনায়
প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পুলিচিং প্ৰথাৰ আধুনিকীকৰণ আৰু পুনৰ সংহতি স্থাপন কৰিবলৈ আৰক্ষী নেতৃত্বক আহ্বান জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰায়পুৰৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অনুষ্ঠিত  ৬০ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰে। তিনিদিনীয়া এই সন্মিলনৰ মূল বিষয় হৈছে ‘বিকশিত ভাৰত: নিৰাপত্তাৰ মাত্ৰা’।

প্ৰধানমন্ত্ৰীয়ে পেছাদাৰিত্ব, সংবেদনশীলতা আৰু সঁহাৰি বৃদ্ধি কৰি আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ ধাৰণা, বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত মানসিকতাৰ পৰিৱৰ্তনৰ জৰুৰী প্ৰয়োজনীয়তাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰে। ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইনসমূহৰ ঠাইত নগৰীয়া পুলিচিঙক  শক্তিশালী কৰা, পৰ্যটন আৰক্ষীক পুনৰ সজীৱ কৰা  আৰু নতুনকৈ প্ৰণয়ন কৰা ভাৰতীয় ন্যায় সংহিতা , ভাৰতীয় সাক্ষ্য অধিনিয়ম তথা  ভাৰতীয় নাগৰিক  সুৰক্ষা সংহিতাৰ  সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ  বিষয়ত  আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ   আৰক্ষী আৰু প্ৰশাসনক কয় যে জনবসতিহীন দ্বীপসমূহক একত্ৰিত কৰাৰ বাবে উদ্ভাৱনী কৌশল গ্ৰহণ কৰিব লাগিব, নাটগ্ৰীডৰ অধীনত সংহত ডাটাবেছসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিব লাগিব  আৰু এই ব্যৱস্থাসমূহক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সংযোগ কৰি কাৰ্য্যকৰী বুদ্ধিমত্তা সৃষ্টি কৰিব লাগিব ।

তেওঁ বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক আৰক্ষীৰ তদন্তত ফৰেনছিকৰ ব্যৱহাৰৰ বিষয়ত  কেছ ষ্টাডি  গ্ৰহণ কৰিবলৈ  উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ  ফৰেনছিকৰ  প্ৰয়োগ বৃদ্ধিয়ে অপৰাধমূলক ন্যায় ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰে।

তেওঁ নিষিদ্ধ সংগঠনৰ গতিবিধি নিৰীক্ষণ , বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰা, উপকূলীয় নিৰাপত্তা শক্তিশালী কৰাৰ বাবে উদ্ভাৱনীমূলক আৰ্হি গ্ৰহণ কৰাৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰাগছ সেৱনৰ দৰে ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ  চৰকাৰৰ কঠোৰ  দৃষ্টিভংগীৰ প্ৰয়োজন। লগতে এইক্ষেত্ৰত প্ৰয়োজন  বলৱৎকৰণ, পুনৰ্বাসন, আৰু সম্প্ৰদায় পৰ্যায়ৰ হস্তক্ষেপক একত্ৰিত কৰা।

সন্মিলনত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিভিন্ন বিষয়ত  গভীৰভাবে  আলোচনা কৰা হয় । ভিজন ২০৪৭ৰ বাবে  পুলিচিঙৰ দীৰ্ঘম্যাদী ৰোডমেপ, সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদ বিৰোধী পদক্ষেপৰ  উদীয়মান ধাৰা, মহিলাৰ সুৰক্ষা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ সহায় লোৱা, বিদেশত থকা ভাৰতীয় পলাতকসকলক দেশলৈ  ঘূৰাই অনাৰ কৌশল তথা ফলপ্ৰসূ তদন্তৰ লগতে বিচাৰ নিশ্চিত কৰাৰ বাবে ফৰেনছিকৰ  ক্ষমতাক  শক্তিশালী কৰাৰ  বিষয়ত আলোকপাত কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে অধিক শক্তিশালী প্ৰস্তুতি আৰু সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ঘূৰ্ণীবতাহ দিটৱাহৰ ধ্বংসলীলাকে ধৰি ঘূৰ্ণীবতাহ, বানপানী আৰু অন্যান্য প্ৰাকৃতিক জৰুৰীকালীন পৰিস্থিতিক  সামৰি ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থাক শক্তিশালী কৰিবলৈ আৰক্ষী অধীক্ষকসকলক আহ্বান জনায়। তেওঁ কয় যে এইক্ষেত্ৰত সক্ৰিয় পৰিকল্পনা, বাস্তৱ সময়ৰ সমন্বয়, তৎকালীন সঁহাৰি আৰু চৰকাৰৰ দৃষ্টিভংগী অতি প্ৰয়োজনীয়,  যাতে জীৱন সুৰক্ষিত কৰিব পাৰি আৰু  ক্ষতি নূন্যতম কৰিব পাৰি।

ভাষণত প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত হোৱাৰ পথত থকা উন্নয়নশীল ৰাষ্ট্ৰৰ আকাংক্ষা পূৰণৰ বাবে পুলিচিঙৰ শৈলীৰ পুনৰ সংহতি ঘটাবলৈ আৰক্ষীৰ  নেতৃত্বক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকো  প্ৰদান  কৰে। তেওঁ নগৰীয়া  পুলিচিঙৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰদৰ্শন কৰা তিনিখন চহৰক বঁটা প্ৰদান কৰে, যিটো স্বীকৃতি প্ৰথমবাৰৰ বাবে নগৰীয়া পুলিচিঙৰ উদ্ভাৱন তথা  উন্নতিৰ বাবে উৎসাহিত কৰাৰ অৰ্থে  আৰম্ভ কৰা হৈছে।

সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব আদি ব্যক্তিসকল  উপস্থিত থাকে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডিজিএছপি আৰু আইজিএছপিৰ লগতে চিএপিএফ তথা  কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকলে ইয়াত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি এই অনুষ্ঠানত  সমগ্ৰ দেশৰ পৰা ভাৰ্চুৱেলি বিভিন্ন পদবীৰ ৭০০ৰো অধিক বিষয়াই যোগদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ
August 14, 2026
কঠোৰ পৰিশ্ৰম আৰু মানৱীয় প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে একে সময়তে এই বিভীষিকাময় সময় অতিক্ৰম কৰি জনসাধাৰণে শূন্যৰ পৰা পুনৰ তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল, প্ৰতিকূল অৱস্থাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ কয় যে তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্পক গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিব পাৰে।

সেই দুৰ্বিসহ সময়ৰ পৰা ওলাই আহি দেশৰ প্ৰগতিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিজৰ সাহস আৰু সামৰ্থ্যৰ জৰিয়তে তেওঁলোকে দেখুৱাইছে যে প্ৰতিকূল পৰিস্থিতিতো কেনেদৰে সংকল্প সম্পূৰ্ণ কৰা হয়। শ্ৰী মোদীয়ে সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

এটা সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। তেওঁ লগতে কয় যে সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘আজি আমি #PartitionHorrorsRemembranceDay সোঁৱৰণ কৰিছো। বিভাজনৰ ফলত প্ৰভাৱিত সকলোৰে সাহসক আমি স্মৰণ কৰিছো। এইটো ইতিহাসৰ এনে এটা মুহূৰ্ত আছিল, য’ত বিভিন্ন জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, পৰিয়ালবোৰ উৎখাত হৈছিল, বহু লোকে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

একে সময়তে এইসমূহ অতিক্ৰম কৰি মানুহে তেওঁলোকৰ জীৱন শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিছিল, প্রতিকূলতাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে।

এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্প গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাত সহায় কৰক।’

‘বিভাজন বিভীষিকাময় স্মৃতি দিৱসত সেই ভয়ংকৰ সময়ৰ পৰা ওলাই অহাৰ পিছত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকে নিজৰ সাহস আৰু শক্তিৰে দেখুৱাইছিল যে কেনেকৈ প্ৰতিকূল পৰিস্থিতিতো সংকল্পবোৰ ৰূপায়ণ কৰিব পৰা যায়। আহক, আমি সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰো।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥’

কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।