মহামান্য,

সচিব আৰু ৰাষ্ট্ৰপতি টো লাম,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

চিন চাও!

ৰাষ্ট্ৰপতি টো লামক ভাৰতলৈ আদৰণি জনাই মই অতি আনন্দিত হৈছো। ভিয়েটনামৰ ৰাষ্ট্ৰপতি হোৱাৰ এমাহৰ ভিতৰতে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলকে ধৰি কেইবাগৰাকীও ব্যৱসায়িক নেতাৰ সৈতে তেওঁৰ এই ভ্ৰমণে ভাৰত-ভিয়েটনামৰ সম্পৰ্কক কিমান অগ্ৰাধিকাৰ দিয়ে, সেই কথাকেই প্ৰতিফলিত কৰে।

কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।

বন্ধুসকল,

ভাৰত-ভিয়েটনামৰ অংশীদাৰিত্বত ঐতিহ্য আৰু উন্নয়ন দুয়োটাই গুৰুত্বপূৰ্ণ। যোৱা বছৰ যেতিয়া ভাৰতৰ পৰা বুদ্ধৰ অৱশেষ ভিয়েটনামলৈ লৈ যোৱা হৈছিল, তেতিয়া সেই অৱশেষ ডেৰ কোটিৰো অধিক লোকে দৰ্শন কৰিছিল, যি হৈছে সমগ্ৰ ভিয়েটনামৰ জনসংখ্যাৰ ১৫ শতাংশ। আমাৰ অংশীদাৰী ঐতিহ্য জীয়াই ৰাখিবলৈ, আমি ভিয়েটনামৰ প্ৰাচীন চম্পা সভ্যতাৰ মি চান আৰু নহান টৱৰ মন্দিৰসমূহ পুনৰুজ্জীৱিত কৰি আছো। আমি এতিয়া চম্পা সভ্যতাৰ পাণ্ডুলিপিসমূহ ডিজিটেলাইজ কৰিম আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰিম।

বন্ধুসকল,

এক দশক পূৰ্বে মোৰ ভিয়েটনাম ভ্ৰমণৰ সময়ত, আছিয়ানত ভিয়েটনাম ভাৰতৰ প্ৰথম ব্যাপক কৌশলগত অংশীদাৰ হৈ পৰিছিল। তেতিয়াৰ পৰাই আমাৰ সম্পৰ্কই দ্ৰুত আৰু ব্যাপক অগ্ৰগতি লাভ কৰিছে। সভ্যতাৰ সম্পৰ্কৰ লগতে আমাৰ বাণিজ্য, প্ৰযুক্তি আৰু পৰ্যটন সম্পৰ্কও অধিক শক্তিশালী হৈছে।

এই শক্তিশালী ভেটিৰে আজি আমি আমাৰ সম্পৰ্কক উন্নত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ আগুৱাই লৈ গৈছো। আমি এতিয়া আমাৰ অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যাম। সংস্কৃতি, যোগাযোগ আৰু সামৰ্থ্য বিকাশৰ লগতে প্ৰতিটো ক্ষেত্ৰত আমাৰ সহযোগিতা-সুৰক্ষা, বহনক্ষমতা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা-নতুন স্তৰত উপনীত হ’ব।

বন্ধুসকল,

ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য যোৱা দশকত দুগুণ বৃদ্ধি হৈ ১৬ বিলিয়ন ডলাৰত উপনীত হৈছে। ২০৩০ চনৰ ভিতৰত ইয়াক ২৫ বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ বাবে আমি আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। আমাৰ ঔষধ কৰ্তৃপক্ষৰ মাজত হোৱা বুজাবুজি চুক্তিয়ে এতিয়া ভিয়েটনামত ভাৰতৰ ঔষধসমূহৰ উপলভ্যতা বৃদ্ধি কৰিব। ভাৰতৰ কৃষি, মীন পালন আৰু পশুজাত সামগ্ৰীও ভিয়েটনামলৈ ৰপ্তানি কৰা হ’ব। অতিশীঘ্ৰে ভিয়েটনামে ভাৰতৰ আঙুৰ আৰু ডালিমৰ সোৱাদ ল’ব আৰু আমি ভিয়েটনামৰ ডুৰিয়ান আৰু পোমেলোৰ সোৱাদ ল’ম।

কেৱল এয়াই নহয়, আমি বছৰৰ শেষৰ ফালে ভাৰত-আছিয়ান বাণিজ্য চুক্তি ‘আই টি জি এ’ আপডেট কৰিবলৈও সন্মত হৈছো। ই ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগক নতুন শক্তি প্ৰদান কৰিব। গুৰুত্বপূৰ্ণ খনিজ, বিৰল পৃথিৱী আৰু শক্তি সহযোগিতাৰ ক্ষেত্ৰত নতুন পদক্ষেপৰ জৰিয়তে আমি দুয়োখন দেশৰ অৰ্থনৈতিক সুৰক্ষা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰিম।

বন্ধুসকল,

যোগাযোগ আৰু সামৰ্থ্য বিকাশ আমাৰ অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ স্তম্ভ। আমি অতি আনন্দিত যে দুয়োখন দেশৰ মাজত বিমান যোগাযোগ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

বিত্তীয় সংযোগ বৃদ্ধিৰ বাবেও আজি আমি আমাৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো। ভাৰতৰ ইউ পি আই আৰু ভিয়েটনামৰ দ্ৰুত ধনাদায় ব্যৱস্থাও অতি সোনকালে সংযুক্ত হ’ব। একে সময়তে, আমি এতিয়া দুয়োখন দেশৰ মাজত ৰাজ্যৰ পৰা ৰাজ্যলৈ আৰু চহৰৰ পৰা চহৰলৈ সহযোগিতা শক্তিশালী কৰাৰ দিশে আগবাঢ়িছো।

বন্ধুসকল,

ভিয়েটনাম হৈছে ভাৰতৰ এক্ট-ইষ্ট নীতি আৰু ভিজন মহাসাগৰৰ এটা মূল স্তম্ভ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰতো আমাৰ উমৈহতীয়া দৃষ্টিভংগী আছে। আমি আমাৰ শক্তিশালী প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ জৰিয়তে আইনৰ শাসন, শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাই যাম। ভিয়েটনামৰ সহযোগিতাত ভাৰতে আছিয়ানৰ সৈতেও ইয়াৰ সম্পৰ্ক বিস্তৃত কৰিব।

মহামান্য,

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰাৰ বাবে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত আমাৰ সৈতে থিয় দিয়াৰ বাবে আমি ভিয়েটনামৰ ওচৰত কৃতজ্ঞ।

গোলকীয় অস্থিৰতা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ এই পৰিস্থিতিত নিজৰ প্ৰতিভা, সুশাসন আৰু অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে ভাৰত আৰু ভিয়েটনামে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে। এতিয়া আমাৰ উন্নত কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে আমি পৰস্পৰে দ্ৰুত বিকাশত সহযোগিতা আগবঢ়াম।

যিদৰে বুদ্ধৰ শিকনিসমূহে অনুভৱ কৰায় যে ‘যদি আপুনি আন কাৰোবাৰ বাবে এটা প্ৰদীপ জ্বলায়, তেন্তে ই আপোনাৰ নিজৰ পথকো আলোকিত কৰিব’।

এই মনোভাৱেৰে আমি পৰস্পৰৰ দৃষ্টিভংগী আৰু লক্ষ্যসমূহক সমৰ্থন কৰাৰ লগতে সহযোগিতাৰে এখন উন্নত ৰাষ্ট্ৰৰ বাবে আমাৰ আকাংক্ষাবোৰক বাস্তৱ ৰূপ দিম।

আমি খোজত খোজ মিলাই একেলগে আগবাঢ়িম আৰু একেলগে জয়ী হ' ম।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi