মহামহিম ৰাষ্ট্ৰপতি,

 

দুয়োখন দেশৰ প্ৰতিনিধি,

 

সংবাদ মাধ্যমৰ  বন্ধুসকল,

 

নমস্কাৰ!

 

প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

এই ঐতিহাসিক অনুষ্ঠানত মোক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

এইবাৰ ভাৰত আৰু মালদ্বীপে কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ কৰিছে। কিন্তু আমাৰ সম্পৰ্কৰ শিপা ইয়াতকৈয়ো অধিক পুৰণি আৰু সাগৰৰ দৰে গভীৰ। আজি মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ পৰম্পৰাগত নাওৰ ছবিখনে দেখুৱাইছে যে আমি কেৱল চুবুৰীয়াই নহয়, সহযাত্ৰীও।

 

বন্ধুসকল,

 

মালদ্বীপৰ নিকটতম প্ৰতিৱেশী ভাৰত। ভাৰতৰ "চুবুৰী প্ৰথম" নীতি আৰু মহাসাগৰৰ দৃষ্টিভংগী দুয়োটাতে মালদ্বীপৰ গুৰুত্বপূৰ্ণ স্থান আছে। ভাৰতে মালদ্বীপৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু হোৱাৰ বাবেও গৌৰৱ অনুভৱ কৰিছে। দুৰ্যোগেই  হওক বা মহামাৰীয়েই হওক, ভাৰতে সদায় তেওঁলোকৰ কাষত ‘প্ৰথম সঁহাৰিদাতা’ হিচাপে থিয় দি আহিছে। অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাই হওক বা কোভিডৰ পিছত অৰ্থনীতি চম্ভালিব পৰাই হওক, ভাৰতে সদায় একেলগে কাম কৰি আহিছে।

 

আমাৰ বাবে সদায় বন্ধুত্ব প্ৰথম

 

বন্ধুসকল,

 

যোৱা বছৰ অক্টোবৰ মাহত ৰাষ্ট্ৰপতি মহোদয়ৰ ভাৰত ভ্ৰমণৰ সময়ত আমি এক ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ দৃষ্টিভংগী ভাগ-বতৰা কৰিছিলো। এতিয়া ই বাস্তৱত পৰিণত হৈছে।  তাৰ ফলস্বৰূপে আমাৰ সম্পৰ্কই নতুন উচ্চতা স্পৰ্শ কৰিছে। বহু প্ৰকল্প উদ্বোধন কৰাটো সম্ভৱ হৈছে।

 

ভাৰতৰ সহযোগত নিৰ্মাণ কৰা চাৰিহাজাৰ সামাজিক আৱাসগৃহ এতিয়া মালদ্বীপৰ বহু পৰিয়ালৰ বাবে এক নতুন আৰম্ভণি হৈ পৰিব। নতুন ঘৰ হ’ব। গ্ৰেটাৰ মেল কনেক্টিভিটি প্ৰকল্প, আদ্দু পথ উন্নয়ন প্ৰকল্প, আৰু পুনৰ উন্নীতকৰণ কৰা  হনিমাধু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে এই সমগ্ৰ অঞ্চলটো এক গুৰুত্বপূৰ্ণ ট্ৰেনজিট আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।

 

অতি সোনকালে ফেৰী ব্যৱস্থাৰ প্ৰৱৰ্তনৰ লগে লগে বিভিন্ন দ্বীপৰ মাজত চলাচল সহজ হৈ পৰিব। ইয়াৰ পিছত দ্বীপবোৰৰ মাজৰ দূৰত্ব জিপিএছৰ দ্বাৰা নহয়, কেৱল ফেৰীৰ সময়ৰ দ্বাৰাহে জুখিব পৰা যাব!

 

আমাৰ উন্নয়ন অংশীদাৰিত্বক নতুন মাত্ৰা দিবলৈ আমি ৫৬৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় পাঁচ হাজাৰ কোটি টকাৰ "লাইন অৱ ক্ৰেডিট" মালদ্বীপক দিয়াৰ সিদ্ধান্ত লৈছো। মালদ্বীপৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি, ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সৈতে জড়িত প্ৰকল্পসমূহৰ বাবে এয়া  ব্যৱহাৰ কৰা হ’ব।

 

বন্ধুসকল,

 

আমাৰ অৰ্থনৈতিক অংশীদাৰিত্ব ত্বৰান্বিত কৰাৰ বাবে আমি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো। পাৰস্পৰিক বিনিয়োগক ত্বৰান্বিত কৰিবলৈ আমি অতি সোনকালে দ্বিপাক্ষিক বিনিয়োগ চুক্তি চূড়ান্ত কৰাৰ দিশত কাম কৰিম। মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে আলোচনাও আৰম্ভ হৈছে। এতিয়া আমাৰ লক্ষ্য - কাগজ-পত্ৰৰ কামৰ পৰা সমৃদ্ধিলৈ!

 

স্থানীয় মুদ্ৰা নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে টকা আৰু ৰুফিয়াৰে প্ৰত্যক্ষ ব্যৱসায় সম্ভৱ হ’ব। মালদ্বীপত ইউপিআইক যি গতিৰে প্ৰচাৰ কৰা হৈছে, সেই গতিয়ে  পৰ্যটন আৰু খুচুৰা ব্যৱসায় দুয়োটাকে শক্তিশালী কৰিব।

 

বন্ধুসকল,

 

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা পাৰস্পৰিক বিশ্বাসৰ চিন। আজি উদ্বোধন কৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱনটো আস্থাৰ পকী ভৱন স্বৰূপ। ই আমাৰ শক্তিশালী অংশীদাৰিত্বৰ প্ৰতীক।

 

আমাৰ অংশীদাৰিত্ব এতিয়া বতৰ বিজ্ঞানলৈও বিস্তৃত হ’ব। বতৰ যিয়েই নহওক কিয় আমাৰ বন্ধুত্ব সদায় উজ্জ্বল আৰু স্পষ্ট হৈ থাকিব!

 

মালদ্বীপৰ প্ৰতিৰক্ষা সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত ভাৰতে সহযোগিতা অব্যাহত ৰাখিব। ভাৰত মহাসাগৰ অঞ্চলত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি আমাৰ উমৈহতীয়া লক্ষ্য। কলম্বো নিৰাপত্তা সন্মিলনত আমি একেলগে আঞ্চলিক সামুদ্ৰিক নিৰাপত্তা শক্তিশালী কৰিম।

জলবায়ু পৰিৱৰ্তন আমাৰ উভয়ৰে  বাবে এক ডাঙৰ প্ৰত্যাহ্বান। আমি নবীকৰণযোগ্য শক্তিক প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছো। ভাৰতে এই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা মালদ্বীপৰ সৈতে ভাগ-বতৰা কৰিব।

 

মহামহিম,

 

আকৌ এবাৰ এই ঐতিহাসিক ক্ষণত আপোনাৰ লগতে মালদ্বীপৰ নাগৰিকলৈ অভিনন্দন জনাইছো আৰু উষ্ম আদৰণিৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো।

 

মই আকৌ এবাৰ আপোনালোকক আশ্বাস দিছো যে মালদ্বীপৰ উন্নয়ন তথা  সমৃদ্ধিৰ  প্ৰতিটো খোজতে ভাৰত আপোনালোকৰ লগত থাকিব।

 

আপোনাক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership