প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে "ভাৰত ইনোভেটছ ২০২৬" উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে উপস্থিত ৰাইজক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰনক অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি উল্লেখ কৰে যে ভাৰত আৰু ফ্ৰান্স দুয়োখন দেশেই গোলকীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দৃঢ় অংশীদাৰ হিচাপে কাম কৰি আহিছে। এই প্ৰেক্ষাপটত তেওঁ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে ভাৰত-ফ্ৰান্সৰ পদক্ষেপসমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু নিৰাপত্তাৰ প্ৰসাৰৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। চলিত 'ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ' উদ্‌যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোলকীয় কল্যাণৰ হকে কাম কৰাৰ বাবে দুয়োখন দেশৰ যুটীয়া সংকল্পৰ ক্ষেত্ৰত 'ভাৰত ইনোভেটছ' হৈছে আন এক মাইলৰ খুঁটি। প্ৰদৰ্শিত ডিপ-টেক সমাধানসমূহত প্ৰতিফলিত হোৱা ভাৰতৰ ষ্টাৰ্ট-আপ বিপ্লৱৰ কথা উল্লেখ কৰি তেওঁ গ্ৰামোন্নয়নৰ বাবে এআই আৰু উপগ্ৰহ প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনা, বহনক্ষম জীৱনধাৰণৰ বাবে উন্নত উৎপাদন আৰু স্বচ্ছ বিকাশৰ বাবে সেউজ হাইড্ৰ'জেন, বেটাৰী প্ৰযুক্তি আৰু বৈদ্যুতিক গতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ডিজিটেল যুগত চলি থকা প্ৰযুক্তিগত বিপ্লৱে মানৱতাৰ বাবে নতুন সুযোগৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। এই প্ৰসংগত তেওঁ 'ভাৰত ইনোভেটছ'ত সমবেত হোৱা উদ্ভাৱক, বিনিয়োগকাৰী আৰু উদ্যোগীসকলক বিশ্বাসযোগ্য, অন্তৰ্ভুক্তিমূলক আৰু মানৱ-কেন্দ্ৰিক প্ৰযুক্তিৰ বিকাশ ঘটাবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰে যে ষ্টাৰ্ট-আপবোৰক কেৱল তেওঁলোকৰ বজাৰ মূল্যৰ দ্বাৰাই বিচাৰ কৰা উচিত নহয়, বৰঞ্চ মানৱতাৰ ওপৰত তেওঁলোকে পেলোৱা প্ৰভাৱৰ দ্বাৰাও সমানেই বিচাৰ কৰিব লাগে। এয়াই 'ভাৰত ইনোভেটছ'ৰ মূল বাৰ্তা বুলি উল্লেখ কৰি তেওঁ উপস্থিত দৰ্শকক গোলকীয় উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায় একেলগে সৃষ্টি কৰিবলৈ ভাৰতৰ সৈতে হাত মিলাবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, স্বাস্থ্যসেৱা, মেডটেক, উন্নত সামগ্ৰী, স্বচ্ছ শক্তি আৰু অন্যান্য অগ্ৰণী খণ্ডসমূহৰ ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকসকলৰ সৈতেও মত বিনিময় কৰে। নেতাসকলে প্ৰদৰ্শনীখন প্ৰত্যক্ষ কৰাৰ লগতে কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, স্বাস্থ্যসেৱা, মেডটেক, উন্নত সামগ্ৰী, স্বচ্ছ শক্তি আৰু অন্যান্য অগ্ৰণী খণ্ডসমূহৰ ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে।

'ভাৰত ইনোভেটছ'-এ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতক এক গোলকীয় উদ্ভাৱন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰতি ভাৰত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু গোলকীয় প্ৰযুক্তিগত পৰিৱেশলৈ অৱদান যোগোৱাত ভাৰত-ফ্ৰান্স সহযোগিতাৰ গুৰুত্বক প্ৰতিপন্ন কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”