মহামহিম প্ৰধানমন্ত্ৰী ৰাবুকা ডাঙৰীয়া,
দুয়োখন দেশৰ প্ৰতিনিধিসকল,
সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ!
মই প্ৰধানমন্ত্ৰী ৰাবুকা ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
২০১৪-ত ৩৩ বছৰৰ পাছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ফিজি ভ্ৰমণ কৰিছিল। মই অতিশয় সুখী আৰু গৌৰৱান্বিত যে মোৰ এই সৌভাগ্য হৈছিল।
তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।

বন্ধুসকল,
ভাৰত আৰু ফিজিৰ মাজত এক গভীৰ অন্তৰংগ বান্ধোন আছে। ঊনবিংশ শতিকাত ভাৰতৰ পৰা যোৱা ষাঠি হাজাৰৰো অধিক চুক্তিবদ্ধ ভ্ৰাতৃ-ভগ্নীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু ঘামেৰে ফিজিৰ সমৃদ্ধিত অৰিহণা যোগাইছে। ফিজিৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সানিছে। তেওঁলোকে ফিজিৰ ঐক্য আৰু অখণ্ডতাক অহৰহভাৱে সমৃদ্ধ কৰি আহিছে।
আৰু এই সকলোবোৰৰ মাজতে তেওঁলোক নিজৰ শিপাৰ সৈতেও সংযুক্ত হৈ থাকিল। তেওঁলোকে নিজৰ সংস্কৃতিক জীয়াই ৰাখিছিল। ফিজিৰ ৰামায়ণ মণ্ডলীৰ পৰম্পৰাই ইয়াৰ জীৱন্ত প্ৰমাণ। প্ৰধানমন্ত্ৰী ৰাবুকাই ‘গিৰ্মিত দিৱস’ উদযাপনৰ ঘোষণাক আদৰণি জনাইছোঁ। আমাৰ উমৈহতীয়া ইতিহাসৰ প্ৰতি এয়া শ্ৰদ্ধাঞ্জলি। আমাৰ পূৰ্বৰ প্ৰজন্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।
বন্ধুসকল,
আজি আমাৰ বিস্তৃত আলোচনাৰ সময়ছোৱাত আমি একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি বিশ্বাস কৰোঁ যে এখন সুস্থ ৰাষ্ট্ৰহে এখনি সমৃদ্ধিশালী ৰাষ্ট্ৰ হ’ব পাৰে। সেয়েহে আমি ‘ছুভা’ত ১০০ খন বিছনাযুক্ত চুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডায়েলাইছিছ ইউনিট আৰু সামুদ্ৰিক এম্বুলেন্স প্ৰেৰণ কৰা হ’ব। আৰু, জন ঔষধি কেন্দ্ৰ মুকলি কৰা হ'ব। ইয়াৰ ফলশ্ৰুতিত প্ৰতিঘৰ গৃহস্থীতে সূলভ আৰু উচ্চ-মানদণ্ডৰ ঔষধ উপলব্ধ হ’ব। ফিজিতো ‘জয়পুৰ ফুট’ শিবিৰৰ আয়োজন কৰা হ’ব।
কৃষিৰ ক্ষেত্ৰত ভাৰতৰ পৰা আমদানি কৰা বীজ ফিজিৰ মাটিত অতি ভালকৈ অংকুৰিত হৈছে। ভাৰতে এতিয়া ১২ কৃষি ড্ৰোন আৰু ২ ভ্ৰাম্যমাণ ভূমি পৰীক্ষণ লেবো উপহাৰ স্বৰূপে প্ৰদান কৰিব। ফিজিত ভাৰতীয় ঘিউ গ্ৰহণ কৰাৰ বাবে আমি ফিজি চৰকাৰক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,
আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত পাৰস্পৰিক সহযোগিতাক সুদৃঢ়কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা হৈছে। ফিজিৰ সামুদ্ৰিক সুৰক্ষাক সুদৃঢ়কৰণৰ বাবে ভাৰতে প্ৰশিক্ষণ আৰু সঁজুলিৰ সহায় আগবঢ়াব। চাইবাৰ সুৰক্ষা আৰু তথ্য সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতাৰ আদান-প্ৰদান কৰিবলৈ আমি সাজু।
সন্ত্ৰাসবাদক সমগ্ৰ মানৱ জাতিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান বুলি আমি গণ্য কৰোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখনত সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি প্ৰধানমন্ত্ৰী ৰাবুকা আৰু ফিজি চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
খেলে খেলপথাৰৰ পৰা হৃদয়লৈ জনতাক সংযোগ কৰে। ফিজিৰ ৰগ্বী আৰু ভাৰতৰ ক্ৰিকেট ইয়াৰ উদাহৰণ। "ষ্টাৰ অৱ ৰগ্বী চেভেনছ", ৱাইচিলে চেৰেবি ভাৰতীয় ৰগ্বী দলৰ প্ৰশিক্ষক আছিল। এতিয়া ভাৰতীয় প্ৰশিক্ষকগৰাকীয়ে ফিজি ক্ৰিকেট দলটোক নতুন শিখৰত উপনীত কৰাব।
আমি ফিজি বিশ্ববিদ্যালয়ত হিন্দী আৰু সংস্কৃত শিক্ষা প্ৰদানৰ অৰ্থে এজন ভাৰতীয় শিক্ষকক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ফিজিৰ পণ্ডিতসকল প্ৰশিক্ষণ গ্ৰহণৰ বাবে ভাৰতলৈ আহিব আৰু গীতা মহোৎসৱতো অংশগ্ৰহণ কৰিব। অৰ্থাৎ ভাষাৰ পৰা সংস্কৃতিলৈ সম্পৰ্ক গভীৰ হৈ পৰিব।
বন্ধুসকল,
জলবায়ু পৰিৱৰ্তন ফিজিৰ বাবে এক বৃহৎ ভাবুকি। এনে প্ৰেক্ষাপটত আমি নবীকৰণযোগ্য শক্তি বিশেষকৈ সৌৰশক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰি আছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট আৰু গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্সত একেলগে আছোঁ। এতিয়া আমি দুৰ্য্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত ফিজিৰ সামৰ্থ্য বৃদ্ধিতো সহায় কৰিম।

বন্ধুসকল,
আমি ফিজিক প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ সহযোগৰ কেন্দ্ৰ হিচাপে গণ্য কৰিছোঁ। আমি উভয়ে মুক্ত, মুকলি, সৰ্বাংগীন, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰোঁ। প্ৰধানমন্ত্ৰীৰ ‘শান্তিৰ মহাসাগৰ’ এক অতিশয় ইতিবাচক চিন্তা। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত যোগদান কৰিবলৈ আমি ফিজিক আদৰণি জনাইছোঁ।
ভাৰত আৰু ফিজিৰ মাজত হয়তো মহাসাগৰৰ ব্যৱধান আছে, কিন্তু আমাৰ আকাংক্ষাৰাজি একেখন নাওতে আগবাঢ়িছে।
আমি গ্ল’বেল চাউথৰ উন্নয়ন যাত্ৰাৰো সহযাত্ৰী। আমি এনে এক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ অংশীদাৰ, য’ত গ্ল’বেল চাউথৰ স্বাধীনতা, ধাৰণা আৰু পৰিচয়ক সন্মান কৰা হয়।
আমি কোনো কণ্ঠক আওকাণ কৰা উচিত নহয় আৰু কোনো ৰাষ্ট্ৰ পিছ পৰি থাকিব নালাগে বুলি বিশ্বাস কৰোঁ!
মহামহিম,
ভাৰত মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আমাৰ অংশীদাৰিত্ব এখন সেতুৰে সংলগ্ন। ইয়াৰ শিপা গভীৰ আৰু এয়া আস্থা আৰু সন্মান আধাৰিত।
আপোনাৰ ভ্ৰমণে এই চিৰস্থায়ী বন্ধনক সুদৃঢ় কৰি তুলিলে। এই বন্ধুত্বৰ বাবে বহু-বহু ধন্যবাদ জনালোঁ।
2014 में, 33 वर्षों बाद किसी भारतीय प्रधानमंत्री ने फिजी की धरती पर कदम रखा था।
— PMO India (@PMOIndia) August 25, 2025
मुझे बहुत खुशी और गर्व है कि ये सौभाग्य मुझे मिला था।
उस समय हमने Forum for India-Pacific Islands Cooperation, यानि FIPIC की शुरुआत की थी।
उस पहल ने न केवल भारत–फिजी रिश्तों को, बल्कि पूरे पैसिफिक…
भारत और फिजी के बीच आत्मीयता का गहरा नाता है।
— PMO India (@PMOIndia) August 25, 2025
19वीं सदी में, भारत से गए साठ हजार से अधिक गिरमिटिया भाई–बहनों ने अपने परिश्रम और पसीने से फिजी की समृधि में योगदान दिया है।
उन्होंने फिजी की सामाजिक और सांस्कृतिक विविधता में नए रंग भरे हैं: PM @narendramodi
प्रधानमंत्री रम्बुका द्वारा ‘गिरमिट डे’ की घोषणा का मैं अभिनन्दन करता हूँ।
— PMO India (@PMOIndia) August 25, 2025
ये हमारे साझा इतिहास का सम्मान है।
हमारी पिछली पीढ़ियों की स्मृतियों को श्रद्धांजलि है: PM @narendramodi
हम मानते हैं कि एक स्वस्थ राष्ट्र ही समृद्ध राष्ट्र हो सकता है।
— PMO India (@PMOIndia) August 25, 2025
इसलिए हमने तय किया कि ‘सुवा’ में 100- bed सुपर स्पेशलिटी अस्पताल बनाया जायेगा।
डायलिसिस यूनिट्स और sea ambulances भेजीं जाएँगी।
और, जन औषधि केंद्र खोले जायेंगे, जिससे सस्ती और उत्तम quality की दवा हर घर तक…
हमने रक्षा और सुरक्षा क्षेत्र में आपसी सहयोग को मजबूत करने का निर्णय लिया है।
— PMO India (@PMOIndia) August 25, 2025
इसके लिए एक action plan तैयार किया गया है ।
फिजी की Maritime security को सशक्त करने के लिए भारत से ट्रेनिंग और इक्विपमेंट में सहयोग दिया जाएगा: PM @narendramodi
साइबर सिक्योरिटी, और डेटा protection के क्षेत्रों में हम अपने अनुभव साझा करने के लिए तैयार हैं।
— PMO India (@PMOIndia) August 25, 2025
हम एकमत हैं कि आतंकवाद पूरी मानवता के लिए बहुत बड़ी चुनौती है: PM @narendramodi
हमने तय किया है कि फिजी यूनिवर्सिटी में हिंदी और संस्कृत पढ़ाने के लिए भारतीय शिक्षक भेजा जायेगा।
— PMO India (@PMOIndia) August 25, 2025
और फिजी के पंडित भारत आकर प्रशिक्षण लेंगे और गीता महोत्सव में भी भाग लेंगे।
यानी, language से culture तक रिश्ते और अधिक गहरे होंगे: PM @narendramodi
Climate change फिजी के लिए क्रिटिकल threat है।
— PMO India (@PMOIndia) August 25, 2025
इस संदर्भ में हम renewable energy, खासकर सौर ऊर्जा में साथ मिलकर काम कर रहे हैं ।
इंटरनेशनल सोलर अलायन्स, coalition for disaster resilient infrastructure और ग्लोबल biofuels अलायन्स में हम एक साथ हैं।
अब हम Disaster response में भी…
India and Fiji may be oceans apart, but our aspirations sail in the same boat.
— PMO India (@PMOIndia) August 25, 2025
हम ग्लोबल साउथ की विकास यात्रा में भी सहयात्री हैं।
हम एक ऐसे world order के निर्माण में भागीदार हैं,
जहाँ Global South के independence, ideas और identity को सम्मान मिले।
We believe that no voice…


