মহামহিম প্ৰধানমন্ত্ৰী ৰাবুকা ডাঙৰীয়া,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

 

মই প্ৰধানমন্ত্ৰী ৰাবুকা ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

২০১৪-ত ৩৩ বছৰৰ পাছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ফিজি ভ্ৰমণ কৰিছিল। মই অতিশয় সুখী আৰু গৌৰৱান্বিত যে মোৰ এই সৌভাগ্য হৈছিল।

তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।

 

বন্ধুসকল,

ভাৰত আৰু ফিজিৰ মাজত এক গভীৰ অন্তৰংগ বান্ধোন আছে। ঊনবিংশ শতিকাত ভাৰতৰ পৰা যোৱা ষাঠি হাজাৰৰো অধিক চুক্তিবদ্ধ ভ্ৰাতৃ-ভগ্নীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু ঘামেৰে ফিজিৰ সমৃদ্ধিত অৰিহণা যোগাইছে। ফিজিৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সানিছে। তেওঁলোকে ফিজিৰ ঐক্য আৰু অখণ্ডতাক অহৰহভাৱে সমৃদ্ধ কৰি আহিছে।

আৰু এই সকলোবোৰৰ মাজতে তেওঁলোক নিজৰ শিপাৰ সৈতেও সংযুক্ত হৈ থাকিল। তেওঁলোকে নিজৰ সংস্কৃতিক জীয়াই ৰাখিছিল। ফিজিৰ ৰামায়ণ মণ্ডলীৰ পৰম্পৰাই ইয়াৰ জীৱন্ত প্ৰমাণ। প্ৰধানমন্ত্ৰী ৰাবুকাই ‘গিৰ্মিত দিৱস’ উদযাপনৰ ঘোষণাক আদৰণি জনাইছোঁ। আমাৰ উমৈহতীয়া ইতিহাসৰ প্ৰতি এয়া শ্ৰদ্ধাঞ্জলি। আমাৰ পূৰ্বৰ প্ৰজন্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

 

বন্ধুসকল,

আজি আমাৰ বিস্তৃত আলোচনাৰ সময়ছোৱাত আমি একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি বিশ্বাস কৰোঁ যে এখন সুস্থ ৰাষ্ট্ৰহে এখনি সমৃদ্ধিশালী ৰাষ্ট্ৰ হ’ব পাৰে। সেয়েহে আমি ‘ছুভা’ত ১০০ খন বিছনাযুক্ত চুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডায়েলাইছিছ ইউনিট আৰু সামুদ্ৰিক এম্বুলেন্স প্ৰেৰণ কৰা হ’ব। আৰু, জন ঔষধি কেন্দ্ৰ মুকলি কৰা হ'ব। ইয়াৰ ফলশ্ৰুতিত প্ৰতিঘৰ গৃহস্থীতে সূলভ আৰু উচ্চ-মানদণ্ডৰ ঔষধ উপলব্ধ হ’ব। ফিজিতো ‘জয়পুৰ ফুট’ শিবিৰৰ আয়োজন কৰা হ’ব।

কৃষিৰ ক্ষেত্ৰত ভাৰতৰ পৰা আমদানি কৰা বীজ ফিজিৰ মাটিত অতি ভালকৈ অংকুৰিত হৈছে। ভাৰতে এতিয়া ১২ কৃষি ড্ৰোন আৰু ২ ভ্ৰাম্যমাণ ভূমি পৰীক্ষণ লেবো উপহাৰ স্বৰূপে প্ৰদান কৰিব। ফিজিত ভাৰতীয় ঘিউ গ্ৰহণ কৰাৰ বাবে আমি ফিজি চৰকাৰক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত পাৰস্পৰিক সহযোগিতাক সুদৃঢ়কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা হৈছে। ফিজিৰ সামুদ্ৰিক সুৰক্ষাক সুদৃঢ়কৰণৰ বাবে ভাৰতে প্ৰশিক্ষণ আৰু সঁজুলিৰ সহায় আগবঢ়াব। চাইবাৰ সুৰক্ষা আৰু তথ্য সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতাৰ আদান-প্ৰদান কৰিবলৈ আমি সাজু।

সন্ত্ৰাসবাদক সমগ্ৰ মানৱ জাতিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান বুলি আমি গণ্য কৰোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখনত সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি প্ৰধানমন্ত্ৰী ৰাবুকা আৰু ফিজি চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

খেলে খেলপথাৰৰ পৰা হৃদয়লৈ জনতাক সংযোগ কৰে। ফিজিৰ ৰগ্বী আৰু ভাৰতৰ ক্ৰিকেট ইয়াৰ উদাহৰণ। "ষ্টাৰ অৱ ৰগ্বী চেভেনছ", ৱাইচিলে চেৰেবি ভাৰতীয় ৰগ্বী দলৰ প্ৰশিক্ষক আছিল। এতিয়া ভাৰতীয় প্ৰশিক্ষকগৰাকীয়ে ফিজি ক্ৰিকেট দলটোক নতুন শিখৰত উপনীত কৰাব।

আমি ফিজি বিশ্ববিদ্যালয়ত হিন্দী আৰু সংস্কৃত শিক্ষা প্ৰদানৰ অৰ্থে এজন ভাৰতীয় শিক্ষকক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ফিজিৰ পণ্ডিতসকল প্ৰশিক্ষণ গ্ৰহণৰ বাবে ভাৰতলৈ আহিব আৰু গীতা মহোৎসৱতো অংশগ্ৰহণ কৰিব। অৰ্থাৎ ভাষাৰ পৰা সংস্কৃতিলৈ সম্পৰ্ক গভীৰ হৈ পৰিব।

 

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তন ফিজিৰ বাবে এক বৃহৎ ভাবুকি। এনে প্ৰেক্ষাপটত আমি নবীকৰণযোগ্য শক্তি বিশেষকৈ সৌৰশক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰি আছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট আৰু গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্সত একেলগে আছোঁ। এতিয়া আমি দুৰ্য্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত ফিজিৰ সামৰ্থ্য বৃদ্ধিতো সহায় কৰিম।

 

বন্ধুসকল,

আমি ফিজিক প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ সহযোগৰ কেন্দ্ৰ হিচাপে গণ্য কৰিছোঁ। আমি উভয়ে মুক্ত, মুকলি, সৰ্বাংগীন, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰোঁ। প্ৰধানমন্ত্ৰীৰ ‘শান্তিৰ মহাসাগৰ’ এক অতিশয় ইতিবাচক চিন্তা। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত যোগদান কৰিবলৈ আমি ফিজিক আদৰণি জনাইছোঁ।

ভাৰত আৰু ফিজিৰ মাজত হয়তো মহাসাগৰৰ ব্যৱধান আছে, কিন্তু আমাৰ আকাংক্ষাৰাজি একেখন নাওতে আগবাঢ়িছে।

আমি গ্ল’বেল চাউথৰ উন্নয়ন যাত্ৰাৰো সহযাত্ৰী। আমি এনে এক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ অংশীদাৰ, য’ত গ্ল’বেল চাউথৰ স্বাধীনতা, ধাৰণা আৰু পৰিচয়ক সন্মান কৰা হয়।

আমি কোনো কণ্ঠক আওকাণ কৰা উচিত নহয় আৰু কোনো ৰাষ্ট্ৰ পিছ পৰি থাকিব নালাগে বুলি বিশ্বাস কৰোঁ!

মহামহিম,

ভাৰত মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আমাৰ অংশীদাৰিত্ব এখন সেতুৰে সংলগ্ন। ইয়াৰ শিপা গভীৰ আৰু এয়া আস্থা আৰু সন্মান আধাৰিত।

আপোনাৰ ভ্ৰমণে এই চিৰস্থায়ী বন্ধনক সুদৃঢ় কৰি তুলিলে। এই বন্ধুত্বৰ বাবে বহু-বহু ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make in India, production-linked incentives push industrial warehousing to record high

Media Coverage

Make in India, production-linked incentives push industrial warehousing to record high
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the power of determination and hard work
March 06, 2026

The Prime Minister, Shri Narendra Modi, said that the people of India, through their firm resolve, make even the most difficult tasks possible. He noted that with tireless effort in the right direction, they achieve even the biggest goals.

The Prime Minister shared a Sanskrit Subhashitam-

“यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”

The Subhashitam conveys that no matter how far, difficult, or out of reach a goal may seem, it can be achieved through firm determination and continuous hard work. Determination and patience are the forces that turn the impossible into possible.

The Prime Minister wrote on X;

“भारत के लोग अपने दृढ़ निश्चय से किसी भी कार्य को संभव बना देते हैं। सही दिशा में अपनी अथक मेहनत से वे बड़े से बड़े लक्ष्य को भी हासिल कर दिखाते हैं।

यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्।

तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”