প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

"শ্বালম"!

মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

৯ বছৰৰ আগতে ইজৰাইল ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য হৈছিল। আকৌ এবাৰ কওঁ, ইজৰাইলৰ ঐতিহাসিক ভূমিত ভৰি দিয়াটো মোৰ বাবে গৌৰৱ আৰু আবেগৰ মুহূৰ্ত।

কালি ইজৰাইলৰ সংসদত ভাষণ দিয়াৰ সুযোগো পাইছিলোঁ। তাত মোক স্পীকাৰ অব দ্য নেচেট মেডেলেৰে  সন্মানিত কৰা হয়। এই সন্মানৰ বাবে নেচেট, অধ্যক্ষ, মোৰ বন্ধু প্ৰধানমন্ত্ৰী নেতানিয়াহু, ইজৰাইলৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ইয়াক মই ১.৪ বিলিয়ন ভাৰতীয় তথা  ভাৰত-ইজৰাইলৰ বন্ধুত্বৰ বাবে উৎসৰ্গা কৰিছো।

বন্ধুসকল,

আমাৰ সম্পৰ্ক গভীৰ আস্থা, ভাগ -বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ আৰু মানৱীয় সংবেদনশীলতাৰ শক্তিশালী ভেটিৰ ওপৰত গঢ় লৈ উঠিছে। আমাৰ সম্পৰ্কই সময়ৰ পৰীক্ষাত উত্তীৰ্ণ  হৈছে।

আজি আমি আমাৰ সময়-পৰীক্ষিত অংশীদাৰিত্বক "বিশেষ কৌশলগত অংশীদাৰিত্ব"লৈ উন্নীত কৰাৰ ঐতিহাসিক সিদ্ধান্ত লৈছো। এই সিদ্ধান্তই দুয়োখন দেশৰ জনসাধাৰণৰ আকাংক্ষা প্ৰতিফলিত কৰিছে।

বন্ধুসকল,

আজিৰ বৈঠকত আমি আমাৰ সহযোগিতাক নতুন দিশ আৰু ত্বৰান্বিত গতি প্ৰদানৰ বিষয়ে আলোচনা কৰিলোঁ। আমাৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধি, উদ্ভাৱন আৰু ভাগ-বাটোৱাৰা কৰা  সমৃদ্ধিৰ ইঞ্জিন হৈয়েই আছে।

যোৱা বছৰ আমি পাৰস্পৰিক বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰিছিলো। আমি অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰিম। আমাৰ ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে প্ৰযুক্তি কেন্দ্ৰীয় বিষয় । আজি আমি এটা জটিল আৰু উদীয়মান প্ৰযুক্তিৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত এআই, কোৱাণ্টাম আৰু জটিল খনিজৰ  দৰে ক্ষেত্ৰত সহযোগিতাই  নতুন গতি লাভ কৰিব।

 

ইজৰাইলত ইউপিআইৰ ব্যৱহাৰৰ বাবে এক চুক্তিত উপনীত হোৱাত মই আনন্দিত হৈছো। ডিজিটেল স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰি মানুহৰ জীৱন উন্নত কৰাৰ বাবেও আমি প্ৰতিশ্ৰুতিবদ্ধ।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ মাজত  দশক দশক ধৰি বিশ্বাসযোগ্য সহযোগিতা আছে। যোৱা বছৰ স্বাক্ষৰিত বুজাবুজি চুক্তিয়ে ইয়াত নতুন মাত্ৰা সংযোজন কৰিব। আমি একেলগে যৌথ উন্নয়ন, যৌথ উৎপাদন আৰু প্ৰযুক্তি হস্তান্তৰৰ দিশত আগবাঢ়িম।

পাৰমাণৱিক শক্তি আৰু মহাকাশৰ দৰে ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়াই নিম।

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ মাজত কৃষি সহযোগিতাৰ এক দীঘলীয়া আৰু সফল ইতিহাস আছে। আজি আমি এই সহযোগিতাক আৰু  এক নতুন  দিশ দিয়াৰ সংকল্প লৈছো।

ইজৰাইলৰ সহযোগত ভাৰতত প্ৰতিষ্ঠা হোৱা চেণ্টাৰ অৱ এক্সেলেন্স আমাৰ বন্ধুত্বৰ উৎকৃষ্ট উদাহৰণ। ইয়াৰ  সফলতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ সংখ্যা ১০০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছো।

এই দিশত আৰু এখোজ আগুৱাই গৈ আমি ভিলেজেছ অৱ এক্সেলেন্স  সৃষ্টিৰ কাম কৰি আছো। ইয়াৰ দ্বাৰা ভাৰতৰ প্ৰতিখন গাঁৱলৈ ইজৰাইলৰ প্ৰযুক্তি আহিব, যাৰ ফলত লাখ লাখ কৃষকৰ আয় আৰু উৎপাদনশীলতা যথেষ্ট বৃদ্ধি পাব।

আমি যৌথভাৱে ভৱিষ্যতৰ বাবে সাজু কৃষি সমাধানো প্ৰস্তুত কৰিম। ভাৰতত "ভাৰত-ইজৰাইল ইনোভেচন চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ" স্থাপনে এই সহযোগিতাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।

 

বন্ধুসকল,

আমাৰ জনসাধাৰণৰ  মাজত থকা এক গুৰুত্বপূৰ্ণ স্তম্ভ। ২০২৩ চনৰ জনশক্তি গতিশীলতা চুক্তিৰ জৰিয়তে ইজৰাইলৰ নিৰ্মাণ আৰু পৰিচৰ্যা খণ্ডত ভাৰতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ভাৰতীয় শ্ৰমিকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা আৰু দক্ষতাৰ জৰিয়তে বিশ্বাস অৰ্জন কৰিছে।

এই সহযোগিতা বাণিজ্য আৰু সেৱাৰ দৰে ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱাত মই আনন্দিত হৈছো। দুয়োখন দেশৰ যুৱক-যুৱতী, গৱেষক আৰু উদ্ভাৱকসকলক সংযোগ কৰাটো এটা মূল অগ্ৰাধিকাৰৰ বিষয়  হৈ আহিছে।  আজি আমি ভাৰত-ইজৰাইল একাডেমিক ফ’ৰাম প্ৰতিষ্ঠা কৰিছো।

বন্ধুসকল,

আজি আমাৰ মাজত আঞ্চলিক আৰু বিশ্বজোৰা বিষয়সমূহত এক বিস্তৃত আলোচনা হৈছে। আঞ্চলিক সংযোগক প্ৰসাৰিত কৰি আমি ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আই-মেক) আৰু ভাৰত-ইজৰাইল-ইউএই-আমেৰিকা (আই-টু-ইউ-টিঅ’) পদক্ষেপৰ ক্ষেত্ৰত  নৱীকৃত গতিৰে আগবাঢ়িম।

বন্ধুসকল,

ভাৰত আৰু ইজৰাইল এইকথাত স্পষ্ট যে:

পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই।

যিকোনো ৰূপত, যিকোনো প্ৰকাশত,

সন্ত্ৰাসবাদক সহ্য কৰিব নোৱাৰি।

সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰোধিতা কৰিবলৈ  আমি কান্ধত কান্ধ মিলাই কাম কৰিছো আৰু কৰি যাম।

ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থ পশ্চিম এছিয়াৰ শান্তি আৰু স্থিতিশীলতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। গতিকে আমি আৰম্ভণিৰে পৰা আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ বিষয়ত  সমৰ্থন আগবঢ়াই আহিছো। এয়াই  হৈছে গ্ল’বেল চাউথ আৰু  মানৱতাৰ আহ্বান।

ভাৰতৰ চিন্তা-চৰ্চা স্পষ্ট:

মানৱতা কেতিয়াও সংঘাতৰ বলি হ’ব নালাগে। গাজা শান্তি পৰিকল্পনাই শান্তিৰ পথ মুকলি কৰিছে। এই প্ৰচেষ্টাসমূহত ভাৰতে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি ভৱিষ্যতেও সকলো দেশৰ সৈতে আলোচনা আৰু সহযোগিতা অব্যাহত ৰাখিম।

মহামহিম, মোৰ প্ৰিয় বন্ধু,

আপোনাৰ উষ্ম আন্তৰিকতাই মোৰ এই ভ্ৰমণক স্মৰণীয় কৰি তুলিছে। আপোনালোক আৰু ইজৰাইলৰ  লোকসকলৰ পৰা লাভ কৰা মৰম আৰু সন্মানৰ বাবে মই পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আপোনালোকক অশেষ ধন্যবাদ।

"টোডা ৰব্বা"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank