মহামহিম প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিম

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

ছেলামত পাগী!
 

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

 

বন্ধুসকল,

ভাৰত আৰু মালয়েছিয়াৰ মাজত এক বিশেষ সম্পৰ্ক আছে। আমি সামুদ্ৰিক ক্ষেত্ৰত চুবুৰীয়া। যুগ যুগ ধৰি আমাৰ জনসাধাৰণৰ মাজত গভীৰ আৰু আন্তৰিক সম্পৰ্ক আছে। আজি মালয়েছিয়া ভাৰতীয় মূলৰ জনসংখ্যাৰে বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ। আমাৰ সভ্যতা সাংস্কৃতিক ঐতিহ্য বিনিময় আৰু গণতান্ত্ৰিক মূল্যবোধৰ দ্বাৰা সংযুক্ত।

 

বন্ধুসকল,

বিগত কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে। আৰু এইক্ষেত্ৰত মোৰ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

আমাৰ মাজত শক্তি, আন্তঃগাঁথনি আৰু উৎপাদনৰ ক্ষেত্ৰত সহযোগিতা যথেষ্ট শক্তিশালী হৈছে। ডিজিটেল অৰ্থনীতি, জৈৱ প্ৰযুক্তি আৰু আই টি খণ্ডত পাৰস্পৰিক বিনিয়োগ বৃদ্ধি পাইছে। পৰ্যটন আৰু জনসাধাৰণৰ সম্পৰ্কও গভীৰ হৈ পৰিছে। এই উপলব্ধিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজি আমি আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰলৈ অভূতপূৰ্ব গতি আৰু গভীৰতা অনাৰ সিদ্ধান্ত লৈছো।


বন্ধুসকল,

আমি সন্ত্ৰাসবাদ বিৰোধী, চোৰাংচোৱা তথ্য বিনিময় আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিম। আমি প্ৰতিৰক্ষা সহযোগিতাও আৰু অধিক প্ৰসাৰিত কৰিম।

 

এআই আৰু ডিজিটেল প্ৰযুক্তিৰ লগতে আমি অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অংশীদাৰিত্ব আগবঢ়াই নিম। আজি অনুষ্ঠিত হোৱা চিইঅ’ ফ’ৰামে বাণিজ্য আৰু বিনিয়োগৰ বাবে নতুন সুযোগ মুকলি কৰিছে। আমি কৌশলগত বিশ্বাসৰ জৰিয়তে অৰ্থনৈতিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিম।


বন্ধুসকল,

কালি মালয়েছিয়াত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীক লগ পোৱাৰ সুযোগ পাইছিলোঁ। প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমেও তেওঁৰ উপস্থিতিৰে সন্মিলনখনৰ শোভা বৰ্ধন কৰিছিল। ৩০ লাখ প্ৰব্ৰজনকাৰীৰ এই জীৱন্ত দলংখনেই আমাৰ ডাঙৰ শক্তি। তেওঁলোকৰ কল্যাণৰ বাবে লোৱা পদক্ষেপবোৰে আমাৰ সম্পৰ্কক মানৱীয় আধাৰ প্ৰদান কৰে।

মালয়েছিয়াত ভাৰতীয় শ্ৰমিকৰ সুৰক্ষাৰ বাবে সামাজিক সুৰক্ষা চুক্তি, পৰ্যটনৰ বাবে শুল্কমুক্ত ই-ভিছা আৰু মালয়েছিয়াত ডিজিটেল পেমেণ্ট ইন্টাৰফেচ ইউপিআইৰ প্ৰৱৰ্তনে দুয়োখন দেশৰ নাগৰিকৰ জীৱনধাৰণ সৰল কৰি তুলিব। কাৰণ যিকোনো অংশীদাৰিত্ব সফল হয় তেতিয়াহে যেতিয়া ইয়াৰ সুবিধা প্ৰত্যক্ষভাৱে ৰাইজৰ মাজলৈ যায়।

 

বন্ধুসকল,

ভাৰত আৰু মালয়েছিয়া তামিল ভাষাৰ প্ৰতি থকা প্ৰেমৰ বান্ধোনৰ দ্বাৰা সংযুক্ত হৈ আছে। মালয়েছিয়াত তামিলৰ শক্তিশালী আৰু সজীৱ উপস্থিতি শিক্ষা, সংবাদ মাধ্যম, আৰু সাংস্কৃতিক জীৱনত স্পষ্ট হৈ আছে। আজিৰ দৃশ্য-শ্ৰব্য চুক্তিয়ে ছবি আৰু সংগীতৰ জৰিয়তে, বিশেষকৈ তামিল ছবিৰ জৰিয়তে আমাৰ হৃদয়ক আৰু অধিক ওচৰলৈ নিব বুলি মোৰ বিশ্বাস।

আমি আমাৰ যুৱক-যুৱতীসকলৰ মাজত বিশ্ববিদ্যালয়কেন্দ্ৰিক বিনিময়, ষ্টাৰ্ট-আপ সংযোগ আৰু দক্ষতা বিকাশৰ সুযোগো সম্প্ৰসাৰণ কৰিছো। আমাৰ ক্ৰমবৰ্ধমান সম্পৰ্কক প্ৰসাৰিত কৰিবলৈ আমি মালয়েছিয়াতো নতুন দূতাবাস মুকলি কৰিবলৈ অগ্ৰসৰ হৈছো।

 

বন্ধুসকল,

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৱে বিশ্বৰ উন্নয়নৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি আছিয়ানৰ সৈতে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন, শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি দায়বদ্ধ। ভাৰতে আছিয়ান কেন্দ্ৰীয়তাক অগ্ৰাধিকাৰ দিয়ে। আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে মালয়েছিয়াক পুনৰবাৰ অভিনন্দন জনাইছো।

মালয়েছিয়াৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ সহযোগত ভাৰতে আছিয়ানৰ সৈতে সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণ কৰিব। আমি এই কথাত একমত যে আছিয়ান-ভাৰত বাণিজ্য চুক্তি, আইটিগাৰ সমীক্ষা ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ’ব লাগে।


বন্ধুসকল,

আজি আমি আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো অৰ্থপূৰ্ণ আলোচনা কৰিছো। বিশ্বজোৰা অস্থিৰতাৰ এই পৰিৱেশত ভাৰত আৰু মালয়েছিয়াৰ মাজত বৃদ্ধি পোৱা বন্ধুত্ব দুয়োখন দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

আজিৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অতি প্ৰয়োজনীয় বুলি আমি মত ব্যক্ত কৰিছো। আমি শান্তিৰ বাবে কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰি যাম। আৰু সন্ত্ৰাসবাদৰ বিষয়ে আমাৰ স্পষ্ট বাৰ্তা : কোনো দ্বৈৰ্থতা নাই। কোনো আপোচ কৰা নহব।

 

মহামহিম,

ভাৰত-মালয়েছিয়াৰ সম্পৰ্কৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতাৰ আমি শলাগ লৈছো। আহক, আমি সকলোৱে মিলি আপোনালোকৰ সমৃদ্ধিশালী মালয়েছিয়াৰ সপোন আৰু বিকশিত ভাৰতৰ বাবে আমাৰ সংকল্প বাস্তৱায়িত কৰোঁ।

পুনৰ এবাৰ আপোনালোকৰ বন্ধুত্ব, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে বহুত বহুত ধন্যবাদ। আমি আপোনালোকক ভাৰতলৈ আদৰণি জনাবলৈ আগ্ৰহী।

 

অশেষ ধন্যবাদ।

জুম্পা লাগী!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch