প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী লক্ষ্মীবাইৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে কয় যে প্ৰথম স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ কাহিনীয়ে ভাৰতীয়সকলক উৎসাহ আৰু আৱেগৰে ভৰাই ৰাখিছে। তেওঁ লগতে কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই মাতৃভূমিৰ সন্মান সুৰক্ষিত কৰাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কেতিয়াও পাহৰিব নোৱাৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘মা ভাৰতীৰ অমৰ বীৰাংগনা ৰাণী লক্ষ্মীবাইৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। স্বাধীনতাৰ প্ৰথম যুদ্ধত তেওঁৰ বীৰত্ব আৰু সাহসিকতাৰ কাহিনীয়ে আজিও দেশবাসীক উৎসাহ আৰু আৱেগৰে ভৰাই তোলে। মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।’
मां भारती की अमर वीरांगना रानी लक्ष्मीबाई को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। आजादी के पहले संग्राम में उनकी वीरता और पराक्रम की कहानी आज भी देशवासियों को जोश और जुनून से भर देती है। मातृभूमि के स्वाभिमान की रक्षा के लिए उनके त्याग और संघर्ष को कृतज्ञ राष्ट्र कभी भुला नहीं…
— Narendra Modi (@narendramodi) November 19, 2025




