প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ইতিহাসৰ আটাইতকৈ মৰ্মান্তিক অধ্যায়সমূহৰ ভিতৰত অন্যতম বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰি অসংখ্য ব্যক্তিয়ে সন্মুখীন হোৱা অপৰিসীম যন্ত্ৰণা আৰু দুখ-কষ্টৰ কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিভাজন দ্বাৰা প্ৰভাৱিত লোকসকলে সন্মুখীন হোৱা অকল্পনীয় লোকচান আৰু এতিয়াও তেওঁলোকে জীৱন পুনৰ নিৰ্মাণৰ শক্তি বিচাৰি উলিয়াব পৰা সামৰ্থক স্বীকাৰ কৰি তেওঁলোকৰ দৃঢ়তা আৰু সহনশীলতাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ এইদৰে কয়ঃ
ভাৰতে #PartitionHorrorsRemembranceDay, পালন কৰি আমাৰ ইতিহাসৰ সেই ভয়ংকৰ অধ্যায়ত অসংখ্য লোকে সহ্য কৰা দুখ আৰু বেদনা স্মৰণ কৰিছে। এয়া তেওঁলোকৰ দৃঢ়তা...অকল্পনীয় ক্ষতিৰ সন্মুখীন হব পৰা তেওঁলোকৰ সামৰ্থ আৰু ইমানৰ পাছতো নতুনকৈ সকলো আৰম্ভ কৰাৰ ক্ষমতাক সন্মান জনোৱাৰ দিন। ক্ষতিগ্ৰস্ত বহু লোকে তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণ কৰিছে আৰু জীৱনত তাৎপৰ্যপূৰ্ণ সফলতা লাভ কৰিছে। আমাৰ দেশক একেলগে ধৰি থকা সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ দায়িত্ব আমাৰ সকলোৰে মনত পেলোৱাৰো এইটো এটা দিন।
India observes #PartitionHorrorsRemembranceDay, remembering the upheaval and pain endured by countless people during that tragic chapter of our history. It is also a day to honour their grit...their ability to face unimaginable loss and still find the strength to start afresh.…
— Narendra Modi (@narendramodi) August 14, 2025


