প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী মুখাৰ্জীক দশক দশক ধৰি ৰাজহুৱা জীৱনত অটল নিষ্ঠাৰে দেশসেৱা কৰা এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ব্যতিক্ৰমী গভীৰতাৰ পণ্ডিত হিচাপে প্ৰশংসা কৰে ।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
"শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ব্যতিক্ৰমী গভীৰতাৰ পণ্ডিত হিচাপে তেওঁ দশক দশক ধৰি ৰাজহুৱা জীৱনত অটল নিষ্ঠাৰে দেশসেৱা কৰিছিল । প্ৰণৱ বাবুৰ বুদ্ধিমত্তা আৰু চিন্তাধাৰাৰ স্পষ্টতাই প্ৰতিটো পদক্ষেপতে আমাৰ গণতন্ত্ৰক সমৃদ্ধ কৰি তুলিছিল। এয়া সৌভাগ্য যে আমি মত বিনিময় কৰা বছৰসমূহত তেওঁৰ পৰা বহু শিকিবলৈ পাইছো। "
Tributes to Shri Pranab Mukherjee on his birth anniversary. A towering statesman and a scholar of exceptional depth, he served India with unwavering dedication across decades of public life. Pranab Babu’s intellect and clarity of thought enriched our democracy at every step. It’s… pic.twitter.com/CSUctgZAmm
— Narendra Modi (@narendramodi) December 11, 2025


