ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ  সন্মানাৰ্থে প্ৰতি বছৰে ২৯ আগষ্টত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিকশিত ক্ৰীড়া প্ৰেক্ষাপটৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু সু-স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলা, এথলীটসকলৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ঠাৰ বিষয়ে দোহাৰে।

আজি এক্সত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে শুভেচ্ছা জনাইছো! এই বিশেষ উপলক্ষত উৎকৃষ্টতাৰে প্ৰজন্মৰ পাছত প্ৰজন্ম অনুপ্ৰাণিত কৰি অহা মেজৰ ধ্যানচান্দ মহাশয়ৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছো। 

যোৱা দশকত ভাৰতৰ ক্ৰীড়া দৃশ্যপটত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে।  যুৱ প্ৰতিভাক  উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত তৃণমূল পৰ্য্যায়ৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিশ্বমানৰ সা-সুবিধা সৃষ্টিলৈকে  আমাৰ দেশত এক  প্ৰাণৱন্ত ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ আমি প্ৰত্যক্ষ কৰিছো। আমাৰ চৰকাৰ এথলীটসকলক সহায় কৰাৰ লগতে আন্তঃগাঁথনি নিৰ্মাণ কৰা তথা ভাৰতক ক্ৰীড়া উৎকৃষ্টতাৰ আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।“ 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi