প্ৰধানমন্ত্ৰীয়ে আজি মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে ডঃ বাবাছাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায়, সমতা আৰু সাংবিধানিকতাৰ প্ৰতি ডঃ আম্বেদকাৰৰ অটল দায়বদ্ধতাই ভাৰতৰ ৰাষ্ট্ৰীয় যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। তেওঁ উল্লেখ কৰে যে ডঃ আম্বেদকাৰৰ মানৱ মৰ্য্যাদা অক্ষুণ্ণ ৰখা আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক সুদৃঢ়কৰণৰ প্ৰতি থকা নিষ্ঠাৰ মনোভাৱৰপৰা প্ৰজন্মসমূহে প্ৰেৰণা লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশেৰে কয় যে দেশে এখনি বিকশিত ভাৰত গঢ়াৰ দিশত কাম কৰি থকাৰ সময়তে ডঃ আম্বেদকাৰৰ আদৰ্শৰাজিয়ে ৰাষ্ট্ৰৰ পথক আলোকিত কৰি থাকিব।
এক্স-ৰ এলানি প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে ডঃ বাবাছাহেব আম্বেদকাৰক স্মৰণ কৰিছো। তেওঁৰ দূৰদৰ্শী নেতৃত্ব তথা ন্যায়, সমতা আৰু সাংবিধানিকতাৰ প্ৰতি অটল দায়বদ্ধতাই ভাৰতৰ ৰাষ্ট্ৰীয় যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। তেওঁ প্ৰজন্মসমূহক মানৱ মৰ্য্যাদা অক্ষুণ্ণ ৰখা আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক সুদৃঢ়কৰণৰ প্ৰতি প্ৰেৰণা যোগাইছে। আমি এখনি বিকশিত ভাৰত গঢ়াৰ দিশত কাম কৰি থকাৰ সময়তে তেওঁৰ আদৰ্শৰাজিয়ে ৰাষ্ট্ৰৰ পথক আলোকিত কৰে যেন।”
“আজি মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে দিল্লীত ডঃ বাবাছাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো।
আমাৰ ৰাষ্ট্ৰক লৈ তেওঁৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি পূৰ্ণ শক্তিৰে কাম কৰি যাম।”
Remembering Dr. Babasaheb Ambedkar on Mahaparinirvan Diwas. His visionary leadership and unwavering commitment to justice, equality and constitutionalism continue to guide our national journey. He inspired generations to uphold human dignity and strengthen democratic values.
— Narendra Modi (@narendramodi) December 6, 2025
May…





