আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামৰ মহান নায়ক ভগৱান বীৰছা মুণ্ডাক শ্বহীদ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভগৱান বীৰছা মুণ্ডাই জনজাতীয় ভাই-ভনীসকলৰ কল্যাণ আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ লগতে কয় যে তেওঁৰ ত্যাগ আৰু আত্মোৎসৰ্গাই দেশবাসীক অনুপ্ৰাণিত কৰি যাব।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে;
"স্বাধীনতা সংগ্ৰামৰ মহান নায়ক ভগৱান বীৰছা মুণ্ডা জীলৈ তেওঁৰ বলিদান দিৱসত সন্মানজনক শ্ৰদ্ধাঞ্জলি। তেওঁ জনজাতীয় ভাই-ভনীসকলৰ কল্যাণৰ বাবে আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু নিষ্ঠাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"
स्वतंत्रता संग्राम के महानायक भगवान बिरसा मुंडा जी को उनके बलिदान दिवस पर आदरपूर्ण श्रद्धांजलि। आदिवासी भाई-बहनों के कल्याण और उनके अधिकारों की रक्षा के लिए उन्होंने अपना जीवन समर्पित कर दिया। उनका त्याग और समर्पण देशवासियों को सदैव प्रेरित करता रहेगा। pic.twitter.com/IU2wiFhhqO
— Narendra Modi (@narendramodi) June 9, 2025


