ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ এটা ক্ৰাফ্ট ৰিপজিটৰী পৰ্টেল মুকলি
“স্বদেশীক লৈ দেশত নতুন বিপ্লৱ”
“ভ’কেল ফৰ লোকেলৰ মনোভাৱেৰে নাগৰিকে সম্পূৰ্ণ হৃদয়েৰে থলুৱা সামগ্ৰী ক্ৰয় কৰিছে আৰু ই এক গণ আন্দোলনত পৰিণত হৈছে”
“বিনামূলীয়া ৰেচন, পকা ঘৰ, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা - এয়া মোদীৰ নিশ্চয়তা”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।
আজিৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে শিপিনীসকলৰ সৈতে হোৱা কথা-বতৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ ভৱিষ্যৎ উদযাপনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন হস্ততাঁতৰ গোটৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকক আদৰণি জনায়।
ভাৰতৰ বৈচিত্ৰ্যময় সাজ-পোছাকক তালিকাভুক্ত আৰু সংকলন কৰাৰ প্ৰয়োজনীয়তাক আহ্বান জনোৱাৰ কথা স্মৰণ কৰি তেওঁ আজি ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ’ উন্মোচনেৰে ই সাফল্য লাভ কৰাত আনন্দ প্ৰকাশ কৰে।
তদুপৰি আগন্তুক ৰাখি বন্ধন, গণেশ উৎসৱ, দশহেৰা আৰু দীপাৱলীৰ উৎসৱত শিপিনী আৰু হস্তশিল্পক সহায় কৰাৰ স্বদেশী সংকল্প পুনৰাবৃত্তি কৰাৰ প্ৰয়োজনীয়তাও পুনৰ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা যোজনাৰ কথাও স্পৰ্শ কৰি কয় যে বয়নকাৰীয়ে এতিয়া নিশ্চয়তা অবিহনে ঋণ লাভ কৰাটো সম্ভৱ হৈ উঠিছে।
‘এক জিলা এক প্ৰডাক্ট’ আঁচনিৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন জিলাৰ পৰা বিশেষ সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ -ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰগতি ময়দানত অনুষ্ঠিত এক প্ৰদৰ্শনীত প্ৰদৰ্শকসকলে কেনেকৈ তম্বুত নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছিল সেই কথা স্মৰণ কৰে। ভাৰত মণ্ডপমৰ মহিমাত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ হস্ততাঁত উদ্যোগৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে পুৰণি আৰু নতুনৰ সংগমনে আজিৰ নতুন ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰত কেৱল কেল ফৰ লোকেল’ নহয়ইয়াক বিশ্বলৈ লৈ যোৱাৰ বাবে এক বিশ্বব্যাপী মঞ্চও প্ৰদান কৰা হৈছে”, তেওঁ কয়। আজিৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে শিপিনীসকলৰ সৈতে হোৱা কথা-বতৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ ভৱিষ্যৎ উদযাপনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন হস্ততাঁতৰ গোটৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকক আদৰণি জনায়।

 

আগষ্ট মাহ হৈছে ক্ৰান্তি'ৰ মাহ", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ জোৰ দি কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে কৰা প্ৰতিটো ত্যাগক স্মৰণ কৰাৰ সময় এইটোৱেই৷ স্বদেশী আন্দোলনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কেৱল বিদেশত নিৰ্মিত বস্ত্ৰ বৰ্জনতে সীমাবদ্ধ নহয় বৰঞ্চ ভাৰতৰ স্বাধীন অৰ্থনীতিৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁ কয় যে ভাৰতৰ শিপিনীসকলক জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ আন্দোলনআৰু চৰকাৰে এই দিনটোক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে বাছি লোৱাৰ আঁৰৰ প্ৰেৰণা এইটোৱেই আছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে যোৱা কেইবছৰমানৰ পৰা হস্ততাঁত শিল্পৰ লগতে শিপিনীৰ সম্প্ৰসাৰণৰ বাবেও অভূতপূৰ্ব কাম কৰা হৈছে। স্বদেশীক লৈ দেশত নতুন বিপ্লৱ হৈছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ ভাৰতৰ শিপিনীসকলৰ সাফল্যৰ জৰিয়তে ভাৰতৰ সফলতাক লৈ গৌৰৱ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে নিজৰ পৰিচয় তেওঁলোকে পিন্ধা কাপোৰৰ সৈতে জড়িত বুলি গুৰুত্ব আৰোপ কৰি এই উপলক্ষে দেখা পোৱা বৈচিত্ৰ্যময় কাপোৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ভাৰতৰ বৈচিত্ৰ্যক বিভিন্ন অঞ্চলৰ সাজ-পোছাকৰ জৰিয়তে উদযাপন কৰাৰো এক অনুষ্ঠান। ভাৰত হৈছে কাপোৰৰ এক সুন্দৰ ৰামধেনু”, দূৰৈৰ অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি বৰফেৰে আবৃত পাহাৰত বাস কৰা লোকলৈকেআৰু উপকূলীয় অঞ্চলৰ লোকৰ পৰা মৰুভূমিত বাস কৰা সেইসকললৈকে কাপোৰৰ বৈচিত্ৰ্য পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতৰ বজাৰত উপলব্ধ কাপোৰৰ বিষয়ে কয়। ভাৰতৰ বৈচিত্ৰ্যময় সাজ-পোছাকক তালিকাভুক্ত আৰু সংকলন কৰাৰ প্ৰয়োজনীয়তাক আহ্বান জনোৱাৰ কথা স্মৰণ কৰি তেওঁ আজি ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ’ উন্মোচনেৰে ই সাফল্য লাভ কৰাত আনন্দ প্ৰকাশ কৰে।

 

বিগত শতিকাবোৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ সু-প্ৰতিষ্ঠিত হোৱাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে যে স্বাধীনতাৰ পিছত ভাৰতক শক্তিশালী কৰাৰ কোনো সুনিৰ্দিষ্ট প্ৰচেষ্টা চলোৱা হোৱা নাছিল। খাদীকো মৃত্যুমুখত পৰা অৱস্থাত এৰি দিয়া হৈছিল”, খাদী পিন্ধাসকলক হেয়জ্ঞান কৰা হৈছিল বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পিছত চৰকাৰে এই পৰিস্থিতি আৰু ইয়াৰ আঁৰৰ চিন্তাধাৰা সলনি কৰিবলৈ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰীয়ে মন কি বাত কাৰ্যসূচীৰ প্ৰাৰম্ভিক পৰ্যায়ত নাগৰিকক খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনোৱাৰ কথা স্মৰণ কৰে যাৰ ফলত বিগত ৯ বছৰত খাদীৰ উৎপাদন ৩গুণতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ লগতে উল্লেখ কৰে যে খাদী কাপোৰৰ বিক্ৰী ৫ গুণ বৃদ্ধি পাইছে আৰু বিদেশী সমুদায়ৰ মাজতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে পেৰিছ ভ্ৰমণৰ সময়ত এটা বিশাল ফেশ্বন ব্ৰেণ্ডৰ চিইঅক লগ পোৱাৰ কথাও স্মৰণ কৰে যিয়ে তেওঁক খাদী আৰু ভাৰতীয় হস্ততাঁতৰ প্ৰতি ক্ৰমবৰ্ধমান আকৰ্ষণৰ বিষয়ে অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ৯ বছৰ পূৰ্বে খাদী আৰু গাঁও উদ্যোগৰ ব্যৱসায় মাত্ৰ প্ৰায় ২৫-৩০ হাজাৰ কোটি টকাহে আছিল। কিন্তু আজি ই এক লাখ ত্ৰিশ হাজাৰ কোটি টকাতকৈও অধিক হৈছেগৈ। তেওঁ উল্লেখ কৰে যে অতিৰিক্ত ১ লাখ কোটি টকা গাঁৱৰ হস্ততাঁত খণ্ডৰ লগত জড়িত লোক আৰু জনজাতীয় লোকৰ হাতলৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দিয়ে যত উল্লেখ কৰা হৈছে যে যোৱা ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে আৰু ইয়াৰ বাবে বৃদ্ধি পোৱা ব্যৱসায়ৰ অৱদান স্বীকাৰ কৰে। কেল ফৰ লোকেলৰ মনোভাৱেৰে নাগৰিকে সম্পূৰ্ণ হৃদয়েৰে থলুৱা সামগ্ৰী ক্ৰয় কৰি আছে আৰু ই এক গণ আন্দোলনলৈ পৰিণত হৈছে”, শ্ৰী মোদীয়ে কয়। তদুপৰি আগন্তুক ৰাখি বন্ধনগণেশ উৎসৱদশহেৰা আৰু দীপাৱলীৰ উৎসৱত শিপিনী আৰু হস্তশিল্পক সহায় কৰাৰ স্বদেশী সংকল্প পুনৰাবৃত্তি কৰাৰ প্ৰয়োজনীয়তাও পুনৰ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দেশৰ গাঁও-নগৰত লাখ লাখ লোক হস্ততাঁতৰ কামত নিয়োজিত হোৱাৰ কথা আঙুলিয়াই দি বস্ত্ৰ খণ্ডৰ বাবে ৰূপায়িত আঁচনিসমূহ সামাজিক ন্যায়ৰ এক প্ৰধান মাধ্যম হৈ পৰাত সন্তুষ্টি প্ৰকাশ কৰে। এইসকল লোকৰ অধিকাংশই দলিতপিছপৰাবঞ্চিত আৰু জনজাতীয় সমাজৰ পৰা অহা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলত আয় বৃদ্ধিৰ লগতে বৃহৎ সংখ্যক কৰ্মসংস্থাপন বৃদ্ধি পাইছে। তেওঁ বিদ্যুৎপানীগেছ সংযোগস্বচ্ছ ভাৰতৰ আঁচনিৰ উদাহৰণ দাঙি ধৰি কয় যে তেওঁলোকে এনে অভিযানৰ পৰা সৰ্বাধিক সুবিধা লাভ কৰিছে। বিনামূলীয়া ৰেচনপকা ঘৰ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাএয়া মোদীৰ নিশ্চয়তা”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰে শিপিনী সমাজৰ মৌলিক সুবিধাৰ বাবে দশক দশক ধৰি চলি অহা অপেক্ষাৰ অন্ত পেলাইছে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে চৰকাৰে বস্ত্ৰ খণ্ডৰ সৈতে জড়িত পৰম্পৰাক জীয়াই ৰখাৰ বাবেই নহয়বিশ্বক এক নতুন অৱতাৰত আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সেইবাবেই চৰকাৰে এই কামৰ লগত জড়িতসকলৰ শিক্ষাপ্ৰশিক্ষণ আৰু উপাৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিপিনী আৰু হস্তশিল্পৰ সন্তানৰ আকাংক্ষাক ডেউকা প্ৰদান কৰিছে। তেওঁ বস্ত্ৰ প্ৰতিষ্ঠানত শিপিনীৰ লৰা-ছোৱালীৰ দক্ষতা প্ৰশিক্ষণৰ বাবে ২ লাখ টকা পৰ্যন্ত বৃত্তিৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে জনায় যে যোৱা ৯ বছৰত ৬০০ৰো অধিক হস্ততাঁত ক্লাষ্টাৰ গঢ়ি তোলা হৈছে আৰু হাজাৰ হাজাৰ শিপিনীক প্ৰশিক্ষণ দিয়া হৈছে। বয়নকাৰীসকলৰ কাম সহজ কৰি তোলাতেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰা আৰু গুণগত মান আৰু ডিজাইন উন্নত কৰাৰ বাবে চৰকাৰৰ অহৰহ প্ৰচেষ্টা অব্যাহত আছে। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোকক কম্পিউটাৰ চালিত পাঞ্চিং মেচিনো যোগান ধৰা হৈছে যাৰ ফলত নতুন ডিজাইন দ্ৰুতগতিত সৃষ্টি কৰিব পৰা যায়। মটৰচালিত মেচিনৰ সহায়ত ৱাৰ্প মেকিংও সহজ হৈ পৰিছে। এনে বহু সঁজুলিএনে বহু মেচিন শিপিনীসকলৰ বাবে উপলব্ধ কৰা হৈছে”, তেওঁ কয়। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে হস্ততাঁত শিপিনীক সূতাৰ দৰে কেঁচামাল ৰেহাই মূল্যত যোগান ধৰাৰ লগতে কেঁচামাল পৰিবহণৰ খৰচো বহন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা যোজনাৰ কথাও স্পৰ্শ কৰি কয় যে বয়নকাৰীয়ে এতিয়া নিশ্চয়তা অবিহনে ঋণ লাভ কৰাটো সম্ভৱ হৈ উঠিছে।

 

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ শিপিনীসকলৰ সৈতে তেওঁৰ সম্পৰ্ক স্মৰণ কৰাৰ লগতে সমগ্ৰ কাশী অঞ্চলৰ হস্ততাঁত উদ্যোগৰ অৱদানৰ ওপৰতো আলোকপাত কৰে যিটো তেওঁৰ সমষ্টি। তেওঁ শিপিনীসকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত যোগান শৃংখল আৰু বিপণনৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ভাৰত মণ্ডপমৰ দৰেই সমগ্ৰ দেশতে প্ৰদৰ্শনী আয়োজন কৰি চৰকাৰে হাতেৰে নিৰ্মিত সামগ্ৰীৰ বিপণনত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে জনায় যে বিনামূলীয়া ষ্টলৰ লগতে দৈনিক ভাট্টাও দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ষ্টাৰ্টআপ আৰু যুৱক-যুৱতীসকলকো শলাগ লয় যিয়ে কৌশল আৰু আৰ্হিৰ লগতে কুটিৰ উদ্যোগ আৰু হস্ততাঁতশালৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বিপণন পদ্ধতিৰ ক্ষেত্ৰত উদ্ভাৱন কঢ়িয়াই আনিছে আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ সাক্ষী হব পাৰে বুলিও কয়। এক জিলা এক প্ৰডাক্ট’ আঁচনিৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন জিলাৰ পৰা বিশেষ সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে।

 

এনেধৰণৰ সামগ্ৰী বিক্ৰীৰ বাবে দেশৰ ৰেল ষ্টেচনতো বিশেষ ষ্টল স্থাপন কৰা হৈছে”, তেওঁ কয়। লগতে ৰাজ্যসমূহৰ প্ৰতিখন ৰাজধানী চহৰত চৰকাৰে নিৰ্মাণ কৰি থকা একতা মলৰ কথাও উল্লেখ কৰে যাতে প্ৰতিখন ৰাজ্য আৰু জিলাৰ হস্ততাঁতশালৰ পৰা তৈয়াৰী হস্তশিল্প আৰু সামগ্ৰীৰ প্ৰচাৰৰ বাবে এখন চালিৰ তলত হস্ততাঁত খণ্ডৰ সৈতে জড়িত লোকসকল উপকৃত হব। শ্ৰী মোদীয়ে ষ্টেচু অৱ ইউনিটিত থকা একতা মলৰ কথাও স্পৰ্শ কৰে যিয়ে পৰ্যটকসকলক ভাৰতৰ ঐক্য অনুভৱ কৰাৰ লগতে যিকোনো ৰাজ্যৰ পৰা একেখন চালিৰ তলত সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণৰ সময়ত গণ্যমান্য ব্যক্তিসকলক উপহাৰ দিয়া বিভিন্ন উপহাৰ সন্দৰ্ভত ভাষণ দি তেওঁ কয় যে ইয়াক কেৱল তেওঁলোকে শলাগ লোৱাই নহয়ইয়াক নিৰ্মাণ কৰাসকলৰ বিষয়ে গম পালে গভীৰ প্ৰভাৱো সৃষ্টি কৰে।

 

জেম পৰ্টেল বা চৰকাৰী ই-মাৰ্কেটপ্লেচৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে সৰু শিল্পীকাৰিকৰবা শিপিনীয়েও নিজৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰে আৰু হস্ততাঁত আৰু হস্তশিল্পৰ সৈতে জড়িত প্ৰায় ১.৭৫ লাখ সংস্থা জিইএম পৰ্টেলৰ সৈতে জড়িত বুলি জনায়। তেওঁ লগতে কয়, "হস্ততাঁত খণ্ডৰ আমাৰ ভাই-ভনীসকলে যাতে ডিজিটেল ইণ্ডিয়াৰ সুবিধা লাভ কৰে তাৰ বাবে প্ৰচেষ্টা চলি আছে।"

চৰকাৰে নিজৰ শিপিনীসকলক বিশ্বৰ সৰ্ববৃহৎ বজাৰখন প্ৰদান কৰিবলৈ স্পষ্ট কৌশলেৰে কাম কৰি আছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতৰ এম এছ এম ইশিপিনীশিল্পকাৰ আৰু কৃষকৰ সামগ্ৰী সমগ্ৰ বিশ্বৰ বজাৰলৈ লৈ যাবলৈ বিশ্বৰ বিশাল কোম্পানীসমূহ আগবাঢ়ি আহিছে। সমগ্ৰ বিশ্বতে ডাঙৰ ডাঙৰ দোকানখুচুৰা যোগান শৃংখলঅনলাইন উপস্থিতি আৰু দোকান থকা এনে কেইবাটাও কোম্পানীৰ নেতাৰ সৈতে হোৱা প্ৰত্যক্ষ আলোচনাৰ ওপৰত তেওঁ আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এনে কোম্পানীসমূহে এতিয়া ভাৰতৰ স্থানীয় সামগ্ৰীসমূহ বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ সংকল্প লৈছে। বাজৰা হওক বা হেণ্ডলুমৰ সামগ্ৰী হওকএই বৃহৎ আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে ইয়াক সমগ্ৰ বিশ্বৰ বজাৰলৈ লৈ যাব”, তেওঁ কয়। তেওঁ জোৰ দি কয় যে এই সামগ্ৰীসমূহ ভাৰতত নিৰ্মিত হব আৰু যোগান শৃংখল এই বহুজাতিক কোম্পানীসমূহে ব্যৱহাৰ কৰিব।

 

বস্ত্ৰ উদ্যোগ আৰু ফেশ্বন জগতৰ সৈতে জড়িত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আমাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বিশ্বৰ শীৰ্ষ ৩ অৰ্থনীতিৰ ভিতৰত অন্যতম হবলৈ লোৱা পদক্ষেপসমূহৰ বাহিৰেও কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে ভাৰতৰ হস্ততাঁতখাদী আৰু বস্ত্ৰ খণ্ডক বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তুলিবলৈ সবকা প্ৰয়াস’ (সকলোৰে প্ৰচেষ্টা)ৰ প্ৰয়োজন হব। শ্ৰমিক হওকবয়নবিদ হওকডিজাইনাৰ হওক বা উদ্যোগ হওকসকলোৱে নিষ্ঠাবান প্ৰচেষ্টা চলাব লাগিব”, তেওঁ কয়। তেওঁ শিপিনীসকলৰ দক্ষতাক স্কেল আৰু প্ৰযুক্তিৰ সৈতে সংযোগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাৰতত নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো সামগ্ৰীৰ বাবে এটা বিশাল যুৱ গ্ৰাহক শ্ৰেণী গঠন হৈছে আৰু ই বস্ত্ৰ কোম্পানীসমূহৰ বাবে এক বৃহৎ সুযোগৰ সৃষ্টি কৰিছে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় যোগান শৃংখল শক্তিশালী কৰি তাত বিনিয়োগ কৰাটোও এই কোম্পানীসমূহৰ দায়িত্ব। ভাৰতৰ বাহিৰত ৰেডিমেড কাপোৰ উপলব্ধ হলে বস্ত্ৰ আমদানি কৰাৰ পন্থাক তেওঁ ধিক্কাৰ দিয়ে। তেওঁ স্থানীয় যোগান শৃংখলত বিনিয়োগ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰি কয় যে এই খণ্ডৰ ডাঙৰ ডাঙৰ খেলুৱৈসকলে ইমান কম সময়ৰ ভিতৰতে কেনেকৈ হব তাৰ অজুহাত দেখুৱাব নালাগে। তেওঁ কয়, ‘যদি আমি ভৱিষ্যতে সুবিধা লব বিচাৰোঁতেন্তে আমি আজি স্থানীয় যোগান শৃংখলত বিনিয়োগ কৰিব লাগিব। এইটোৱেই হৈছে এখন উন্নত ভাৰত গঢ়ি তোলাৰ আৰু ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন বাস্তৱায়িত কৰাৰ উপায়”, তেওঁ কয়। তেওঁ আৰু কয় যে এই পথ অনুসৰণ কৰিলেহে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ স্বদেশী সপোন পূৰণ হব। আত্মনিৰ্ভৰ ভাৰতৰ সপোন বোৱা আৰু মেক ইন ইণ্ডিয়াক শক্তি প্ৰদান কৰাসকলে খাদীক কেৱল কাপোৰ নহয়অস্ত্ৰ বুলি গণ্য কৰে”, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

৯ আগষ্টৰ প্ৰাসংগিকতা সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ আটাইতকৈ ডাঙৰ আন্দোলন ভাৰত ত্যাগ আন্দোলনপূজ্য মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন ব্ৰিটিছলৈ প্ৰেৰণ কৰা এই তাৰিখটো সাক্ষী হৈ আহিছে। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে কয় যে ইংৰাজে ভাৰত এৰিব লগা হৈছিল। দেশখন ইচ্ছাশক্তিৰে আগবাঢ়ি যোৱাৰ সময়ত আজি এই সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে যি মন্ত্ৰ এসময়ত ব্ৰিটিছক খেদি পঠিয়াবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু জাতিটোৱে বিকশিত ভাৰত’ বা উন্নত ভাৰত গঢ়াৰ সংকল্পত বাধা হৈ পৰা উপাদানক খেদি পঠিওৱা হৈছিল। এক কণ্ঠত সমগ্ৰ ভাৰত প্ৰতিধ্বনিত হৈছে দুৰ্নীতিবংশবাদীতুষ্টিকৰণে ভাৰত এৰিব লাগিব”, শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ ভাৰতৰ এই দুষ্টতাসমূহ দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি আলোকপাত কৰি জাতিটোৱে এই দুষ্টতাক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। দেশ বিজয়ী হভাৰতৰ জনসাধাৰণ বিজয়ী হ”, তেওঁ লগতে কয়।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বছৰ বছৰ ধৰি ত্ৰিৰংগ বোৱাৰ বাবে নিজকে উৎসৰ্গা কৰা মহিলাসকলৰ সৈতে তেওঁৰ আদান-প্ৰদানৰ ওপৰত আলোকপাত কৰে। ত্ৰিৰংগ উত্তোলন কৰি পুনৰবাৰ হৰ ঘৰ ত্ৰিৰংগা’ উদযাপন কৰিবলৈ নাগৰিকসকলক আহ্বান জনায়। যেতিয়া ত্ৰিৰংগা ছাদত উত্তোলন কৰা হয়তেতিয়া ই আমাৰ ভিতৰতো উন্মোচিত হয়”, প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

এই উপলক্ষে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰীযুত পীযুষ গোয়েলকেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰ্দোশ আৰু কেন্দ্ৰীয় অতি ক্ষুদ্ৰক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰীযুত নাৰায়ণ টাটু ৰাণেকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

দেশৰ চহকী শিল্প আৰু কাৰুকাৰ্যৰ পৰম্পৰাক জীয়াই ৰখা শিপিনী আৰু শিল্পীসকলক উৎসাহ আৰু নীতিগত সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী সদায় দৃঢ় সমৰ্থক। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন আৰম্ভ কৰে আৰু ২০১৫ চনৰ ৭ আগষ্টত এনে প্ৰথম উদযাপন অনুষ্ঠিত হয়। ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ স্তোত্ৰ হিচাপে এই তাৰিখটো বিশেষভাৱে বাছি লোৱা হৈছিল আৰু ই থলুৱা উদ্যোগসমূহক বিশেষকৈ হস্ততাঁত বয়নক উৎসাহিত কৰিছিল।

এইবাৰ নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান (NIFT)ৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰালৰ ই-পৰ্টেল মুকলি কৰে।

এই কাৰ্যসূচীত বস্ত্ৰ আৰু এম এছ এম ই খণ্ডৰ ৩০০০ৰো অধিক হস্ততাঁত আৰু খাদী শিপিনীশিপিনী আৰু অংশীদাৰসকলে অংশগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰতৰ হস্ততাঁত ক্লাষ্টাৰনিফ্ট কেম্পাছৱেভাৰ ছাৰ্ভিচ চেণ্টাৰইণ্ডিয়ান ইনষ্টিটিউট অৱ হেণ্ডলুম টেকনলজি কেম্পাছৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমহস্ততাঁত ৰপ্তানি প্ৰসাৰ পৰিষদকেভিআইচি প্ৰতিষ্ঠান আৰু বিভিন্ন ৰাজ্যিক হস্ততাঁত বিভাগক একত্ৰিত কৰা হয়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s growth: by the numbers, for the numbers, of the numbers

Media Coverage

India’s growth: by the numbers, for the numbers, of the numbers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Visit Gujarat and Maharashtra on 8th September
September 07, 2026
PM to Lay Foundation Stones, Inaugurate and Dedicate to the Nation Development Projects Worth More Than ₹35,000 Crore in Vadodara
PM to Dedicate Three Key Sections of Western Dedicated Freight Corridor to the Nation, Marking Completion of the Project
PM to Lay Foundation Stone for three Railway Projects and three Highway Projects
PM to Inaugurate Global Fintech Fest 2026 in Mumbai
Theme of GFF 2026: “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance”

Prime Minister Shri Narendra Modi will visit Gujarat and Maharashtra on 8th September 2026. At around 12 noon, Prime Minister will lay the foundation stones, inaugurate and dedicate to the nation various development projects worth more than ₹35,000 crore in Vadodara. He will also address the gathering on the occasion.

At around 5:45 PM, Prime Minister will inaugurate Global Fintech Fest (GFF) 2026 in Mumbai and address the gathering as well.

PM in Vadodara

Prime Minister will dedicate to the nation three important sections of the Western Dedicated Freight Corridor (WDFC), covering 326 route kilometres and developed at a cost of more than ₹20,700 crore. These include the New Sanand (N)- New Makarpura, New Umbergaon-New Saphale and New Saphale- New JNPT sections.

The direct connectivity of Jawaharlal Nehru Port Authority (JNPA) will facilitate faster movement of EXIM cargo, strengthen connectivity between industrial centres and ports, reduce logistics costs and help decongest Mumbai’s railway network.

With the commissioning of these sections, the Dedicated Freight Corridor (DFC) network will stand fully operational across its entire length. The dedicated freight infrastructure will further strengthen the country’s logistics ecosystem by improving multimodal connectivity, reducing transit time and facilitating seamless movement of cargo across different regions.

Prime Minister will also flag off freight train services from New Sanand (North), New Makarpura, New Umbergaon and New JNPT, Mumbai. In addition, he will flag off a new passenger train service between Tanda Road and Vadodara (Pratapnagar).

Prime Minister will dedicate to the nation the Jobat–Tanda Road new rail line, developed as part of the Chhota Udepur–Dhar project. The new rail line will connect remote and tribal areas of Alirajpur with the national rail network.

Prime Minister will lay the foundation stone for three railway projects spanning 329 kilometres and costing more than ₹9,700 crore. These include the Vadodara-Ratlam third and fourth lines, Miyagam Karjan-Choranda–Malsar gauge conversion and the Vishwamitri-Dabhoi doubling project. The projects will enhance passenger and freight capacity, ease congestion and strengthen connectivity between Gujarat and Madhya Pradesh.

Prime Minister will lay the foundation stone for three National Highway projects costing around ₹1,780 crore. These include six-laning of the Kamrej-Chalthan section of NH-48; construction of additional structures, including major bridges over the Tapi and Narmada, on the Vadodara-Surat section of NH-48; and grade-separated structures at Abhava, Mindhola and Khajod junctions on NH-53.

Prime Minister will also lay the foundation stone for and inaugurate various Government of Gujarat projects worth around ₹2,600 crore. Major projects for which the foundation stone will be laid include Vadodara Urban Development Authority Ring Road Phase II and a 110 MW floating solar project at Kadana Dam, construction of new office of Vadodara Municipal Corporation, among others. Projects to be inaugurated include housing projects under the Pradhan Mantri Awas Yojana (PMAY) and a water-supply project for 11 villages in eastern Vadodara, among others.

PM in Mumbai

Prime Minister will inaugurate Global Fintech Fest (GFF) 2026, one of the world’s largest and most influential annual fintech conferences.

The seventh edition of the Global Fintech Fest is being held from 8th to 11th September 2026 in Mumbai. Since 2020, GFF has emerged as an international thought leadership platform bringing together policymakers, regulators, central banks, financial institutions, fintechs, technology companies, investors, academia and other global stakeholders to deliberate on shaping the future of finance.

The theme of GFF 2026 is “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance.”

GFF 2026 has been designed as a convergence point for policy, regulation, technology, capital and industry on a common platform. It seeks to build on India’s leadership in digital payments and financial inclusion and move from potential to impact. The discussions will focus on how Agentic AI, programmable finance, quantum technologies and other critical and emerging technologies can create trusted, inclusive and measurable outcomes for citizens, enterprises and economies globally.