ড০ স্বামীনাথনে খাদ্য উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলা অভিযানৰ নেতৃত্ব দিছিল : প্ৰধানমন্ত্ৰী
ড০ স্বামীনাথনে জৈৱ-বৈচিত্ৰ্যৰ ঊৰ্ধ্বলৈ গৈ জৈৱ-সুখৰ দূৰদৰ্শী ধাৰণা সৃষ্টি কৰিছিল : প্ৰধানমন্ত্ৰী
ভাৰতে কেতিয়াও কৃষক সমাজৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে : প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কৃষকৰ শক্তিক দেশৰ প্ৰগতিৰ আধাৰ হিচাপে স্বীকৃতি দিছে : প্ৰধানমন্ত্ৰী
খাদ্য সুৰক্ষাৰ ঐতিহ্যৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষি বিজ্ঞানীসকলৰ পৰৱৰ্তী লক্ষ্য হৈছে সকলোৰে বাবে পুষ্টি সুৰক্ষা সুনিশ্চিত কৰা : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে মন্তব্য কৰে যে বিগত দহ বছৰত হস্ততাঁত খণ্ডই সমগ্ৰ দেশতে নতুন স্বীকৃতি আৰু শক্তি লাভ কৰিছে। তেওঁ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষকৈ হস্ততাঁত খণ্ডৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

ড০ এম এছ স্বামীনাথনৰ সৈতে বহু বছৰ ধৰি থকা সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে গুজৰাটৰ পূৰ্বৰ পৰিস্থিতিৰ কথা মনত পেলায়, য’ত খৰাং আৰু ঘূৰ্ণীবতাহৰ বাবে কৃষিখণ্ড ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত ভূমি স্বাস্থ্য কাৰ্ডৰ পদক্ষেপ লোৱালৈ লক্ষ্য কৰি অধ্যাপক স্বামীনাথনে এই পদক্ষেপৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰাৰ লগতে মুক্তমনে পৰামৰ্শ আগবঢ়োৱাৰ কথা মনত পেলাইছিল, যিয়ে ইয়াৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছিল। শ্ৰী মোদীয়ে প্ৰায় বিশ বছৰ পূৰ্বে তামিলনাডুৰ অধ্যাপক স্বামীনাথনৰ ৰিছাৰ্চ ফাউণ্ডেশ্যন চেণ্টাৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ২০১৭ চনত তেওঁ অধ্যাপক স্বামীনাথনৰ গ্ৰন্থ ‘দ্য কিউৱেষ্ট ফৰ এ ৱৰ্ল্ড উইডৱাউট হাংগাৰ’ মুকলি কৰাৰ সুযোগ পাইছিল। তেওঁ লগতে কয় যে ২০১৮ চনত বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ উদ্বোধনৰ সময়ত অধ্যাপক স্বামীনাথনৰ নিৰ্দেশনা আছিল অমূল্য। প্ৰধানমন্ত্ৰীয়ে অধ্যাপক স্বামীনাথনৰ সৈতে হোৱা প্ৰতিটো মত-বিনিময় এক শিক্ষণ অভিজ্ঞতা বুলি মন্তব্য কৰে। তেওঁ এবাৰ অধ্যাপক স্বামীনাথনে কোৱা কথা মনত পেলায়, “বিজ্ঞান কেৱল আৱিষ্কাৰ নহয়, এয়া প্ৰদানৰো কথা” আৰু তেওঁ এই কথা তেওঁ নিজৰ কামৰ জৰিয়তে প্ৰমাণ কৰা বুলি দৃঢ়তাৰে কয়। শ্ৰী মোদীয়ে জোৰ দি কয় যে অধ্যাপক স্বামীনাথনে কেৱল গৱেষণাই নহয়, কৃষকসকলক কৃষি পদ্ধতিৰ পৰিৱৰ্তনৰ বাবেও অনুপ্ৰাণিত কৰিছিল। তেওঁ উল্লেখ কৰে যে আজিও অধ্যাপক স্বামীনাথনৰ দৃষ্টিভংগী আৰু ধাৰণা সমগ্ৰ ভাৰতৰ কৃষি খণ্ডতে দৃশ্যমান। তেওঁক ভাৰত মাতৃৰ প্ৰকৃত ৰত্ন বুলি অভিহিত কৰি শ্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ কাৰ্যকালত অধ্যাপক স্বামীনাথনক ভাৰতৰত্ন প্ৰদান কৰাটো সৌভাগ্য বুলি প্ৰকাশ কৰে।

“ড° এম এছ স্বামীনাথনে খাদ্য উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ অভিযানৰ নেতৃত্ব দিছিল”, অধ্যাপক স্বামীনাথনৰ পৰিচয় সেউজ বিপ্লৱৰ ঊৰ্ধ্বলৈও বিস্তৃত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আলোকপাত কৰে যে অধ্যাপক স্বামীনাথনে কৃষকসকলৰ মাজত ৰাসায়নিক সাৰ ব্যৱহাৰ আৰু একক কৃষিৰ বিপদাশংকাৰ বিষয়ে ধাৰাবাহিকভাৱে সজাগতা চলাইছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে শস্য উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিলেও তেওঁ পৰিৱেশ আৰু মাতৃভূমিৰ প্ৰতিও সমানেই চিন্তিত আছিল। দুয়োটা উদ্দেশ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু উদীয়মান প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কয় যে অধ্যাপক স্বামীনাথনে চিৰসেউজ বিপ্লৱৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথনে গ্ৰাম্য সম্প্ৰদায় আৰু কৃষকসকলক সবলীকৰণৰ বাবে জৈৱ-গাঁৱৰ ধাৰণাৰ প্ৰস্তাৱ দিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে অধ্যাপক স্বামীনাথনে সামূহিক বীজ ভাণ্ডাৰ আৰু সম্ভাৱনাপূৰ্ণ শস্যৰ দৰে উদ্ভাৱনীমূলক ধাৰণাক প্ৰোৎসাহিত কৰিছিল।

কৃষিক্ষেত্ৰত খৰাং সহনশীলতা আৰু লৱণ সহনশীলতাৰ ওপৰত অধ্যাপক স্বামীনাথনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়  “ড° এম এছ স্বামীনাথনে বিশ্বাস কৰিছিল যে জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিৰ প্ৰত্যাহ্বানৰ সমাধান পাহৰি যোৱা শস্যবোৰতে নিহিত হৈ আছে”। তেওঁ উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে সেই সময়তে বাজৰা বা শ্ৰী অন্নৰ বিষয়ে কাম কৰিছিল যেতিয়া ইয়াক বহুলাংশে উপেক্ষা কৰা হৈছিল। শ্ৰী মোদীয়ে স্মৰণ কৰে যে বছৰ বছৰ আগতে অধ্যাপক স্বামীনাথনে মেংগ্ৰোভৰ জিনীয় গুণ ধানলৈ স্থানান্ত কৰাৰ পৰামৰ্শ দিছিল, যাৰ ফলত শস্যবোৰক জলবায়ুৰ প্ৰতি অধিক স্থিতিস্থাপক কৰি তোলাত সহায়ক হ’ব। তেওঁ গুৰুতত্বসহকাৰে কয় যে আজি জলবায়ুৰ লগত খাপ খুৱাই লোৱাটো বিশ্বজুৰি অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হোৱাৰ লগে লগে অধ্যাপক স্বামীনাথনৰ চিন্তাধাৰা সঁচাকৈয়ে কিমান দূৰদৰ্শী আছিল সেয়া স্পষ্ট হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জৈৱ বৈচিত্ৰ্য বিশ্বব্যাপী আলোচনাৰ বিষয় আৰু ইয়াক সংৰক্ষণৰ বাবে চৰকাৰসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে ড° এম এছ স্বামীনাথনে জৈৱ সুখৰ ধাৰণাটো প্ৰৱৰ্তন কৰি এখোজ আগুৱাই গৈছিল। তেওঁ মন্তব্য কৰে যে আজিৰ এই সমাৱেশটো সেই ধাৰণাটোৰেই উদযাপন। জৈৱ বৈচিত্ৰ্যৰ শক্তিয়ে স্থানীয় সম্প্ৰদায়ৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে বুলি বিশ্বাস কৰা ড০ স্বামীনাথনৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে আলোকপাত কৰে যে স্থানীয় সম্পদ ব্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব পৰা যাব। তেওঁ উল্লেখ কৰে যে তেওঁৰ স্বভাৱৰ সততাৰে ড° স্বামীনাথনৰ ধাৰণাক তৃণমূল পৰ্যায়ৰ কামলৈ ৰূপান্তৰ কৰাৰ এক অনন্য ক্ষমতা আছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে গৱেষণা ন্যাসৰ জৰিয়তে ড০ স্বামীনাথনে নতুন আৱিষ্কাৰৰ সুফল যাতে কৃষকৰ মাজলৈ যায় তাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰিছিল। তেওঁ কয় যে ড° স্বামীনাথনৰ এই প্ৰচেষ্টাৰ পৰা ক্ষুদ্ৰ কৃষক, মাছমৰীয়া আৰু জনজাতীয় সম্প্ৰদায়বোৰ বহুখিনি লাভৱান হৈছে।

অধ্যাপক স্বামীনাথনৰ উত্তৰাধিকাৰক সন্মান জনাবলৈ আৰম্ভ কৰা খাদ্য আৰু শান্তিৰ বাবে এম এছ স্বামীনাথন বঁটা মুকলি কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আন্তঃৰাষ্ট্ৰীয় বঁটা উন্নয়নশীল দেশসমূহৰ পৰা প্ৰদান কৰা হ'ব যিয়ে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে খাদ্য আৰু শান্তিৰ মাজত সম্বন্ধ কেৱল দাৰ্শনিক নহয়, বৰং গভীৰভাৱে ব্যৱহাৰিকো। উপনিষদৰ পৰা উদ্ধৃতি দি শ্ৰী মোদীয়ে খাদ্যৰ পবিত্ৰতাৰ কথা উল্লেখ কৰি কয় যে খাদ্য নিজেই জীৱন, আৰু ইয়াক কেতিয়াও অসন্মান বা অৱহেলা কৰা উচিত নহয়। খাদ্যৰ যিকোনো সংকটে অনিবাৰ্যভাৱে জীৱনৰ সংকট সৃষ্টি কৰে, আৰু যেতিয়া লাখ লাখ লোকৰ জীৱন বিপদাপন্ন হয়, তেতিয়া বিশ্বব্যাপী অস্থিৰতা অনিবাৰ্য হৈ পৰে বুলি সকীয়াই দি শ্ৰী মোদীয়ে আজিৰ পৃথিৱীত খাদ্য আৰু শান্তিৰ বাবে এম এছ স্বামীনাথন বঁটাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে এই বঁটা লাভ কৰা প্ৰথমগৰাকী লোক নাইজেৰিয়াৰ অধ্যাপক এডেনলেক অভিনন্দন জনাই তেওঁক এজন প্ৰতিভাৱান বিজ্ঞানী বুলি অভিহিত কৰে, যাৰ কামে এই সন্মানৰ অন্তৰ্নিহিত দৃষ্টান্ত দাঙি ধৰে।

“ড০ এম এছ স্বামীনাথনে য’তেই নাথাকক কিয় ভাৰতীয় কৃষিৰ বৰ্তমানৰ উন্নয়নৰ সাক্ষী হৈ তেওঁ নিশ্চয় গৌৰৱ অনুভৱ কৰিব”, শ্ৰী মোদীয়ে এই কথা উল্লেখ কৰি কয় যে ভাৰত আজি গাখীৰ, দাইল আৰু মৰাপাট উৎপাদনত প্ৰথম স্থানত আছে। চাউল, ঘেঁহু, কপাহ, ফল-মূল, আৰু শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় স্থানত থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক মৎস্য উৎপাদক। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা বছৰ ভাৰতে এতিয়ালৈকে সৰ্বাধিক খাদ্যশস্য উৎপাদন কৰিছিল। তেওঁ লগতে গুৰুত্বসহকাৰে কয় যে ভাৰতে চয়াবিন, সৰিয়হ আৰু বাদামৰ লগতে তৈলবীজ উৎপাদনৰ ক্ষেত্ৰতো অভিলেখ স্তৰত উপনীত হৈছে।

ভাৰতে ইয়াৰ কৃষক, পশুপালক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় , “কৃষকৰ কল্যাণ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ”। কৃষকৰ আয় বৃদ্ধি, কৃষি ব্যয় হ্ৰাস, ৰাজহৰ নতুন উৎস সৃষ্টিৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ কথাও তেওঁ পুনৰবাৰ উল্লেখ কৰে।

 

“চৰকাৰে সদায় কৃষকৰ শক্তিক ৰাষ্ট্ৰীয় প্ৰগতিৰ আধাৰ হিচাপে বিবেচনা কৰি আহিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে দৃঢ়তাৰে কয় যে বিগত বছৰবোৰত প্ৰণয়ন কৰা নীতিসমূহ কেৱল সহায়ৰ বাবে নহয়, বৰঞ্চ কৃষকৰ মাজত আস্থা জাগ্ৰত কৰাৰো বিষয় আছিল। তেওঁ আলোকপাত কৰে যে পি এম কিষাণ সন্মান নিধিয়ে প্ৰত্যক্ষ আৰ্থিক সহায়ৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলক সৱল কৰি তুলিছে, আনহাতে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাই কৃষকসকলক কৃষি সংকটৰ পৰা সুৰক্ষা প্ৰদান কৰিছে আৰু জলসিঞ্চনৰ প্ৰত্যাহ্বানসমূহ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ জৰিয়তে মোকাবিলা কৰা হৈছে। শ্ৰী মোদীয়ে আৰু গুৰুত্ব আৰোপ কৰে যে ১০ হাজাৰ কৃষক উৎপাদক সংস্থা (এফ পি অ’) গঠনৰ ফলত ক্ষুদ্ৰ কৃষকৰ সামূহিক শক্তি সবল হৈছে। তেওঁ কয় যে সমবায় আৰু আত্মসহায়ক গোটসমূহক আৰ্থিক সহায় আগবঢ়োৱাটোৱে গ্ৰাম্য অৰ্থনীতিক সক্ৰিয় গতি প্ৰদান কৰিছে। ই-নাম প্লেটফৰ্মৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাটো সহজ হৈ পৰিছে। আনহাতে পি এম কিষাণ সম্পদ আঁচনিৰ জৰিয়তে নতুন খাদ্য সংসাধন গোট আৰু সংৰক্ষণ আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত হৈছে। তেওঁ অৱগত কৰে যে শেহতীয়াকৈ অনুমোদিত প্ৰধানমন্ত্ৰী ধন ধন্য যোজনাৰ লক্ষ্য হৈছে কৃষি পিছপৰা ১০০খন জিলাক উন্নীত কৰা। “এই জিলাসমূহত সা-সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদান কৰি চৰকাৰে কৃষিৰ প্ৰতি নতুন আস্থা জগাই তুলিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

“একবিংশ শতিকাৰ ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই লক্ষ্য সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো বৃত্তিৰ অৱদানৰ জৰিয়তে লাভ কৰা হ 'ব“, শ্ৰী মোদীয়ে কয়। ড° এম এছ  স্বামীনাথনৰ পৰা অনুপ্ৰেৰণা লৈ  প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিজ্ঞানীসকলে এতিয়া ইতিহাস সৃষ্টি কৰাৰ আন এটা  সুযোগ  পাইছে। তেওঁ উল্লেখ কৰে যে  বিজ্ঞনীসকলৰ আগৰ  প্ৰজন্মই খাদ্য সুৰক্ষা নিশ্চিত কৰিছিল, বৰ্তমানৰ গুৰুত্ব পুষ্টিৰ সুৰক্ষালৈ পৰিৱৰ্তন কৰিব লাগিব। জনস্বাস্থ্য উন্নত কৰাৰ বাবে জৈৱ-শোধিত  আৰু পুষ্টি সমৃদ্ধ শস্যৰ ব্যাপক প্ৰচাৰৰ আহ্বান জনাই শ্ৰী মোদীয়ে কৃষিক্ষেত্ৰত  ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পোষকতা কৰে। তেওঁ প্ৰাকৃতিক কৃষিৰ অধিক প্ৰসাৰৰ বাবে আহ্বান জনাই এই দিশত অধিক গুৰুত্ব আৰু সক্ৰিয় প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ সৰ্বজনবিদিত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে অধিক সংখ্যক জলবায়ু স্থিতিস্থাপক শস্যৰ প্ৰজাতিৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ খৰাং সহনশীল, তাপ প্ৰতিৰোধী, বানপানীৰ লগত খাপ খোৱা শস্যৰ ওপৰত গুৰুত্ব দিয়াৰ গুৰুত্ব আৰোপ কৰে। শস্যৰ আৱৰ্তন আৰু ভূমি-নিৰ্দিষ্ট উপযোগিতাৰ ওপৰত গৱেষণা বৃদ্ধি কৰাৰ আহ্বান জনাই শ্ৰী মোদীয়ে সুলভ মূল্যৰ ভূমি পৰীক্ষণ সঁজুলি আৰু ফলপ্ৰসূ পুষ্টি ব্যৱস্থাপনা কৌশল বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰে।

 

সৌৰশক্তিচালিত ক্ষুদ্ৰ জলসিঞ্চনৰ দিশত প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰিপ ব্যৱস্থা আৰু নিখুঁত জলসিঞ্চনক অধিক ব্যাপক আৰু ফলপ্ৰসূ কৰি তুলিব লাগিব। উপগ্ৰহীয় তথ্য, এ আই, আৰু মেচিন লাৰ্নিং কৃষি ব্যৱস্থাত একত্ৰিত কৰাৰ প্ৰসংগ উত্থাপন কৰি শ্ৰী মোদীয়ে শস্যৰ উৎপাদনৰ পূৰ্বাভাস দিয়া, কীট-পতংগ নিৰীক্ষণ কৰা আৰু বীজ সিঁচাৰ পদ্ধতিৰ পথ প্ৰদৰ্শন কৰা ব্যৱস্থা এটা গঢ়ি তুলিব পাৰি নেকি আৰু প্ৰতিখন জিলাতে এনে সঠিক সময়ৰ সিদ্ধান্ত সমৰ্থন ব্যৱস্থা সুলভ কৰি তুলিব পৰা যাব নেকি বুলি প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশেষজ্ঞসকলক কৃষি প্ৰযুক্তিৰ ষ্টাৰ্টআপসমূহক নিৰন্তৰ পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে বৃহৎ সংখ্যক উদ্ভাৱনী যুৱকে কৃষি প্ৰত্যাহ্বান সমাধানৰ বাবে কাম কৰি আছে আৰু অভিজ্ঞ পেছাদাৰীসকলৰ পৰা নিৰ্দেশনা লাভ কৰিলে এই যুৱক-যুৱতীসকলে বিকশিত কৰা সামগ্ৰীসমূহ অধিক প্ৰভাৱশালী হ’ব ।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয়,  “ভাৰতৰ কৃষক সম্প্ৰদায়সমূহৰ মাজত পৰম্পৰাগত জ্ঞানৰ এটা সমৃদ্ধ ভঁৰাল আছে। পৰম্পৰাগত ভাৰতীয় কৃষি পদ্ধতিসমূহক আধুনিক বিজ্ঞানৰ সৈতে সংযুক্ত কৰি এক সামগ্ৰিক জ্ঞানৰ ভিত্তি গঢ়ি তুলিব পাৰি”। শস্যৰ বৈচিত্ৰ্যক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ইয়াৰ গুৰুত্বৰ বিষয়ে কৃষকসকলক অৱগত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে কৃষকসকলক বৈচিত্ৰ্যৰ সুবিধাৰ বিষয়ে সজাগ কৰিব লাগিব, লগতে ইয়াক গ্ৰহণ নকৰাৰ পৰিণতিৰ বিষয়েও সচেতন কৰিব লাগিব। তেওঁ মন্তব্য কৰে যে এই প্ৰচেষ্টাত বিশেষজ্ঞসকলে অতি ফলপ্ৰসূ ভূমিকা ল’ব পাৰে।

২০২৪ চনৰ ১১ আগষ্টত গৱেষণাগাৰৰ পৰা ভূমিলৈ কৃষি প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰ কৰাৰ আহ্বান জনোৱা পি ইউ এছ এ চৌহদ ভ্ৰমণৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে ২০২৫ চনৰ মে’ আৰু জুন মাহত “বিকশিত কৃষি সংকল্প অভিযান” মুকলি কৰাত আনন্দ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ৭০০ খনতকৈও অধিক জিলাত প্ৰথমবাৰৰ বাবে বিজ্ঞানীৰ ২২০০তকৈও বেছি দলে অংশগ্ৰহণ কৰিছিল।  ৬০ হাজাৰতকৈ অধিক কাৰ্যসূচী অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহে প্ৰায় ১.২৫ কোটি কৃষকৰ সৈতে বিজ্ঞানীসকলক প্ৰত্যক্ষভাৱে সংযোগ কৰে। তেওঁ এই পদক্ষেপক কৃষকসকলৰ মাজত বৈজ্ঞানিক সচেতনতা সম্প্ৰসাৰণৰ এক অতি প্ৰশংসনীয় প্ৰচেষ্টা বুলি প্ৰশংসা কৰে।

 

কৃষি জনসাধাৰণৰ জীৱিকা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়  “ড° এম এছ স্বামীনাথনে আমাক শিকাইছিল যে কৃষি কেৱল শস্যৰ নহয়, ই জীৱনৰ কথা”। তেওঁ উল্লেখ কৰে যে পথাৰখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ মৰ্যাদা, প্ৰতিটো সম্প্ৰদায়ৰ সমৃদ্ধি, প্ৰকৃতিৰ সুৰক্ষাই চৰকাৰৰ কৃষি নীতিৰ শক্তি গঠন কৰে। এডাল উমৈহতীয়া সূতাৰ জৰিয়তে বিজ্ঞান আৰু সমাজক সংযোগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ কৃষসকলৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব বুলি উল্লেখ কৰে। তেওঁ পথাৰত কাম কৰা মহিলাসকলক সবলীকৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই দৃষ্টিভংগীৰে দেশখন আগবাঢ়িব লাগিব বুলি দৃঢ়তাৰে মন্তব্য কৰি ড° স্বামীনাথনৰ অনুপ্ৰেৰণাই সকলোকে পথ প্ৰদৰ্শন কৰি আছে বুলি মন্তব্য কৰে।

 

কৃষি জনসাধাৰণৰ জীৱিকা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়  “ড° এম এছ স্বামীনাথনে আমাক শিকাইছিল যে কৃষি কেৱল শস্যৰ নহয়, ই জীৱনৰ কথা”। তেওঁ উল্লেখ কৰে যে পথাৰখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ মৰ্যাদা, প্ৰতিটো সম্প্ৰদায়ৰ সমৃদ্ধি, প্ৰকৃতিৰ সুৰক্ষাই চৰকাৰৰ কৃষি নীতিৰ শক্তি গঠন কৰে। এডাল উমৈহতীয়া সূতাৰ জৰিয়তে বিজ্ঞান আৰু সমাজক সংযোগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ কৃষসকলৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব বুলি উল্লেখ কৰে। তেওঁ পথাৰত কাম কৰা মহিলাসকলক সবলীকৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই দৃষ্টিভংগীৰে দেশখন আগবাঢ়িব লাগিব বুলি দৃঢ়তাৰে মন্তব্য কৰি ড° স্বামীনাথনৰ অনুপ্ৰেৰণাই সকলোকে পথ প্ৰদৰ্শন কৰি আছে বুলি মন্তব্য কৰে।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, নিটি আয়োগৰ সদস্য ড০ ৰমেশ চান্দ, এম এছ স্বামীনাথন গৱেষণা সংস্থাৰ অধ্যক্ষা শ্ৰীমতী সৌম্য স্বামীনাথন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam Invoking Blessings for Health, Longevity and Service to the Nation
February 06, 2026

Prime Minister Shri Narendra Modi today drew upon India’s timeless civilizational wisdom, invoking a prayer that reflects the nation’s collective aspiration for health, longevity, and devotion to service.

The Prime Minister emphasized that this invocation embodies the spirit of India’s cultural heritage—where reverence for the Earth, commitment to well‑being, and dedication to service form the foundation of national progress.

Quoting an ancient Sanskrit verse, the Prime Minister said:

“उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः।

दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम॥“