উত্তৰ-পূৰ্বাঞ্চল আমাৰ বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ অতিশয় বৈচিত্ৰ্যপূৰ্ণ অঞ্চলঃ প্ৰধানমন্ত্ৰী
আমাৰ বাবে ইষ্ট (EAST) মানে - এম্পাৱাৰ, এক্ট, সবলীকৰণ (Strengthen) আৰু ট্ৰেন্সফৰ্মঃ প্ৰধানমন্ত্ৰী
এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেৱল ফ্ৰন্টলাইন অঞ্চল বুলি কোৱা হৈছিল.. কিন্তু আজি ই ‘বিকাশৰ ফ্ৰন্ট-ৰানাৰ’ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল হৈছে পৰ্যটনৰ পূৰ্ণ পেকেজঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদ বা মাওবাদৰ অৱসান নঘটালৈকে আমাৰ চৰকাৰে শূন্য-সহনশীল নীতি অনুসৰণ কৰি যাবঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল শক্তি আৰু অৰ্ধ-পৰিবাহীৰ দৰে খণ্ডৰ মূল কেন্দ্ৰত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

বিশ্বৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মৰ্য্যাদাত আলোকপাতেৰে শ্ৰী মোদীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চল আমাৰ বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ অতিশয় বৈচিত্ৰ্যপূৰ্ণ অঞ্চল।” তেখেতে বাণিজ্য, পৰম্পৰা, বস্ত্ৰশিল্প আৰু পৰ্যটনক সামৰি বিশাল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপেৰে কয় যে অঞ্চলটোৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্বোচ্চ শক্তি। তেখেতে কয় যে উত্তৰ-পূব এক সমৃদ্ধিশালী জৈৱ অৰ্থনীতিৰ অঞ্চল আৰু বাঁহ উদ্যোগ, চাহ উৎপাদন আৰু পেট্ৰলিয়াম, ক্ৰীড়া আৰু দক্ষতাৰ আকৰ হোৱাৰ লগতে ইক’-টুৰিজিমৰ এক উদীয়মান কেন্দ্ৰ। তেখেতে আৰু কয় যে অঞ্চলটোৱে জৈৱিক সামগ্ৰীৰ পথ প্ৰশস্ত কৰিছে আৰু শক্তি ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে থিয় দিছে। তেখেতে দৃঢ়তাৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলত অষ্টলক্ষ্মীৰ সাৰমৰ্ম মূৰ্ত হৈ আছে, যিয়ে সমৃদ্ধি আৰু সুযোগৰ সঞ্চাৰ কৰিছে। এই শক্তিৰ আধাৰতে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যই বিনিয়োগ আৰু নেতৃত্বৰ বাবে নিজকে সাজু বুলি ঘোষণা কৰিছে।

এখনি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পূব ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি অভিহিত কৰে। “আমাৰ বাবে ইষ্ট (EAST) কেৱল এটা দিশ নহয়, বৰঞ্চ— এম্পাৱাৰ, এক্ট, সবলীকৰণ (Strengthen) আৰু ট্ৰেন্সফৰ্মৰ দৃষ্টিভংগী— যিয়ে অঞ্চলটোৰ বাবে নীতিগত কাঠামোৰ সংজ্ঞাক সূচিত কৰে” বুলি উল্লেখেৰে তেখেতে কয় যে এই পন্থাই পূব ভাৰত বিশেষকৈ উত্তৰ-পূবক ভাৰতৰ বিকাশৰ পৰিক্ৰমাত কেন্দ্ৰীয় স্থান হিচাপে প্ৰোথিত কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলত প্ৰত্যক্ষ হোৱা ৰূপান্তৰশীল পৰিৱৰ্তনত আলোকপাতেৰে কয় যে এই অগ্ৰগতি কেৱল পৰিসংখ্যাতে প্ৰতিফলিত হোৱা নহয়, বৰঞ্চ তৃণমূল পৰ্য্যায়তো স্পষ্ট হৈ পৰিছে। তেখেতে কয় যে অঞ্চলটোৰ সৈতে চৰকাৰৰ সংযোগ কেৱল নীতিগত ব্যৱস্থাতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ জনসাধাৰণৰ সৈতে আন্তৰিক সংযোগ স্থাপন হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসকলে উত্তৰ-পূবলৈ কৰা ৭০০-ৰো অধিক ভ্ৰমণত গুৰুত্ব আৰোপৰে এই ভ্ৰমণে উত্তৰ-পূৰ্বাঞ্চলক বুজি পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা প্ৰদৰ্শন, জনতাৰ আকাংক্ষাৰাজিৰ উমান লোৱা আৰু জনতাৰ আস্থা অৰ্জনেৰে সেই আস্থাক উন্নয়ন নীতিলৈ ৰূপান্তৰিতকৰণত আলোকপাত কৰিছে। তেখেতে কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহ কেৱল ইটা আৰু চিমেন্টৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই আৱেগিক সংযোগৰ মাধ্যম হিচাপে কাম কৰিছে। তেখেতে লুক ইষ্টৰ পৰা এক্ট ইষ্টলৈ পৰিৱৰ্তনৰ কথা উল্লেখেৰে কয় যে এই সক্ৰিয় পন্থাই দৃশ্যমান ফলাফল প্ৰদান কৰিছে। তেখেতে লগতে কয়, “এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেৱল ফ্ৰন্টলাইন অঞ্চল বুলি কোৱা হৈছিল.. কিন্তু আজি ই ‘বিকাশৰ ফ্ৰন্ট-ৰানাৰ’ হিচাপে আত্মপ্ৰকাশ কৰিছে।“

পৰ্যটন খণ্ডক আকৰ্ষণীয় কৰি তোলা আৰু বিনিয়োগকাৰীৰ মাজত আত্মবিশ্বাস জগাই তোলাৰ ক্ষেত্ৰত শক্তিশালী আন্তঃগাঁথনিয়ে এটি মূল ভূমিকা পালন কৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সু-বিকশিত পথ, শক্তি আন্তঃগাঁথনি আৰু লজিষ্টিক নেটৱৰ্কে যিকোনো উদ্যোগৰ মেৰুদণ্ড হিচাপে কাম কৰে, যাৰ ফলশ্ৰুতিত নিৰৱচ্ছিন্ন বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ সুবিধা প্ৰশস্ত হয়। তেখেতে কয় যে আন্তঃগাঁথনি হৈছে উন্নয়নৰ ভেটি আৰু চৰকাৰে উত্তৰ-পূবত আন্তঃগাঁথনিগত বিপ্লৱৰ সূচনা কৰিছে। তেখেতে অঞ্চলটোৱে পূৰ্বে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও এতিয়া এই অঞ্চলে সুযোগৰ ভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি দৃঢ়তাৰে কয়। অৰুণাচল প্ৰদেশৰ ছেলা সুৰংগ আৰু অসমৰ ভূপেন হাজৰিকা সেতু আদি প্ৰকল্পৰ উদ্ধৃতি দি তেখেতে যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে হাজাৰ-হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে বিগত দশকত ১১ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ, বিস্তৃত নতুন ৰেলপথ নিৰ্মাণ, বিমানবন্দৰৰ সংখ্যা দুগুণ হোৱা, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ জলপথৰ উন্নয়ন সাধন, শ-শ ম’বাইল টাৱাৰ স্থাপনকে প্ৰমুখ্য কৰি সাধন হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিতো আলোকপাত কৰে। তেখেতে আৰু কয় যে উদ্যোগসমূহলৈ নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণেৰে ১,৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-পূব গেছ গ্ৰীড স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে ঘাইপথ, ৰেলপথ, জলপথ আৰু ডিজিটেল সংযোগে উত্তৰ-পূবৰ আন্তঃগাঁথনিক সুদৃঢ় কৰিছে, উদ্যোগসমূহে ফাৰ্ষ্ট মুভাৰ এডভান্টেজ গ্ৰহণ কৰিবলৈ এক অনুকূল পৰিবেশ প্ৰদান কৰিছে। তেখেতে দৃঢ়তাৰে কয় যে অহা দশকত অঞ্চলটোৰ বাণিজ্যিক সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। তেখেতে আৰু কয় যে আছিয়ানৰ সৈতে ভাৰতৰ বাণিজ্যৰ পৰিমাণ বৰ্তমান প্ৰায় ১২৫ বিলিয়ন ডলাৰ আৰু অনাগত বছৰসমূহত ২০০ বিলিয়ন ডলাৰ অতিক্ৰমৰ সম্ভাৱনা আছে, যাৰ ফলশ্ৰুতিত উত্তৰ-পূব কৌশলগত বাণিজ্য সেতু আৰু আছিয়ান বজাৰৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হৈছে। তেখেতে আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে আন্তঃগাঁথনি প্ৰকল্পসমূহক ত্বৰান্বিতকৰণৰ বাবে চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰে। ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথত গুৰুত্ব আৰোপেৰে তেখেতে কয় যে এই পথে ম্যানমাৰৰ পৰা থাইলেণ্ডলৈ পোনপটীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰশস্ত কৰিব, থাইলেণ্ড, ভিয়েটনাম আৰু লাওছৰ সৈতে ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। শ্ৰী মোদীয়ে কলকাতা বন্দৰক ম্যানমাৰৰ চিট্টৱে বন্দৰৰ সৈতে সংযোগেৰে মিজোৰামৰ মাজেৰে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ প্ৰদান কৰা কালাডান মাল্টিম’ডাল ট্ৰেনজিট প্ৰকল্পত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে এই প্ৰকল্পৰ জৰিয়তে পশ্চিমবংগ আৰু মিজোৰামৰ মাজৰ দূৰত্ব বহু পৰিমাণে হ্ৰাস পাব, যাৰ ফলশ্ৰুতিত বাণিজ্য আৰু ঔদ্যোগিক বিকাশৰ সম্প্ৰসাৰণ ঘটিব।

 

গুৱাহাটী, ইম্ফল আৰু আগৰতলাৰ মাল্টি-ম’ডাল লজিষ্টিক হাব হিচাপে অব্যাহত উন্নয়ন সাধনৰ কামত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয় আৰু মিজোৰামত লেণ্ড কাষ্টম ষ্টেচন স্থাপনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুযোগৰাজিক সম্প্ৰসাৰিত কৰিছে। তেখেতে কয় যে এই অগ্ৰগতিসমূহে উত্তৰ-পূবক ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যৰ এক উত্থানশীল শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে, বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ নতুন পথ মুকলি কৰিছে।

ভাৰতৰ বৈশ্বিক স্বাস্থ্য আৰু সুস্থতা সমাধান প্ৰদানকাৰী হোৱাৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে হিল ইন ইণ্ডিয়া পদক্ষেপক এক বিশ্ব আন্দোলনলৈ ৰূপান্তৰিত কৰা হৈছে। তেখেতে উত্তৰ-পূবৰ চহকী জৈৱ বৈচিত্ৰ্য, প্ৰাকৃতিক পৰিবেশ আৰু জৈৱিক জীৱনশৈলীত আলোকপাতেৰে ইয়াক সুস্থতাৰ অনুকূল কেন্দ্ৰ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিনিয়োগকাৰীসকলক ভাৰতৰ হিল ইন ইণ্ডিয়া অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে উত্তৰ-পূবক অন্বেষণ কৰিবলৈ আহ্বান জনায়। তেখেতে দৃঢ়তাৰে কয় যে অঞ্চলটোৰ জলবায়ু আৰু পাৰিপাৰ্শ্বিক বৈচিত্ৰ্যই সুস্থতা-কেন্দ্ৰিক উদ্যোগসমূহৰ বাবে অসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিছে।

শ্ৰী মোদীয়ে উত্তৰ-পূবৰ চহকী সাংস্কৃতিক ঐতিহ্যত আলোকপাতেৰে সংগীত, নৃত্য, উদযাপনৰ সৈতে ইয়াৰ গভীৰ সংযোগত গুৰুত্ব আৰোপ কৰে। তেখেতে উল্লেখ কৰে যে এই অঞ্চলটো বৈশ্বিক সন্মিলন, কনচাৰ্ট আৰু ডেষ্টিনেচন ৱেডিঙৰ এক আদৰ্শ কেন্দ্ৰ, যিয়ে ইয়াক পৰ্যটনৰ পূৰ্ণ পেকেজ হিচাপে প্ৰতিষ্ঠা কৰিছে। তেখেতে কয় যে উন্নয়ন উত্তৰ-পূবৰ প্ৰতিটো কোণত উপনীত হোৱাৰ লগে-লগে পৰ্যটনৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ স্পষ্ট হৈ পৰিছে, পৰ্যটকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। তেখেতে কয় যে এয়া কেৱল পৰিসংখ্যাই নহয়—বৰঞ্চ এই উত্থানৰ ফলত গাঁৱত হোমষ্টেৰ উত্থান, যুৱ গাইডসকলৰ বাবে নতুন নিয়োগৰ সুযোগ, ভ্ৰমণ আৰু ইয়াৰ সমগ্ৰ ব্যৱস্থাটোৰ সম্প্ৰসাৰণ ঘটিছে। উত্তৰ-পূব পৰ্যটনৰ অধিক অগ্ৰগতি সাধনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে তেখেতে পৰিবেশ পৰ্যটন আৰু সাংস্কৃতিক পৰ্যটনত বিনিয়োগৰ বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰে। শান্তি আৰু আইন-শৃংখলা সকলো অঞ্চলৰেই উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক বুলি পুনৰ দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে সন্ত্ৰাসবাদ আৰু বিদ্ৰোহৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে।” তেখেতে উল্লেখ কৰে যে উত্তৰ-পূবত এসময়ত অৱৰোধ আৰু সংঘাতে বিৰাজ কৰিছিল, ইয়াৰ পৰিণতিত ইয়াৰ যুৱক-যুৱতীসকলে সুযোগ লাভৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছিল। তেখেতে শান্তি চুক্তি স্বাক্ষৰৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰাজিত আলোকপাতেৰে কয় যে বিগত ১০-১১ বছৰত ১০ হাজাৰৰো অধিক যুৱকে শান্তিক আকোৱালি লৈ অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছে। তেখেতে কয় যে এই পৰিৱৰ্তনে অঞ্চলটোত নতুন নিয়োগ আৰু উদ্যমিতাৰ সুযোগ প্ৰশস্ত কৰিছে। শ্ৰী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লাখ-লাখ যুৱক-যুৱতীক হাজাৰ-হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা মুদ্ৰা আঁচনিৰ প্ৰভাৱত আলোকপাত কৰে। তেখেতে আৰু উল্লেখ কৰে যে ইয়াৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ উত্থানে যুৱ সমাজৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশত সহায় কৰিছে। তেখেতে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল কেৱল ইন্টাৰনেট ইউজাৰেই নহয়, বৰঞ্চ উদীয়মান ডিজিটেল উদ্ভাৱকো। তেখেতে ১৩,০০০ কিলোমিটাৰৰো অধিক অপ্টিকেল ফাইবাৰৰ সম্প্ৰসাৰণ, ৪-জি আৰু ৫-জি কভাৰেজ তথা প্ৰযুক্তি খণ্ডত ক্ৰমবৰ্ধমান সুযোগৰ দৰে অগ্ৰগতিত গুৰুত্ব আৰোপ কৰে। “যুৱ উদ্যোগীসকলে এতিয়া অঞ্চলটোৰ ভিতৰতে বৃহৎ ষ্টাৰ্টআপৰ আৰম্ভ কৰিছে, যিয়ে ভাৰতৰ ডিজিটেল গেটৱে হিচাপে উত্তৰ-পূবৰ ভূমিকাক সুদৃঢ় কৰি তুলিছে”, তেখেতে লগতে কয়।

 

বিকাশক চালিতকৰণ আৰু এটা উন্নত ভৱিষ্যৎ সুৰক্ষিতকৰণৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবত এনে অগ্ৰগতিৰ বাবে এটি অনুকূল পৰিবেশ বিদ্যমান, কেন্দ্ৰীয় চৰকাৰে শিক্ষা আৰু দক্ষতা বিকাশৰ পদক্ষেপত যথেষ্ট বিনিয়োগ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। তেখেতে ৮০০ ৰো অধিক নতুন বিদ্যালয়, অঞ্চলটোৰ প্ৰথম এইমছ, ৯ খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু দুখন নতুন আইআইআইটি স্থাপনকে প্ৰমুখ্য কৰি সাধনৰ হোৱা মূল-মূল উন্নয়নৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও মিজোৰামত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ কেম্পাছ আৰু সমগ্ৰ অঞ্চলটোত প্ৰায় ২০০ খন নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপনৰ কথাও কয়। তেখেতে কয় যে ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় উত্তৰ-পূবত স্থাপন কৰা হৈছে, খেল’ ইণ্ডিয়া কাৰ্য্যক্ৰমৰ অধীনত যথেষ্ট বিনিয়োগ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে সমগ্ৰ অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাসমূহক লালন-পালনেৰে আঠটা খেল’ ইণ্ডিয়া চেন্টাৰ অৱ এক্সেলেন্স আৰু ২৫০ ৰো অধিক খেল’ ইণ্ডিয়া চেন্টাৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবে এতিয়া ভিন্ন খণ্ডত শীৰ্ষ পৰ্য্যায়ৰ প্ৰতিভাৰ জন্ম দিছে, তেখেতে উদ্যোগ আৰু বিনিয়োগকাৰীসকলক অঞ্চলটোৰ অপৰিসীম সম্ভাৱনাৰ সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

শ্ৰী মোদীয়ে জৈৱিক খাদ্যৰ ক্ৰম-বৰ্ধমান বৈশ্বিক চাহিদাত গুৰুত্ব আৰোপেৰে কয় যে তেখেতৰ লক্ষ্য হৈছে বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলত কমেও এবিধ ভাৰতীয় খাদ্য ব্ৰেণ্ডৰ উপস্থিতি নিশ্চিত কৰা। এই সপোনক বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত তেখেতে উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। তেখেতে কয় যে বিগত দশকত উত্তৰ-পূবত জৈৱিক কৃষিৰ পৰিসৰ দুগুণ বৃদ্ধি পাইছে, এই অঞ্চলত উচ্চমানৰ চাহ, আনাৰস, কমলা, নেমু, হালধি, আদা আদি উৎপাদিত হয়। তেখেতে দৃঢ়তাৰে কয় যে এই সামগ্ৰীসমূহৰ ব্যতিক্ৰমী সোৱাদ আৰু উচ্চমানৰ বাবে আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পাইছে। ভাৰতৰ জৈৱিক খাদ্যৰ ৰপ্তানিৰ ক্ষেত্ৰত মূল চালিকাশক্তি হিচাপে উত্তৰ-পূবৰ সম্ভাৱনাত আলোকপাতেৰে তেখেতে অংশীদাৰসকলক এই বৰ্ধিত বজাৰখনক মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈয়ো উৎসাহিত কৰে।

উত্তৰ-পূৰ্বাঞ্চলত খাদ্য সংসাধন ইউনিট স্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্ধিত যোগাযোগ ব্যৱস্থাই ইতিমধ্যে এই পদক্ষেপক সহায় কৰিছে যদিও মেগা ফুড পাৰ্ক স্থাপন, শীতল ভঁৰালৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু পৰীক্ষণ লেবৰ সুবিধাৰ বাবে অতিৰিক্ত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেখেতে উত্তৰ-পূবৰ মাটি আৰু জলবায়ুক পাম অইলৰ খেতিৰ বাবে অতিশয় উপযোগী বুলি উল্লেখেৰে পাম অইল অভিযান আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে। তেখেতে উল্লেখ কৰে যে এই পদক্ষেপে কৃষকসকলক বৰ্ধিত আয়ৰ সুযোগ প্ৰদানৰ লগতে ভাৰতৰ মিঠা তেলৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। তেখেতে আৰু কয় যে পাম অইল খেতিয়ে উদ্যোগসমূহৰ বাবে ব্যাপক সুযোগৰ সৃষ্টি কৰিছে, যিয়ে অংশীদাৰসকলক অঞ্চলটোৰ কৃষি সম্ভাৱনাৰ সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।

“উত্তৰ-পূবে দুই কৌশলগত খণ্ড— যথা শক্তি আৰু অৰ্ধ-পৰিবাহীৰ এক মূল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”, উত্তৰ-পূবৰ সকলো ৰাজ্যতে জলবিদ্যুৎ আৰু সৌৰশক্তিত চৰকাৰে কৰা ব্যাপক বিনিয়োগ সন্দৰ্ভত আলোকপাতেৰে শ্ৰী মোদীয়ে ইতিমধ্যে কেইবা হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে বুলি কয়। তেখেতে উল্লেখ কৰে যে উদ্যোগ আৰু আন্তঃগাঁথনিত বিনিয়োগৰ সুযোগৰ বাহিৰেও সৌৰ মডিউল, কোষ, সংৰক্ষণ সমাধান আৰু গৱেষণাকে প্ৰমুখ্য কৰি উৎপাদন ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। তেখেতে এই ক্ষেত্ৰসমূহত সৰ্বাধিক বিনিয়োগত গুৰুত্ব আৰোপেৰে কয় যে আজি এটি অধিক আত্ম-নিৰ্ভৰ ভৱিষ্যতে বিদেশী আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। শ্ৰী মোদীয়ে ভাৰতৰ অৰ্ধ-পৰিবাহী বাতাবৰণক সুদৃঢ়কৰণৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকা সম্পৰ্কে ব্যক্ত কৰে। তেখেতে ঘোষণা কৰে যে উত্তৰ-পূব ভিত্তিক অৰ্ধপৰিবাহী প্লান্টৰ প্ৰথম মেড ইন ইণ্ডিয়া চিপ অতি সোনকালেই প্ৰৱৰ্তন কৰা হ’ব, যিয়ে অঞ্চলটোৰ বাবে এক বৃহৎ মাইলৰ খুঁটি স্থাপন কাৰ্য্যক সূচিত কৰিছে। তেখেতে দৃঢ়তাৰে কয় যে এই অগ্ৰগতিয়ে অত্যাধুনিক প্ৰযুক্তিৰ সুযোগৰ উন্মেষ ঘটাইছে আৰু ভাৰতৰ উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক বিকাশত উত্তৰ-পূবৰ স্থানক দৃঢ় কৰি তুলিছে।

 

“ৰাইজিং নৰ্থ-ইষ্ট কেৱল এক বিনিয়োগকাৰী সন্মিলনেই নহয়— বৰঞ্চ এয়া এক আন্দোলন আৰু কাৰ্য্যৰ আহ্বান” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ প্ৰগতি আৰু সমৃদ্ধিৰ জৰিয়তে ভাৰতৰ ভৱিষ্যৎ নতুন শিখৰত উপনীত হ’ব বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত সমবেত উদ্যোগপতিসকলৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশেৰে বিকাশৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত তেখেতে অংশীদাৰসকলক একত্ৰিত হৈ উত্তৰ-পূবৰ সম্ভাৱনাৰ প্ৰতীক অষ্টলক্ষ্মীক এখনি বিকশিত ভাৰতৰ পথ-প্ৰদৰ্শক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। তেখেতে পৰৱৰ্তী ৰাইজিং নৰ্থ-ইষ্টলৈ ভাৰত বহুদূৰ আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।

এই সন্মিলনত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়া, মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় ​​কুমাৰ ভাল্লা, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেফিউ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহা, কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে উজ্জ্বল কৰি তোলা, বৈশ্বিক আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষণৰ লগতে মূল অংশীদাৰ, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চতে একত্ৰিতকৰণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট উদ্বোধন কৰে।

 

২৩-২৪ মে’ত অৰ্থাৎ দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় সহযোগত কেন্দ্ৰীয় চৰকাৰে এম্বেছাদৰ মিট আৰু দ্বিপাক্ষিক চেম্বাৰ্ছ মিটকে প্ৰমুখ্য কৰি ৰোডশ্ব’ আৰু ৰাজ্যসমূহৰ ৰাউণ্ডটেবুলৰ আয়োজন কৰিছে। এই সন্মিলনত মন্ত্ৰী অধিবেশন, বিজনেছ-টু-গভমেন্ট অধিবেশন, বিজনেছ-টু-বিজনেছ বৈঠক, ষ্টাৰ্টআপ তথা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ে বিনিয়োগৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা নীতি আৰু আনুষংগিক পদক্ষেপৰাজিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব।

বিনিয়োগৰ প্ৰসাৰৰ মূল খণ্ডসমূহৰ ভিতৰত পৰ্যটন আৰু আতিথ্য, কৃষি-খাদ্য সংসাধন আৰু সংশ্লিষ্ট খণ্ডসমূহ; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; তথ্য প্ৰযুক্তি বা তথ্য প্ৰযুক্তি আধাৰিত সেৱাসমূহ; আন্তঃগাঁথনি আৰু লজিষ্টিক; শক্তি তথা এন্টাৰটেইনমেন্ট আৰু ক্ৰীড়া অন্যতম।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's creator economy quadruples in five years as non-metro creators dominate growth: Report

Media Coverage

India's creator economy quadruples in five years as non-metro creators dominate growth: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Thiru K. Kamaraj Ji on his birth anniversary
July 15, 2026

Prime Minister Shri Narendra Modi today, paid homage to Thiru K. Kamaraj Ji on his birth anniversary, remembering him as a stalwart of India's freedom movement and an exceptional public figure who dedicated his life to nation-building. Shri Modi said that Thiru K. Kamaraj Ji's unwavering commitment to education, inclusive development and the welfare of the underprivileged continues to inspire generations.

Shri Modi posted on X;

Remembering Thiru K. Kamaraj Ji on his birth anniversary. A stalwart of India’s freedom movement and an exceptional public figure, he dedicated his life to nation-building. His unwavering commitment to areas like education, inclusive development and the welfare of the underprivileged continues to guide generations.