Delighted to take part in the Odisha Parba in Delhi, the state plays a pivotal role in India's growth and is blessed with cultural heritage admired across the country and the world: PM
The culture of Odisha has greatly strengthened the spirit of 'Ek Bharat Shreshtha Bharat', in which the sons and daughters of the state have made huge contributions: PM
We can see many examples of the contribution of Oriya literature to the cultural prosperity of India: PM
Odisha's cultural richness, architecture and science have always been special, We have to constantly take innovative steps to take every identity of this place to the world: PM
We are working fast in every sector for the development of Odisha,it has immense possibilities of port based industrial development: PM
Odisha is India's mining and metal powerhouse making it’s position very strong in the steel, aluminium and energy sectors: PM
Our government is committed to promote ease of doing business in Odisha: PM
Today Odisha has its own vision and roadmap, now investment will be encouraged and new employment opportunities will be created: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ওড়িশা পৰ্ব-২০২৪’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ওড়িশাৰ সকলো ভাই-ভনীক সম্ভাষণ জনায়। তেখেতে এই বছৰ স্বভাৱ কবি গংগাধৰ মেহেৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে তেওঁ ভক্ত দাশীয়া ভৌৰী, ভক্ত চালাবেগা আৰু ওড়িয়া ভাগৱতৰ জনক শ্ৰী জগন্নাথ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“ওড়িশা সদায়েই সন্ত আৰু পণ্ডিতসকলৰ বাসভূমি হৈ আহিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে সৰল মহাভাৰত, ওড়িয়া ভাগৱতৰ দৰে মহান সাহিত্যক জনতাৰ ওচৰলৈ যোৱাটো নিশ্চিতকৰণেৰে সাংস্কৃতিক সমৃদ্ধিৰ ক্ষেত্ৰত সন্ত আৰু পণ্ডিতসকলে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতে লগতে কয় যে ওড়িয়া ভাষাত মহাপ্ৰভু জগন্নাথৰে সম্পৰ্কীয় বিস্তৃত সাহিত্য আছে। মহাপ্ৰভু জগন্নাথৰ এটা কাহিনী স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান জগন্নাথ যুদ্ধৰ নেতৃত্বত আগৰ পৰাই আছিল আৰু যুদ্ধক্ষেত্ৰত প্ৰৱেশৰ সময়ত মণিকা গৌডিনী নামৰ এগৰাকী ভক্তৰ হাতৰপৰা দৈ গ্ৰহণ কৰাৰ কথা উল্লেখেৰে ভগৱানৰ সৰলতাক প্ৰশংসা কৰে। তেখেতে লগতে কয় যে ওপৰৰ কাহিনীটোৰপৰা বহু শিক্ষা লাভ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে এটা গুৰুত্বপূৰ্ণ শিক্ষা হ’ল যে যদি আমি ভাল উদ্দেশ্যেৰে কাম কৰোঁ, তেন্তে ঈশ্বৰে নিজেই সেই কামৰ নেতৃত্ব দিয়ে। তেখেতে আৰু কয় যে ঈশ্বৰ সদায় আমাৰ লগত আছিল আৰু আমি কেতিয়াও অনুভৱ কৰা উচিত নহয় যে আমি কোনো ভয়ানক পৰিস্থিতিত অকলে আছোঁ।

 

ওড়িশাৰ কবি ভীম ভৈৰ এটি শাৰী আবৃত্তিৰে তেখেতে কয় যে যিমানেই কষ্ট ভোগ কৰিব লগীয়া নহওঁক কিয়, বিশ্বখন ৰক্ষা কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়াই হৈছে ওড়িশাৰ সংস্কৃতি। শ্ৰী মোদীয়ে আৰু কয় যে পুৰী ধামে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ অনুভূতিক সুদৃঢ় কৰি তুলিছে। তেখেতে লগতে কয় যে ওড়িশাৰ বীৰ পুত্ৰসকলেও স্বাধীনতা সংগ্ৰামত অংশ লৈ দেশক দিশ দেখুৱাইছিল। তেখেতে কয় যে পাইক ক্ৰান্তিৰ শ্বহীদসকলৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। শ্ৰী মোদীয়ে কয় যে পাইক ক্ৰান্তিৰ স্মাৰক ডাক টিকট আৰু মুদ্ৰা উন্মোচনৰ সুযোগ পোৱাটো চৰকাৰৰেই সৌভাগ্য।

এই সময়ত উৎকল কেশৰী হৰে কৃষ্ণ মেহতাব জীৰ অৱদানক সমগ্ৰ দেশে স্মৰণ কৰি আছে বুলি পুনৰ উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে বৃহৎ পৰিসৰত তেওঁৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অতীতৰপৰা এতিয়ালৈকে ওড়িশাই দেশখনক প্ৰদান কৰি অহা দৃঢ় নেতৃত্বৰ কথাও উল্লেখ কৰে। তেখেতে লগতে কয় যে জনজাতীয় সমাজখনৰপৰা অহা দ্ৰৌপদী মূৰ্মু ডাঙৰীয়াণী এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈ আছে। আৰু আমাৰ সকলোৰে বাবে এয়া অতিশয় গৌৰৱৰ বিষয়। তেখেতে আৰু কয় যে তেওঁৰ প্ৰেৰণাৰেই আজি ভাৰতত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ আঁচনি ৰূপায়ণ কৰা হৈছে আৰু এই আঁচনিসমূহে কেৱল ওড়িশাৰেই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতৰ জনজাতীয় সমাজখনকে উপকৃত কৰি আহিছে।

 

ওড়িশা মাতা সুভদ্ৰাৰ ৰূপত নাৰী শক্তিৰ ভূমি বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ওড়িশাৰ মহিলাসকলে অগ্ৰগতি লাভ কৰিলেহে ওড়িশা আগবাঢ়িব। তেখেতে লগতে কয়, মই কেইদিনমান পূৰ্বে মোৰ ওড়িশাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে সুভদ্ৰা যোজনা শুভাৰম্ভ কৰাৰ সুযোগ লাভ কৰিছিলোঁ, যিয়ে ওড়িশাৰ মহিলাসকলক উপকৃত কৰিব।

শ্ৰী মোদীয়ে ভাৰতৰ সামুদ্ৰিক শক্তিক এক নতুন মাত্ৰা প্ৰদানৰ ক্ষেত্ৰত ওড়িশাৰ অৱদানৰ ওপৰত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে কাতিৰ পূৰ্ণিমাৰপৰা কটকত মহানদীৰ পাৰত বিশাল কাৰ্য্যসূচীৰে আয়োজন কৰা বালি যাত্ৰাৰ কালি সামৰণি পৰিছে। ইয়াৰ উপৰিও শ্ৰী মোদীয়ে কয় যে বালি যাত্ৰা ভাৰতৰ সামুদ্ৰিক শক্তিৰ প্ৰতীক। অতীতৰ নাৱিকসকলৰ সাহসক প্ৰশংসাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দৰে আধুনিক প্ৰযুক্তি অবৰ্তমানতো তেওঁলোকে জাহাজ চলাই সাগৰ পাৰ হ’বলৈ সাহস কৰিছিল। তেখেতে লগতে কয় যে বণিকসকলে আগতে জাহাজেৰে ইণ্ডোনেছিয়াৰ বালি, সুমাত্ৰা, জাভা আদি ঠাইলৈ যাত্ৰা কৰিছিল, যিয়ে বাণিজ্যৰ প্ৰসাৰ আৰু ভিন্ন স্থানলৈ সংস্কৃতিৰ প্ৰসাৰ বৃদ্ধিত সহায় কৰিছিল। শ্ৰী মোদীয়ে কয় যে আজি ওড়িশাৰ সামুদ্ৰিক শক্তিয়ে এখনি উন্নত ভাৰতৰ সংকল্প সাধনত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ওড়িশাক নতুন শিখৰলৈ নিবলৈ ১০ বছৰ ধৰি অবিৰত প্ৰচেষ্টা চলোৱাৰ পিছত আজি ওড়িশাৰ নতুন ভৱিষ্যতৰ দুৱাৰ মুকলি হৈছে। অভূতপূৰ্ব আশীৰ্বাদৰ বাবে ওড়িশাবাসীক ধন্যবাদ জনাই শ্ৰী মোদীয়ে কয় যে ইয়াৰ জৰিয়তে এই আশাই নতুন সাহস পাইছে। ৰাজ্যখনৰ বাবে চৰকাৰে ডাঙৰ-ডাঙৰ সপোন দেখিছে আৰু গুৰুত্বপূৰ্ণ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০৩৬ত ওড়িশাই ৰাজ্যৰ শতবাৰ্ষিকী উদযাপন কৰিব বুলি উল্লেখেৰে তেখেতে কয় যে চৰকাৰে ওড়িশাক দেশৰ অন্যতম শক্তিশালী, সমৃদ্ধিশালী আৰু দ্ৰুত-বৰ্ধমান ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

 

এটা সময় আছিল যেতিয়া ওড়িশাৰ দৰে ৰাজ্যকে প্ৰমুখ্য কৰি ভাৰতৰ পূব অংশক পিছপৰা বুলি গণ্য কৰা হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেখেতে ভাৰতৰ পূব অংশক দেশৰ উন্নয়ন ইঞ্জিন বুলি গণ্য কৰিছে। সেয়েহে তেখেতে লগতে কয় যে চৰকাৰে পূব ভাৰতৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু আজি সমগ্ৰ পূব ভাৰতৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, শিক্ষাৰ সৈতে জড়িত সকলো কাম ক্ষীপ্ৰতাৰে কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ওড়িশাই ১০ বছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বাজেটতকৈ তিনিগুণ অধিক বেছি বাজেট লাভ কৰিছে। তেখেতে লগতে কয় যে যোৱা বছৰৰ তুলনাত এই বছৰ ওড়িশাৰ উন্নয়নৰ বাবে ৩০ শতাংশ অধিক বাজেট আগবঢ়োৱা হৈছে। তেখেতে আশ্বাস প্ৰদানেৰে কয় যে চৰকাৰে ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰতিটো খণ্ডতে ক্ষীপ্ৰতাৰে কাম কৰি আছে।

“বন্দৰভিত্তিক ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত ওড়িশাৰ অপৰিসীম সম্ভাৱনা আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সেয়েহে তেখেতে লগতে কয় যে ধমৰা, গোপালপুৰ, অষ্টাৰংগা, পালুৰ আৰু সুবৰ্ণৰেখাত বন্দৰ উন্নয়নেৰে বাণিজ্যক প্ৰোৎসাহিত কৰা হ’ব। ওড়িশা ভাৰতৰ খনন আৰু ধাতুৰ শক্তি কেন্দ্ৰ বুলি মন্তব্য প্ৰদানেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ ফলশ্ৰুতিত তীখা, এলুমিনিয়াম আৰু শক্তি খণ্ডত ওড়িশাৰ স্থিতি অধিক সুদৃঢ় হৈছে। তেখেতে লগতে কয় যে এই খণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে ওড়িশাত সমৃদ্ধিৰ নতুন পথ মুকলি কৰিবপৰা যাব।

ওড়িশাত প্ৰচুৰ পৰিমাণে কাজু, মৰাপাট, কপাহ, হালধি আৰু তৈলবীজ উৎপাদন হোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে এই সামগ্ৰীসমূহ যাতে এখন বৃহৎ বজাৰ লাভ কৰে আৰু ইয়াৰ জৰিয়তে কৃষকসকল যাতে উপকৃত হয়, তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে লগতে কয় যে ওড়িশাৰ সামুদ্ৰিক খাদ্য সংসাধন উদ্যোগতো সম্প্ৰসাৰণৰ বহু পৰিসৰ আছে আৰু চৰকাৰে ওড়িশাৰ সামুদ্ৰিক খাদ্য সম্ভাৰক বিশ্বৰ বজাৰত চাহিদা থকা ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

 

চৰকাৰে ওড়িশাক বিনিয়োগকাৰীসকলৰ বাবে পছন্দৰ গন্তব্যস্থান হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ চৰকাৰ ওড়িশাত ইজ অৱ ডুয়িং বিজনেছৰ বৰ্ধনৰ বাবে অংগীকাৰবদ্ধ আৰু উৎকৰ্ষ উৎকলৰ জৰিয়তে বিনিয়োগক প্ৰোৎসাহিত কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ওড়িশাত নতুন চৰকাৰ গঠন হোৱাৰ লগে-লগে প্ৰথম ১০০ দিনৰ ভিতৰত ৪৫,০০০ কোটি টকাৰ বিনিয়োগত অনুমোদন জনোৱা হয়। তেখেতে লগতে কয় যে আজি ওড়িশাৰ নিজা দৃষ্টিভংগীৰ লগতে এক ৰোডমেপ আছে, যিয়ে বিনিয়োগক প্ৰোৎসাহিত কৰিব আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মুখ্যমন্ত্রী মোহন চৰণ মাঝি জী আৰু তেওঁৰ টীমটোক তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে ওড়িশাৰ সম্ভাৱনাৰাজিক সঠিক দিশত ব্যৱহাৰ কৰিলে ইয়াক উন্নয়নৰ নতুন শিখৰলৈ নিব পাৰি। ইয়াৰ কৌশলগত স্থানৰ জৰিয়তে ওড়িশা লাভৱান হ’ব পাৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰপৰাই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ সহজ হয়। “পূব আৰু দক্ষিণ-পূব এছিয়াৰ বাবে ওড়িশা আছিল বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ”, শ্ৰী মোদীয়ে কয় আৰু লগতে কয় যে আগন্তুক সময়ত বিশ্ব মূল্য শৃংখলত ওড়িশাৰ গুৰুত্ব অধিক বৃদ্ধি পাব। তেখেতে আৰু কয় যে ৰাজ্যখনৰপৰা ৰপ্তানি বৃদ্ধিৰ লক্ষ্য সন্দৰ্ভতো চৰকাৰে কাম কৰি আছে।

“ওড়িশাৰ নগৰীকৰণক প্ৰোৎসাহনৰ অপৰিসীম সম্ভাৱনা আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখৰ লগতে কয় যে তেখেতৰ চৰকাৰে সেই দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে আৰু কয় যে চৰকাৰ বৃহৎ সংখ্যক গতিশীল আৰু সুসংযুক্ত চহৰ নিৰ্মাণৰ বাবে অংগীকাৰবদ্ধ। শ্ৰী মোদীয়ে কয় যে চৰকাৰে ওড়িশাৰ টায়াৰ টু চহৰসমূহতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে, বিশেষকৈ পশ্চিম ওড়িশাৰ জিলাসমূহত নতুন আন্তঃগাঁথনিৰ উন্নয়নে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে।

 

উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক স্পৰ্শেৰে শ্ৰী মোদীয়ে কয় যে ওড়িশা সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক নতুন আশা আৰু ইয়াত একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আছে, যিয়ে ৰাজ্যখনক শিক্ষা খণ্ডত আগভাগ ল’বলৈ অনুপ্ৰাণিত কৰিছে। তেখেতে লগতে কয় যে এই প্ৰচেষ্টাসমূহে ৰাজ্যখনৰ ষ্টাৰ্টআপ ইক’চিষ্টেমক প্ৰোৎসাহিত কৰিছে।

সাংস্কৃতিক সমৃদ্ধিৰ বাবেই ওড়িশা সদায় বিশেষ হৈ আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ওড়িশাৰ শিল্পৰূপে সকলোকে মুগ্ধ কৰে, সেয়া ওডিছি নৃত্যই হওঁক বা ওড়িশাৰ চিত্ৰই হওঁক বা পট্টাচিত্ৰত দেখা পোৱা প্ৰাণৱন্ততাই হওঁক বা সৌৰা চিত্ৰত দেখা পোৱা প্ৰাণৱন্ততাই হওঁক, যি হৈছে জনজাতীয় শিল্পৰ প্ৰতীক। তেখেতে লগতে কয় যে ওড়িশাৰ সম্বলপুৰী, বমকাই আৰু কোটপদ শিপিনীৰ কাৰুকাৰ্য্য চাবলৈ পাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি যিমানেই শিল্প আৰু কাৰুকাৰ্য্যক প্ৰসাৰিত আৰু সংৰক্ষণ কৰিম, সিমানেই ওডিয়া মানুহৰ প্ৰতি সন্মান বৃদ্ধি পাব।

ওড়িশাৰ স্থাপত্য আৰু বিজ্ঞানৰ প্ৰচুৰ ঐতিহ্যক স্পৰ্শৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কোনাৰ্কৰ সূৰ্য্য মন্দিৰ, লিংগৰাজ আৰু মুক্তেশ্বৰৰ দৰে প্ৰাচীন মন্দিৰৰ বিজ্ঞান, স্থাপত্য আৰু বিশালতাই সুন্দৰতা আৰু কাৰুকাৰ্য্যৰে সকলোকে আচৰিত কৰি তুলিছে।

পৰ্যটনৰ ক্ষেত্ৰত ওড়িশা অপৰিসীম সম্ভাৱনাৰ ৰাজ্য বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই সম্ভাৱনাসমূহক বাস্তৱায়িত কৰিবলৈ একাধিক মাত্ৰাৰ মাজেৰে কাম কৰাৰ প্ৰয়োজন আছে। তেখেতে লগতে কয় যে আজি ওড়িশাৰ লগতে দেশখনত ওড়িশাৰ ঐতিহ্য আৰু পৰিচয়ক সন্মান কৰা চৰকাৰো আছে। জি-২০ৰ এখন সন্মিলন যোৱা বছৰ ওড়িশাত অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে ইমানবোৰ দেশৰ ৰাষ্ট্ৰপতি আৰু কূটনীতিবিদৰ সন্মুখত সূৰ্য্য মন্দিৰক প্ৰদৰ্শন কৰিছিল। মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ লগতে মহাপ্ৰভু জগন্নাথ মন্দিৰ কমপ্লেক্সৰ চাৰিওখন দুৱাৰ মুকলি কৰাত সন্তোষ পোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ওড়িশাৰ প্ৰতিটো পৰিচয় সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবলৈ অধিক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। তেখেতে কয় যে বালি যাত্ৰা দিৱস ঘোষণাৰে ইয়াৰ উদযাপন কৰি বালি যাত্ৰাক অধিক জনপ্ৰিয় কৰি তুলিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰচাৰ কৰিব পাৰি। তেখেতে আৰু কয় যে ওডিছি নৃত্যৰ দৰে কলাৰ বাবে ওডিছি দিৱস উদযাপন কৰাৰ কথাও ভিন্ন জনজাতীয় ঐতিহ্য উদযাপনৰ দিনসমূহৰ লগতে চিন্তা-চৰ্চা কৰিব পাৰি। শ্ৰী মোদীয়ে কয় যে বিদ্যালয়-মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব পাৰি, যাৰ ফলত পৰ্যটন আৰু ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত সুযোগসমূহৰ বিষয়ে জনতাৰ মাজত সজাগতা সৃষ্টি হ’ব। তেখেতে লগতে কয় যে আগন্তুক দিনত ভূৱনেশ্বৰতো প্ৰবাসী ভাৰতীয় সন্মিলন অনুষ্ঠিত হ’ব আৰু ই ওড়িশাৰ বাবে এক বৃহৎ সুযোগ হ’ব।

সমগ্ৰ বিশ্বতে জনসাধাৰণে নিজৰ মাতৃভাষা আৰু সংস্কৃতি পাহৰি যোৱাৰ প্ৰৱণতাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ বিপৰীতে ওড়িয়া জনগোষ্ঠীয়ে য’তেই নাথাকক কিয়, সদায় নিজৰ সংস্কৃতি, ভাষা আৰু উৎসৱৰ প্ৰতি অতিশয় উৎসাহী হৈ আহিছে। তেখেতে লগতে কয় যে শেহতীয়াকৈ তেখেতৰ গায়ানা ভ্ৰমণে মাতৃভাষা আৰু সংস্কৃতিৰ শক্তিয়ে কেনেকৈ মানুহক তেওঁলোকৰ মাতৃভূমিৰ সৈতে সংযুক্ত কৰি ৰাখে, সেই কথা পুনৰ দৃঢ় কৰি তোলে। তেখেতে লগতে কয় যে প্ৰায় দুশ বছৰ পূৰ্বে শ-শ শ্ৰমিকে ভাৰত এৰি থৈ গৈছিল, কিন্তু তেওঁলোকে ৰামচৰিত মানসক লগত লৈ গৈছিল আৰু আজিও তেওঁলোক ভাৰত ভূমিৰ সৈতে সংযুক্ত হৈ আছে। শ্ৰী মোদীয়ে কয় যে আমাৰ ঐতিহ্য সংৰক্ষণৰদ্বাৰা উন্নয়ন আৰু পৰিৱৰ্তন হ’লেও ইয়াৰ সুফল সকলোৱে লাভ কৰিব পাৰে। তেখেতে লগতে কয় যে একেদৰেই ওড়িশাকো নতুন শিখৰলৈ আগুৱাই নিব পাৰি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ আধুনিক যুগত আমাৰ শিপা গভীৰকৰণৰ সমান্তৰালকৈ আধুনিক পৰিৱৰ্তনক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। তেখেতে লগতে কয় যে ওড়িশা উৎসৱৰ দৰে অনুষ্ঠান ইয়াৰ বাবে মাধ্যম হ’ব পাৰে। তেখেতে আৰু কয় যে অনাগত বছৰসমূহত ওড়িশা পৰ্বৰ দৰে অনুষ্ঠানসমূহৰ অধিক সম্প্ৰসাৰণ কৰিব লাগে আৰু কেৱল দিল্লীতে সীমাবদ্ধ থাকিব নালাগে। শ্ৰী মোদীয়ে কয় যে ইয়াত অধিক সংখ্যক লোকে যোগদানৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ অংশগ্ৰহণো বৃদ্ধিৰ বাবে প্ৰচেষ্টা হাতত ল’ব লাগিব। তেখেতে দিল্লীৰ আন ৰাজ্যৰ ৰাইজক অংশগ্ৰহণেৰে ওড়িশাক অধিক ঘনিষ্ঠভাৱে চিনি পাবলৈ আহ্বান জনায়।

 

ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে কয় যে আগন্তুক সময়ত জনসাধাৰণৰ অধিক অংশগ্ৰহণেৰে এই উৎসৱৰ ৰং ওড়িশাৰ লগতে ভাৰতৰ প্ৰতিটো প্ৰান্তত উপনীত হ’ব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ওড়িয়া সমাজৰ সভাপতি শ্ৰী সিদ্ধাৰ্থ প্ৰধানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

পটভূমিঃ

নতুন দিল্লীৰ এটা ন্যাস ওড়িয়া সমাজে আয়োজন কৰা এক বিশেষ কাৰ্য্যসূচী হৈছে ওড়িশা পৰ্ব। ইয়াৰ জৰিয়তে তেওঁলোকে ওড়িয়া ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত সহায় আগবঢ়াবলৈ নিয়োজিত হৈছে। এই পৰম্পৰা ৰক্ষাৰে এইবাৰ ২২ নৱেম্বৰৰপৰা ২৪ নৱেম্বৰলৈ ওড়িশা পৰ্ব অনুষ্ঠিত হয়। ইয়াত বাৰেবৰণীয়া সাংস্কৃতিক ৰূপ প্ৰদৰ্শন কৰা ওড়িশাৰ চহকী ঐতিহ্য উপস্থাপন কৰা হয় আৰু ৰাজ্যখনৰ স্পন্দনশীল সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক নীতি-নিয়ম প্ৰদৰ্শন কৰা হয়। ভিন্ন ক্ষেত্ৰত বিশিষ্ট বিশেষজ্ঞ আৰু বিশিষ্ট পেছাদাৰীসকলৰ নেতৃত্বত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ বা কনক্লেভো অনুষ্ঠিত হয়।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs

Media Coverage

Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Lokmata Ahilyabai Holkar on her birth anniversary
May 31, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to Lokmata Ahilyabai Holkar on her birth anniversary.

Shri Modi said that the entire nation remembers Lokmata Ahilyabai Holkar with deep respect and reverence for her wisdom, compassion and unwavering commitment to public welfare.

The Prime Minister noted that her life remains an exemplary model of good governance, patriotism and cultural pride. He said that she always led with courage and a strong sense of duty.

The Prime Minister highlighted her unparalleled contribution to ensuring justice and welfare for all, as well as her efforts towards the reconstruction of sacred temples and pilgrimage sites across the country. He remarked that her work further strengthened India’s cultural consciousness.

The Prime Minister stated that Lokmata Ahilyabai Holkar’s dedication to society, culture and nation-building will continue to inspire every generation of the country.

The Prime Minister wrote on X;

“लोकमाता अहिल्याबाई होल्कर जी को उनकी जयंती पर कोटि-कोटि नमन! बुद्धिमत्ता, करुणा और जनकल्याण के प्रति अटूट निष्ठा को लेकर पूरा देश उन्हें आदर और सम्मान के साथ स्मरण करता है। उनका जीवन सुशासन, राष्ट्रभक्ति और सांस्कृतिक गौरव का एक उत्कृष्ट उदाहरण है। उन्होंने सदैव साहस और कर्तव्यनिष्ठा के साथ नेतृत्व किया। देशभर में पावन मंदिरों और तीर्थस्थलों के पुनर्निर्माण से लेकर सभी के लिए न्याय और कल्याण सुनिश्चित करने में उन्होंने अतुलनीय योगदान दिया। उन्होंने भारत की सांस्कृतिक चेतना को और सशक्त बनाया। समाज, संस्कृति और राष्ट्र निर्माण के प्रति उनका समर्पण भाव देश की हर पीढ़ी को प्रेरित करता रहेगा।”