প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ একাংশ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ স্বত্তাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে ক’ৰোনা ভাইৰাছৰ ভাবুকি মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে৷ তেওঁ কয় যে ভাৰতত দক্ষতাসম্পন্ন চিকিৎসকৰ সমান্তৰালভাৱে ইয়াৰ নাগৰিকসকলৰ মাজতো সম্পূৰ্ণ সজাগত পৰিলক্ষিত হৈছে৷ তেওঁ কয় যে দায়িত্বশীল নাগৰিকসকলৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সঘনাই হাত ধোৱাটোৱেই যথেষ্ট নহ; ইয়াৰ সমান্তৰালভাৱে হাঁচিওৱা অথবা কাঁহৰ পৰা সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলোৱে মুখ আৰু নাক ঢাকি ৰখা উচিত৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱা বুলি নিশ্চিত হোৱা সকলো ব্যক্তিক আছুতীয়াকৈ ৰখা হৈছে৷ যদি কোনো সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা এজন ব্যক্তিক সন্দেহ কৰা হয়, তেতিয়া তেওঁ অলপো আতংকিত নহৈ স্বাস্থ্য পৰীক্ষাৰ বাবে ওচৰৰ হাস্পতাললৈ যাওক৷ পৰিয়ালৰ বাকীবোৰ লোকৰো সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে তেওঁলোকৰো প্ৰয়োজনীয় পৰীক্ষা কৰা উচিত৷”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশ্বব্যাপি হোৱা ক’ৰোনা ভাইৰাছৰ সন্দৰ্ভত যিকোনো ধৰণৰ অপপ্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ লগতে চিকিৎসকৰ পৰামৰ্শৱলী মানি চলিবলৈ আহ্বান জনায়৷

তেওঁ কয়, “এইটো সত্য যে সমগ্ৰ বিশ্বই নমস্কাৰ দিয়াৰ অভ্যাস গঢ়ি তুলিছে৷ যদিও আমি কেতবোৰ কাৰণত এই অভ্যাস ত্যাগ কৰিছিলো, হাতযোৰ কৰি নমস্কাৰ দিয়াৰ অভ্যাস পুনৰ গঢ়ি তোলাৰ এয়াই উপযুক্ত সময়৷”

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi announces free online coaching for competitive exams in Independence Day speech

Media Coverage

PM Modi announces free online coaching for competitive exams in Independence Day speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the start of the Parsi New Year
August 15, 2026

Prime Minister Shri Narendra Modi today extended his greetings on the start of the Parsi New Year. He noted that the Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways.

In a post on X, the Prime Minister wrote:

"Greetings on the start of the Parsi New Year. The Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways. May the year ahead be filled with peace, joy, prosperity and good health for everyone.

Navroz Mubarak!"