“মুম্বাই সমাচাৰ ভাৰতৰ দৰ্শন আৰু অভিব্যক্তি”
“স্বাধীনতা আন্দোলনৰপৰা ভাৰতৰ নৱনিৰ্মাণলৈকে পাৰ্চী ভগ্নী আৰু ভ্ৰাতৃসকলৰ অৱদান অপৰিসীম”
“সংবাদ মাধ্যমৰ সমালোচনাৰ অধিকাৰৰ সমান্তৰালকৈ ইতিবাচক বাতৰি প্ৰকাশৰো সমানেই গুৰু দায়িত্ব আছে”
“ভাৰতৰ সংবাদ মাধ্যমৰ ইতিবাচক বৰঙণিয়ে ইয়াক মহামাৰীটোৰে মোকাবিলাত বহু সহায় কৰিছিল”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত, ‘মুম্বাই সমাচাৰ’ ৰ দ্বিশতাব্দী মহোৎসৱত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেখেতে এটি ডাকটিকটো মুকলি কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই সমাচাৰৰ সমূহ পাঠক, সাংবাদিক আৰু কৰ্মচাৰীলৈ এই ঐতিহাসিক বাতৰিকাকতখনৰ ২০০ বছৰ পূৰ্তিৰ শুভলগনত শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে এই দুই শতিকাত মুম্বাই সমাচাৰ বহু প্ৰজন্মৰ জীৱন আৰু তেওঁলোকৰ উদ্বেগৰ কন্ঠ হৈ অহা কাৰ্য্যক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মুম্বাই সমাচাৰো স্বাধীনতা আন্দোলনটোৰ কন্ঠ আছিল আৰু তাৰ পিছত ৭৫ বছৰীয়া স্বাধীন ভাৰতকো সকলো বয়সৰ পাঠকৰ মাজলৈ লৈ গৈছিল। কাকতখনৰ ভাষাৰ মাধ্যম গুজৰাটী আছিল যদিও উদ্বেগ ৰাষ্ট্ৰীয় আছিল বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলেও মুম্বাই সমাচাৰৰ উদ্ধৃতি দাঙি ধৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষটোতে ইয়াৰ বৰ্ষপূৰ্তিৰ সংযোগৰ কথা ব্যক্ত কৰে। “সেয়েহে আজিৰ এই কাৰ্য্যসূচী আমি কেৱল ভাৰতৰ সাংবাদিকতা আৰু দেশপ্ৰেমৰ উদ্বেগৰে সম্পৰ্কীয় সাংবাদিকতাৰ উচ্চ মানদণ্ডৰ উদযাপনেই নহয়, বৰঞ্চ আজাদী কা অমৃত মহোৎসৱতো সংযোজন ঘটাইছে”। প্ৰধানমন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন সময়ছোৱাৰ পিছত স্বাধীনতা সংগ্ৰাম আৰু গণতন্ত্ৰৰ পুনৰ-প্ৰতিষ্ঠাত সাংবাদিকতাৰ গৌৰৱময় বৰঙণিকো স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে চহৰখন বিদেশীৰ প্ৰভাৱত বোম্বাই হৈ পৰাৰ পিছতো মুম্বাই সমাচাৰে ইয়াৰ স্থানীয় সংযোগ আৰু শিপাৰে সম্পৰ্কৰ জলাঞ্জলি দিয়া নাছিল। তেতিয়াও ই সাধাৰণ মুম্বাইবাসীৰ বাতৰিকাকত আছিল আৰু আজিও এই ধাৰা অক্ষুন্ন আছে  - মুম্বাই সমাচাৰ। তেখেতে লগতে কয় যে মুম্বাই সমাচাৰ কেৱল এটা সংবাদ মাধ্যমেই নহয়, ই এক ঐতিহ্য। মুম্বাই সমাচাৰ হৈছে ভাৰতৰ দৰ্শন আৰু অভিব্যক্তি। তেখেতে কয়, আমি মুম্বাই সমাচাৰৰ জৰিয়তে প্ৰতিটো ধুমুহাৰ মাজতো ভাৰতে কেনেদৰে দৃঢ়তাৰে থিয় দি আছে, তাৰ আভাস পাওঁ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে মুম্বাই সমাচাৰৰ আৰম্ভণিৰ সময়ছোৱাত দাসত্বৰ অন্ধকাৰ গভীৰতৰ হৈ পৰিছিল। সেই সময়ত গুজৰাটীৰ দৰে ভাৰতীয় ভাষাৰ বাতৰিকাকত এখন পঢ়িবলৈ পোৱাটো ইমান সহজ নাছিল। মুম্বাই সমাচাৰে সেই যুগত ভাষিক সাংবাদিকতাৰ সম্প্ৰসাৰণ ঘটাইছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ হাজাৰ-হাজাৰ বছৰৰ ইতিহাসে আমাক বহু কথাই শিকাইছে। এই ভূখণ্ডৰ আদৰণীয় প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়ালৈ আগমন ঘটা সকলোকে মা ভাৰতীয়ে নিজৰ কোলাত ডাঙৰ-দীঘল হোৱাৰ অসামান্য সুযোগ প্ৰদান কৰিছিল। “পাৰ্চী সমাজখনতকৈ উত্তম উদাহৰণ কি হ’ব পাৰে?”, তেখেতে সোধে। তেখেতে লগতে কয় যে স্বাধীনতা আন্দোলনৰপৰা ভাৰতৰ নৱনির্মাণলৈকে পাৰ্চী ভগ্নী-ভ্ৰাতৃদ্বয়ৰ অৱদান অসীম। সংখ্যাৰ ফালৰপৰা এই সমাজখন দেশখনৰ ভিতৰতে অন্যতম ক্ষুদ্ৰতম, এক প্ৰকাৰে ক্ষুদ্ৰ-সংখ্যালঘু, কিন্তু সামৰ্থ্য আৰু সেৱাৰ ক্ষেত্ৰত বিশাল বুলি তেখেতে লগতে কয়।

প্রধানমন্ত্রীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে বাতৰিকাকত আৰু সংবাদ মাধ্যমৰ কৰ্ম হৈছে বাতৰি প্রদান কৰা আৰু জনসাধাৰণক সজাগ কৰি তোলা আৰু সমাজৰ অভাৱৰাজি আৰু চৰকাৰৰ ক্ৰুটিসমূহক দেখুৱাই দিয়াটো তেওঁলোকৰ দায়িত্ব। সংবাদ মাধ্যমৰ সমালোচনাৰ অধিকাৰৰ সমান্তৰালকৈ ইতিবাচক বাতৰি প্ৰকাশৰো সমানেই গুৰু দায়িত্ব আছে।

প্রধানমন্ত্রীগৰাকীয়ে কয়, যোৱা দুটা বছৰে ক’ৰোনাৰ সময়ছোৱাত সাংবাদিকসকলে যিদৰে ৰাষ্ট্ৰখনৰ স্বার্থত কর্মযোগীৰ দৰে কৰ্ম সম্পাদন কৰিছিল, সেয়া চিৰদিনলৈ স্মৰণীয় হৈ থাকিব। ভাৰতৰ সংবাদ মাধ্যমৰ ইতিবাচক বৰঙণিয়ে ভাৰতক এই ১০০ বছৰৰ সৰ্ববৃহৎ সংকটৰে মোকাবিলাত যথেষ্ট সহায় কৰিলে। তেখেতে লগতে ডিজিটেল পেমেন্ট আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে পদক্ষেপৰাজিৰ প্ৰোৎসাহনত সংবাদ মাধ্যমৰ ভূমিকাক প্ৰশংসা কৰে।

১৮২২ ৰ ১ জুলাইত ফাৰদুঞ্জী মাৰ্জবান জীৰদ্বাৰা সাপ্তাহিক হিচাপে মুম্বাই সমাচাৰৰ ছপা আৰম্ভ হৈছিল। ই পিছলৈ ১৮৩২ ত এখন দৈনিক বাতৰিকাকত হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই বাতৰিকাকতখন ২০০ বছৰ ধৰি অবিৰতভাৱে প্ৰকাশ পাই আহিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"