২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।

 

ভাষণ প্ৰদানৰ সময়ত  প্ৰধানমন্ত্ৰীয়ে টিমৰ লেষ্টেক আছিয়ানৰ একাদশ সদস্য হোৱাৰ বাবে অভিনন্দন জনায়, আছিয়ানৰ পূৰ্ণাংগ সদস্য হিচাপে প্ৰথমখন আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰতিনিধি দলটোক আদৰণি জনায় আৰু ইয়াৰ মানৱীয় উন্নয়নৰ বাবে ভাৰতৰ অবিৰত সমৰ্থন প্ৰকাশ কৰে।

 

আছিয়ান ঐক্য, আছিয়ান কেন্দ্ৰীকৰণ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰ প্ৰসংগত আছিয়ানৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা  পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আছিয়ান কমিউনিটি ভিজন ২০৪৫ গ্ৰহণ কৰাৰ বাবে আছিয়ানক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে আছিয়ান-ভাৰত এফটিএ (আইটিজিএ)ৰ আগতীয়া পৰ্যালোচনাই আমাৰ লোকসকলৰ  সুবিধা হোৱাকৈ  আমাৰ সম্পৰ্কৰ বিকাশ ঘটাই অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিব পাৰে আৰু আঞ্চলিক সহযোগিতাক অধিক শক্তিশালী কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান । তেওঁ  সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত  ঐক্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

 

মালয়েছিয়াৰ অধ্যক্ষতাৰ বিষয়বস্তু "অন্তৰ্ভুক্তি আৰু বহনক্ষমতা"লৈ  সমৰ্থন জনোৱা বুলি কৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যেঃ

• আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্ব (২০২৬-২০৩০) ৰূপায়ণৰ বাবে আছিয়ান-ভাৰত কাৰ্য্য পৰিকল্পনা ৰূপায়ণৰ বাবে সমৰ্থন

 

 

• আমি আছিয়ান-ভাৰত পৰ্যটন বছৰ উদযাপন কৰাৰ সময়ত পৰ্যটনৰ দিশত  সহযোগিতা শক্তিশালী কৰাৰ বাবে বহনক্ষম পৰ্যটনৰ বিষয়ত আছিয়ান-ভাৰত যুটীয়া নেতাৰ বিবৃতি গ্ৰহণ কৰিছো।

 

• নীল অৰ্থনীতিত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ ২০২৬ বৰ্ষক "আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতাৰ বছৰ" হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

 

• নিৰাপদ সামুদ্ৰিক পৰিৱেশৰ বাবে দ্বিতীয় আছিয়ান-ভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক আৰু দ্বিতীয় আছিয়ান-ভাৰত সামুদ্ৰিক অনুশীলনৰ আয়োজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

 

• চুবুৰীয়াৰ  সংকটৰ সময়ত ভাৰতে প্ৰথম সঁহাৰিদাতা হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিব আৰু দুৰ্যোগ প্ৰস্তুতি আৰু এইচ এ ডি আৰৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব।

 

• আছিয়ান পাৱাৰ গ্ৰীডৰ পদক্ষেপক সমৰ্থন কৰাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ৪০০ জন পেছাদাৰীক প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে।

• টিমৰ লেষ্টেলৈ দ্ৰুত প্ৰভাৱ প্ৰকল্প (QIP) সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ।

 

• নালান্দা বিশ্ববিদ্যালয়ত আঞ্চলিক বিশেষজ্ঞতা বিকাশৰ বাবে দক্ষিণ-পূব এছিয়ান অধ্যয়ন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ

 

• শিক্ষা, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি, ফিনটেক আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত চলি থকা সহযোগিতালৈ সমৰ্থন  আৰু আন্তঃগাঁথনি, অৰ্ধপৰিবাহী, উদীয়মান প্ৰযুক্তি, আপুৰুগীয়া পৃথিৱী তথা জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে।

 

• গুজৰাটৰ লোথালত পূব এছিয়া শীৰ্ষ সন্মিলন সামুদ্ৰিক ঐতিহ্য উৎসৱ অনুষ্ঠিত কৰা আৰু সামুদ্ৰিক সুৰক্ষাৰ  সহযোগিতাৰ বিষয়ত এখন সন্মিলন অনুষ্ঠিত কৰাৰ কথা উল্লেখ।

মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী দাতো’ চেৰী আনোৱাৰ ইব্ৰাহিমক ২২ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন ভাৰ্চুৱেলী আয়োজন কৰাৰ বাবে ধন্যবাদ জনায় আৰু বৈঠক অনুষ্ঠিত কৰিবলৈ  বাবে উৎকৃষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছে গ্ৰহণ কৰা ফলপ্ৰসূ  দেশ-সমন্বয়ৰ পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি মাৰ্কছ জুনিয়ৰকো ধন্যবাদ জনায়। আছিয়ানৰ নেতাসকলে আছিয়ানলৈ ভাৰতৰ দীৰ্ঘদিনীয়া সমৰ্থন আৰু ইয়াৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে অঞ্চলটোৰ সৈতে জড়িত হৈ থকাৰ  আগ্ৰহ প্ৰদৰ্শন কৰি ভাৰতে আগবঢ়াই অহা   অবিৰত প্ৰতিশ্ৰুতিৰ শলাগ লয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026

Media Coverage

PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the qualities of an ideal and truly excellent individual
July 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of an ideal and truly excellent individual in fulfilling personal, social, and national duties.

The Prime Minister wrote on X;


"परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।

सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ।। "

The person who devotes themselves wholeheartedly to the tasks of others, completes their own personal duties with speed and efficiency, carries out tasks for friends selflessly, and demonstrates their full valor and courage in fulfilling national duties, only such a person is truly excellent.