কোউইন প্লেটফর্ম এটা অ'পেন ছ'ৰ্চ যাক যিকোনো দেশে ব্যৱহাৰ কৰিব পাৰিব : প্রধানমন্ত্রী
২০ কোটি মানুহে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিছে, যিকোনো ডেভেলপাৰে এই এপ সহজেই ব্যৱহাৰ কৰিব পাৰিব : প্রধানমন্ত্রী
বিগত ১০০ বছৰত এই ধৰণৰ মহামাৰী হোৱা নাই, খুব শক্তিশালী হ'লেও এককভাৱে কোনেও এই চেলেঞ্জৰ মোকাবিলা কৰিব নোৱাৰিব : প্রধানমন্ত্রী
আমি একেলগে কাম কৰিব লাগিব আৰু একত্ৰিত হৈ সন্মুখৰ ফালে আগবাঢ়ি যাব লাগিব : প্রধানমন্ত্রী
ভাৰতে সিদ্ধান্ত লৈছে যে টীকাকৰণৰ কৌশল সম্পূর্ণ ডিজিটেল পদ্ধতিত কৰা হ'ব : প্রধানমন্ত্রী
সুৰক্ষিত আৰু ভৰসাযোগ্য নথিৰ সহায়ত ক'ত কাৰ পৰা টীকা লোৱা হৈছে এই বিষয়ত যথাযথ প্রমান থাকিব : প্রধানমন্ত্রী
ডিজিটেল পদ্ধতি ব্যৱহাৰৰ ফলত টীকাৰ প্রয়োগ সম্পর্কে তথ্য ৰাখিব পাৰি আৰু অপচয় কমাব পাৰি : প্রধানমন্ত্রী
‘এক বিশ্ব এক স্বাস্থ্য ব্যৱস্থা’ ভাবনাত মানবজাতিয়ে এই মহামাৰীক নিশ্চিতভাৱে প্রতিহত কৰিব : প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্রতিহত কৰিবলৈ কোউইন প্লেটফর্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।

প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে এই মহামাৰীৰ কাৰণে সমগ্ৰ পৃথিৱীত যিসকলৰ জীবনাবসান হৈছে তেওঁলোকৰ নিকটাত্মীয়ক সমবেদনা জনাইছে। তেওঁ কৈছে যে বিগত ১০০ বছৰত এই ধৰণৰ কোনো মহামাৰীৰ সম্মুখীন হ'বলগীয়া হোৱা নাই আৰু খুব শক্তিশালী হ'লেও কোনো দেশে এককভাৱে এই চেলেঞ্জৰ মোকাবিলা কৰিব নোৱাৰিব। শ্রী মোদীয়ে কৈছে, ‘কোভিড-১৯ মহামাৰীৰ পৰা সবাতোকৈ ডাঙৰ যি শিক্ষা মানবজাতিয়ে পাইছে, সেয়া হ'ল- আমি একেলগে কাম কৰিব লাগিব আৰু একত্ৰিত হৈ সন্মুখৰ ফালে আগবাঢ়ি যাব লাগিব। আমি প্রত্যেকেই প্রত্যেকৰ পৰা শিকিম আৰু আনৰ সবাতোকৈ ভাল পন্থা-পদ্ধতিবিলাকক লৈ আলোচনা কৰিম।’

সমগ্ৰ বিশ্বৰ সৈতে ভাৰতে নিজৰ অভিজ্ঞতা, বিশেষজ্ঞসকলৰ পৰামর্শ আৰু সম্পদ ভাগ কৰি ল'ব বিচাৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে পৃথিৱীৰ বিভিন্ন দেশৰ পন্থা-পদ্ধতি সম্পর্কে জানিবলৈ ভাৰতৰ আগ্রহৰ বিষয়টোও উল্লেখ কৰে। এই মহামাৰীৰ মোকাবিলাত প্রযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ছফ্টৱেৰ হ'ল এনেকুৱা এটা বিষয় য'ত আমৰ সম্পদ হ্ৰাস হোৱাৰ কোনো সমস্যা নাই। আৰু সেয়ে কোভিড সংক্রমিতসকলৰ সংস্পর্শলৈ কোনোবা আহিলে তেওঁক চিনাক্ত কৰাৰ বাবে অ'পেন ছ'ৰ্চ এপ দ্রুত উদ্ভাবন কৰা হৈছে।

প্রযুক্তিগত দিশৰ পৰা যি অত্যন্ত সুবিধাজনক। প্রধানমন্ত্রীয়ে কয় যে ২০ কোটি মানুহে আৰোগ্য সেতু এপটো ব্যবহাৰ কৰিছে। যিকোনো ডেভেলপাৰে সহজেই এই এপটো ব্যৱহাৰ কৰিব পাৰে। যিহেতু এইটো ভাৰতত ব্যৱহৃত হৈছে, সেয়ে ইয়াৰ গতি আৰু কামৰ ধাৰা যথাযথভাবে পৰীক্ষিত বুলি প্রধানমন্ত্রীয়ে আশ্বস্ত কৰে।

শ্রী মোদীয়ে কয় যে মহামাৰীৰ পৰা মানবজাতিক ৰক্ষা কৰিবলৈ গ'লে টীকাকৰণ সবাতোকৈ ভাল পন্থা। ভাৰতে সিদ্ধান্ত লৈছিল যে সম্পূর্ণ ডিজিটেল পদ্ধতিত টীকাকৰণৰ কৌশল নির্ধাৰণ কৰিব লাগিব। ইয়াৰ ফলত মহামাৰী পৰবর্তী সময়ত পৃথিবী যেতিয়া স্বাভাবিক অবস্থালৈ উভতি আহিব, তাৰ বাবে টীকা লোৱাৰ প্রক্রিয়াটো গুৰুত্বপূর্ণ। এই সংক্রান্তত প্রামাণ্য নথি নিৰাপদ, সুৰক্ষিত আৰু ভৰসাযোগ্য হ'ব লাগিব, প্রত্যেকেই সেই তথ্য ৰাখিব লাগিব যে তেওঁ ক'ত কাৰ ওচৰত টীকা লৈছে। টীকাৰ ডোজৰ যাতে অপচয় নহয় আৰু কাক কাক ডোজ দিয়া হৈছে সেই সংক্রান্তত তথ্য ভাৰতত ডিজিটেল প্রক্রিয়াত সঞ্চয় কৰি ৰখা হৈছে।

সমগ্ৰ বিশ্বকে এটা পৰিয়াল হিচাপে ভবাৰ ভাৰতীয় দর্শনৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে কোভিড টীকাকৰণ প্লেটফর্ম কোউইনৰ উদ্ভাবন সেয়ে অ'পেন ছ'ৰ্চ পদ্ধতিত কৰা হৈছে। পৃথিবীৰ যিকোনো দেশে ইয়াক ব্যবহাৰ কৰিব পাৰিব।

শ্রী মোদীয়ে কয় যে আজিৰ আলোচনাচক্রই কোউইনক সমগ্ৰ পৃথিবীৰ ওচৰত পৰিচিত কৰাৰ প্রথম ধাপ। এই প্লেটফর্মৰ মাধ্যমত ভাৰতে ৩৫ কোটি টীকাৰ ডোজ দিছে। কেইদিনমানৰ আগতে ভাৰতত এদিনতে ৯০ লক্ষ মানুহে টীকা পাইছে। টীকা সংক্রান্তীয় প্রামাণ্য নথিৰ বাবে সকলো ঠাইতে এটুকুৰা কাগজ লৈ ঘূৰাৰ কোনো প্রয়োজন নাই। এই সংক্রান্তীয় সকলো তথ্য ডিজিটেল ফৰমেটত আছে। আৰু সবাতোকৈ ভাল বিষয়টো হ'ল যে কোনোবাই এই ছফ্টৱেৰটো নিজৰ স্থানীয় চাহিদা অনুযায়ী প্রয়োজনীয় পৰিবর্তন কৰিব পাৰিব। নিজৰ বক্তব্যৰ শেষ পর্যায়ত প্রধানমন্ত্রীয়ে আশা কৰিছে যে আলোচনা অত্যন্ত ফলপ্রসূ হ'ব। ‘এক বিশ্ব এক স্বাস্থ্য ব্যৱস্থা’ ভাবনাত মানবজাতিয়ে এই মহামাৰীক নিশ্চিতভাৱে প্রতিহত কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting significance of mutual dependence
July 14, 2026

The Prime Minister, Shri Narendra Modi shared a Sanskrit Subhashitam-

“प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥”

The Subhashitam conveys that just as the Sun cannot be perceived without its light, so too light cannot exist without the Sun. Thus, the entire existence and power of the Sun and its light are entirely dependent upon each other.

The Prime Minister wrote on X;

प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥