কোউইন প্লেটফর্ম এটা অ'পেন ছ'ৰ্চ যাক যিকোনো দেশে ব্যৱহাৰ কৰিব পাৰিব : প্রধানমন্ত্রী
২০ কোটি মানুহে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিছে, যিকোনো ডেভেলপাৰে এই এপ সহজেই ব্যৱহাৰ কৰিব পাৰিব : প্রধানমন্ত্রী
বিগত ১০০ বছৰত এই ধৰণৰ মহামাৰী হোৱা নাই, খুব শক্তিশালী হ'লেও এককভাৱে কোনেও এই চেলেঞ্জৰ মোকাবিলা কৰিব নোৱাৰিব : প্রধানমন্ত্রী
আমি একেলগে কাম কৰিব লাগিব আৰু একত্ৰিত হৈ সন্মুখৰ ফালে আগবাঢ়ি যাব লাগিব : প্রধানমন্ত্রী
ভাৰতে সিদ্ধান্ত লৈছে যে টীকাকৰণৰ কৌশল সম্পূর্ণ ডিজিটেল পদ্ধতিত কৰা হ'ব : প্রধানমন্ত্রী
সুৰক্ষিত আৰু ভৰসাযোগ্য নথিৰ সহায়ত ক'ত কাৰ পৰা টীকা লোৱা হৈছে এই বিষয়ত যথাযথ প্রমান থাকিব : প্রধানমন্ত্রী
ডিজিটেল পদ্ধতি ব্যৱহাৰৰ ফলত টীকাৰ প্রয়োগ সম্পর্কে তথ্য ৰাখিব পাৰি আৰু অপচয় কমাব পাৰি : প্রধানমন্ত্রী
‘এক বিশ্ব এক স্বাস্থ্য ব্যৱস্থা’ ভাবনাত মানবজাতিয়ে এই মহামাৰীক নিশ্চিতভাৱে প্রতিহত কৰিব : প্রধানমন্ত্রী

বিশিষ্ট মন্ত্ৰীসকল, জেষ্ঠ বিষয়াসকল, স্বাস্থ্য বৃত্তিধাৰীসকল, আৰু সমগ্ৰ বিশ্বৰ মোৰ বন্ধুসকল,

নমস্কাৰ!

মই আনন্দিত যে বিভিন্ন দেশৰ পৰা ইমান বেছি সংখ্যক বিশেষজ্ঞ ক’ৱিন গ্ল’বেল সন্মিলনত আমাক যোগ দিছে৷ আৰম্ভণিতে, মই মহামাৰীত সকলোবোৰ দেশতে প্ৰাণ হেৰুৱা লোকসকললৈ মই মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো৷ এই মহামাৰীৰ সমান্তৰাল যোৱা এশ বছৰত একো নাই৷ অভিজ্ঞতাই দেখুৱাই দিলে যে কোনো ৰাষ্ট্ৰ, লাগিলে যিমানে শক্তিশালী দেশ নহওঁক, এই প্ৰত্যাহ্বানটো আইচ’লেচনত থাকিহে সমাধা কৰিব পাৰে৷ ক’ভিড-১৯ মহামাৰীৰ পৰা লাভ কৰা ডাঙৰ শিক্ষাটো হ’ল যে মানৱতাৰ আৰু মানুহৰ কাৰণে, আমি একোলগে কাম কৰিছো আৰু একেলগে আগবাঢ়িছো৷ আমি ইখনে দেশে সিখনৰ পৰা শিকিছো আৰু ইখনে সিখনক উত্তম অনুশীলনৰ বিষয়ে সহায়-সহযোগিতা আগবঢ়াইছো৷ মহামাৰীৰ একেবাৰে আৰম্ভণিৰ পৰা, ভাৰতে নিজৰ অভিজ্ঞতাসমূহৰ, নৈপুণ্য আৰু সম্পদসমূহৰ বিষয়ে এই যুদ্ধৰ বিষয়ে বিশ্ব সম্প্ৰদায়ক প্ৰকাশ কৰাত প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ আমাৰ সকলো বাধ্য-বাধকতা স্বত্ত্বেও, বিশ্বৰ সৈতে আমি যিমান পাৰো সিমান প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলো৷ আৰু, আমি বিশ্ব সম্প্ৰদায়ৰ অনুশীলনসমূহৰ পৰা শিকিবলৈ আগ্ৰহেৰে ৰৈ আছিলো৷

বন্ধুসকল,

ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখনত প্ৰযুক্তি এক অবিচ্ছেদ্দ্য অংগ আছিল৷ সৌভাগ্যক্ৰমে, চফ্টৱেৰ এক ক্ষেত্ৰ যত সম্পদৰ কোনো ব্ধ্য-বাধকতা নাই৷ সেয়েহে আমি আমাৰ ক’ভিড অনুসৰণ আৰু অনুসৰণৰ এপ অপেন চোৰ্চ কৰিছিলো যেতিয়াই ই প্ৰযুক্তিগতভাৱে সম্ভৱপৰ হৈছিল৷ প্ৰায় ২০০ মিলিয়ন ব্যৱহাৰকাৰী সৈতে, ডেভেলপাৰ সকলৰ বাবে এই 'Aarogya Setu' এপ এক সহজেই উপলব্ধ পেকেজ আছিল৷ ভাৰতত ব্যৱহৃত হিচাপে, আপুনি নিশ্চিত থাকিব পাৰে যে এইটো বাস্তৱিক পৃথিৱীত ক্ষিপ্ৰতা আৰু বিস্তাৰৰ বাবে পৰীক্ষা কৰা হৈছে৷

বন্ধুসকল,

মহামাৰীৰ পৰা সফলতাৰে ওলাই আহিবলৈ টিকাকৰণ মানৱতাৰ বাবে শ্ৰেষ্ঠ আশা৷ আৰু একেবাৰে আৰম্ভণিৰে পৰা, আমি ভাৰতত আমাৰ টিকাকৰণ কৌশল পৰিকল্পনা কৰোতে এক সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলো৷ আজিৰ বিশ্বায়নৰ পৃথিৱীত, যদি মহামাৰীৰ পৰবৰ্তী পৃথিৱীখন স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিবলগীয়া হয়, তেনে এক ডিজিটেল পদক্ষেপৰ প্ৰয়োজন৷ সামগ্ৰিকভাৱে, মানুহহে নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰিব লাগিব যে তেওঁলোকে টিকা গ্ৰহণ কৰিছে৷ তেনে প্ৰমাণ নিশ্চিতভাৱে সুৰক্ষিত, নিৰাপদ আৰু বিশ্বাসযোগ্য হ’ব লাগিব৷ লোকসকলৰ নিশ্চিতভাৱে এক ৰেকৰ্ডো থাকিব লাগিব যে কেতিয়া আৰু ক’ত কাৰ দ্বাৰা তেওঁলোকক টিকা প্ৰদান কৰা হৈছে৷ টিকাৰ প্ৰতিটো পালি কিমান মূল্যৱান তাৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰতিটো পালি অনুসৰণ কৰা হয় আৰু নূন্যতম অপচয় নিশ্চিত কৰিবলৈ চৰকাৰসমূহ উদ্বিগ্ন৷ এণ্ড টু এণ্ড ডিজিটেল পদক্ষেপ অবিহনে এইসকলোবোৰ সম্ভৱপৰ নহ’ৱহেতেন৷

বন্ধুসকল,

ভাৰতীয় সভ্যতাই সমগ্ৰ বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰে৷ এই মহামাৰীয়ে বহু লোকক এই দৰ্শনৰ বুনিয়াদী সত্য অনুভৱ কৰাইছে৷ এই কাৰণেই, আমাৰ প্ৰযুক্তি প্লেটফ’ৰ্ম ক’ভিড টিকাকৰণ- প্লেটফ’ৰ্ম যাক আমি CoWin বুলি কওঁ- অপেন চোৰ্চ হিচাপে গঢ়িবলৈ তৈয়াৰ কৰি থকা হৈছে৷ শীঘ্ৰ, এইটো যিকোনো আৰু সকলো দেশতে উপলব্ধ হ’ব৷ এই প্লেটফ’ৰ্ম আপোনালোক সকলোৰে আগত অৱগত কৰিবলৈ আজিৰ সন্মিলন প্ৰথম খোজ৷ এইটোই প্লেটফ’ৰ্ম যাৰ জড়িয়তে ভাৰতে ৩৫০ মিলিয়ন ক’ভিড ভেকচিনৰ টিকা প্ৰদান কৰিছে৷ কিছুদিন আগতে, আমি দিনতে প্ৰায় ৯ মিলিয়ন লোকক টিকা প্ৰদান কৰিছো৷

তেওঁলোকে কোনো প্ৰমাণ দিবলৈ টুকুৰা-টুকুৰি কাগজ লৈ ফুৰাৰ প্ৰয়োজন নাই৷ এইসকলোবোৰ ডিজিটেল ৰূপত উপলব্ধ৷ কিন্তু সকলোতকৈ উত্তম কথটো হ’ল, চ’ফ্টৱেৰটো যিকোনো দেশৰে তেওঁলোকৰ স্থানীয় প্ৰয়োজনৰ হিচাপত সালসলনি কৰিব পাৰি৷ আপুনি আজিৰ সন্মিলনত অধিক প্ৰযুক্তিগত বিৱৰণৰ বিষয়ে আৰু অধিক গম পাব৷ মই নিশ্চিত আপনি আৰম্ভ কৰিবলৈ আগ্ৰহী৷ আৰু, মই আপোনালোকক অপেক্ষা কৰাব নিবিচাৰো৷ গতিকে, মই আজিৰ অতিকৈ গুৰুত্বপূৰ্ণ ফলপ্ৰসূৰ আলোচনাটোৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি সামৰিছো৷ 'এক পৃথিৱী, এক স্বাস্থ্য' দৃষ্টিভংগীৰ দ্বাৰা আগুৱাই, মানৱজাতিয়ে নিশ্চয়কৈ এই মহামাৰী অতিক্ৰম কৰিব৷

ধন্যবাদ৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”