Not only other participants but also compete with yourself: PM Modi to youngsters
Khelo India Games have become extremely popular among youth: PM Modi
Numerous efforts made in the last 5-6 years to promote sports as well as increase participation: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকযোগে উৰিষ্যাত প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ উদ্বোধন কৰে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গেমছ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কেৱল এখন টুৰ্ণামেণ্টৰ এক নতুন আৰম্ভণি নহয়, বৰঞ্চ এয়া হৈছে ভাৰতত ক্ৰীড়া অভ্যুত্থানৰ পৰৱৰ্তী পৰ্যায়। ইয়াত আপুনি কেৱল পৰস্পৰে পৰস্পৰৰ সৈতেই প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা নাই, বৰঞ্চ আপোনালোকে নিজৰ লগতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “মই আজি প্ৰযুক্তিৰ যোগেদি আপোনালোকৰৰ সৈতে সংযোজিত হৈছো, কিন্তু ইয়াৰ পৰাই মই সেই স্থানৰ অত্যুৎসাহপূৰ্ণ পৰিৱেশ অনুভৱ কৰিবলৈ সক্ষম হৈছো। ভাৰতৰ ক্ৰীড়া ইতিহাসত আজি প্ৰথমবাৰৰ বাবে উৰিষ্যাত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ আৰম্ভ হৈছে। এয়া সমগ্ৰ ভাৰতীয় ক্ৰীড়া ইতিহাসৰ বাবেই এক ঐতিহাসিক দিন। তাৰ লগে লগে ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যতৰ বাবেও এয়া এক বৃহৎ পদক্ষেপ।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে খেলো ইণ্ডিয়া অভিযানে দেশৰ যুৱ প্ৰতিভাবোৰৰ মাজত ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰতিভাবোৰক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। ২০১৮ চনত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া গেমছ আৰম্ভ হওঁতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্যা আছিল ৩৫০০। পিছে তিনিবছৰত এই সংখ্যাপ্ৰায় দুগুণ হৈ ৬ হাজাৰৰো অধিক হ’লগৈ।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “এইবাৰৰ খেলো ইণ্ডিয়া যুথ গেমছত ৮০ টাকৈ অভিলেখ ভংগ হৈছে। আৰু ইয়াৰে ৫৬ টা অভিলেখেই ভংগ কৰিছে আমাৰ কন্যাসকলে। আমাৰ জীয়ৰীহঁতে কেৱল জিকাই নহয়, তেওঁলোকে অভূতপূৰ্ব প্ৰদৰ্শনেৰে সকলোৰে হৃদয়ো জিনিবলৈ সক্ষম হ’ল। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই খেলো ইণ্ডিয়া অভিযানৰ মাধ্যমেৰে চৰ্চালৈ অহা প্ৰতিভাবোৰ ডাঙৰ ডাঙৰ চহৰৰ পৰা অহা নহয়, বৰঞ্চ দেশৰ বিভিন্ন প্ৰান্তৰ মফচলীয় চহৰৰ পৰা অহা।”

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতত বিগত ৫-৬ বছৰত ক্ৰীড়াৰ প্ৰচাৰ আৰু অংশগ্ৰহণৰ বাবে ভালেমান ঐকান্তিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিভা চিনাক্তকৰণ, প্ৰশিক্ষণ আৰু বাচনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যথেষ্ট স্বচ্ছতাৰে কাম কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “এইসকল খেলুৱৈৰ মাজৰে বহু খেলুৱৈয়ে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰে। এই আঁচনিৰ যোগেদি লাভৱান্বিত হোৱা খেলুৱৈসকলে কমনৱেলথ গেমছ, এছিয়ান গেমছ, এছিয়ান পেৰা গেমছ, য়ুথ অলিম্পিকৰ লেখীয়া বিশ্বস্তৰীয় প্ৰতিযোগিতাত দেশৰ হৈ অংশগ্ৰহণ কৰি এইপৰ্যন্ত ২০০ ৰো অধিক পদক আনি দিবলৈ সক্ষম হৈছে। অনাগত সময়ছোৱাত এইসকল খেলুৱৈৰ যোগেদি আৰু ২০০ ৰো অধিক স্বৰ্ণ পদক জয় কৰাৰ লক্ষ্য হাতত লৈছো, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপোনালোকৰ নিজৰ প্ৰদৰ্শন আৰু অধিক উন্নত কৰিবলৈ আৰু আপোনালোকৰ নিজৰ সামৰ্থ্য-সম্ভাৱনীয়তাক এক নতুন স্তৰলৈ লৈ যোৱাৰ লক্ষ্য হাতত লৈছো আমি।”

 

Click here to read PM's speech 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."