​প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী কাৰ্যসূচীৰে ব্ৰাজিলিয়া ভ্ৰমণ কৰিছে। তেওঁ আজি ব্ৰাজিলিয়াৰ আলভোৰাডা পেলেচত দেশখনৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি লুলাই উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আৰু ৰঙীনভাৱে আনুষ্ঠানিক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বাণিজ্যিক বিষয়সমূহ আলোচনা কৰাৰ বাবে মন্ত্ৰী পৰ্যায়ৰ পদ্ধতিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁলোকে ভাৰত-মেৰ্কোছাৰ অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তিৰ সম্প্ৰসাৰণকে ধৰি দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। নেতাদ্বয়ে পৰৱৰ্তী পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰে। শক্তি খণ্ডত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰি দুয়োখন দেশত হাইড্ৰ’কাৰ্বনৰ লগতে নৱীকৰণযোগ্য শক্তি খণ্ডত অপৰিসীম সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ এপ্ৰিল মাহত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতক আগবঢ়োৱা সহমৰ্মিতা আৰু সমৰ্থনৰ বাবে ব্ৰাজিলক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ জৰিয়তে সকলোধৰণৰ সন্ত্ৰাসবাদ আৰু ইয়াৰ প্ৰভাৱক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ দৃঢ় দায়বদ্ধতাক স্পষ্ট কৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা থাকিব লাগে আৰু এনে অমানৱীয় কাৰ্যৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি ইয়াক নিৰ্মূল কৰিবলৈ দুয়োখন দেশে বিশ্ব সম্প্ৰদায়ৰ সৈতে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাষ্ট্ৰপতি লুলাই সহমত প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি আন্তৰ্জাতিক শাসন প্ৰতিষ্ঠানসমূহৰ বহুপাক্ষিকতা আৰু সংস্কাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে জলবায়ু পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আন্তৰ্জাতিক পদক্ষেপ শক্তিশালী কৰাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ পোষকতা কৰে। প্ৰধানমন্ত্ৰীয়ে সমাগত চি অ’ পি ৩০ জলবায়ু পৰিবৰ্তন সন্মিলনৰ বাবে ব্ৰাজিললৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকে গ্লোবেল ছাউথৰ স্বাৰ্থৰ অগ্ৰগতিৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যোৱাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে।

এই আলোচনাৰ অন্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, নিৰাপত্তা ক্ষেত্ৰত তথ্যৰ আদান-প্ৰদান, কৃষি গৱেষণা, নৱীকৰণযোগ্য শক্তি, বৌদ্ধিক সম্পত্তি অধিকাৰ আৰু ডিজিটেল সহযোগিতা (ইণ্ডিয়া ষ্টেক) ৰ ক্ষেত্ৰত ছখন বুজাবুজি চুক্তি চূড়ান্ত কৰা হয়। এই চৰকাৰী ভ্ৰমণ সন্দৰ্ভত এক যুটীয়া বিবৃতি [লিংক] জাৰি কৰা হৈছে।

ৰাষ্ট্ৰপতি লুলাই প্ৰধানমন্ত্ৰীৰ সন্মানত মধ্যাহ্ন ভোজনৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি লুলাক প্ৰশংসনীয়পূৰ্ণ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PRAGATI proves to be a powerful platform for power sector; 237 projects worth Rs 10.53 lakh crore reviewed and commissioned

Media Coverage

PRAGATI proves to be a powerful platform for power sector; 237 projects worth Rs 10.53 lakh crore reviewed and commissioned
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জানুৱাৰী 2026
January 09, 2026

Citizens Appreciate New India Under PM Modi: Energy, Economy, and Global Pride Soaring