​প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী কাৰ্যসূচীৰে ব্ৰাজিলিয়া ভ্ৰমণ কৰিছে। তেওঁ আজি ব্ৰাজিলিয়াৰ আলভোৰাডা পেলেচত দেশখনৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি লুলাই উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আৰু ৰঙীনভাৱে আনুষ্ঠানিক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বাণিজ্যিক বিষয়সমূহ আলোচনা কৰাৰ বাবে মন্ত্ৰী পৰ্যায়ৰ পদ্ধতিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁলোকে ভাৰত-মেৰ্কোছাৰ অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তিৰ সম্প্ৰসাৰণকে ধৰি দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। নেতাদ্বয়ে পৰৱৰ্তী পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰে। শক্তি খণ্ডত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰি দুয়োখন দেশত হাইড্ৰ’কাৰ্বনৰ লগতে নৱীকৰণযোগ্য শক্তি খণ্ডত অপৰিসীম সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ এপ্ৰিল মাহত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতক আগবঢ়োৱা সহমৰ্মিতা আৰু সমৰ্থনৰ বাবে ব্ৰাজিলক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ জৰিয়তে সকলোধৰণৰ সন্ত্ৰাসবাদ আৰু ইয়াৰ প্ৰভাৱক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ দৃঢ় দায়বদ্ধতাক স্পষ্ট কৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা থাকিব লাগে আৰু এনে অমানৱীয় কাৰ্যৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি ইয়াক নিৰ্মূল কৰিবলৈ দুয়োখন দেশে বিশ্ব সম্প্ৰদায়ৰ সৈতে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাষ্ট্ৰপতি লুলাই সহমত প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি আন্তৰ্জাতিক শাসন প্ৰতিষ্ঠানসমূহৰ বহুপাক্ষিকতা আৰু সংস্কাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে জলবায়ু পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আন্তৰ্জাতিক পদক্ষেপ শক্তিশালী কৰাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ পোষকতা কৰে। প্ৰধানমন্ত্ৰীয়ে সমাগত চি অ’ পি ৩০ জলবায়ু পৰিবৰ্তন সন্মিলনৰ বাবে ব্ৰাজিললৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকে গ্লোবেল ছাউথৰ স্বাৰ্থৰ অগ্ৰগতিৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যোৱাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে।

এই আলোচনাৰ অন্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, নিৰাপত্তা ক্ষেত্ৰত তথ্যৰ আদান-প্ৰদান, কৃষি গৱেষণা, নৱীকৰণযোগ্য শক্তি, বৌদ্ধিক সম্পত্তি অধিকাৰ আৰু ডিজিটেল সহযোগিতা (ইণ্ডিয়া ষ্টেক) ৰ ক্ষেত্ৰত ছখন বুজাবুজি চুক্তি চূড়ান্ত কৰা হয়। এই চৰকাৰী ভ্ৰমণ সন্দৰ্ভত এক যুটীয়া বিবৃতি [লিংক] জাৰি কৰা হৈছে।

ৰাষ্ট্ৰপতি লুলাই প্ৰধানমন্ত্ৰীৰ সন্মানত মধ্যাহ্ন ভোজনৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি লুলাক প্ৰশংসনীয়পূৰ্ণ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰধানমন্ত্ৰীয়ে ২৭ আগষ্টত খেলো ইণ্ডিয়া ডায়লগত যুৱসমাজক সম্বোধন কৰিব
August 26, 2026
খেলো ইণ্ডিয়া ডায়লগে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিকৰ কৰ্তব্য, স্বেচ্ছাসেৱী, শাৰীৰিক সুস্থতা আৰু ৰাষ্ট্ৰ নিৰ্মাণক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব
খেলো ইণ্ডিয়া ডায়লগৰ অধীনত যুৱ সংবাদে পাঁচটা মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবঃ ক্ৰীড়া, অলিম্পিক আকাংক্ষা, যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচা মুক্ত যুৱসমাজ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আগষ্টত দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খেলো ইণ্ডিয়া ডায়লগ সম্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মক ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ সৈতে জড়িত কৰাত সহায় কৰা, তেওঁলোকৰ আকাংক্ষা শ্বেয়াৰ কৰাৰ লগতে এক শক্তিশালী যুৱ-নেতৃত্বাধীন বিকশিতত ভাৰতৰ ধাৰণা আগবঢ়োৱা।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৬ উদযাপনৰ অংশ হিচাপে মেৰা যুৱ ভাৰত (মাই ভাৰত) ৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচী সমগ্ৰ দেশতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰে অনুষ্ঠিত কৰা হ’ব। যুৱক-যুৱতীসকলৰ আকাংক্ষাক ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰত ৰাখি এখন সুস্থ, শৃঙ্খলাবদ্ধ আৰু ক্ৰীড়া ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

দেশজোৰা খেলো ইণ্ডিয়া ডায়লগে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিকৰ কৰ্তব্য, স্বেচ্ছাসেৱী,শাৰীৰিক সুস্থতা আৰু ৰাষ্ট্ৰ নিৰ্মাণক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। ই যুৱক-যুৱতীসকলক দেশৰ ক্ৰীড়াৰ উচ্চাকাংক্ষাৰ সৈতে জড়িত হ'বলৈ এটা পোনপটীয়া মাধ্যম প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ধাৰণা আৰু দৃষ্টিভংগী ভাৰতৰ যুৱ তথা ক্ৰীড়া পৰিৱেশতন্ত্ৰৰ ওপৰত অব্যাহত কথোপকথনৰ অংশ হোৱাটো নিশ্চিত কৰিব।

ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পাছত যুৱ অংশগ্ৰহণকাৰী, মাই ভাৰতৰ স্বেচ্ছাসেৱক, স্থানীয় খেলুৱৈ আৰু জনসাধাৰণৰ প্ৰতিনিধিসকলক জড়িত কৰি স্থানীয় মত বিনিময় অনুষ্ঠিত হ’ব। এই পদক্ষেপৰ এটা মুখ্য বৈশিষ্ট্য হ’ব ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী আৰু আগশাৰীৰ ভাৰতীয় খেলুৱৈ তথা পদক বিজয়ীসকলৰ মাজত পোনপটীয়া মত বিনিময়। কাৰ্যসূচীৰ এটা কেন্দ্ৰীয় বৈশিষ্ট্য হ’ব যুৱ সংবাদ য’ত যুৱ অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ নিজৰ ধাৰণা, দৃষ্টিভংগী আৰু আকাংক্ষা ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। এই আলোচনা পাঁচটা বিষয়ৰ ওপৰত আধাৰিত হ’বঃ

  • উন্নত সুবিধা, প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান আৰু সামগ্ৰিক অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰ উন্নত কৰা;
  • বৈজ্ঞানিক প্ৰতিভা চিনাক্তকৰণ, স্বচ্ছ বাছনি আৰু দীৰ্ঘম্যাদী খেলুৱৈ বিকাশৰ জৰিয়তে ২০৩৬ অলিম্পিকৰ বাবে প্ৰতিভাৰ যতন লোৱা;
  • প্ৰশাসনৰ মঞ্চ আৰু মাই ভাৰত-নেতৃত্বাধীন স্বেচ্ছাসেৱকৰ জৰিয়তে যুৱ নেতা সৃষ্টি কৰা;
  • নাগৰিক সচেতনতা, ভৱিষ্যতৰ বাবে সাজু দক্ষতা আৰু গঠনমূলক স্বেচ্ছাসেৱিকতা গঢ়ি বিকশিত ভাৰতৰ বাবে যুৱক-যুৱতীসকলক শক্তিশালী কৰা;
  • ২০২৬ চনৰ ২ আগষ্টত আৰম্ভ কৰা প্ৰধানমন্ত্ৰীৰ ১০০ সপ্তাহৰ দেশজোৰা প্ৰচাৰৰ অধীনত সাপ্তাহিক জন ভাগীদাৰী কাৰ্যকলাপৰ দ্বাৰা শক্তিশালী কৰা মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ ক্ৰীড়া আৰু সমনীয়া নেটৱৰ্কৰ ব্যৱহাৰ কৰি এক নিচা মুক্ত যুৱ আন্দোলনৰ প্ৰচাৰ কৰা।