প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মহাৰাজ জীৰ আশীৰ্বাদ গ্ৰহণেৰে তেওঁৰ আগ্ৰহ, মৰম আৰু মাৰ্গ-দৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“আজি মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজৰ পৰা আশীৰ্বাদ লাভৰ সৌভাগ্য হয়। তেওঁৰ ব্যক্তিত্ব উজ্জ্বলতা আৰু শক্তিৰে পৰিপূৰ্ণ হোৱাৰ সমান্তৰালকৈ তেওঁৰ ভাষণো আধ্যাত্মিকতাৰে ভৰা। মহাৰাজ জীৰ অন্তৰংগতা, স্নেহ আৰু পথ-প্ৰদৰ্শনে মোক অভিভূত কৰিছে!”
आज मोतिहारी में स्वामी शक्ति शरणानंद सरस्वती जी महाराज से आशीर्वाद लेने का सौभाग्य मिला। उनके व्यक्तित्व में जहां तेज और ओज का वास है, वहीं वाणी में आध्यात्मिकता रची-बसी है। महाराज जी की आत्मीयता, स्नेह और मार्गदर्शन से अभिभूत हूं! pic.twitter.com/7PTxDNv0tH
— Narendra Modi (@narendramodi) July 18, 2025


