প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাগ্ৰেবতত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত আন্দ্ৰেজ প্লেনকভিচক সাক্ষা কৰে। প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণৰ এয়া আছিল আৰু সেয়েহে ভাৰত-ক্ৰ’ৱেচিয়া সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি। ঐতিহাসিক বানস্কি ডভ’ৰি ৰাজপ্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী প্লেংকভিচে আগবঢ়ায় নিয়াৰ লগতে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক জাগ্ৰেবৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী প্লেংকভিচে আদৰণি জনায়।

 

দুয়োগৰাকী নেতাই প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, সাংস্কৃতিক সহযোগিতা, জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন দিশৰ ওপৰত ব্যাপক আলোচনাত মিলিত হয়। আন্তঃগাঁথনি, বন্দৰ আৰু জাহাজ চলোৱা, ডিজিটেলাইজেশ্যন, এআই, নবীকৰণযোগ্য শক্তি, ফাৰ্মা আৰু পৰ্যটন আৰু আতিথ্য আদি খণ্ডত সহযোগিতা বৃদ্ধিৰ উল্লেখযোগ্য সুযোগ আছে বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে ক্ৰ’ৱেচিয়াত ভাৰতীয় সংস্কৃতি, ইণ্ড’লজী আৰু যোগৰ জনপ্ৰিয়তাই দুয়োখন দেশৰ জনসাধাৰণক অধিক ঘনিষ্ঠ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ক্ৰ’ৱেচিয়াৰ সকলো যোগপ্ৰেমীলৈ ২১ জুনত আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ শুভেচ্ছা জ্ঞাপন কৰে।

নেতাসকলে ষ্টাৰ্ট-আপ আৰু উদ্ভাৱন অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেওঁলোকে ব্যৱসায়ৰ পৰা বাণিজ্যলৈ অধিক সহযোগিতাক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে আৰু দুয়োখন দেশতে অন্তৰ্ভুক্ত আৰু বহনক্ষম বৃদ্ধিৰ বাবে বিনিয়োগ অংশীদাৰিত্ব আৰু যৌথ উদ্যোগৰ সুবিধা প্ৰদান কৰে। এই উদ্দেশ্যৰ দিশত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াই ভাৰতৰ দক্ষ প্ৰতিভাৰ লাভ উঠাব পাৰে বুলি পৰামৰ্শ দিয়ে আৰু গতিশীলতাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক সহযোগিতা স্থাপনৰ আহ্বান জনাইছিল। ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ [IMEC]ৰ জৰিয়তেকে ধৰি সংযোগ উন্নত কৰাৰ গুৰুত্বৰ ওপৰত তেওঁলোকে একমত প্ৰকাশ কৰে। ক্ৰ’ৱেচিয়াই মধ্য আৰু দক্ষিণ-পূব ইউৰোপৰ ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব পাৰে।

 

নেতাসকলে পাৰস্পৰিক স্বাৰ্থৰ গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সংস্কাৰ, জলবায়ু পৰিৱৰ্তনৰ ব্যৱস্থা আৰু সন্ত্ৰাসবাদৰ দ্বাৰা সৃষ্টি হোৱা ভাবুকিৰ ওপৰত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ক্ৰ’ৱেচিয়াই ভাৰতলৈ আগবঢ়োৱা শক্তিশালী সমৰ্থন আৰু সংহতিৰ বাবে প্ৰধানমন্ত্ৰী প্লেংক’ভিচক ধন্যবাদ জনায়। দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত সম্পৰ্ক গভীৰ হোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ বাবে তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে।

আলোচনাৰ পিছত কৃষি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু সংস্কৃতিৰ ক্ষেত্ৰত আৰু এখন হিন্দী আসন নবীকৰণৰ ওপৰত চাৰিখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে এখন যৌথ বিবৃতিও জাৰি কৰা হয় [লিংক]।

 

প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী প্লেংকভিচে নৈশ আহাৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেংকভিচক পাৰস্পৰিক সুবিধাজনক সময়ত ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।