প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জাগ্ৰেবত জোৰান মিলানোভিচক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হয়। গণতন্ত্ৰ, আইনৰ শাসন আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ মিলিত লক্ষ্যৰ ওপৰত ভিত্তি কৰি দুয়োখন দেশৰ মাজত ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। তেওঁলোকে প্ৰতিৰক্ষা, ষ্টাৰ্ট-আপ, ক্ৰীড়া আৰু উদ্ভাৱন আদি নতুন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বৈচিত্ৰ্যতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ক্ৰ’ৱেচিয়াই ভাৰতলৈ আগবঢ়োৱা শক্তিশালী সমৰ্থন আৰু সংহতিৰ বাবে ৰাষ্ট্ৰপতি মিলানোভিচক ধন্যবাদ জনায়। বহু শতিকাৰ আগৰ ঘনিষ্ঠ সাংস্কৃতিক সংযোগৰ বিষয়েও নেতাসকলে আলোচনা কৰে যিয়ে দুয়োখন দেশক বান্ধি ৰাখিছে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। তেওঁলোকে উল্লেখ কৰে যে ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্ব শেহতীয়াকৈ গভীৰ হৈ পৰিছে আৰু ইয়াৰ ফলত ভাৰত-ক্ৰ’ৱেচিয়াৰ সম্পৰ্কত কেইবাটাও দিশত মূল্য বৃদ্ধি পাব।
দুয়োগৰাকী নেতাই ভাৰত-ক্ৰ’ৱেচিয়াৰ সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনা উজাৰি দিবলৈ একেলগে কাম কৰিবলৈ সন্মত হয়।


