প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত মেক্সিকোৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ ক্লডিয়া শ্বেইনবম পাৰ্ডোৰে মিলিত হয়। এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক্সিকোৰ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত মেক্সিকোৱে আগবঢ়োৱা সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্বেইনবমক ধন্যবাদ জনায়। ভাৰত আৰু মেক্সিকোৰ মাজৰ বন্ধুত্বৰ ঐতিহাসিক বান্ধোনত আলোকপাতেৰে দুয়োগৰাকী নেতা বাণিজ্য, বিনিয়োগ, ষ্টাৰ্ট-আপ, উদ্ভাৱন, বিজ্ঞান-প্ৰযুক্তি আৰু অট’ম’টিভ খণ্ডৰ দৰে ক্ষেত্ৰত সম্পৰ্ক অধিক সম্প্ৰসাৰণৰ দিশত কাম কৰাৰ লগতে জনসাধাৰণৰ মাজৰ আদান-প্ৰদানক প্ৰসাৰিতকৰণৰ দিশত সহমতত উপনীত হয়। তেওঁলোকে দুয়োখন দেশৰ মাজৰ বৰ্ধিত বাণিজ্য আৰু বিনিয়োগৰ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশৰ লগতে নেতাদ্বয়ে নিয়েৰ-শ্ব’ৰিঙৰ প্ৰেক্ষাপটত মেক্সিকোৱে আগবঢ়োৱা সুযোগসমূহৰ সম্পৰ্কে আলোচনা কৰে। ঔষধ খণ্ডত ক্ৰমবৰ্ধমান সুযোগে দেখা দিছে। এনে প্ৰেক্ষাপটত ভাৰতে সুলভ মূল্যৰ ঔষধ আৰু আন-আন ঔষধজাত সামগ্ৰীৰ যোগান আৰু উৎপাদনত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, লগতে কৃষি আৰু সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

 

ৰাষ্ট্ৰপতি শ্বেইনবমে প্ৰযুক্তি, উদ্ভাৱন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ শলাগ লৈ ভাৰতৰ সৈতে এই ক্ষেত্ৰসমূহত সহযোগিতা স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশে অৰ্ধ-পৰিবাহী, এআই, কোৱান্টাম আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা কৰিব লাগে। নেতাসকলে দুয়োপক্ষৰ থিংক টেংক সমাজৰ মাজৰ আগন্তুক যোগাযোগ আৰু দুয়োখন দেশৰ মাজৰ স্পন্দনশীল সাংস্কৃতিক তথা জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে, যিয়ে পৰ্যটনৰ প্ৰবাহকো প্ৰসাৰিত কৰিব।

 

অংশীদাৰ দেশ হিচাপে নেতাদ্বয়ে জৰুৰী বৈশ্বিক আৰু আঞ্চলিক বিষয়সমূহ তথা গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰৰাজি সন্দৰ্ভত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৬-ত মেক্সিকো ভ্ৰমণৰ কথা স্মৰণেৰে ৰাষ্ট্ৰপতি শ্বেইনবমক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK FTA comes into effect today, unlocking duty-free access for Indian exports

Media Coverage

India-UK FTA comes into effect today, unlocking duty-free access for Indian exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Thiru K. Kamaraj Ji on his birth anniversary
July 15, 2026

Prime Minister Shri Narendra Modi today, paid homage to Thiru K. Kamaraj Ji on his birth anniversary, remembering him as a stalwart of India's freedom movement and an exceptional public figure who dedicated his life to nation-building. Shri Modi said that Thiru K. Kamaraj Ji's unwavering commitment to education, inclusive development and the welfare of the underprivileged continues to inspire generations.

Shri Modi posted on X;

Remembering Thiru K. Kamaraj Ji on his birth anniversary. A stalwart of India’s freedom movement and an exceptional public figure, he dedicated his life to nation-building. His unwavering commitment to areas like education, inclusive development and the welfare of the underprivileged continues to guide generations.