প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

প্ৰধানমন্ত্ৰী আৰু চৌদি আৰৱৰ ৰাজকুমাৰ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানে আনুষ্ঠানিক আলোচনাত মিলিত হয় আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন বৈঠকৰ সহ-অধ্যক্ষতা কৰে। ৰাজকুমাৰ ছলমানে পহলগামত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনা প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই সম্পূৰ্ণ শক্তিৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লয়।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত অন্তিমখন বৈঠকৰ পিছত পৰিষদৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কৰ গতিশীলতা আৰু বিভিন্ন মন্ত্ৰালয়ৰ মাজত কেইবালানি উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ শলাগ লয়, যিয়ে দুয়োপক্ষৰ মাজত আস্থা আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তুলিছে। দুয়োগৰাকী নেতাই শক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে চৌদি আৰৱত ভাৰতীয় সমাজলৈ আগবঢ়োৱা সহায় আৰু কল্যাণৰ বাবে প্ৰধানমন্ত্ৰী ছলমানক ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় হজযাত্ৰীসকলক চৌদি চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ শলাগ লয়।

 

বিনিয়োগ সম্পৰ্কীয় উচচস্তৰীয় টাস্ক ফ’ৰ্চত আলোচনাৰ অগ্ৰগতিৰ শলাগ লয় দুয়োগৰাকী নেতাই। তেওঁলোকে শক্তি, পেট্ৰ’কেমিকেল, আন্তঃগাঁথনি, প্ৰযুক্তি, ফিনটেক, ডিজিটেল আন্তঃগাঁথনি, টেলিকম, ঔষধ, উৎপাদন আৰু স্বাস্থ্যকে ধৰি কেইবাটাও খণ্ডত ভাৰতত ১০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি টাস্ক ফ’ৰ্চে লাভ কৰা বুজাবুজিক আদৰণি জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে ভাৰতত দুটা তেল শোধনাগাৰ স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা চুক্তিৰ লগতে কৰ বিষয়ত হোৱা অগ্ৰগতিক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ আগবঢ়ায় যে দুয়োখন দেশে পেমেণ্ট গেটৱে আৰু স্থানীয় মুদ্ৰাৰে বাণিজ্যিক নিষ্পত্তিৰ সংযোগ স্থাপনৰ বাবে কাম কৰিব পাৰে যাতে অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হয়।

দুয়োগৰাকী নেতাই ভাৰত-মধ্য পূব ইউৰোপ অৰ্থনৈতিক কৰিডৰ [IMEEC]ৰ অগ্ৰগতি, বিশেষকৈ দুয়োপক্ষই গ্ৰহণ কৰা দ্বিপাক্ষিক সংযোগৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে।

পৰিষদৰ অধীনস্থ দুখন মন্ত্ৰী সমিতি ক্ৰমেঃ

(ক) ৰাজনৈতিক, নিৰাপত্তা, সামাজিক আৰু সাংস্কৃতিক সহযোগিতা সমিতি আৰু ইয়াৰ উপসমিতিসমূহ, আৰু

 

(খ) অৰ্থনীতি আৰু বিনিয়োগ সমিতি

ইয়াৰ যৌথ কৰ্মীগোটসমূহৰ কামৰ ফলাফলত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োখন নতুন মন্ত্ৰী সমিতি গঠন কৰি কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সম্প্ৰসাৰণক দুয়োগৰাকী নেতাই আদৰণি জনায়। এনে প্ৰেক্ষাপটত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ গভীৰতাক প্ৰতিফলিত কৰিবলৈ নেতাসকলে প্ৰতিৰক্ষা সহযোগিতাৰ মন্ত্ৰী সমিতি গঠন কৰিবলৈ সন্মত হয়। শেহতীয়া বছৰবোৰত দুয়োপক্ষৰ মাজত সাংস্কৃতিক সহযোগিতাৰ ক্ৰমবৰ্ধমান গতিবেগক স্বীকাৰ কৰি তেওঁলোকে পৰ্যটন আৰু সাংস্কৃতিক সহযোগিতাৰ মন্ত্ৰী সমিতিও গঠন কৰিবলৈ সন্মত হয়। বৈঠকৰ অন্তত দ্বিতীয় এছপিচিৰ কাৰ্য্যবিৱৰণীত দুয়োগৰাকী নেতাই স্বাক্ষৰ কৰে।

এই ভ্ৰমণ উপলক্ষে মহাকাশ, স্বাস্থ্য, ক্ৰীড়া (এণ্টি ড’পিং) আৰু ডাক সহযোগিতাৰ ক্ষেত্ৰত ৪খন দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাটোক দুয়োগৰাকী নেতাই আদৰণি জনায়। [ফলাফলৰ তালিকা]

প্ৰধানমন্ত্ৰীয়ে কৌশলগত অংশীদাৰিত্ব পৰিষদৰ তৃতীয়খন বৈঠকৰ বাবে ভাৰত ভ্ৰমণলৈ ৰাজকুমাৰ মহম্মদ বিন ছলমানক আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025

Media Coverage

FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”