প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ ৰয়েল হাইনেছ প্ৰিন্সেছ এষ্ট্ৰিডক সাক্ষাৎ কৰে, যিয়ে ২০২৫ চনৰ ১-৮ মাৰ্চৰ পৰা ভাৰতত উচ্চ পৰ্যায়ৰ বেলজিয়ামৰ অৰ্থনৈতিক অভিযানৰ নেতৃত্ব দি আছে। প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰী এষ্ট্ৰিডক ভাৰতলৈ আদৰণি জনায় আৰু বিশিষ্ট ব্যৱসায়িক নেতা, চৰকাৰী বিষয়া, আৰু বিভিন্ন খণ্ডৰ প্ৰতিনিধিকে ধৰি ৩০০ৰো অধিক সদস্যৰ এটা বৃহৎ প্ৰতিনিধি দলক লৈ অহাৰ বাবে শলাগ লয়।
ৰাজকুমাৰী এষ্ট্ৰিডে দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ অৰ্থনৈতিক অভিযানৰ নেতৃত্ব দিছে, যিয়ে উৰ্ধমুখী গতিপথত থকা দুয়োখন ৰাষ্ট্ৰৰ শক্তিশালী অৰ্থনৈতিক সম্পৰ্কৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৰু ৰাজকুমাৰী এষ্ট্ৰিডৰ মাজত হোৱা আলোচনাত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন, স্বচ্ছ শক্তি, আন্তঃগাঁথনি, কৃষি, দক্ষতা, শৈক্ষিক বিনিময়, আৰু সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বহুতো ক্ষেত্ৰ সামৰি লোৱা হৈছিল।
উদীয়মান আৰু উচ্চ প্ৰভাৱৰ খণ্ডসমূহৰ মাজত সহযোগিতাৰ নতুন পথ আৱিষ্কাৰৰ বাবে দুয়োপক্ষই ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়, যিয়ে অৰ্থনৈতিক সুস্থিৰতা শক্তিশালী কৰিব, উদ্ভাৱন-নেতৃত্বাধীন বৃদ্ধিৰ পোষকতা কৰিব, আৰু দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰিব।
Pleased to meet HRH Princess Astrid of Belgium. Deeply appreciate her initiative to lead a 300-member Economic Mission to India. Look forward to unlocking limitless opportunities for our people through new partnerships in trade, technology, defence, agriculture, life sciences,… pic.twitter.com/Fjx0x44Vob
— Narendra Modi (@narendramodi) March 4, 2025


